অসমৰ এজন উদীয়মান উদ্যোগী শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকা।

সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে অসমৰ পৰম্পৰাগত সামগ্ৰীৰে অসম তথা ভাৰতৰ বাহিৰতো পৰিচিত ‘ব্ৰহ্মপুত্ৰ ফেব’লছ’ নামৰ উদ্যোগৰ প্ৰতিষ্ঠাপক অসমৰ এজন উদীয়মান উদ্যোগী [entrepreneur] শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকা।

সাহিত্য ডট অৰ্গ: নমস্কাৰ ধ্ৰুৱজ্যোতি ডেকা। আপোনাক সাহিত্য ডট অৰ্গ আলোচনীলৈ আদৰণি জনালোঁ। লগতে সাক্ষাৎকাৰত আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ বিষয়ে অলপ কওকচোন। আপোনাৰ ল’ৰালিৰ বিষয়ে, পৰিয়ালৰ বিষয়ে, শিক্ষাৰ পৰা আজিৰ এই পৰ্য্যায় কেনেকৈ পালে?

ধ্ৰুৱজ্যোতি ডেকা: হয়, নমস্কাৰ জনাইছোঁ সাহিত্য ডট অৰ্গ আলোচনীৰ সমূহ পাঠক ও সদস্যবৃন্দক। মই বৰ্ডিং স্কুলত পঢ়িছিলোঁ, ২০০৩ৰ পৰা হোষ্টেলত আছিলোঁ। এতিয়া ঘৰত মা আৰু ভাইটি আছে। মই স্কুলীয়া জীৱন শেষ কৰি কটন কলেজত কেমেষ্ট্ৰীত বি.এচ. চি কৰিছিলোঁ আৰু তাৰ পাছত পণ্ডিচেৰী চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা এম.এচ. চি কৰিছিলোঁ। পণ্ডিচেৰীত পঢ়ি থাকোঁতেই, মোৰ আমাৰ কালচাৰ আৰু ট্ৰেডিচনৰ কথাখিনি মনলৈ আহিল আৰু তেনেকৈয়ে ব্ৰহ্মপুত্ৰ ফেব’লছৰ আইদিয়াটো আহিল।

সাহিত্য ডট অৰ্গ: আপোনাৰ ঘৰ এনেকুৱা এখন ঠাইত, যিয়ে অসমৰ কাঁহশিল্পৰ ধ্বজা বহন কৰি আহিছে। আপোনাৰ ব্যৱসায় বা ষ্টাৰ্ট-আপত আপুনি সৰুৰে পৰা পাই অহা পৰিৱেশে কিদৰে প্ৰভাৱান্বিত কৰিছে?

ধ্ৰুৱজ্যোতি ডেকা: হয় মোৰ ঘৰ সৰ্থেবাৰীত। মই সৰুৰে পৰা বাহিৰত বৰ্ডিং স্কুলতে পঢ়িছোঁ। কিন্তু হয়, সৰ্থেবাৰীৰ কাঁহ শিল্পক আগুৱাই লৈ যাবলৈও মোৰ ষ্টাৰ্ট আপৰ এটি আইডিয়া আছিল।

সাহিত্য ডট অৰ্গ: আমাৰ অসমীয়া মানুহখিনি সাধাৰণতে এলেহুৱা বা খাটি খাব নজনা বুলি এটা বদনাম আছে, নহয়জানো? কিন্তু আপোনাৰ এই ব্ৰহ্মপুত্ৰ ফেব’লছৰ জৰিয়তে হোৱা যি আপোনাৰ পৰিচয়, সেইয়াই উপৰোক্ত কথাখিনিক মিছা বুলি প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আপুনি সম্পূৰ্ণ এটা জাতিৰ লগতে আমাৰ দেশৰ বাবে গৌৰৱ। আমাৰ প্ৰশ্ন হ’ল, কেনেকৈ আপুনি এনে এটা পদক্ষেপত আগবাঢ়িবলৈ প্ৰেৰণা পালে আৰু কেনেকৈ আপোনাৰ মনলৈ এনে ব্যৱসায়ৰ প্ৰতি ধাউতি আহিল?

ধ্ৰুৱজ্যোতি ডেকা: মোৰ সৰুৰে পৰা কিবা এটা বেলেগ কৰাৰ মন আছিল। ভবা নাছিলোঁ যে ষ্টাৰ্টআপয়েই কৰিম। কিন্তু যেতিয়াই যি কাম কৰিছিলোঁ ভালকৈয়েই কৰিছিলোঁ। যেতিয়া পণ্ডিচেৰীত পঢ়ি আছিলোঁ মই অনুভৱ কৰিলোঁ, আমাৰ ট্ৰেডিচনটো বাহিৰত সকলোৱে বৰ ভাল পায় কিন্তু অসমৰ বাহিৰৰ মানুহখিনিয়ে ইয়াৰ বিষয়ে বিশেষ একো নাজানে। এই ট্ৰেডিছনেল সামগ্ৰী সমূহৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এটি সু পৰিচয়; ভাৰত তথা বিদেশত আমাৰ হাতেৰে বনোৱা বস্তুসমূহক বিশ্ব বজাৰত দাঙি ধৰিবৰ কাৰণেই আমাৰ এই প্ৰচেষ্টা।

সাহিত্য ডট অৰ্গ: ভাল লাগিছে আপোনাৰ পৰা এনেধৰণৰ উৎসাহ আৰু প্ৰেৰণাদায়ক কথাবোৰ জানিবলৈ পায়। বাৰু ধ্ৰুৱজ্যোতি ডাঙৰীয়া, এইদিশে আগবাঢ়োঁতে আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত হওক বা ব্যক্তিগত কাৰণতে হওক, কেতিয়াবা কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি বাৰু? কাৰণ আমি জানো যিকোনো এটা কাম কৰিবলৈ আগবাঢ়িলে সন্মুখত আমি বিভিন্ন ধৰণৰ অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হওঁ, নহয়জানো?

ধ্ৰুৱজ্যোতি ডেকা: হয় যিকোনো কাম কৰোঁতে আমি অসুবিধাৰ সন্মুখীন হওঁ; ষ্টাৰ্টআপৰ পৃথিৱীত সদায় অসুবিধা হয়, বহুত বাধা আহে, ঘৰৰ পৰা প্ৰেচাৰ আহে চাকৰি কৰিবলৈ, লগৰ সকলোৱে চাকৰি কৰি চেটল হ’বলৈ ধৰে কিন্তু ষ্টাৰ্টআপত কাম শেষ হৈ নাহে! তথাপিও নিজৰ ভাল লগা কাম কৰিলে এইবোৰ তেনেই সৰু কথা হৈ পৰে।

সাহিত্য ডট অৰ্গ: আপোনাৰ এই প্ৰচেষ্টাই আজি অসমতে নহয়, ভাৰতৰ বাহিৰতো এটা সু- পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে খুবেই গৌৰৱৰ বিষয়। আপুনি বাৰু নিজক এইক্ষেত্ৰত সফল হৈছে বুলি ভাৱে নে?

ধ্ৰুৱজ্যোতি ডেকা: বৰ্তমান আমাৰ এই কাম ৫%ও হোৱা নাই বুলি মই ভাবো। কিন্তু মই আশাবাদী, যিহেতু এয়া আমাৰ সপোনৰ আৰম্ভণি। বহুত কাম কৰিবলৈ আছে আৰু নতুন নতুন বহুত টেকনলজীৰ লগত পৰিচয় হ’বলৈ বাকী আছে। মই বিচাৰো আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ কালচাৰ আৰু ট্ৰেডিচনৰ কথা গোটেই পৃথিৱীয়ে যেন গম পাওঁক।

সাহিত্য ডট অৰ্গ: বৰ্তমান কৰ’না ভাইৰাছক লৈ যিটো পৰিস্থিতি, সকলোবোৰ দিশতে এটা বৃহৎ সংকট নামি আহিছে! কিন্তু তাৰ মাজতে চৰকাৰে অৰ্থনৈতিক দিশটো লক্ষ্য ৰাখি ব্যৱসায় বাণিজ্যসমূহ চলাই নিব পৰাকৈ সুবিধাও সেইদৰে কৰি দিছে। এইসময়খিনিত আপুনি আপোনাৰ ব্যৱসায় কিদৰে আগবঢ়াই নিছে বাৰু?

ধ্ৰুৱজ্যোতি ডেকা: আমাৰ ডিজিটেল মাৰ্কেট প্লেচ হয়। সেয়ে আমি লকডাউন খুলিলে বস্তু বোৰ পঠোৱা আৰম্ভ কৰোঁ। কৰ’নাৰ এই সময়খিনিত আমি আমাৰ হাতে বোৱা কাপোৰেৰে মাস্ক বনাইছোঁ আৰু আমাৰ লগত জড়িত শিল্পী সকলে এই সময়ত দুই লাখতকৈও অধিক ধন উপাৰ্জন হৈছে কেৱল মাস্ক বিক্ৰী কৰি।

সাহিত্য ডট অৰ্গ: আপোনাৰ এই ব্ৰহ্মপুত্ৰ ফেব’লছ নামৰ জাতীয় উদ্যোগৰ যোগেদি বৰ্তমান আপুনি ভাৰতৰ লগতে বিদেশৰ লগতো ব্যৱসায় বাণিজ্যৰ দিশত সু-সম্পৰ্ক এটা নিশ্চয় গঢ়িবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আপুনি দেশ তথা বিদেশৰ পৰা কেনেধৰণৰ সহযোগিতা লাভ কৰিছে?

ধ্ৰুৱজ্যোতি ডেকা: বৰ্তমান আমি বহু কেইখন দেশ আৰু বিদেশৰ কোম্পানীৰ লগত জড়িত হৈছোঁ। বহুত ছাপোৰ্ট পাইছোঁ তেওঁলোকৰ পৰা। কোম্পানী সমূহৰ জৰিয়তে বিদেশত আমাৰ পৰিচয়টো আগুৱাই লৈ যাবলৈ বহু সহজ হৈছে।

সাহিত্য ডট অৰ্গ: আপোনাৰ এই পদক্ষেপৰ জৰিয়তে নিশ্চয় বহুজন নিবনুৱাই আজি স্বাৱলম্বী হ’বলৈ সুবিধা পাইছে। আপোনাৰ উদ্যোগত তেওঁলোকক আপুনি কিদৰে নিযুক্তি দিয়ে?

ধ্ৰুৱজ্যোতি ডেকা: যিকোনো শিল্পীয়ে যি নিজ হাতেৰে কোনো সামগ্ৰী সাজিব বা বনাব পাৰে আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰোঁ। এই ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন চাৰ্জ একো ৰখা নহয়। বৰ্তমান আমাৰ এই উদ্যোগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৩০০০ শিল্পী জড়িত হৈ আছে।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভৱিষ্যত পৰিকল্পনা?

ধ্ৰুৱজ্যোতি ডেকা: আমি আমাৰ ব্ৰহ্মপুত্ৰ ফেব’লছক উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে এটা উদাহৰণ কৰিব খোজো আৰু ইয়াত(উত্তৰ পূৰ্বাঞ্চলত) থাকিও যে এটা ৱৰ্ল্ড ক্লাছ প্ৰপাৰ ষ্টাৰ্টআপ কৰাটো সম্ভৱ; সেই বিশ্বাস সকলোৰে মনত জগোৱাৰ ইচ্ছা পুহি ৰাখিছোঁ।

সাহিত্য ডট অৰ্গ: ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়া, বহুত ভাল লাগিল আপোনাৰ লগত আজি সাক্ষাৎ হৈ। আপুনি যিটো দিশেৰে আগবাঢ়িছে ই অসমৰে নহয় সমগ্ৰ বিশ্বৰ বাবে এটা প্ৰশংসনীয় পদক্ষেপ। সমাজৰ বাবে আপুনি এজন আদৰ্শ ব্যক্তি। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনালোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো লগতে ব্ৰহ্মপুত্ৰ ফেব’লছে যেন সফলতাৰ উচ্চশিখৰত আৰোহণ কৰে তাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।

ধ্ৰুৱজ্যোতি ডেকা: হয় ধন্যবাদ। সাহিত্য ডট অৰ্গ আলোচনীৰ সমূহ পাঠক তথা সদস্যবৃন্দক মই মোৰ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!