অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক – প্ৰাঞ্জল দাস

অসমীয়া লিপিয়ে ইউনিকোডত স্থান পোৱা-নোপোৱাৰ বিষয়টোৱে যোৱা কিছুদিনত বেচ চৰ্চা লাভ কৰিছে৷ বিশেষকৈ অসমীয়া ভাষাৰ লিপিক স্বতন্তৰীয়াকৈ ‘অসমীয়া’ লিপি হিচাপে নাম দিয়াৰ পৰিৱৰ্তে ‘বাংলা-অসমীয়া’ বুলি নামকৰণ কৰাক লৈ বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে৷ লণ্ডনৰ সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰিব যোৱা অসমৰ প্ৰতিনিধি দলক বহুতে ককৰ্থনাও কৰিছে৷ আলফাৰ দৰে সংগঠনেও আঁতৰৰ পৰাই ‘অসম সাহিত্য সভা’ক সকিয়নী প্ৰদান কৰিছে৷ সেইবোৰ কথা বাৰু পিছলৈ থ’লো৷ কিন্তু যিসময়ত নিজ ৰাজ্যতে অসমীয়া ভাষাটো কোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে কমি আহিছে, অসমীয়া মানুহেই মোৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ক’ব-লিখিব নোৱাৰে বুলি কৈ গৌৰৱ কৰিবলৈ লৈছে, তেনে ক্ষেত্ৰত ভাষাটোৰ দুৰৱস্থাৰ কাৰণে অইনক দোষাৰোপ কৰি থকাতকৈ নিজে নিজৰ ভাষাটোৰ হকে কিমানখিনি কৰিব পাৰিছো সেয়া খতিয়ান লোৱাটোহে বেছি প্ৰয়োজনীয় হৈ পৰিছে৷

বৰ্তমানৰ যুগ তথ্য-প্ৰযুক্তি, ইণ্টাৰনেটৰ যুগ৷ বৰ্তমান সময়ত ভাষা এটাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ইণ্টাৰনেট মাধ্যমত ভাষাটোৰ বহুল ব্যৱহাৰ হোৱাটো অতিকে প্ৰয়োজনীয়৷ এটা কথা হয়তো সকলোৱে বুজিছে, ইণ্টাৰনেটত বিচাৰিলে অসমীয়া ভাষাৰ যিকোনো বিষয়ৰ কিবা এটা লেখা থাউকতে পাবলৈ নাই৷ আমাৰ দৈনিক কাকতবোৰৰ ইণ্টাৰনেট সংস্কৰণসমূহ যিহেতু ফটোৰ মাধ্যমতহে প্ৰকাশ পায়, সেয়ে কাকতৰ অতি গুৰুত্বপূৰ্ণ লেখা সমূহো ইণ্টাৰনেটত আমি সহজে বিচাৰি পাবলৈ সক্ষম নহও৷ অসমীয়া লেখা-মেলা ইণ্টাৰনেটত সহজে উপলব্ধ হ’বলৈ আমাৰ দৈনিক কাকতবোৰৰ ইণ্টাৰনেট সংস্কৰণ সমূহ ইউনিকোড মাধ্যমত প্ৰকাশ কৰাতো জৰুৰী৷ গোটেই কাকতখন সম্ভৱপৰ নহ’লেও সম্পাদকীয় পৃষ্ঠাৰ লেখাসমূহ এইদৰে প্ৰকাশ কৰিলেও বহুখিনি কাম হয়৷ ইয়াৰ লগতে আমাক অসমীয়া ভাষাত লিখা, অসমীয়া ভাষাত কাম চলোৱা ৱেটচাইটৰ দৰকাৰ, অসমীয়া ভাষাত লিখা মেলা কৰা ব্ল’গৰ দৰকাৰ৷ সেইবোৰ ক্ষেত্ৰত আমি সকলোৱে সমানে সহযোগ কৰিব নোৱাৰিব পাৰো৷ টেকনিকেল কথা-বতৰা খিনিৰ লগতে আৰ্থিকভাৱেও কিছু কথা আহি পৰে৷ কিন্তু আমি ঘৰতে বহি নিজে কৰিব পৰাৰ ভিতৰত এটা কাম হৈছে ‘অসমীয়া ৱিকিপিডিয়া’ত অসমীয়া ভাষাৰ অধিকৰ পৰা অধিক প্ৰবন্ধ সংযোগ কৰা৷ আপুনি ফেচবুকৰ মজিয়াত যিমানেই দীঘল দীঘল পোষ্ট নিলিখক কিয় সেইবোৰে কিন্তু ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অলপো অৱদান নোযোগায়৷ সেয়েহে সঁচাকৈয়ে যদি নিজৰ ভাষাটোৰ উন্নয়নৰ হকে অৰিহণা যোগাব বিচাৰিছেই তেন্তে অসমীয়া ৱিকিপিডিয়াতে কিছু লেখা মেলা কৰি সহায় আগবঢ়াওক৷

‘ৱিকিপিডিয়া’ এখন অনলাইন মুক্ত বিশ্বকোষ৷ আপুনি যদি ইণ্টাৰনেটত কিবা এটা তথ্য Search (সন্ধান) কৰে, এটা কথা হয়তো মন কৰিছে যে প্ৰথম লিংকটো সদায় ৱিকিপিডিয়াত সন্নিৱিষ্ট প্ৰবন্ধটোৰ বাবেই আহে৷ ঠিক একেদৰে অসমীয়াত কিবা লিখি Search কৰিলে যদিহে সেই বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত সন্নিৱিষ্ট হৈ আছে, তেন্তে সেই লিংকটো আপুনি প্ৰথমে দেখিবলৈ পাব৷ উদাহৰণস্বৰূপে আপুনি যদি ‘গুৱাহাটী’ বুলি Search কৰে, তেন্তে গুৱাহাটীৰ ওপৰত লিখা ৱিকিপিডিয়াৰ প্ৰবন্ধটো দেখা পাব৷ কিন্তু যদি আপুনি নিজৰ ঠাইখনৰ নাম Search কৰে, তেন্তে আপুনি সেই নামৰ একো তথ্য ইণ্টাৰনেটত বিচাৰি নাপাবও পাৰে; আৰু এনেকুৱা ক্ষেত্ৰতে আপুনি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰি কিছু অৱদান আগবঢ়াব পাৰে৷

ৱিকিপিডিয়াত যিকোনো লোকেই যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে বা তথ্য সংযোগ কৰিব পাৰে৷ ন-শিকাৰু সকলক কিছু সহায় কৰিবলৈ ইতিপূৰ্বে বহুঠাইত ৱিকিপিডিয়াৰ কৰ্মশালাও অনুষ্ঠিত কৰা হৈছে৷

১) ৱিকিপিডিয়াত লিখিবলৈ হ’লে প্ৰথমে আপোনাৰ এটা ৱিকিপিডিয়া একাউণ্ট থকাটো প্ৰয়োজনীয়৷ এই একাউণ্টটো আপোনাৰ ফেচবুক একাউণ্ট বা ই-মেইল আইডি’টো সদৃশ বুলিও ভাবি ল’ব পাৰে৷ তাৰ বাবে প্ৰথমে as.wikipedia.org এই লিংকত ক্লিক কৰক৷ ইয়াত আপুনি ‘একাউণ্ট সৃষ্টি কৰক’ এই Optionটো বিচাৰি পাব৷ তাত গৈ নিজৰ ইচ্ছানুসৰি এটা সদস্যনাম(ID) আৰু গুপ্তশব্দ(Password) দি আপুনি অপোনাৰ ৱিকিপিডিয়া একাউণ্ট খুলি ল’ব পাৰিব৷

২) এবাৰ একাউণ্ট খোলাৰ পিছত আপুনি ইচ্ছানুসৰি ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰিব পাৰে বা সম্পাদনা কৰিব পাৰে৷ ইয়াৰ বাবে ‘প্ৰৱেশ’ Optionত গৈ আপোনাৰ সদস্যনাম আৰু পাছৱৰ্ড লিখি ‘অসমীয়া ৱিকিপিডিয়া’ৰ জগতত প্ৰৱেশ কৰক৷ ধৰক আপুনি ‘চৰাইদেউ’ সম্পৰ্কে এটা প্ৰবন্ধ যোগ দিব বিচাৰিছে, তেন্তে আপুনি প্ৰথমে ‘অসমীয়া ৱিকিপিডিয়াত সন্ধান কৰক’ Optionত গৈ ‘চৰাইদেউ’ বুলি লিখি Search কৰক৷ যদিহে ইতিপূৰ্বেই উক্ত প্ৰবন্ধটো ৱিকিপিডিয়াত আছে, তেন্তে ৰিজাল্টত সেই প্ৰবন্ধটো Show কৰিব৷ কিন্তু যদিহে উক্ত নামৰ কোনো প্ৰবন্ধ ৱিকিপিডিয়াত আজিলৈ লিখা হোৱা নাই, তেন্তে ‘এই ৱিকিত চৰাইদেউ পৃষ্ঠাটো সৃষ্টি কৰক’ বুলি দেখুৱাব৷ তাত ক্লিক কৰি আপুনি নিজে লিখিব বিচৰা প্ৰবন্ধটো লিখিব পাৰিব৷

এবাৰ আৰম্ভ কৰাৰ পিছত হয়তো অলপ ভালদৰে চালেই প্ৰবন্ধটোৰ শিৰোনাম কিদৰে লিখিব লাগে, উপ-শিৰোনাম যোগ দি নতুন দফা কিদৰে আৰম্ভ কৰিব লাগে, টেবুল কেনেদৰে সংযোগ কৰিব লাগে সেয়া লাহে লাহে শিকি বুজি পাৰিব৷ কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে ৱিকিপিডিয়াত প্ৰবন্ধ যোগ কৰাৰ মূল নিয়ম এইখিনিয়েই৷ পোন প্ৰথমে নতুন প্ৰবন্ধ সৃষ্টি কৰাতকৈ ইতিপূৰ্বে ৱিকিপিডিয়াত সন্নিৱিষ্ট হৈ থকা চুটি প্ৰবন্ধসমূহত অধিক তথ্য যোগ কৰাৰ কামো হাতত ল’ব পাৰে৷ কিছু অভ্যস্ত হোৱাৰ লগে লগে নতুন প্ৰবন্ধ সৃষ্টিত আপুনি মনোনিৱেশ কৰিব পাৰে৷ ইয়াৰ উপৰিও অইন এটা মন কৰিবলগীয়া কথা হ’ল মোবাইলৰ যোগেদি ৱিকিপিডিয়াত লেখা সংযোগ কৰিবলৈ চেষ্টা নকৰাটোৱে যুগুত৷ আপোনাৰ সুবিধা অনুযায়ী লেপটপ বা ডেস্কটপ কম্পিউটাৰত বহল স্ক্ৰীণত লেখা লিখিবলৈ আৰম্ভ কৰিলেহে ন-শিকাৰু হিচাপে সহজ অনুভৱ কৰিব৷

ৱিকিপিডিয়া হৈছে এখন তথ্যৰ ভঁৰাল৷ গতিকে ইয়াত প্ৰবন্ধ যোগ দিওতে সাহিত্যৰ কঠিন ভাষাৰে লিখাৰ কোনো দৰকাৰ নাই৷ সহজ সৰল ভাষাৰে আপুনি তথ্যবোৰ লিখিব৷ কিন্তু ৱিকিপিডিয়াত সন্নিৱিষ্ট প্ৰতিটো তথ্যৰে নিৰ্ভৰযোগ্য তথ্যসূত্ৰ উল্লেখ কৰা অতি প্ৰয়োজনীয়৷ নহ’লে আপোনাৰ প্ৰবন্ধত বিশ্বাসযোগ্যতা নাথাকিব৷ তথ্যসূত্ৰ সন্নিৱিষ্ট নকৰা প্ৰবন্ধ ডিলিট কৰি আঁতৰাই পেলোৱাও হ’ব পাৰে৷ গতিকে প্ৰতিটো লেখাৰ লগত উপযুক্ত তথ্যসূত্ৰ সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশনা দিয়া হয়৷ ইয়াৰ উপৰি বৰ দীঘল শিৰোনামৰ গৱেষণা সদৃশ লেখাও ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা নহয়৷ শিৰোনাম সদায় বস্ত্তনিষ্ঠ আৰু চুটি হোৱা বাঞ্ছনীয়৷ উদাহৰণস্বৰূপে, ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ’ এই ধৰণৰ শিৰোনামৰ লেখা ৱিকিপিডিয়াত সংযোগ কৰা নহয়৷ অৱশ্যে ‘অসমীয়া ভাষা’ শীৰ্ষক লেখাৰ ভিতৰত উক্ত বিষয় বস্তুৰ তথ্যসমূহ সন্নিৱিষ্ট কৰিব পাৰে৷

ৱিকিপিডিয়াত লিখাৰ বাবে আপুনি একো মাননি নাপায়৷ এয়া নিজৰ ভাষাটোৰ হকে আপোনাৰ স্বেচ্ছামূলক সেৱাহে৷ অৱশ্যে প্ৰতিমাহৰ শেষত প্ৰতিভাৱান ন-সম্পাদক, ৱিকিপিডিয়াৰ অক্লান্ত কৰ্মী আদি পদক দিয়াৰ ব্যৱস্থা আছে৷ তদুপৰি আপুনি যি একাউণ্টৰ সহায়ত ৱিকিপিডিয়াত লেখা যোগ কৰিলে, সেই নামটো লেখাটোৰ সৈতে চিৰদিন সন্নিৱিষ্ট হৈ ৰ’ব৷ ৱিকিপিডিয়াৰ লেখাটোৰ সম্পাদনা ইতিহাস বিচাৰি চালেই আপোনাৰ নাম জিলিকি থাকিব৷ গতিকে সেই উৎসাহ লগত লৈ উদ্যমেৰে অসমীয়া ভাষাত লিখাটোহে আচল কথা৷ এই লেখাটো লিখি থকাৰ সময়লৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ প্ৰবন্ধ সংখ্যা হৈছে মাত্ৰ ৪, ৯২৮ টা৷ কিন্তু আমি সততে বিৰোধ কৰা, প্ৰতিদ্বন্দ্ব্বী বুলি ভৱা বাংলা ভাষাৰ ৱিকিপিডিয়াত প্ৰবন্ধ সংখ্যা হৈছে ৫৯, ১৭১ টা! চুবুৰীয়া বাঙালী সকলতকৈ আমি কিমানদূৰ পিছোৱাই আছো এই এটা মাত্ৰ তথ্যতে জলজল পটপট হৈ জিলিকি আছে৷

সেয়েহে আমাক নিস্বাৰ্থভাৱে অসমীয়া ভাষাত ৱিকিপিডিয়াত লিখা-মেলা কৰা বহুত মানুহ লাগে৷ অসমীয়া ভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এতিয়াও আমাৰ বহুত কৰণীয় বাকী আছে৷

( বি.দ্ৰ. এই লেখাটো পোষ্ট কৰাৰ পিছৰে পৰা বহুজনে গৈ ৱিকিপিডিয়াত নিজৰ নিজৰ একাউণ্ট খুলিছে৷ এয়া নিশ্চয়কৈ শুভ লক্ষণ৷ কিন্তু বহুতেই অলপো নোচোৱা নেমেলাকৈ, পূৰ্ব অধ্যয়ন নকৰাকৈ বিভিন্ন লেখা ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰিছে৷ আনকি এগৰাকীয়ে স্বৰচিত কবিতাও যোগ কৰিছে৷ ৱিকিপিডিয়াৰ Homepage’ত থকা ’শেহতীয়া সাল সলনি’ লিংকত ক্লিক কৰিলেই এই আটাইবোৰ গতি বিধি দেখা পাই থাকে৷ ৱিকিপিডিয়াৰ সৈতে সংগতি নথকা লেখাবোৰ অৱধাৰিত ভাৱে ডিলিট কৰি দিয়া হ’ব৷ কিন্তু বিশ্বকোষ বুলিলে সাধাৰণতে কেনে ধৰণৰ লেখা বা তথ্য সন্নিৱিষ্ট কৰা হয়, সেই সম্পৰ্কে সম্যক জ্ঞান প্ৰতিজন সদস্যই অন্ততঃ ৰখাটো জৰুৰী৷ ইচ্ছা কৰিলে আপুনি অসমীয়া ৱিকিপিডিয়াত ইতিপূৰ্বে সন্নিৱিষ্ট লেখাবোৰৰ উদাহৰণ চাব পাৰে৷ বা ইংৰাজী Wikipedia’ৰ লেখাবোৰো নিশ্চয় সকলোৱে দেখিছে৷ পোনতে গধূৰ বিষয়ৰ লেখা সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰাতকৈ নিজৰ ঠাইখনৰ বিষয়ে যদি ৱিকিপিডিয়াত একো তথ্য নাই, তেন্তে সেই সম্পৰ্কেই কিছু কথা যোগ কৰক৷ ঠাইখনৰ অৱস্থিতি, ঠাইখনৰ নামৰ ইতিহাস, উল্লেখযোগ্য অনুষ্ঠান প্ৰতিষ্ঠান, সেই অঞ্চলৰ বিদ্যালয়সমূহৰ নাম আদি কথা ৱিকিপিডিয়াৰ প্ৰবন্ধত সন্নিৱিষ্ট কৰিব পাৰে৷ এইক্ষেত্ৰত আপুনি সৰুতে লিখা অসমীয়া ৰচনাখনক আৰ্হি হিচাপে ল’ব পাৰে৷ শিৰোনাম (Heading) কেনেদৰে দিব লাগে, উপ শিৰোনাম (Sub Heading) দি নতুন দফা (Paragraph) কেনেদৰে আৰম্ভ কৰিব লাগে সেই সমূহ কথা শিকি বুজি ল’ব পাৰে৷ উদাহৰণস্বৰূপে, ’পাঠশালা অঞ্চলৰ ঐতিহ্য আৰু বৰ্ণিল ইতিহাস’ এইধৰণৰ নামৰ প্ৰবন্ধ ৱিকিপিডিয়াত সন্নিৱিষ্ট নকৰিব৷ সেইসমূহ কথা ’পাঠশালা’ শীৰ্ষক লেখাটোৰ ভিতৰতে থাকিব, নতুনকৈ লেখা লিখাৰ দৰকাৰ নাই৷ লগতে লেখাটোৰ তলত তথ্যসূত্ৰ কেনেদৰে সন্নিৱিষ্ট কৰে, সেই সম্পৰ্কে প্ৰান্তিক, গৰীয়সী আদি আলোচনীৰ গৱেষণামূলক প্ৰবন্ধবোৰৰ উদাহৰণ চাব পাৰে৷ ধৰক আপুনি নিজৰ ঠাইখনৰ নামৰ উৎপত্তিৰ কাৰণ লিখিছে, তেন্তে সেই সম্পৰ্কে আপুনি ক’ত তথ্য পালে কিতাপ-পত্ৰ আদি সমলৰ নাম লেখাটোৰ তলত যোগ দিব লাগে৷ বহুতেই মোবাইল ফোনেৰে সম্পাদনা কৰিবলৈ চেষ্টা কৰাৰ বাবেও খেলিমেলিৰ সৃষ্টি হৈছে৷ কিছুমানৰ সদস্য পৰিচয় পৃষ্ঠাতে যোগ দিব বিচৰা লেখাটো পোষ্ট হৈ গৈছে৷ এইবোৰ অত্যন্ত দৃষ্টিকটু৷ সেয়ে সকলোৰে সুস্থ সহযোগিতা আশা কৰি এইখিনি কথা পুনৰ যোগ দিলোঁ৷ ধন্যবাদ )

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!