অসম বন্ধৰ ফলশ্ৰুতিত কিছু যোগাত্মক দিশ আৰু অনাগত দিনৰ বাবে কিছু শুভ লক্ষণ (সুৰজিত নেওগ)

অসম বন্ধৰ ফলশ্ৰুতিত কিছু যোগাত্মক দিশ আৰু
অনাগত দিনৰ বাবে কিছু শুভ লক্ষণ

 

অগপ আৰু ভাতৃ-ভগ্নী-অঙহী-বঙহী সমৰ্থিত হৈ যোৱা ‘অসমবন্ধ’টো আচলতে অগপ আৰু আন আন এনে দল-সংগঠনৰ নিজ নিজ অস্তিত্ব জাহিৰ কৰাৰ উদ্দেশ্যেৰেই দিয়া হৈছিল আৰু এই বন্ধটো সম্পূৰ্ণভাবে এক নেতিবাচক প্ৰতিবাদৰ (!) অজুহাত আছিল। মূল্যবৃদ্ধি, নাৰীৰ নিৰাপত্তা আদি বিষয়বোৰ একো একোটা অজুহাত আৰু ভণ্ড চৰিত্ৰৰ নেতাসকলৰ বাবে একো একোখন মুখাহে আচলতে। এনেধৰণৰ বন্ধবোৰে যোৱা তিনিটা দশকত কোনো ধৰণৰ জনহিতৈষী কাম কৰিব পৰা নাই যদিও শেহতীয়াকৈ অসমৰ অতিস্থ জনসাধাৰণে বছৰেকত হোৱা এনে এশ এবুৰি বন্ধৰ বিপক্ষে মাত মতা পৰিলক্ষিত হৈছে। এইবাৰ বন্ধৰ সময়চোৱাত বন্ধৰ বিপৰীতমুখী তেনে কেইটামান যোগাত্মক দিশ দেখা পালোঁ।

 

(১) অসমৰ বাকী অংশত কি হৈছিল নাজানো যদিও গুৱাহাটীত কিন্তু প্ৰায় সকলোবিলাক বিদ্যালয় খোলা আছিল। পুৱাই উঠি মোৰ ল’ৰাটোৱে পঢ়া বিদ্যালয়খনলৈ (ব্যক্তিগতখণ্ডৰ) ফ’ন কৰি জানিলোঁ যে বন্ধটোৰ পৰা হেনো বিদ্যালয়সমূহক ৰেহাই দিয়া হৈছে। সঠিক সময়ত অহা তাৰ বাচখনত উঠি সি যথা সময়ত বিদ্যালয় পালেগৈ। ৰাতি তাক সুধি গ’ম পালোঁ যে সিহঁতৰ চেকচনটোৰ ২২ টাৰ ভিতৰত কেৱল ২টাহে অনুপস্থিত আছিল। মোৰ সহকৰ্মীসকলৰ পৰা বুজিলোঁ, তেওঁলোকৰ ল’ৰা-ছোৱালী পঢ়া আন আন বিদ্যালয়বোৰো খোলা আছিল।

 

(২) আমাৰ ঘৰৰ ওচৰৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়খনতো ৭০-৮০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পাঠদান হ’ল। এনেদৰে নিশ্চয় আন আন বিদ্যালয়বোৰতো পাঠদান হৈছিল।

 

(৩) মই সদায় অহাৰ দৰে যেতিয়া মোৰ কাৰ্য্যালয়লৈ আহোঁ, এইবাৰ মনত অহেতুক ভয় ভাৱ এটা নাছিল; জানোচা কোনোবাই শিলগুটি দলিয়ায়!! কাৰণ ঘৰৰ পৰা ওলায়েই কাষৰ তিনিআলিৰ চ’কটোত দেখোঁ সকলো দোকান খোলা আৰু ৰিক্সা, অ’ট আদি নিয়মীয়াকৈ চলি আছে। বাটত দেখোঁ বহুসংখ্যক দোকান-পোহাৰ খোলা, চলি আছিল চিটি বাচ আৰু ব্যক্তিগত বাহনবোৰ। গণেশগুৰি, জি এচ ৰোডৰ সদাব্যস্ত চেহেৰাৰ একো পৰিবৰ্তন নাছিল।

 

তেন্তে বন্ধটো আচলতে ক’ত হ’ল? আজিৰ বাতৰি কাকতত পালোঁ অসমত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক..!! কিন্তু মোৰ চাক্ষুক অভিজ্ঞতাই কয় বন্ধ কেৱল টিভি চেনেল আৰু বাতৰি কাকতকেইখনতহে আছিল নেকি? অন্ততঃ গুৱাহাটীত। অপ্ৰিয় সত্যটো হ’ল উজনিৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত আৰু শোণিতপুৰ, ওদালগুৰি, কোকোৰাঝাৰ আদি ঠাইত হেনো ‘বন্ধ’ ৰাইজৰ বৰ “প্ৰিয়”। গতিকেই এনেবোৰ ঠাইত যিকোনো বন্ধৰ প্ৰভাৱ সদায় সৰ্বাত্মক হয় …!! এটা চতুৰ্থ শনিবাৰ, দেওবাৰ আৰু সোমবাৰে ‘বন্ধ’ থাকিলে কি হয় সেয়া অনুমেয়… অতি নগণ্য সংখ্যক ব্যতিক্ৰম আছে ইয়াৰ মাজতে আৰু এনে কেইজনমান মুষ্টিমেয় বন্ধ ‘বেয়াপোৱা’ মানুহে নিশ্চয় আগভাগ ল’ব পাৰে। কথাটো ভাবি চাবৰ হ’ল….।

 

আজিৰ (২৯ তাৰিখৰ) ট্ৰিবিউনখনত বন্ধৰ প্ৰভাৱ সম্পৰ্কীয় বাতৰিটোত অসমৰ ভিন্ন প্ৰান্তৰ পৰা সাংবাদিকসকলে নিজা বাতৰি পৰিবেশন কৰিছে। ৯০% বাতৰিয়ে একেখিনি কথাই কৈছে …”বন্ধৰ সময়চোৱাত এটা-দুটা সাধাৰণ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লেও বন্ধ শান্তিপূৰ্ণ আছিল। দিনটোত প্ৰায়ভাগ চৰকাৰি কাৰ্য্যালয়, বিত্তীয় প্ৰতিস্থান, চৰকাৰী বিদ্যালয়ত উপস্থিতি শূন্যৰ পৰা অতি পাতলীয়া আছিল। কিন্তু এই সময়চোৱাত বেছিভাগ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু প্ৰতিস্থান আদিত নিয়মীয়া উপস্থিতি দেখা গৈছিল।…” .. এইযে একেখন ঠাইতে থকা মানুহখিনিৰ দুটা ভাগ, কিয়? চৰকাৰী আৰু ব্যক্তিগত খণ্ড বুলি? বন্ধ ‘সমৰ্থকে’ কেৱল চৰকাৰী মানুহখিনিকহে কামলৈ বা বিদ্যালয়লৈ যাবলৈ বাধা দিছিল নেকি? ব্যক্তিগতখণ্ডক ৰেহাই দিছিল…!! অৱশ্যে এইখিনিতে এটা কথা নক’লে মোক পক্ষপাতিত্বৰ দোষে চুব… কিছু ব্যতিক্ৰমি চৰকাৰী চাকৰিয়াল, বিষয়া ঠিকেই কিন্তু নিজ নিজ কৰ্তব্যত উপস্থিত আছিল… হ’লেও এপাচি শাকত এটা জালুক… “প্ৰায়ভাগ চৰকাৰী কাৰ্য্যালয়, বিত্তিয় প্ৰতিস্থান, চৰকাৰী বিদ্যালয়ত উপস্থিতি শূন্যৰ পৰা অতি পাতলীয়া আছিল।” এই কথাখিনিয়ে আওপকীয়াকৈ পিছে বহু কথাই কৈ যায় আমাৰ মানসিকতাৰ বিষয়ে….

 

বন্ধৰ “বিৰোধ” কৰা গুৱাহাটীক আপোনালোকে আদৰ্শ হিচাপে ল’ব পাৰে দেখোন… “বন্ধ আমি ভাল নাপাওঁ” বা “আমি বন্ধ সমৰ্থন নকৰো” বা “বন্ধৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক” বুলি ঘৰতে সোমাই থাকি চিঞৰ বাখৰ কৰি বা ফেচবুকত আপডেট দি বা কাকত আলোচনী বা টিভি কেমেৰাৰ সন্মুখত কথা কৈ কিবা লাভ হ’ব বুলি এতিয়াও যদি কোনোবাই ভাবি আছে তেন্তে তেনেলোকে নিশ্চয় মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। ঘৰত ভিতৰত সোমাই থাকি বন্ধৰ বিৰোধ কৰা অৰ্থহীন… নিজৰ নিজৰ কামলৈ যাওক বন্ধত, নিজ ব্যৱসায় বাণিজ্য প্ৰতিস্থান খোলক, ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াওক। যদি ৰাজহুৱা পৰিবহন ব্যৱস্থা নাথাকে, তেন্তে চাইকেল লৈ হ’লেও বা খোজ কাঢ়ি যাওক। [২০০৫ চনৰ এক আলফা আহ্বায়িত বন্ধত মই আৰু মোৰ বহু সহকৰ্মী নিজে ৪ কি মি খোজ কাঢ়ি কাৰ্যালয়লৈ আহিছিলোঁ।] ঘৰৰ ভিতৰত টিভি চাই চাই প্ৰতিবাদ কৰিলে বন্ধ অপসংস্কৃতিৰ অন্ত নপৰে।

 

অপ্ৰিয় সত্য, যদি মই বন্ধৰ সময়চোৱাত এনে ‘বন্ধ’ বিৰোধী কাম হাতে-কামে কৰিব নোৱাৰোঁ, তেন্তে বন্ধৰ বিৰুদ্ধে মাত মতাৰ নৈতিক আধিকাৰ মোৰ নাই।

 

কেৱল অগপৰ বন্ধই কিয়, আন আন দল সংগঠন যেনে আছু, জাতীয়তাবাদী, কৃষক মুক্তি বাহিনী, আহোম, কোচ-ৰাজবংশী, মৰাণ-মটক, বড়ো, অ-বড়ো, মিচিং, ৰাভা, অনা-ৰাভাৰ বিভিন্ন দল সংগঠনে, আলফা-দালফা-চালফা, এন ডি এফ বি আদিয়ে দিয়া বন্ধবোৰৰ প্ৰত্যক্ষ বিৰোধিতা কৰক…. চাওকছোন, মাত্ৰ এবছৰমানৰ ভিতৰতে এনে দল সংগঠনবোৰে প্ৰ্তিবাদৰ বাবে “বন্ধ” ৰ বিকল্প বিচাৰিছে….

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!