অসমৰ ৰাজনীতিৰ শেহতীয়া স্থিতি আৰু নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ প্রাসংগিকতা (প্রিয়ংকু নাৰায়ণ বৰুৱা)

প্রতিক্রিয়াশীল চক্রৰ উত্থান, ৰাষ্ট্রযন্ত্রৰ সন্ত্রাস আৰু পৰিস্থিতিতান্ত্রিক নৈৰাজ্যৰ গ্রাসত অসম আৰু অসমীয়াৰ অস্তিত্ব। Systemঅত থাকি System ঘোলা কৰা সকলেই পায় ৰাজ আতিথ্য! কি অসম, কি ভাৰত একেই পানী ঘোলা কৰা কাৰবাৰ।অন্ত:সাৰ শূণ্য দ্বন্দাত্মক আদর্শৰ জটিল উপস্থাপনে সহজ সৰল মানৱীয় প্রমূল্যক কুঁটি কুঁটি নিশেষ কৰি আহিছে প্রতিপল।
গণতান্ত্রিক পুঁজিবাদৰ নামত ভাৰতৰ অর্থনীতি এচাম মুষ্টিমেয় পুঁজিপতিৰ স্বার্থসুৰক্ষাত ব্যস্ত। তৃতীয় বিশ্বৰ দেশসমূহৰ মৌলিক সমস্যা সমূহৰ সমাধানৰ বিষয়টি অদ্যাপি ৰঙাফিটাৰ মেৰপাশত। সর্ব ভাৰত জুৰি দুর্নীতিৰ পয়োভৰ। খোদ মন্ত্রী,বিধায়ক জড়িত কেইবাশ কৌটি টকীয়া কেলেংকাৰীত। ভূ মাফিয়া, লটাৰী মাফিয়া, দালাল চক্রই ক্রমাৎ কুঁটি কুঁটি নিশেষ কৰিব ধৰিছে গণতন্ত্রৰ ভেঁটি। জনগোষ্ঠীয় সংঘাত, সন্ত্রাসবাদ, নিবনুৱা সমস্যা, জাতিভেদ-বর্ণবৈষম্যৰ আগ্রাসী স্বৰূপ আর্থ-সামাজিক জীৱনৰ চুড়ান্ত স্খলনৰ উদাহৰণ। ধর্ম-জাতি-ভাষাক লৈ ৰাজনীতিৰ নিকৃষ্ট দলিয়াদলি চলা এইখন দেশৰ প্রস্তাৱনাত সন্নিৱিষ্ট ভাৰতবর্ষ সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বোলা আদর্শ ৰাজিৰ অস্তিত্ব মূর্মুষু স্থিতিত নহয়নে? গোষ্ঠী সংঘর্ষত মৰে হাজাৰ মানুহ, বৃহৎ নদীবান্ধে কঢ়িয়ায় অভিশাপ, শিক্ষা-স্বাস্থ্যৰ শোচনীয় অৱস্থা, দৰিদ্র-ভোকাতুৰৰ অন্তিম আশ্রয় পদপথ নাইবা ফুটপাথ। নিতৌ মৰে মানুহ অনাহাৰে-অনিদ্রাই। “ৰজাৰ প্রসাদত ভোগ, প্রজাৰ জুপুৰীত মহাশোক” এয়াই উন্নয়ণৰ বাস্তৱ ছবি। ৰঙা দলিছা পাৰি স্বাগতম জনোৱা বিদেশী বহুজাতিক প্রতিষ্ঠানে গঢ়ি দিব জানো সাধাৰণ মানুহৰ সুৰক্ষা দিব পৰাকৈ আন্তঃগাঁথনি? কমিবনে অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ মূল্য? মুদ্রামানৰ নিম্নগামীতা, নিম্ন জনমূৰি আয়ৰ সমস্যাত ককবকাই থকা ভাৰতবর্ষত সাধাৰণ মানুহৰ কল্যাণৰ বাবে কাম কৰিব পৰাকৈ ৰচনা হ’বনে কাহানিবা এখন উপযুক্ত বাজেট? অবৈধ অনুপ্রৱেশকাৰীৰ দৌৰাত্ম্য প্রতিৰোধ কৰিব পৰা যাবনে? ৰজাঘৰে বুজিব জানো দুখীয়াৰ দুখ। আকাশীযানেৰে এখন্তেক পৰিভ্রমন কৰিয়েই জানো বুজিব পাৰি বানে জুৰুলা কৰা অজস্র মানুহৰ মনৰ বেদনা। সাধাৰণ মানুহে নুবুজে গোলকীয়কৰণৰ অর্থ, বিশ্বায়ণৰ গভীৰ সূত্র। আশা কৰে মাথো সামূহিক উন্নয়ণ আৰু সামাজিক ন্যায় প্রতিষ্ঠা ।
খোদ অসমত বিভিন্ন সময়ত বহুজনে অসমীয়া কোন/খাটি অসমীয়া, উজনি-নামনি আদি ক্ষুদ্র চিন্তা সম্ভূত প্রক্ষেপনেৰে অসমৰ জাতীয় জীৱন ঠেক ইছ্যু ভিত্তিক চর্চাৰে কলুষিত কৰি আহিছে। এনেবোৰ ক্ষুদ্র চিন্তা আৰু আহঁ ফলা ৰাজনীতিৰ কৱলত পৰি সোলোক ঢোলোক সম্প্রতি বৰ অসমৰ এনাজৰী। থলুৱা কোন কোন কৰি থাকোতেই ভূপতিত খিলঞ্জীয়া ঐক্য? জনগোষ্ঠীয় ভাষা-সাংস্কৃতিক বিনিময়ৰ ক্ষেত্রত সচেতন সকলৰ পথ নির্দেশ অথলে যোৱাৰ উপক্রম হ’ল। সকলো স্তৰৰ অসমীয়াই যদি স্ব নৃ গোষ্ঠীয় পৰিচয়ৰ মাজতে সীমাবদ্ধ হৈ পৰে তেন্তে কোন হ’ব অসমৰ অসমীয়া……কাক লৈ বাচি থাকিব অসম? স্বাভাৱিকতেই ভাই ভাই সংঘাতত নামি ধর্ম, ভাষা, জাত-কুল, উজনি-নামনি, জনগোষ্ঠীয়-অজনগোষ্ঠীয় কৰি থাকোতেই অসম হৈ পৰিব [পৰিছে?] অবৈধ বিদেশীৰ চৰণীয়া পথাৰ। মূলতঃ অতি আবেগজনিত সংবেদনা, উগ্র জ্যাতাভিমান, ইতিহাসৰ অপবাখ্যা আৰু বৌদ্ধিক চাতুৰি জনিত ভুল পথ নির্দেশ, ৰাজনৈতিক অৰিয়াঅৰিৰ কেবাতৰপীয়া ভৰ সহিব নোৱাৰি বর্তমান অস্তিত্ব সংকটত অসমৰ সামাজিক-ৰাজনৈতিক ঐক্য।
অসমৰ ৰাজনীতিত শেহতীয়াকৈ ক’ত কি হৈছে পূর্বানুমান অসম্ভৱপ্রায়। কেবা টুকুৰা হ’ল বৰ অসম। সকলোকে মাথো লাগে ক্ষমতা। এক শ্রেণীৰ “এলিট”ৰ সৃষ্টি আৰু পর্যায়ক্রমে কৃত দুর্নিতীত নিমজ্জিত বাতাৱৰণে কুঁটি কুঁটি ফোপোলা কৰিলে অসমৰ অতীত গৰিমা। অসমত এতিয়া প্রতাপী কংগ্রেছ[আই] দলৰ শাসন। যি সময়ত উত্তৰ প্রদেশকে ধৰি বহু ৰাজ্যত ভূলুন্ঠিত কংগ্রেছ,তেনে সময়তে অসমত কংগ্রেছ সম্প্রতি অপ্রতিদ্বন্দী। বিৰোধীৰ সবল স্থিতি বিহীন অসমত হকে বিহকে শাসক পক্ষক দায় দি থকা ভিন্ন দলৰ নেতা,পালি নেতাই স্বকীয় স্থিতি প্রতিপন্ন কৰি শক্তিশালী বিৰোধীৰ ভূমিকা লব নোৱাৰাটোও এক অর্থত সামগ্রিক বিকাশৰ অন্তৰায় স্বৰূপ। শক্তিশালী বিৰোধী বিহীন অসমত কেৱল শাসকপক্ষক সমালোচনাতে দায়িত্ব সমাপ্ত বুলি ভবাটো নিশ্চয় অনুচিত। বিপৰীতে ভাল খিনিৰ স্বীকৃতি আৰু সংশোধনৰ প্রয়োজনীয়খিনি ইতিবাচক ভাৱে আঙুলিয়াই দিব পাৰিব লাগিব। অন্তত: নুন্যতম আর্দশগত স্বচ্ছতা ৰক্ষা কৰাটো নৈতিক দায়িত্ব বুলি নভবা লোক একোজন দক্ষ শাসক হোৱাটো জানো সম্ভৱ! অসমত এতিয়া চলিছে বিভিন্ন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ।সৌ সিদিনা কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা শ্রী অখিল গগৈয়ে ঘোষনা কৰিছে যে গণ সুৰক্ষাৰ লক্ষ্যৰে অসমৰ সম্পদৰ সুৰক্ষা আৰু সর্বসাধাৰণৰ সুষম উন্নয়ন আৰু উপযোগীতাৰ চিন্তাৰে গঠিত কৰা হ’ব ২০১৫-২০১৬ চনত এক নতুন ৰাজনৈতিক দল। কথা হ’ল শক্তিশালী বিৰোধীৰ অভাৱ থকা অসমৰ ৰাজনীতিত পৰিৱর্তন আৰু বিকাশৰ বাবেই অন্ততঃ কিছু নতুন মুখ, নতুন চিন্তাৰ প্রয়োজন হৈছে।কেৱল নৱপ্রজন্ম বুলি চিঞৰি থাকিলেও নহ’ব। জনা উচিত নতুন-পুৰণিৰ সু সংহতিয়েহে আনিব পাৰে দলীয় ঐক্য।তৃণমূল পর্যায়ত থাকিব লাগিব আস্থা।
বৌদ্ধিক ষড়যন্ত্র, ৰাজনৈতিক অভিসন্ধি, চুকত বহি বুকুত কামোৰা সকলৰ নিত্য নতুন সমীকৰণে ঘনে সলনি কৰে ৰাষ্ট্র যন্ত্রৰ চৰিত্র। পৰীক্ষাগাৰৰ গিণিপিগত পৰিণত সাধাৰণ মানুহ। মুদ্রাস্ফীতি, মূল্যবৃদ্ধিৰ কলাজ্বৰে মহামাৰীৰ ৰূপ ধৰে। হাঁহাকাৰত ছটফটাই শিক্ষিত নিবনুৱা। চমৎকাৰী ঘোষণাৰে চমক দিয়ে প্রতি নতুন চৰকাৰে। কোনোৱে বৰাক-ব্রহ্মপুত্রৰ বিভেদ বিচাৰে,আন কোনোৱে আকৌ উজনি-নামনিৰ ৰাজনীতি কৰে। অস্বাস্থ্যকৰ পৰিৱেশ।
জটিল অংক চম্ভালিব নোৱাৰি থৰকাছুটি হেৰায় মূঢ়মতি গঞাৰ। ছবি চাই ভোট দি অনুতাপ কৰে। নেতাই ভোট ভিক্ষা কৰে কম্বল বিলাই, অযুত অসমীয়াই ফটা কম্বলৰ ফাঁকেৰে জুমি চাই দেখে সীমান্তৰ সীপাৰৰ পৰা দিনে দিনে বগুৱা বাই আহি ক্রমাৎ অসমৰ বুকুতে বহি পৰা লক্ষ লক্ষ অচিন মুখ। হতাশা আৰু ক্লান্তিত ভাগি পৰা অসমীয়াই আন্দোলন ৰূপী চিঞৰ বাখৰৰ নামত আপোন ভোলা হৈ থকা সময়তে এপদ এপদকৈ সুলকি পৰে শৰীৰৰ প্রতি তৰপ বস্ত্র-অলংকাৰ। উলংগপ্রায় অসমীয়াই মাথো চিঞৰে আমাক পৰিৱর্তন লাগে! কিন্তু পৰিৱর্তন জানো এনেকৈ আহে?
আঞ্চলিকতাবাদৰ শক্তিশালী ভিত্তি থকা অসমত আজি বিধ্বস্তপ্রায় আঞ্চলিক দল। শক্তিশালী বিৰোধীৰ ভূমিকা পালনত সমূলি ব্যর্থ অগপ। যোৱা প্রায় দুটা দশক ধৰি অসম গণ পৰিষদ দলটিৰ নির্বাচন পূর্বৰ আস্ফালণবোৰ ফুটুকাৰ ফেনত পৰিণত হৈছে। জন্ম লগ্নৰ মূল উদ্দেশ্য বিদেশী বহিষ্কাৰৰ কথা সম্প্রতি কি পর্যায়ত সেয়া বোধহয় দোহাৰা নিষ্প্রয়োজন। অসম গণ পৰিষদ দলটিৰ বিভাজনো হ’ল। সমসাময়িক ভাৱে বৃন্দাবন গোস্বামী ডাঙৰীয়া সভাপতি হ’ল। চন্দ্রমোহন পাটোৱাৰী ডাঙৰীয়াইও সভাপতিৰ আসনখনত বহি চালে। নাই নচলিল। পুনৰ লগ খালে সকলো সতীর্থ, কিমান সদ ইচ্ছা সেইবোৰ পাক লগা কথাকৈ বির্তকলৈ নোযোৱাই ভাল। কিন্তু উদ্দেশ্য নির্ব্বাচন জয়..বাৰুকৈয়ে ফ্লপ। খোদ বৃন্দাবন গোস্বামী ডাঙৰীয়াই স্বীকাৰ কৰিছে নেতৃত্বৰ শিথিলতা। অগপৰ সভাপতি হ’ল আকৌ এবাৰ প্রফুল্ল কুমাৰ মহন্ত। গুৰুত্বপূর্ণ আৰু চিন্তনীয় হ’ল প্রকৃতার্থত কাজে-কর্মই কোন হ’ব অগপৰ হৃত গৌৰৱ উদ্ধাৰ কর্তা? মহন্ত ডাঙৰীয়াই পাৰিবনে? এ. ইউ. ডি. এফ, বিজেপিকে ধৰি কেবাটাও দল,ভিন্ন মত অসমত বিদ্যমান। কিন্ত বানপানী, গৰাখহনীয়া, নিবনুৱা সমস্যা, বিদেশী প্রবজন-অনুপ্রৱেশৰ সমস্যা, সীমা সমস্যা, মুদ্রাস্ফীতি, দৰিদ্রতা, ভূমি বেদখল, আদি সমস্যাক জটিল সামাজিক-ৰাজনৈতিক, অর্থনৈতিক সমস্যা ৰূপে গণ্য কৰি ভিন্ন দল-মতৰ উর্দ্ধত ইয়াৰ সমাধানৰ অর্থে এখন পৈণত আৰু সু সংহত মঞ্চ গঢ়ি নুঠিল অসমত। বর্তমানৰ জটিল প্রেক্ষাপটত এনে সজাগতাৰ আশা যে বৰ সহজসাধ্য নহয় কথাষাৰ আমাৰ অল্পবুদ্ধিৰেও বোধগম্য। তৎসত্বেও অনুৰোধ,নুন্যতম সামাজিক মূল্যবোধ ৰক্ষা কৰি ৰাজনীতি কৰা উচিত। গণতন্ত্রৰ নামত প্রহসনক প্রশ্রয় দিয়া সকলে মূহুর্ততে ভৰিৰ তলৰ মাটি পর্যন্ত হেৰুৱাৰো বহু উদাহৰণ আছে।
কেৱল শাসনৰ গাদীত বহাৰ বাবে নহয়, প্রকৃত অর্থত গণতন্ত্রৰ প্রমূল্য সংৰক্ষণৰ বাবেও বিৰোধীৰ সবল স্থিতি প্রয়োজনীয়। এনে অর্থত অসমৰ ৰাজনীতিত অখিল গগৈৰ প্রৱেশৰ ঘোষণা একো আশ্চর্য নহয় বোধকৰো। বৰঞ্চ কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ৰূপে যথেষ্ট তীক্ষ্ন আৰু মেধাৰ পৰিচয় দিয়া অখিল গগৈৰ দৰে যুৱ প্রজন্মৰ নেতা এজন অসমৰ ৰাইজৰ স্বার্থত নিস্বার্থ ভাৱে ওলাই আহক। ৰাজনৈতিক দল গঠন কৰক, আদর্শগত স্বচ্ছতা সহ অসমৰ ৰাইজৰ মতামত লৈ আগবাঢ়ক। কিন্তু কেৱল তীক্ষ্ন বাক্য প্রক্ষেপনেৰে নহয় কথা কর্মৰ সামঞ্জস্যৰেহে পৰিকল্পিত ভাৱেহে অসমৰ জনসাধাৰণে বিচৰা বিকল্পত পৰিণত হোৱাৰ সম্ভাৱনা সৃষ্টি কৰিব পৰা যাব। অখিল গগৈয়ে অসমৰ বৃহৎ নদী বান্ধ সমস্যা, বানপানী, ভূমি বেদখল উচ্ছেদকে ধৰি বিভিন্ন সমস্যাত মাত মাতি আহিছে,এইবাৰ ৰাজনৈতিক দল গঠন কৰিব বিচাৰিছে, হয়তো বঞ্চিত জনতাৰ লগত থকাৰ সুবাদতে তেওঁ উষ্ণ আদৰনিও পাব প্রথমার্দ্ধত। কিন্তু তাক ধৰি ৰাখিব পাৰিবনে অখিল গগৈৰ দ্বাৰা গঠিত দলটিয়ে? অসমবাসীয়ে নিশ্চিতভাৱে জানিব বিচাৰিব দলটোৰ আদর্শগত স্থিতি? অৱশ্যেই ই সত্য যে বঞ্চিত জনতাৰ লগত থাকি এটা গণ আন্দোলন সুচাৰু ৰূপে চলোৱাটোও এটা প্রত্যাহবান। কিন্তু মস্তিষ্কৰ প্রায়োগিক পৰীক্ষাগাৰ স্বৰূপ ৰাজনীতিৰ পথছোৱা আকৌ বহুভূজ সম্পন্ন, কিছু বেলেগ। কেৱল নব্য অর্থনীতিৰ বিৰোধীতা কৰিলেই নহ’ব, যথার্থত স্বাৱলম্বীঅসমৰ বাবে প্রয়োজনীয় পদক্ষেপ আৰু পৰিকল্পনা সর্ন্দভত সর্বস্তৰৰ সর্বসাধাৰণে জ্ঞাত হ’ব লাগিব। বিনিময় আৰু বিতৰণৰ চলিত ধাৰাটোক একে কোবে নস্যাৎ কৰি অতি অভীষ্পা দেখুৱাতকৈ উৎপাদন, বিনিয়োগ আৰু বিতৰণ ব্যৱস্থাটো কেনেদৰে অসমৰ মানুহৰ হাতলৈ আনিব পাৰি আৰু অসমৰ ভূমি- সম্পদৰ পৰা প্রাপ্য প্রকৃত আয়ৰ পৰা যাতে কর্মৰত কৃষক, সাধাৰণ মানুহখিনি বঞ্চিত নহয় তেনে কোনো পৰিকল্পনা তৈয়াৰ কৰাটোহে সমিচীন হ’ব। নির্দিষ্ট ইছ্যু ভিত্তিত ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা এতিয়া সর্বত্র দৃশ্যমান,বিপৰীতেঅসমবাসীয়ে বোধহয় বিচাৰে সমান্তৰাল বিকাশ আৰু উন্নয়নৰ পৰিকাঠামো। অসমৰ প্রেক্ষাপটত মার্কিন প্রভুত্বৰ বিৰোধীতাৰ নমুনাস্বৰূপ “ৱাল ষ্ট্রীট” আন্দোলনৰ লেখীয়া বিৰল গণ অভ্যুত্থান সমসাময়িক সময়ছোৱাত বিক্ষিপ্ত চিন্তনহে যদিও মার্কিন প্রভূত্ববাদলৈ এনে সঁকিয়নি নিশ্চয়কৈ তাৎপর্যপূর্ণ। কেৱল পৰিৱর্তনৰ নামত পৰিৱর্তন বিচাৰিলেই পৰিৱর্তন নাহে। পৰিৱর্তনৰ ভেটি গঢ়িব লাগিব। সঁচা অর্থত ৰাজনীতিৰ পৰিক্রমাৰ বাবে যদি সাজু হৈছে তেন্তে নির্বাচনত প্রার্থীত্ব প্রদান কৰো বুলি সাজু হওক,অখিল গগৈ ডাঙৰীয়া। কি ঠিক, অসমৰ ৰাজনীতিৰ প্রতি বীতশ্রদ্ধ মেধাসম্পন্ন নতুন প্রজন্মইও কিজানি অসমৰ ৰাজনীতিত সক্রিয় অংশগ্রহনৰ বাবে আগ্রহাম্বিত হয়! তদ্ অর্থত ই হ’ব নিশ্চয় আশাৰ বতৰা। ব্যক্তিগত ভাৱে সমভাৱাপন্ন-আদর্শগত ভাৱে সুসংহত দলৰ প্রতি আমি আকর্ষিত। প্রশ্ন জাগে অসমৰ ৰাজনীতিত অখিল গগৈৰ পদার্পন অন্য বহু বিদ্বানৰ দৰে তথাকথিত জাতিপ্রেম,জন-গণ প্রেমেই কেৱল নে এজাক পৰিৱর্তন মুখী বতাহৰ পূর্বাভাষ,এয়া সময় বিচার্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!