অসমৰ থলুৱা নৌকাশিল্প (- ভাস্কৰ কলিতা)

naao_bhaskar-kalitaঅতি পুৰণি কালৰপৰাই অসমত নৌকা বা নাৱৰ প্ৰচলন হৈ আছে। অসমে চুবুৰীয়া ৰাজ্য বা দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ নাৱৰ ব্যৱহাৰ কৰাৰ লগতে যুদ্ধসমূহতো নাৱৰ ব্যৱহাৰ কৰিছিল। অনাদিকালৰ পৰা এতিয়ালৈকে যাতায়াতৰ ক্ষেত্ৰত নাৱৰ ব্যাপক প্ৰচলন হৈ আহিছে। ইয়াৰ উপৰি খেলা-ধূলা কাৰ্যতো নাৱৰ ব্যৱহাৰ হৈ আহিছে (উদাহৰণস্বৰূপে- বৰপেটা, ধুবুৰীৰ পৰম্পৰাগত নাও খেলত)।
-অসমৰ থলুৱা নাওসমূহ:
১) মাৰ নাওঃ দুখন সমান আকাৰৰ নাৱক জোৰা দি মাৰ নাও নিৰ্মাণ কৰা হয়।এনে নাও ৮০/৯০ ফুটমান দীঘল আৰু২০/২৫ফুটমান বহল।এনে নাৱক বস্তু অনা-নিয়া কাৰ্যত ব্যৱহাৰ কৰা হয়।
২) বৰ নাও: বৰ নাওবোৰ বহলে প্ৰায় ৮/৯ হাত আৰু দীঘলে প্ৰায় ৬০/৭০ হাত। এনেবোৰ নাৱকো বয়-বস্তু অনা নিয়া কাৰ্যত ব্যৱহাৰ কৰা হয়। এনেবোৰ নাৱত এটা সৰু ঘৰ দেখিবলৈ পোৱা যায়।ইয়াক “আহোন ঘৰ” বোলে।
৩) গুটীয়া নাও: এনেবোৰ নাও একোডাল গোটা কাঠ খুলি তৈয়াৰ কৰা হয়। এই নাও যাতায়াতত ব্যৱহাৰ কৰা হয়।
৪) মাজি নাওঃএনেধৰণৰ নাও দেখিবলৈ আনবোৰ নাৱতকৈ বেলেগ। এইবোৰ নাৱৰ টিং দুটা যথেষ্ট ওখকৈ নিৰ্মাণ কৰা হয়। এইবোৰ নাও মাছমৰীয়াসকলে বেছিকৈ ব্যৱহাৰ কৰে।
৫)হাত নাও: এনেবোৰ নাও যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হয়। এনেবোৰ নাও ১০ৰ পৰা২০ জন মানুহ অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হয়। বাৰিষাৰ সময়ত নৈপৰীয়া ৰাইজে ঘাঁহ কাটিবলৈও এই নাও ব্যৱহাৰ কৰে।
৬)মেছিন নাও: বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ লগে লগে নাওসমূহৰ নিৰ্মাণতো ইয়াৰ প্ৰভাৱ পৰিল। গতিকে যিবোৰ নাও মেছিন ব্যৱহাৰ কৰি চলোৱা হয় সেইবোৰ নাৱকে মেছিন নাও বোলে।
-নাৱৰ নিৰ্মাণ প্ৰণালী:
নাও নিৰ্মাণৰ অন্যতম কেঁচামাল হৈছে কাঠ। নাও নিৰ্মাণৰ বাবে শাল,আজাৰ,উৰিয়াম,শিলিখা আদি গছৰ কাঠ ব্যৱহাৰ কৰা হয়। নাও নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীবোৰ হৈছেঃ বাইছ(কোৰ সদৃশ সামগ্ৰী),হাতুৰী, দা, কৰত, বটালী,কুঠাৰ, বিন্ধনা,চেনা,চিয়াঁহী আদি।
নাও নিৰ্মাণ কৰোঁতে প্ৰথমে দুচলা সমান কাঠ থিয় কৰি তাক বাঁহৰ খুঁটিৰে বান্ধি একাদিক্ৰমে মঙাল লগোৱা হয়। দুইমূৰে মঙাল লগোৱাৰ পিছত বহল কাঠেৰে তলিখন জোৰা দিয়া হয়।ইয়াৰ পাছত বাণি, চুকবাণিৰে নাৱৰ খালী অংশসমূহ জোৰা লগোৱা হয়। নাও নিৰ্মাণত ব্যৱহৃত গজালবিধক ‘খিলি’ বোলে। এই গজালবিধ চেপেটা আৰু দুয়োমূৰ জোঙা। শেষত নিৰ্দিষ্ট ব্যৱধানত ভাউৰী আৰু পিৰি লগোৱা হয়। ভাওৰী আৰু পিৰিয়ে নাওখন মজবুত হোৱাত সহায় কৰে। নাওখন চলাই নিবলৈ ব্যৱহাৰ কৰা মাৰিডালক ব’ঠা বোলে। উজনি অসমত ঠাইভেদে ব’ঠাক লগিও বোলা হয়।।

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!