অসমৰ জাবৰ চিকিৎসক আৰু ভাল চিকিৎসক: এক চমু অৱলোকন (আবিদ আজাদ)

(কেঁচা তেজ দেখি চকু মূদা, নোম শিঁয়ৰি উঠা প্ৰাৰ্থীও চিকিৎসক হয় অসমত……)

আবিদ আজাদ: অসমৰ চিকিৎসকসকলৰ ওপৰত মানুহৰ বিশ্বাস আৰু শ্ৰদ্ধা একেবাৰে নোহোৱা হ’বলৈ গৈ আছে। চিকিৎসক বৃত্তিৰ পৰিধিৰ পৰা বাহিৰত আহি সাধাৰণ ৰাইজৰ দৃষ্টিৰে চালেই সেই কথাখিনি যথেষ্ট স্পষ্ট হৈ পৰে। চিকিৎসা সেৱাৰ দৰে মহান বৃত্তিক চিকিৎসকসকলেই তিলতিলকৈ বিনাশ কৰি গৈ আছে। অসমৰ মানুহ, যাৰ উপায় নাই, তেওঁলোকেহে অসমত চিকিৎসা কৰায়। কিন্তু মনে মনে বাহিৰৰ চিকিৎসালয়ত গৈ চিকিৎসা কৰোৱাটোই কামনা কৰে।

চিকিৎসা সেৱাৰ অসমত যি অধঃপতন হৈছে তাক কেৱল ভাল চিকিৎসকসকলৰ চেষ্টাতহে শুধৰাব পৰা যাব। কিন্তু সেয়াও ইমান সহজ নহয়। মেডিচিন কোম্পানীবোৰে চিকিৎসকসকলক ধন, কমিচন, দামী-দামী দেশী-বিদেশী গিফ্‌টেৰে ডুবাই ৰাখি থৈছে। সেই মোহ-মায়াৰ পৰা ওলোৱা ইমান সহজ নহয়।

অসমৰ বাতৰি কাগজ-আলোচনীত ধুনীয়া ধুনীয়া আৰ্টিকল লিখি নানান জ্ঞান আৰু উপদেশ দিয়া মহামান্য চিকিৎসকসকলো (কিছুমান নহয়, বেচিভাগেই) নিজৰ চেম্বাৰৰ ভিতৰত আন ৰূপত দেখা দিয়ে। বিশ্বাসেই নহয়। “ডাঙৰ” মানুহৰ ৰেফাৰেঞ্চ নাথাকিলে ‘ভাল’ ডাক্টৰৰ দৰ্শন পোৱাৰ আশা কৰাটোও পাপ। সৰু-সুৰা ডাক্টৰৰ কথা নকওঁৱেই, বাঘা-বাঘা নাম-উজ্জ্বল ডাক্টৰ কিছুমানো (নাম মুখতেই আছে) টকাৰ ইমান লুভীয়া যে দেখিলে নিজৰেই লাজ লাগি যায়। খৰচী বেমাৰ হোৱা বুলি গম পালে, মিহি মিহি মাতেৰে “চাকৰি কি কৰে”, “দেউতাই কি কৰে” টাইপৰ “কন্সালটেচন” আৰম্ভ কৰি দিয়ে।

অসমৰ ভাল চিকিৎসকসকললৈ কাতৰ অনুৰোধ, আপোনালোকে প্লীজ কিবা এটা কৰক। আপোনালোকৰ ফৰামত এইবিলাক দুৰ্নীতি-অমানৱীয় কথাক লৈ গহীন আলোচনা কৰক। আমি জানো, আপোনালোকৰো বহু সমস্যা আছে। চিকিৎসক যিমান লাগে সিমান নাই অসমত। তাৰ তুলনাত ৰোগীৰ সংখ্যা হাজাৰ-বিজাৰ। বেছিভাগৰে তাতে চিকিৎসা বা স্বাস্থ্য সম্পৰ্কে প্ৰাথমিক জ্ঞানোৰো অভাৱ। কিন্তু সেয়া দায়িত্বৰ সৈতে গাফিলতি কৰাৰো অজুহাত হ’ব নোৱাৰে কেতিয়াও। চিন্তাশীল চিকিৎসকসকলে এই বাধা-বিঘিনিৰ সৈতে মোকাবিলা কৰিবলৈ অহৰ্নিশে চেষ্টা চলাই আহি আছে; কিন্তু ভৱা ধৰণে সফল হ’ব পৰা নাই যেনেই লাগে। বহু ক্ষেত্ৰত এনে বিষয়ৰ ওপৰত হোৱা আলোচনাচক্ৰ-চেমিনাবোৰ কেৱল চাহ-মিঠাই খোৱা, ফলাফাল ক্ষীণ আড্ডালৈহে পৰ্যবেশিত হৈছে। অসমৰ ভাল চিকিৎসকৰ কৰণীয় সীমাহীন। অসমৰ সংখ্যাগুৰু মানুহৰ বাবে এতিয়াও বেজ-বাবা ফকিৰেই ডাক্টৰ, তাবিজেই মেডিচিন, আৰু পৰৰ পৰা খুজি আনা ঠেলা গাড়ীখনকেই ১০৮ এম্বুলেঞ্চ!!

চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে নিৰ্বাচন কৰা বাচনি প্ৰক্ৰিয়াও আঁসোৱাহৰ উৰ্ধত নহয়। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত আৰু বাচনি পৰীক্ষাত পোৱা নম্বৰৰ আধাৰতেই কোনো শিক্ষাৰ্থীৰ ডাক্টৰী পঢ়াৰ মান নিৰ্ধাৰণ কৰা হয়। হয়তো তেনে বহু প্ৰাৰ্থীয়ে জীৱনত কেঁচা তেজ দেখিয়ে পোৱা নাই, চুইয়ে পোৱা নাই। হয়তো তেজ দেখিলেই চকু মুদি দিয়া স্বভাৱ। মৰা মানুহৰ কথা নক’লোৱেই যেনিবা।

কেৱল নম্বৰৰ আধাৰত চিকিৎসা বিজ্ঞান পঢ়িবলৈ সুযোগ পোৱা নিয়মটোৰ কাৰণে কিমান যে জাবৰ চিকিৎসক অসমত সৃষ্টি হৈছে তাৰ জানো সীমা-সংখ্যা আছে। জাবৰ-চিকিৎসক বাচিব পৰা চালনি এখন থাকিলে বৰ ভাল হ’লহেঁতেন!

অসমৰ চিকিৎসা মহাবিদ্যালয় কেইখনত ভৱিষ্যতৰ প্ৰকৃত চিকিৎসক বাচনি কৰিব পৰা এটা আধুনিক বাচনি প্ৰক্ৰিয়াৰ খুবেই প্ৰয়োজন। নম্বৰৰ আধাৰত চিকিৎসক হ’ব বিচৰা ছাত্ৰ বা ছাত্ৰীগৰাকী মানসিকভাবে প্ৰস্তুত হয় নে নহয়, মানৱ সেৱাৰ প্ৰতি ধাউতি আছে নে নাই… এই ধৰণৰ প্ৰাথমিক কথাবোৰ জানিবলৈ বাস্তৱধৰ্মী মনোবৈজ্ঞানিক পৰীক্ষাৰো অতি প্ৰয়োজন। তাৰোপৰি ছাত্ৰ বা ছাত্ৰী গৰাকী ভৱিষ্যতে কেঁচা তেজ, কটা-চিঙা-পঁচা মাংস, জুইত পোৰা দেহ, গুলি খাই মৰা দেহ, চীপ লৈ মৰা বিকৃত শৰীৰ, পুঁজ-খেকাৰ … এইবোৰৰ সৈতে ওৰে জীৱন সংগ্ৰাম কৰিব পাৰিব নে নাই, সেইবোৰ জনাৰো প্ৰয়োজন। প্ৰাথমিক স্তৰতে এনেদৰে চেকি চেকি নিৰ্বাচন কৰিলেহে প্ৰকৃত ডাক্টৰ নিৰ্মাণ হোৱাৰ আশা কৰিব পাৰি। তেতিয়াহে হয়তো মানৱ-দৰদী চিকিৎসক আমি পাম। কিন্তু এইবোৰ ভবা আৰু বাস্তাবায়িত কৰা একে কথা নহয়। শিক্ষা-তন্ত্ৰ ক্ষমতাশীল ধনী শ্ৰেণীৰ হাতৰ মুঠিত। তেওঁলোকে জানো কেতিয়াবা নিজৰ স্বাৰ্থ বিৰোধী কাম উদাৰ ভাৱে কৰি পাইছে। সমস্যাবোৰ বৰ জটিল আৰু সমাধান তাতকৈও জটিল। সমস্যা আৰু সমাধানৰ এই পাক-চক্ৰত পিষ্ট হয় কেৱল সাধাৰণ মানুহ, দুখীয়া-নিচলা মানুহ।

ইমানবোৰ সমস্যা থকা স্বত্বেও যি দুই-এজন মানৱ-দৰদী ভাল চিকিৎসক আমি পাই আহিছোঁ, তেওঁলোকৰ বাবেই চিকিৎসা বৃত্তিৰ প্ৰতি কিছু হ’লেও আস্থা এতিয়াও মানুহৰ মাজত জীয়াই আছে। তেওঁলোকৰ বাবেই মানুহে চিকিৎসকক এতিয়াও ভগৱান জ্ঞান কৰে। আজিৰ পৰিপ্ৰেক্ষিতত একো ডাঙৰ আশা নকৰিলেও, ৰোগী-ৰাইজে সমাজৰ আটাইতকৈ শ্ৰদ্ধাৰ সেৱা-বৃত্তি কৰা চিকিৎসকসকলৰ পৰা কমেও মৰমৰ মাত অলপমান বিচাৰে, তিলমান গুৰুত্ব বিচাৰে। সেইখিনি পালেই ৰোগীৰ বেমাৰ আধা-আধি ভাল হৈ যায়।

ৰশ্মিতা কাশ্যপ বৰা: আচলতে বহুসময়ত ডাক্তৰ এজনৰ ব্যবহাৰো ৰোগীৰ বাবে মহৌষধ হ’ব পাৰে।

গীতুল বৈশ্য: সঁচাকৈয়ে গুৰুত্বপূৰ্ণ বিষয়। দৰাচলতে, প্ৰায় ভালেমান ডাক্তৰৰ আচাৰ-ব্যৱহাৰ অসাধাৰণ দেখা পোৱা যায় ।

ডা° ভূপেন্দ্ৰ শইকীয়া: মুকলিকৈ মনৰ কথাখিনি ব্যক্ত কৰা বাবে ধন্যবাদ ৷ অসমৰ চিকিৎসকসকলে আত্মসমালোচনা কৰাৰ এয়াই সময় ৷

উদ্ধৱ শৰ্মা: ভাল কথা। কিন্তু চিকিত্‍সক হ’বলৈ বাচনি নিয়ম মতেহে ছাত্র আহে। কেবল নম্বৰ চাই ভৰ্তি কৰা পদ্ধতি অসমতে নহয় সমগ্র দেশতে চলি আছে। যিহেতু মেডিকেল কাউন্সিলৰ গাইডলাইন ভাৰতবৰ্ষত এখনেই। এই নিয়ম সলাবলৈ প্রশাসকসকলহে সক্ষম। ছাত্রসকলে প্রচলিত নিয়ম মানিব বাধ্য।

মাধুৰীমা ঘৰফলীয়া: অসমৰ ডাক্তৰসকলে মাজে মাজে এনেকুৱা লেখাবোৰ পঢ়িব লাগে, অলপ জ্ঞান বাঢ়িব! বাহিৰৰ ডাক্তৰসকলে ৰোগীক ইমান ভালকৈ ব্যৱহাৰ কৰে যে বেমাৰ এনেই ভাল হৈ যাব যেন লাগে। কেতিয়াবা যদি কিবা কাৰণত ফোন কৰা হয় ফোন ধৰে। ৰোগীৰ সৈতে একদম ঘৰুৱাৰ দৰে ব্যৱহাৰ কৰে।

আৰু অসমৰ ডাক্তৰ নিজকে ঈশ্বৰ বুলি ভাৱে (দুই এজনৰ বাহিৰে)। যেন তেওঁ লোৱা ডিগ্ৰীটোতকৈ ডাঙৰ ডিগ্ৰী আৰু কোনোৱে ল’ব পৰা নাই। মই ভাবোঁ, অসমৰ ডাক্তৰক ডাক্তৰি শিক্ষাৰ উপৰিও মানুহৰ লগত কেনেকৈ কথা-বাৰ্তা পাতিব লাগে, কেনেকৈ মানুহক ব্যৱহাৰ কৰিব লাগে তাৰো শিক্ষা দিয়াৰ প্ৰয়োজন।

আবিদ আজাদ: উদ্ধৱ শৰ্মা, “ভাল কথা” বুলি কোৱা বাবে ভাল লাগিল। আপোনাৰ দৰেই গোটৰ আন চিকিৎসক সকলেও আমাৰ কথাখিনি “ভাল” বা “বেয়া” বুলি কিবা মন্তব্য দিব বুলি আশা এটা কৰিছিলোঁ। কাৰণ যি কেইটা ইছ্যু আমি লেখাটোত উল্লেখ কৰিছোঁ, সেয়া অসমৰ চিকিৎসা ক্ষেত্ৰৰ জলন্ত বাস্তবিক সমস্যা। এইবোৰ সমস্যা দূৰ নোহোৱালৈ আমাৰ চিকিৎসা ক্ষেত্ৰত পৰিৱৰ্তন আহিব বুলি মনে নধৰে।

উদ্ধৱ শৰ্মা: চিকিত্‍সক হ’বলৈ নম্বৰতকৈও ডাঙৰ কথা মানবীয়তা, কিন্তু যিসময়ত এজন কোমল বয়সৰ ছাত্র পঢ়িব আহে তেওঁ কিমান চিন্তা কৰিব, আসন লাভৰ চিন্তা, মেডিকেল নে বেলেগ পঢ়িব তাৰ চিন্তা লগতে বহু আন চিন্তা। মই ভাবোঁ এই বিষয়ে অভিভাবক বা আন জনা জনে চিকিত্‍সক এজনৰ গধুৰ দায়বদ্ধতাৰ আভাষ দিব লাগে। সকলোতকৈ ডাঙৰ কথা শিক্ষা বিভাগে বাচনি কৰোঁতে নম্বৰহে মাথোন চায়, বহুক্ষেত্ৰত অভিভাবকে মন নাথাকিলেও মেডিকেল পঢ়িবলৈ কয়, গতিকে সকলো পক্ষৰে কৰণীয় আছে। চিকিত্‍সা শাস্ত্র পঢ়িবলৈ অহাসকলেও এইবোৰ জানিব লাগে নহ’লে কিছুমানৰ বাবে সকলোৰে বদনাম হয়।

আবিদ আজাদ: ঠিকেই কৈছে। আমাৰ মূল পোষ্টটোত সেয়া উল্লেখ কৰিছোঁ- “শিক্ষা-তন্ত্ৰ ক্ষমতাশীল ধনী শ্ৰেণীৰ হাতৰ মুঠিত। তেওঁলোকে জানো কেতিয়াবা নিজৰ স্বাৰ্থ বিৰোধী কাম উদাৰভাৱে কৰি পাইছে। সমস্যাবোৰ বৰ জটিল আৰু সমাধান তাতকৈও জটিল। সমস্যা আৰু সমাধানৰ এই পাক-চক্ৰত পিষ্ট হৈ কেৱল সাধাৰণ মানুহ, দুখীয়া-নিচলা মানুহ।”

অসমৰ চিকিৎসা মহাবিদ্যালয় কেইখনত ভৱিষ্যতৰ প্ৰকৃত চিকিৎসক বাচনি কৰিব পৰা এটা আধুনিক বাচনি প্ৰক্ৰিয়াৰ খুবেই প্ৰয়োজন। নম্বৰৰ আধাৰত চিকিৎসক হ’ব বিচৰা ছাত্ৰ বা ছাত্ৰী গৰাকী মানসিক ভাবে প্ৰস্তুত হয় নে নহয়, মানৱ সেৱাৰ প্ৰতি ধাউতি আছে নে নাই… এই ধৰণৰ প্ৰাথমিক কথাবোৰ জানিবলৈ বাস্তৱধৰ্মী মনোবৈজ্ঞানিক পৰীক্ষাৰো অতি প্ৰয়োজন। তদুপৰি ছাত্ৰ বা ছাত্ৰীগৰাকী ভৱিষ্যতে কেঁচা তেজ, কটা-ছিঙা-পঁচা মাংস, জুইত পোৰা দেহ, গুলি খাই মৰা দেহ, চীপ লৈ মৰা বিকৃত শৰীৰ, পুঁজ-খেকাৰ … এইবোৰৰ সৈতে ওৰে জীৱন সংগ্ৰাম কৰিব পাৰিব নে নাই, সেই বোৰ জনাৰো প্ৰয়োজন। প্ৰাথমিক স্তৰতে এনেদৰে চেকি চেকি নিৰ্বাচন কৰিলেহে প্ৰকৃত ডাক্টৰ নিৰ্মাণ হোৱাৰ আশা কৰিব পাৰি।

উদ্ধৱ শৰ্মা: মেডিকেল কাউন্সিল, ইণ্ডিয়া নাইবা স্বাস্থ্য মন্ত্রালয় বা উচ্চ শিক্ষা বিভাগে বাচনি নিয়ম অলপ সলনি ঘটাই এই কাম কৰিব পাৰে, কিন্তু তেওঁলোকে নকৰিলে সাধাৰণ ছাত্র এজনে যি নিয়ম চলি আছে সেয়া মানিবলৈ বাধ্য। যদি তেনে নিয়ম প্ৰচলিত হয় ভালো হ’ব। ক্ষমতা প্রাপ্ত কৰ্তৃপক্ষই মন দিবনে এইবিলাকত?

আবিদ আজাদ: উক্ত বাচনি প্ৰক্ৰিয়াৰ মাজেৰে মেডিকেল পঢ়িব খোজা বা পঢ়ি থকা শিক্ষাৰ্থীসকলক কোনো প্ৰকাৰেই দোষ দিব পৰা নাযায়। তেওঁলোকেতো যি নিয়ম আছে, সেই মতেই চলিব। কিন্তু সমাজৰ বৰমূৰীয়াসকলৰ কৰণীয় সীমাহীন। লাগে মাথোঁ সদিচ্ছা!
বিঃদ্ৰঃ এই আলোচনা সম্পূৰ্ণ অসম্পাদিত ৰূপত দিয়া হৈছে।

এই আলোচনাৰ লিংকৰ বাবে ইয়াত ক্লিক কৰক |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!