অসমৰ দুগৰাকী মহীয়সী নাৰী – খগেশ সেন ডেকা

 আহোমসকলৰ ৰাজত্ব কালত কেইবাগৰাকী মহীয়সী নাৰীয়ে বুৰঞ্জীৰ পাত উজলাই থৈ গৈছে৷ সেইসকলৰ ভিতৰত মূলা গাভৰু আৰু জয়মতী কুঁৱৰীৰ নাম বিশেষৰূপে উল্লেখযোগ্য৷ উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰত পোৱা আৰু ডঃ সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশিত “অসম বুৰঞ্জী“-ত মূলা গাভৰুৰ বিষয়ে এনেদৰে উল্লেখ আছে:

চুহুমুং ওৰফে ওপৰজনা দিহিঙ্গীয়া ৰজাৰ দিনত সেনাপতি তুৰ্বকৰ নেতৃত্বত অসমত প্ৰথমবাৰ মুছলমান আক্ৰমণ সংঘটিত হৈছিল৷ এই ৰণত কাকু বুঢ়াগোহাঞিৰ পত্নী মূলা গাভৰু এদল মহিলা সৈন্য লৈ অৱতীৰ্ণ হৈছিল৷ উল্লেখনীয় যে, মূলা গাভৰুৱে বিধূতি অৱস্থাৰ হেতু গিৰিয়েকক কবচ-কাপোৰ (যুদ্ধত পিন্ধা বিশেষ সাজ) বৈ দিব পৰা নাছিল৷ যুদ্ধত বুঢ়াগোহাঁই নিহত হয়৷ মনৰ দুখত মূলাই নিজে এদল মহিলা সৈন্য লৈ যুঁজত নামি তুৰ্বক বাহিনীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল৷ অৱশেষত আহোম সৈন্যৰ হাতত তুৰ্বক বাহিনী পৰাভূত হৈছিল৷ তুৰ্বকৰ ডিঙি কাটি মূৰটো চৰাইদেউত মৈদাম দিয়া হৈছিল৷ এই যুঁজত বন্দী হোৱা নশ সৈন্যৰ সতি-সন্ততিয়েই হ’ল বৰ্তমান অসমৰ পিতলৰ খনিকৰৰূপে জনাজাত মৰিয়া জনগোষ্ঠী৷

জয়মতী কুঁৱৰী সম্পৰ্কে “তুঙ্গখুঙ্গীয়া বুৰঞ্জী“-ত উল্লেখ আছে—“আই কুঁৱৰীক গৰ্ভে সহিতে মাৰিলে“ বুলি৷ অৱশ্যে জয়মতী সম্বন্ধে কিংৱদন্তি বা লোকশ্ৰুতি যিমান শক্তিশালী, বুৰঞ্জীৰ তথ্য সেই অনুপাতে কিছু দুৰ্বল৷ কিন্তুু তাৰ অৰ্থ এইটো নহয় যে, জনশ্ৰুতি বা লোকপ্ৰজ্ঞাই দি যোৱা তথ্য আমি অস্বীকাৰ কৰিব লাগিব৷ বহু অতীতৰে পৰা অসমীয়া লোকমুখে প্ৰৱাহিত হৈ অহা “জয়মতী কুঁৱৰী“-ৰ গীতৰ কথাবোৰ যদি অস্বীকাৰ কৰিব লাগে তেন্তে “মণিৰাম দেৱানৰ গীত“, “বদন বৰফুকনৰ গীত“, “হৰদত্ত বীৰদত্তৰ গীত“ আদিত বৰ্ণিত ঘটনাৱলীও মাত্ৰ সাধুকথা বুলি এৰি পেলাব লাগিব৷ জয়মতী কুঁৱৰীৰ লাইথেপনা বৰগোহাঁইৰ পৰিয়াল আজিও বিদ্যমান৷ তদুপৰি, আমি জনাত শিৱসাগৰৰ কোনো কোনো পৰিয়ালত সংৰক্ষিত, আজিকোপতি ছপাৰ মুখ নেদেখা, হাতেলেখা কেইবাখনো পুথিত হেনো জয়মতীৰ আত্মত্যাগৰ কাহিনী বিস্তাৰিতভাৱে উল্লেখ আছে৷ সেই পুথিবোৰ উদ্ধাৰ কৰি ছপা ৰূপ দিলে ভালেমান অপ্ৰকাশিত ঐতিহাসিক তথ্য পোহৰলৈ আহিব৷

গদাপাণি-জয়মতীৰ জ্যেষ্ঠপুত্ৰ লাই কোঁৱৰে ৰুদ্ৰসিংহ নাম লৈ শিঙৰি ঘৰত উঠাৰ পাছত মাকক লালুকসোলাৰ নেতৃত্বত চাওদাঙৰ হতুৱাই ষোল দিন জুৰি অমানৱীয় অত্যাচাৰ চলোৱা বিখ্যাত জেৰেঙা পথাৰত বিয়াগোম পুখুৰী এটা খন্দাই জয়সাগৰ নামেৰে মাকৰ নামত উছৰ্গা কৰাৰ ঐতিহাসিক তথ্য অস্বীকাৰ কৰিব পাৰি জানো? বেজবৰুৱাৰ ঐতিহাসিক নাট “জয়মতী কুঁৱৰী“-ত সামান্য কাল-বিৰোধ দোষ ঘটিলেও জয়মতীৰ কাহিনীভাগৰ কোনো বিকৃতি পোৱা নাযায়৷ মাত্ৰ লালুকসোলাৰ ঠাইত অসম বুৰঞ্জীৰ অন্যতম নমস্য চৰিত্ৰ আতন বুঢ়াগোহাঁইক সংস্থাপন কৰি বেজবৰুৱাই ভুলবশতঃ সময়ৰ সামান্য ইফাল সিফাল ঘটাইছিল৷ কাৰণ অসমৰ সিংহাসনত ল’ৰাৰজা বা চুলিকফাৰ আৰোহণ আৰু তুংখুঙীয়া ফৈদৰ লাঙি গদাপাণিৰ পত্নী জয়মতীক কৰা অত্যাচাৰৰ সৈতে বিখ্যাত শৰাইঘাট ৰণৰ অন্যতম নায়ক আতন বুঢ়াগোহাঞি জড়িত নাছিল৷ সেই অত্যাচাৰ চলাইছিল লালুকসোলা বৰফুকনে, যিয়ে গুৱাহাটীকে ধৰি নামনি অসম মোগলক গতাই ৰাজধানীত বাহৰ পাতি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল৷ বাকী তথ্য একেই আছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী“-ৰ ভিত্তি মূলতঃ বেজবৰুৱাৰ উল্লিখিত নাটৰ কাহিনীভাগ হ’লেও, ৰূপকোঁৱৰে ঐতিহাসিক তথ্যৰ অলপো বিকৃতি ঘটোৱা নাই৷ ইতিহাসৰ ঘটনাক আলম কৰি নাট বা চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ বাবে যি গৱেষণাৰ আৱশ্যক সেইখিনি জ্যোতি ককাইদেৱে সঠিকভাৱেই কৰি থৈ গৈছে৷ ইয়াত আতন বুঢ়াগোহাঁইৰ ঠাইত লালুকসোলা বুঢ়া ফুকণক সঠিকভাৱেই চিত্ৰিত কৰা হৈছে৷

জয়মতী কুঁৱৰী কোনো ঐতিহাসিক চৰিত্ৰ নাছিল—এনে কথা অসম বুৰঞ্জীৰ বিকৃতিৰ বাহিৰে আন একো নহয়৷ এনে চিন্তা যিসকলে কৰে বা কৰি আছে তেনে লোকসকলৰ প্ৰতি মোৰ এটাই আহ্বান, সৰ্ব সাধাৰণক অযথা বিভ্ৰান্ত নকৰি ইতিহাসৰ যথাৰ্থ তথ্য সহ তেওঁলোকে প্ৰকৃত সত্য উদ্ঘাটনত ব্ৰতী হওক, মহীয়সী মাতৃ জাতিক অপমান কৰাৰ পৰা বিৰত থাকক৷

••••••••••••••••••••

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!