অসমৰ সৰ্বাঙ্গীন প্ৰগতিৰ অন্যতম অন্তৰায় হৈছে সুৰা -পংকজ বৰুৱা।

অসমৰ সৰ্বাঙ্গীন উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰধান অন্তৰায় হ’ল সুৰা এই বিষয়টো ৰ ওপৰত মোৰ ধাৰণা অৱগত কৰাৰ আগত মই সুৰা সম্পৰ্কে চিকিৎসক মহল তথা গৱেষক সকলৰ ধাৰণাকো চমুকৈ উপস্থাপন কৰিছো ৷

সুৰা ইয়াৰ উপকাৰিতা ——
সুৰা পান কৰা বা মদ খোৱাটো শৰীৰৰ বাবে যে অপকাৰী সকলোৱে যানে তথাপিও সৰহসংখ্যক লোকে মদ খাব বিচাৰে ।‌ মদ খোৱাৰ অপকাৰিতাৰ লগতে কিছু উপকাৰিতাও আছে হয়টো আপুনি নাজানে মদ যদি এক নিদিষ্ট অনুপাতত দৈনিক সেৱন কৰা হয় তেন্তে বহু জটিল ৰূগৰ পৰা আপুনি বাচি থাকিব পাৰে ।‌এই কথা চিকিৎসক সকলে জানে কিন্তু নকয় কাৰণ মানুহে সদায় নিদিষ্ট মাত্ৰাত কৈ বেছি মদ ব্যৱহাৰ কৰে যাৰ ফলত যকৃতত ঘা লাগে স্নায়ু দূৰ্বলতাৰ লগতে আৰু বহু বেমাৰ হয় ।‌ মদ সেৱন কৰাৰ আগত এই কথা জনা দৰকাৰ যে এজন প্ৰাপ্ত বয়স্ক পুৰুষ বা মহিলাই কিমান পৰিমাণৰ মদ সেৱন কৰিব লাগে ।
‌মই নিজে আজিলৈ কোনোদিন সুৰাপান কৰা নাই দৰৱৰ আকাৰত খাইছো কাৰন বহু দৰৱত এলক’হল থাকে ।‌ মই মদ খোৱাৰ অনুগ্ৰহ কৰি নাইবা মদ সেৱনৰ সপক্ষে প্ৰচাৰৰ উদ্দেশ্যেও এই খিনি লিখা নাই সত্যতাক অৱগত কৰাৰ হে সামান্য প্ৰয়াস কৰিছো।‌ মদত থকা মেটাবিলিক সিণ্ড্ৰম ক’ণ্ট্ৰ’লে শৰীৰক হাৰ্ট এটেক আৰু ডায়বিটিজৰ পৰা ৰক্ষা কৰে ।‌মদ খোৱাৰ আগত কি মাত্ৰা শৰীৰৰ বাবে উপকাৰী জানি লোৱাটো অতিকৈ প্ৰয়োজনীয় ।‌এজন পুৰুষে এদিনত ৯০ml আৰু এগৰাকী মহিলাই ৬৭.৫ml ত কৈ বেছি ছোকা মদ সেৱন কৰিব নালাগে পাতল মদ হ’লে পুৰুষে ৭২০ml আৰু মহিলা ৫৪০ml ব্যৱহাৰ কৰিব পাৰে ।‌আছলতে মদ ৰাতি খানা খোৱাৰ আগত নিদিষ্ট একক পৰিমাণত ওপৰত কোৱাৰ দৰে ল’ব লাগে যদি পৰিমাণ বেছি হয় তেন্তে বিভিন্ন বেমাৰে লগ ল’ব পাৰে ।‌দৰৱৰ দৰে ব্যৱহাৰ কৰিলে বহু ওপকাৰ সাধে শৰীৰৰ ।‌
মদ এক ভাল ইঞ্চুলিন চেঞ্চিটাইজৰ যাৰ বাবে ই শৰীৰৰ ব্লাড চুগাৰক নিয়ন্ত্ৰণ কৰে ।‌শৰীৰৰ ইঞ্চুলিনৰ ক্ষমতা বৃদ্ধি কৰে ।‌ প্ৰতি দিনাই নিদিষ্ট মাত্ৰাত মদ সেৱন কৰিলে ব্লাড চুগাৰ লেভেল ৩০% লৈকে কম হয় ।‌ খাদ্য খোৱাৰ পাচত শৰীৰত চুগাৰ লেভেল বাঢ়ি যায় এই দৰে বঢ়াৰ ফলত শৰীৰত ফ্ৰীৰেডিক্লাস ৰ দৰে অপকাৰী পদাৰ্থৰ সৃষ্টি হয় এই পদাৰ্থ বোৰ হাৰ্টএটেক আৰু ডায়বিটিজ হোৱাৰ মূখ্য কাৰণ।‌ ৰাতি হোৱাৰ আগত মদ খালে এনে বিপদৰ পৰা ৩০-৪০% লৈকে মুক্ত হ’ব পাৰে ।‌ ৰেড ৱাইনে এণ্টি এনজিংগ হয় যি ফ্ৰী ৰেডিক্লাস ক দূৰ কৰি শৰীৰক বাৰ্ধক্যৰ মাত্ৰা বহু খিনি হ্ৰাস কৰে ।‌শৰীৰৰ শালমন হোৱাত বাধা দিয়ে ছাল নিমজ কৰি ৰাখে ।‌ এল্জামাইৰ আৰু ষ্মৃতি সমন্ধীয় সমস্যা সমাধানৰ বাবেও ৰেড ৱাইন উপকাৰী ।‌ক’বলৈ গ’লে মদ শৰীৰৰ বাবে যিমান অপকাৰী সিমান ওপকাৰীও যদি আপুনি ইয়াৰ ব্যৱহাৰ লিমিটত কৰে ।‌
অপকাৰিতা———–
মদ মানুহৰ শৰীৰত প্ৰবেশ কৰাৰ লগে লগেই ই শৰীৰ আৰু মগজুত ক্ৰীয়া কৰিবলৈ আৰম্ভ কৰে ।‌ মদ খুৱাৰ লগে লগে মদ যকৃত পাইগৈ যকৃতত এনজাইমে মদ মানে এলক’হলক ভাঙি পেলাই ।‌ যকৃতে শৰীৰৰ বাবে অপকাৰী পদাৰ্থ বোৰক শৰীৰৰ পৰা বাহিৰ কৰে যদিও মদক সম্পূৰ্ণ বাহিৰ কৰিব নোৱাৰে আৰু পিত্ত মগজু হাঁড় আদিলৈও বিয়পি পৰে যাৰ ফলত এই অংগ বোৰৰ পৰিবৰ্তন হয় আৰু বিৰূপ প্ৰভাৱ পেলাই ২০০ ৰো অধিক বেমাৰ সৃষ্টি কৰিব পাৰে ।‌
অত্যাধিক মদ্যপানে মাস্তিষ্কৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই । প্ৰধানকৈ ওচৰৰ পৰিবেশত কি ঘটিছে তাক নিৰূপণ কৰিব নোৱাৰে শৰীৰৰ স্থিৰতা নাইকিয়া হয় একাগ্ৰতা নাথাকে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে ।‌ নিজকে চিন্তা বেদনা মুক্ত বুলি ভাবে ।‌
বহুতৰ আক’ নিৰাশাত ভোগে খিংখিঙীয়া হয় ।‌ বহুতে নিজক বহু শক্তিশালী ক্ষমতাশালী বুলি ভাবে যাৰ ফলত দণ্ড তৰ্ক আদি হয় ।‌ আপুনি জানি আছৰিত হ’ব যে প্ৰতি১০ চেকেণ্ডতকৈ কম সময়ত পৃথিৱীত মদৰ বাবে হোৱা হিংসাত এজন মানুহৰ মৃত্যু হয় ।‌
মদ খোৱাৰ পাচত মদক মগজু পাবলৈ ৬ মিনিট সময় লাগে ।‌মদৰ একেবাৰে সৰু অণু হ’ল এথেৰ্নাল যি শৰীৰৰ তেজৰ লগত পানীৰ লগত মিলি যায় শৰীৰত ৭০/৮০ ভাগ পানী থাকে এই পানীৰ লগত মিহলি হৈ গোটেই শৰীৰৰ লগতে মস্তিষ্ক লৈকে পাইগৈ ।‌ মস্তিস্ক পোৱা লগে লগে ন্যুৰ’ট্ৰাস্নমিটাৰৰ ওপৰত ক্ৰীয়া কৰে লগে লগে স্নায়ু তন্ত্ৰৰ কেন্দ্ৰক প্ৰভাৱিত কৰি মানুহক ভ্ৰমিত কৰি তোলে ।‌ কেতিয়াবা এই অৱস্থা অতিশয় বিপদজনক হ’ব পাৰে ।‌কেইবা বছৰ ধৰি অত্যাধিক মদ্য পান কৰিলে জীৱন হেৰুৱাৰো ভয় আহে শৰীৰক প্ৰয়োজন হোৱা ভিটামিন খনিজ লৱণ আদিৰ প্ৰয়োজনবোধৰ তাৰতম্য ঘটে ।‌ যাৰ বাবে শৰীৰত বিভিন্ন বেমাৰৰ উপসৰ্গসমূহে দেখা দিয়ে ।‌মদে মগজুৰ লগতে যকৃতৰো ক্ষতি সাধন কৰে বিভিন্ন ধৰণৰ যকৃতৰ ৰূগ হয় ।‌ যকৃতৰ কেঞ্চাৰৰ বাবে মদ সেৱনো জগৰীয়া ।‌
বিশ্বৰ কোন দেশৰ মানুহে কিমান মদ সেৱন কৰে জানেনে ।‌ জাৰ্মানী ৰ প্ৰতিজন ব্যক্তিৰ হিচাপত বছৰি বিশুদ্ধ মদ খোৱাৰ পৰিমাণ ১২ লিটাৰ ।‌ইংলেণ্ড , স্লোভেনিয়াৰ প্ৰতি ব্যক্তিৰ ১১.৬ লিটাৰ।‌ আয়াৰলেণ্ডৰ আ্‌ৰু লক্জমবাৰ্গৰ মানুহে ইয়াত কৈও বেছি খাই এই ক্ষেত্ৰত বেলাৰুছ এক নম্বৰত আছে ।‌বেলাৰুছত ১৭.৫ লিটাৰ কৈ প্ৰতিজন ব্যক্তিয়ে বছৰত বিশুদ্ধ মদ সেৱন কৰে।‌ বিশ্ব স্বাস্থ্য সংগঠনৰ সমীক্ষা মতে পাকিস্তান, কুৱেইট, লীবিয়া এই কেইখনমান দেশৰ মানুহে মদ কমকৈ সেৱন কৰে প্ৰতি ব্যক্তি ১০০ মিলিলিটাৰত কৈ কম ।‌ভাৰত এই হাৰ প্ৰতি ব্যক্তি ৮.৭ লিটাৰ বছৰি ।‌ ভাৰত তথা অসমৰ মানুহৰ বাবে চিন্তাৰ বিষয় এইটো যে যি সকলে মদ খাই বহুত বেছি খাই এবছৰত ২৮.৭ লিটাৰতকৈ অধিক ।‌ এইফালৰ পৰা চাবলৈ গ’লে ভাৰতীয় মদাহীহে বিশ্বৰ সকলো মদাহীত কৈ বহুত বেছি মদ খাই ।‌
এস্তেঅল্ডিহাইট নামৰ এক এনজাইমে শৰীৰত এলকহলৰ ক্ৰীয়াক হ্ৰাস কৰে ।‌এলক’হল এস্টেঅল্ডিহাইটলৈ পৰিবৰ্তন হয় আকৌ এস্টেঅল্ডিহাইট এচেটিক এচিডলৈ পৰিবৰ্তন হৈ এলকহল শৰীৰৰ পৰা বাহিৰ হয় ।‌ কিন্তু যদি এস্টেঅল্ডিহাইট এচেটিক এচিডলৈ পৰিবৰ্তন নহয় এস্টেঅল্ডিহেড হৈ যায় তেন্তে এনে মানুহে মদ সেৱন কৰিলে মূৰবীষ, বমী, মূৰঘূৰণী, আদি হ’ব ধৰে বহুতৰ গাল মুখ ৰঙা হৈ পৰে ।‌ চীন জাপান কোৰিয়া ৰ ৪০% আনকি অসমৰো বহু লোকৰ শৰীৰত এই এস্টেঅল্ডিহাইট এনজাইম নাথাকে।‌ যি সকল লোকৰ এই এনজাইম নাথাকে তেওঁলোকে মদ হজম কৰিব নোৱাৰে এনে লোকে মদ খালে মদে শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি ।‌
বৰ্তমান সময়ত মদ তথা সকলো ধৰণৰ মাদক দ্ৰব্যই অসমৰ উন্নতি আৰু প্ৰগতিত হেঙাৰ ৰূপে থিয় দিছে একবিংশ শতিকাৰ অসমীয়া সমাজৰ বাবে মদ তথা মাদক দ্ৰব্য এক বহৎ প্ৰত্যাহ্বান ।‌ পশ্চিমীয়া সভ্যতাই আমাৰ দেশক অমাৰ ৰাজ্যক কি দৰে আকৰ্ষিত কৰিছে সকলোৱে জানো ৷ এই ক্ষেত্ৰত যুৱক সকল বেছি আকৰ্ষিত হৈছে আৰু বহুতে নিজৰ সংস্কৃতি এৰি পশ্চিমীয়া সংস্কৃতিক অনুকৰণ কৰিব লৈছে ।‌ নিছা আসক্ত হোৱাটো ও ইয়াৰে এক উদাহৰণ ।‌ অসমৰ এক প্ৰধান চিন্তনীয় বিষয় হ’ল অসমৰ যুৱ সমাজত মদ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বঢ়াতো ।‌ মাদক দ্ৰব্য সেৱন কৰাটো এনে এক সমস্যা যি মদ সেৱন কৰা জনৰ লগতে তেওঁৰ পৰিয়ালো ধ্বংস হৈ যায় ।‌ যদি পৰিয়াল ধ্বংস হয় তেন্তে সমাজো ধ্বংস হ’ব সমাজ নাথাকিলে জাতি ৰাজ্য দেশো নাথাকিব অস্থিৰতাৰ দিশত গতি কৰিব ।‌ মানুহে মদৰ ৰাগিক এবাৰ গ্ৰহণ কৰিলে পলসত ভৰি দিয়াৰ দৰে হয় এৰিব নোৱাৰে ক্ৰমে আসক্ত হৈ গৈ থাকে , এই আসক্তিয়ে তেওঁক অধিকৰ পৰা অধিকতৰ মদ সেৱন কৰিবলৈ বাধ্য কৰাই ।‌যি এবাৰ মদ আসক্ত হৈ পৰে সেইজনক মদে ভিতৰি ভিতৰি খাই থাকে তেওঁক শাৰীৰিক মানসিক আৰ্থিক ভাবে ধ্বংস কৰি পেলাই নিজৰ ঘৰ বাৰী মাটি গহণা সকলো বিক্ৰী কৰে মদৰ বাবে ।‌ বহু লোকে অকালতে মদৰ বাবে মৃত্যু বৰণ কৰি পৰিয়ালক বিপদ সাগৰত পেলাই থৈ যায় ।‌ ল’ৰা-ছোৱালীৰ জীৱনলৈ অন্ধকাৰ নামি আহে শিক্ষা দিক্ষা লোৱাৰ পৰিবৰ্তে কাম কৰিব লগা হয় ল’ৰালিতে ভুকৰ বাবে ।‌ ইয়াৰে বহু শিশু বিপথে যায় চুৰ ডকাইত হয় ।‌আজিকালি মাদক দ্ৰব্যৰ প্ৰতি সৰু সৰু ল’ৰাবোৰো আসক্ত হৈছে যুৱক সকলৰ লগতে বৃদ্ধ বনীতাও মদৰ দ্বাৰা আসক্ত ।‌
নিছা আসক্ত ব্যক্তি ঘৰ তথা সমাজৰ বাবে এক বোজাৰ দৰে ।‌ সিঁহতৰ কোনো বৰ্তমান বা ভবিষ্যত নাথাকে পৰনিৰ্ভৰশীল হয় বেছিভাগে ।‌ এনে ব্যক্তিৰ মৃত্যু হ’লেও কোনেও দুখ প্ৰকাশ নকৰে ।‌ দেশত সমাজত উগ্ৰবাদ ,নক্সলবাদ, নিবনুৱা সমস্যা আদি বৃদ্ধিৰ ক্ষেত্ৰতো মদ তথা মাদক দ্ৰব্য কিছু হলেও জগৰীয়া ৷ মদে মানুহৰ চিন্তা ভাল বেয়া বুজাৰ ক্ষমতা নাইকিয়া কৰি মানুহক অসৎ পথত অসৎ কামত লিপ্ত কৰাই ।‌ বহু হিংসা হত্যা যৌননিৰ্জাতন চুৰ ডকাইত আদি ঘটনা সংঘটিত কৰাৰ কাৰণ এই মদ ।‌ মদে মানুহক মানুহৰ শাৰীৰ পৰা অসুৰ দানৱলৈ ৰূপান্তৰিত কৰে ।‌
মদ তথা মাদক দ্ৰব্য সমাজত বিয়পাৰ কাৰণ—-
শিক্ষাৰ অভাৱ মাদক দ্ৰব্যৰ সেৱনৰ মূখ্য কাৰণ ।‌শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা শিক্ষাৰ মহত্বক বুজিলে মাদক দ্ৰব্য সেৱনৰ কূ প্ৰভাৱৰ বিষয়ে জানিলেহে মাদক দ্ৰব্য সেৱন নিয়ন্ত্ৰিত হ’ব ।‌
নিছা জাতীয় দ্ৰব্য মদৰ মুক্ত বেহাই মাদক দ্ৰব্য সেৱন কৰা লোকৰ সংখ্যা সমাজত বৃদ্ধি কৰিছে এনে দ্ৰব্য বিক্ৰী আইনগত ভাবে বন্ধ হব লাগে ।‌সংগ দুখো মাদক দ্ৰব্য সেৱনৰ লোকৰ সংখ্যা বৃদ্ধিৰ এক প্ৰধান কাৰণ প্ৰধানকৈ নাবালক সকল ।‌কোনোবাই খা বুলি ক’লেই খাই দিয়ে পিছত অভ্যাসত পৰিণত হয় ।‌
নিজকে আধুনিক সভ্ৰান্ত দেখাবলৈও মদ খাই বহুতে।‌ কিছুৱে পাচাত্য সংস্কৃতিক অনুকৰণ কৰিব গৈ মদৰ দ্বাৰা আসক্ত হয়।‌ বহু ক্ষেত্ৰত বোলছবি বোৰো সমাজত মদ প্ৰচলনৰ বাবে দায়ী।‌ মানসিক অশান্তিও মানুহক মদত আসক্ত কৰিব পাৰে ।‌
মদ তথা মাদক দ্ৰব্যই অনা দূষ্পৰিণাম ঃ
দৰিদ্ৰতা বৃদ্ধি- আমাৰ ইয়াত এনে বহু পৰিয়াল আছে যি এঁহাজ ভাতৰ বাবে হাবাথুৰি খাব লগা হয় ।‌ নিচাত আসক্ত ব্যক্তিয়ে ভাত নাখাব কিন্তু মদ খাব নিজৰ সকলো উপাৰ্জন মদত খৰচ কৰাৰ ফলত বাকী সকল অনাসাৰে থাকিব লগিয়া হয় ।‌ প্ৰতিদিনৰ এনে কাৰ্যই পৰিয়ালটোক দৰিদ্ৰতাৰ চৰম পৰ্যায়লৈ লৈ যায় ।‌
নিছা এক এনে সমস্যা যি অনান্য সমস্যাক আমন্ত্ৰণ কৰে ।‌ দৰিদ্ৰতা , উগ্ৰবাদ , নিবনুৱা সমস্যা আদিৰ সৃষ্টি কৰে অপৰাধ অপৰাধী কাৰ্যকলাপ বৃদ্ধি কৰে ।‌
সুৰামক্ত ব্যক্তিয়ে নিজৰ বিবেক বুদ্ধি হেৰুৱাই যাৰ ফলত ঘৰুৱা কন্দলৰ সৃষ্টি হয় যিয়ে ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াৰো অশান্তি কৰে ।‌
অপৰাধী বনাব পাৰে মানুহক ।‌ নিজৰ নিছা পূৰণৰ বাবে চুৰ ডকাইত আদি কু কৰ্মত লিপ্ত হয় ।‌
নিচাত আসক্ত ব্যক্তিৰ কোনো ভবিষ্যত নাথাকে ।‌ তেওঁলোকে মদৰ বাদে একো চিন্তিব নোৱাৰে।‌
অত্যাধিক মদ্যপানে মন শৰীৰ দূৰ্বল কৰি স্বাস্থ্যৰ অৱসান ঘটাই ।‌
মদ্য পানৰ বাবে পৰিয়াল ভাগি যায় ; আজিৰ সময়ত বিবাহ বিচ্ছেদৰ মূল কাৰণ মদ সেৱন ।‌ মদ আসক্ত লোকে পৰিয়ালতকৈ মদক অধিক গুৰুত্ব দিয়ে যাৰ ফলত পতি পত্নীৰ কাজিয়া হয় ।‌
মাদক দ্ৰব্যৰ সেৱনে মানুহক বহু নীচ পৰ্যায়লৈ লৈ যায় নিজৰ প্ৰয়োজন পূৰণৰ বাবে যি কোনো কাম কৰিব পাৰে ভাবিব নোৱাৰা ।‌ এই সকলো কথালৈ লক্ষ্য কৰিলি এইটো সুস্পষ্ট যে মদ অসমৰ সৰ্বাঙ্গীন প্ৰগতিৰ অন্যতম প্ৰধান অন্তৰায় ৷ আমাৰ দেশৰ আৰু ৰাজ্যৰ চৰকাৰে ইমা ন এটা ডাঙৰ বিষয়ক গুৰুত্ব সহকাৰে লোৱা নাই ।‌ চৰকাৰে মদ মুক্ত দেশ বা ৰাজ্য গথনৰ ওপৰত গুৰুত্ব দিব লাগিব ।‌মদ তথা সকলো মাদক দ্ৰব্য কিনা বেচাত বাধা আৰূপ কৰিব লাগিব লগতে জনসাধাৰণৰো সহযোগ লাগিব ।‌ মাদক দ্ৰব্য মুক্ত হ’লেহে এখন দেশ বা ৰাজ্যত এক সুস্থিৰ সৱল পৰিবেশ বিৰাজ কৰিব পাৰে ।‌ সুস্থ সৱল সমাজত সমাজৰ প্ৰতি ব্যক্তিৰ উন্নতি প্ৰগতি সম্ভৱ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!