অসমৰ বাহিৰৰ চাকৰিত অসমীয়া যুৱকৰ অনুপস্থিতা

অসমৰ বাহিৰৰ চাকৰিত অসমীয়া যুৱকৰ অনুপস্থিতা

প্ৰতাপ প্ৰতিম বৰুৱাঃ কেৰেলাৰ কোনোবা ঠাইত ভাৰতীয় ৰেলত চাকৰি ওলায় | বিহাৰৰ লৰাই জাক পাতি গৈ পৰীক্ষা দিয়ে, পাচ কৰে, চাকৰি লৈ গজগজীয়াকৈ বহে |

দিল্লী চৰকাৰত নিম্নবৰ্গৰ সহায়ক, উচ্চবৰ্গৰ সহায়ক চাকৰি ওলায় | তামিলনাডুৰ গ্ৰেজুৱট লৰা-ছোৱালীয়ে আহি চাকৰি লয়হি | কিছুদিন দিল্লীত কষ্ট কৰি থাকে, চাকৰিৰ লগতে পঢ়া-শুনাও কৰে, বিভাগীয় পৰীক্ষা পাচ কৰি দুবছৰৰ ভিতৰতে একেকোবে ৰাজপত্ৰিত বিষয়া হয় | পিছত এই লৰা-ছোৱালীখিনিৰে আলম লৈ আৰু এজাক আহে |

আমাৰ অসমীয়া লৰা-ছোৱালীয়ে এনেদৰে কিয় ওলাই নাহে ? আত্মবিশ্বাসৰ অভাৱ নে যোগ্যতাৰ অভাৱ নে ভয় ?

ধ্ৰুৱজ্যোতি শৰ্মাঃ মাহীআইলৈ চাবলৈ ল’ৰা-ছোৱালীবোৰে কতনো সাহস কৰিব ?

মিতালী বৰ্মনঃ মহিম বৰাৰ “এখন নদীৰ মৃত্যু” নামৰ গল্পটোৰ দুটা উদ্ধৃতি দিলোঁ :

“আজি আমাৰ গাঁৱৰ ল’ৰাহঁতলৈ নেচাৱ কিয় ? কোনটো ল’ৰা পঢ়া-শুনাতে ভাল বা কাম-কাজতে ভাল ?… মেল মাৰি, আড্ডা দি, চাহৰ দোকানত বহি তাচ-পাশা খেলি পুৱা-গধূলি ঘূৰি ফুৰিছে ৷ নাই হালত, নাই বেহা-বেপাৰত, নাই বিদ্যাত, নাই হাকিম-হুকুমৰ এপাচি দৰমহা খোৱা চাকৰিত ৷”

“চৰকাৰী আলিত ক’ৰ বিদেশৰ পৰা অহা মুণিহ-তিৰোতাই শিলগুটি কেইটামান ছটিয়ায়ে দিনটোত ছটকা হাজিৰা ঘটিছে ৷ আমাৰ কোনোবাটো গৈছে ষদিও আনবিলাকে উৎসাহ দিয়ক ছাৰি টিটকাৰিহে দিছে”

কাৰণ বহুত আছে ককাইদেউ ৷ উৎসাহ-আগ্ৰহ আৰু তথ্যপ্ৰাপ্তিৰ অভাৱ , তাৰ লগতে সোণত সুৱগা চৰাবলৈ আছে “এলাহ” আৰু “কেঁকোৰা মনোবৃত্তি” ৷

কংকণ ঠাকুৰীয়াঃ অসমীয়া মানুহ আৰামত থাকি থাকি এলেহুৱা হই গৈছে….আজিকালি প্ৰয়োজনত পৰি বহু লৰাই ওলাই আহিছে.

ধ্ৰুৱজ্যোতি শৰ্মাঃ আৰু বাৰে বাৰে সেইবোৰ কথাৰ উৰ্দ্ধৃতি দি আমিও শুধৰিম ক’ত, তাকেই অনুসৰণ কৰি আছো….

দ্বিজেন মহন্তঃ ১৭বাৰ মোগলক পৰাভূত কৰা জাতিৰ এই অৱস্থা ? ৰাতিৰ ভিতৰত গড় বন্ধা জাতিৰ এই অৱস্থা ?

দেৱব্ৰত গগৈঃ বেলেগ এটা খবৰ দিছো দেই — আজিৰ কাকতত পঢ়িবলৈ পোৱা মতে ঊত্তৰ-পূবৰ পৰা অহা 5 বছৰৰ ভিতৰত প্ৰায় 50 লাখ লোক ওলাই যাব দেশ তথা বিদেশলৈ , উন্নত সংস্থাপনৰ বাবে । যোৱা 2010 চনত এনে ওলাই যোৱাৰ সংখ্যা প্ৰায় হেনো 4 লাখৰ ওপৰ । ওলাই যোৱাসকলৰ মাত্ৰ 5% হে পুনৰ ওভতি আহি ইয়াতে মানে উত্তৰ-পূৰ্বাঞ্চলত জীৱিকাৰ বাট উলিয়াই ।

সচাঁকৈয়ে লাহে লাহে কথাবোৰ ভয়ংকৰ হবলৈ গৈ আছে বিশেষকৈ আমাৰ অসমীয়া জাতিটোৰ বাবে । অসমৰ আন ঠাইবোৰৰ কথা নকওঁৱেই , গুৱাহাটী মহানগৰীতে আমি যেনেকৈ এজন ভাল চিকিত্সক নাপাও ঠিক তেনেকৈয়ে নাপাও এজন ভাল গাড়ীৰ মেকানিকও ।

বিকাশ শইকীয়াঃ অসমত যুৱচামক সথিক পথত আগূৱাই যাবলৈ অনুপ্ৰেৰণা দিবলৈ মানুহৰ অভাৱ।

চাও অৰিন্দম দিহিঙীয়া বৰুৱাঃ সঠিক খবৰৰ অভাৱ আৰু বৰ্তমান এই সমূহ অনুষ্ঠানত অসমীয়া নাই বাবে বাট দেখুৱাই দিয়া লোকৰ অভাৱ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!