অৰ্ধ-জীৱন (-উদ্দীপ তালুকদাৰ)

অৰ্ধ-জীৱন

 

উদ্দীপ তালুকদাৰ

 

ড. গৰ্ডন ফ্ৰীমেন ‘ব্লেক মেছা গৱেষণা প্ৰতিষ্ঠান’ৰ এজন কৰ্মচাৰী। পেচাত এগৰাকী তাত্বিক পদাৰ্থবিদ। বৰ্হি-বিশ্বৰ প্ৰাণীৰ ওপৰত গৱেষণা চলোৱা এই প্ৰতিষ্ঠানৰ ভূ্গৰ্ভস্থ অংশত এক অতি সংবেদনশীল পৰীক্ষা কৰিবলৈ যাওঁতে সংঘটিত এক দুৰ্ঘটনাত প্ৰতিষ্ঠানটো প্ৰায় ধ্বংসপ্ৰাপ্ত হয়, আৰু পৃথিৱী আৰু অন্য মাত্ৰাৰ ‘জেন’ৰ মাজৰ এক মাত্ৰা খোল খাই যায়। সেই মাত্ৰাৰে জেনৰপৰা সোমাই আহিবলৈ ধৰে, বিভিন্ন বহি-বিশ্বৰ জীৱ। মেছা প্ৰতিষ্ঠানৰ মুষ্টিমেয় জীৱিত কিছুসংখ্যক সহকৰ্মীৰ সহযোগত ফ্ৰীমেন সেই মাত্ৰাৰে জেনলৈ যায়গৈ, আৰু অকলেই অস্ত্ৰ তুলি লয়, জেনৰ অধিকৰ্তা নিহিলেন্থ-ক, যি সেই মাত্ৰা খোলা ৰখাৰ বাবে বদ্ধ পৰিকৰ। চমুকৈ এয়াই মূল কাহিনী এটা ভিডিঅ’ গেমৰ- নাম- ‘অৰ্ধ-জীৱন’ (Half Life)। ত্ৰিবিমীয়া প্ৰথম পুৰুষৰ গুলীয়া-গুলী শিতানৰ এটা বহুল প্ৰশংসিত খেল আছিল হাফ-লাইফ। মুক্তি দিয়া হৈছিল ১৯৯৮ চনত। নিৰ্মাতা আছিল ভাল্ভ কৰ্প’ৰেশ্যন আৰু গিয়েৰবক্স ছফ্টৱেৰ।

বহুল প্ৰশংসিত এই গেমটোৰ দ্বিতীয় কিষ্টি মুকলি কৰাৰ ঘোষণা কৰা হৈছিল ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত। ৫ বছৰৰ শ্ৰম আৰু ৪০ নিযুত ডলাৰ ব্যয়ৰে নিৰ্মিত হাফ-লাইফৰ দ্বিতীয় কিষ্টিৰ মুক্তিৰ কথা ঘোষণা কৰা হয় ২০০৩ চনৰ মে মাহত অনুষ্ঠিত ভিডিঅ’ গেমৰ বাৰ্ষিক সন্মিলনী E3-ত। লগে লগে ভিডিঅ’-গেম প্ৰিয় ৰাইজৰ মাজত গেমবিধৰ বিষয়ে চৰ্চা উঠিছিল তুংগত। কিন্তু নিৰ্ধাৰিত সময়ত হাফ-লাইফ-২ মু্ক্তি দিয়া নহ’ল। প্ৰেমীৰ মাজৰ চৰ্চা পৰিণত হ’ল উৎকণ্ঠাত। কিনো হৈ আছে ভাল্ভ কৰ্প’ৰেশ্যন-ত, তাৰ বু-বা চলিছিল ইণ্টাৰনেটৰ বিভিন্ন ফ’ৰামত। তেনেতে ২০০৩ চনত অক্টোবৰ মাহৰ ২ তাৰিখে ভাল্ভ কৰ্প’ৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া গেবি নিৱেলে আৱিস্কাৰ কৰিলে মুক্তিৰ অপেক্ষাত থকা হাফ-লাইফ-২ ইণ্টাৰনেটত ইতিমধ্যে মুক্তি পাইছে। চকিত নেৱেলে লগে লগেই ঘোষণা কৰিলে, তেখেতসকলৰ মুখ্য ছাৰ্ভাৰৰপৰা চুৰি হৈছে হাফ-লাইফ-২-ৰ ছৰ্ছ ফাইল, লগতে গেমবিধৰ আৰ্টৱৰ্ক-কে ধৰি আন বহুতো বৌদ্ধিক সম্পত্তি। খবৰ ৰখা মহলত উত্তেজনা তুংগত উঠিল। হাফ-লাইফ-২- চুৰিৰ ফল স্বৰূপে কোম্পানীৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰায় ২৫০ নিযুত ডলাৰ।

স্নৌ ইম শ্বৱাৰ্জৱাল্ড (Schönau im Schwarzwald)

স্নৌ ইম শ্বৱাৰ্জৱাল্ড জাৰ্মানীৰ এখন সৰু চহৰ। এলেক্স জেম্বী–এটা সৰু পৰিয়ালৰ অকলশৰীয়া এক কমবয়সী যুৱক। ৰুক্ষ শৈশৱৰে ডাঙৰ-দীঘল হোৱা জেম্বীৰ বাবে ভিডিঅ’ গেম আৰু কম্পিউটাৰেই একমাত্ৰ সংগী। বিভিন্ন ভিডিঅ’ গেম-ৰ তস্কৃত চিডি কী-জেনেৰেটৰ (key generator)-ৰ সহায়ত ব্যৱহাৰ কৰি ভিডিঅ’ গেম খেলি সময় পৰা কৰাৰ লগতে হেকিং কৰি সময় পাৰ কৰে। ৱাৰক্ৰাফ্ট-৩ গেমৰ এটা কী-জেনেৰেটৰ ব্যৱহাৰ কৰিবলৈ গৈ জেম্বীয়ে আৱিষ্কাৰ কৰে তেওঁ ব্যৱহাৰ কৰা জেনেৰেটৰবিধ নিজেই এটা ‘মেলৱেৰ’। আন বহুজনৰ দৰে জেম্বীয়ে সেইবিধ ছফ্টৱেৰ আঁতৰাই বিপদ দূৰ কৰাৰ সলনি, সেইটোৰ ‘ৰিভাৰ্ছ ইঞ্জিনীয়াৰিং’ কৰি সিনো কেনেকৈ কাম কৰে, তাকেই চাবলৈ মনস্থ কৰিলে। জেম্বীয়ে আৱিষ্কাৰ কৰিলে, সেই ‘মেলৱেৰ’টোৱে এটা বিশেষ আই-আৰ.চি. ছাৰ্ভাৰলৈ সকলো তথ্য প্ৰেৰণ কৰে। জেম্বীয়ে সেই ছাৰ্ভাৰৰ গৰাকীৰ লগত সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ল। আৰু প্ৰশ্ন সুধি সুধি কী-জেনেৰেটৰ এনেকৈ নিৰ্মাণ কৰে তাৰ দীক্ষা ল’বলৈ আৰম্ভ কৰিলে।

অৱশেষত জেম্বীয়ে নিজেই ভিডিঅ’ গেমৰ কী-জেনেৰেটৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ল। খুব সোনকালেই জেম্বীৰ কী-জেনেৰেটৰবিধ অতি দক্ষ হৈ উঠিল, জেম্বীয়ে বিশেষকৈ ৱিন্দোজ-ৰ বিভিন্ন সুৰক্ষা-ফাঁক-ক লৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল।

তেনেতে হাফ-লাইফ-২-ৰ মুক্তিৰ দিন ঘোষণা কৰা হ’ল। প্ৰথম হাফ-লাইফৰ অতি ভক্ত জেম্বীও নতুন খেলবিধনো কেনেকুৱা হ’ব সেইটো জানিবলৈ উৎকণ্ঠিত হৈ ৰ’ল। আৰু এদিন তেওঁ মনস্থ কৰিলে সিংগৰ মুখতে হাত ভৰাই চাবলৈ। ভাল্ভ কৰ্পৰেশ্যনৰ নিজৰ ছাৰ্ভাৰৰ বাহিৰে আন ক’তনো হাফ-লাইফ-২-ৰ বিষয়ে ভালকৈ জানিবলৈ পাব? এবাৰ সেই তথ্য উলিয়াই ইণ্টাৰনেটত মেলি দিব পাৰিলে এজন হেকাৰ হিচাপে তেওঁৰ প্ৰতিপত্তি বিয়পি পৰিব বুলি তেওঁ ভালদৰেই জানিছিল।

সেয়ে জেম্বীয়ে ভাল্ভ কৰ্পৰেশ্যনৰ ছাৰ্ভাৰ-ক লৈ খেলিবলৈ আৰম্ভ কৰিলে। সফল হোৱাৰ আশা তেওঁ মুঠেই কৰা নাছিল। ভাল্ভ নেটৱৰ্কৰ ছাৰ্ভাৰ সমূহত সুৰক্ষাৰ দিশটোত ভালদৰেই চকু দিয়া আছিল, এটা সৰু অমনোযোগিতাৰ বাহিৰে। ভাল্ভ নেটৱৰ্কৰ ‘নেম ছাৰ্ভাৰ’ত নামবিহীন AXFR (Asynchronous Full Zone Transfer) -য়েও কাম কৰিছিল। সেইটোৰ যোগেদিয়েই তেওঁ ভিতৰুৱা কিছুমান তথ্য জানিবলৈ পালে। অৱশ্যে সেইখিনিৰে মূল ছাৰ্ভাৰত হাত দিব পৰা নগৈছিল।

কিন্তু AXFR-ৰ দ্বাৰা ছাৰ্ভাৰত সঞ্চিত পোৰ্ট-লগ চাই জেম্বীয়ে দেখিলে টেন্‌জিছ নামে আন এক কোম্পানীৰ ছাৰ্ভাৰ ভাল্ভ নেটৱৰ্কৰ লগতে সংলগ্ন আছিল। এই ছাৰ্ভাৰৰ ৱেব-ৰুটত পাছৱৰ্ড অবিহনেও সোমাব পৰা হৈ আছিল। সুৰক্ষিত দূৰ্গলৈ সোমাব পৰা এটা অৰক্ষিত সুৰংগ জেম্বীয়ে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল। এইবাৰ জেম্বীয়ে এই সুৰংগৰ নিজৰ অস্ত্ৰ সঞ্চালন আৰম্ভ কৰিলে। নিজৰ কিছুমান ASP স্ক্ৰিপ্ট তাত সুমুৱালে। ভাল্ভ নেটৱৰ্কৰ এটা একাউণ্ট build-ৰ বাবে কোনো পাছৱৰ্ড দিয়া হোৱা নাছিল। সেইটোকে সাৰথি কৰি জেম্বীয়ে তাৰপৰা অন্যান্য একাউণ্টৰ পাছৱৰ্ড ভাঙিবলৈ চেষ্টা কৰিলে। এটা অনলাইন সজুলিৰে সেই কামতো তেওঁ সফল হ’ল।

ইমানলৈ আইনৰ চকুত একো দোষণীয় কাম জেম্বীয়ে কৰা নাছিল। সেয়ে জেম্বীয়ে বিশেষ সাৱধানতাও লোৱা নাছিল। তেওঁৰ বাবে একমাত্ৰ সমস্যা আছিল কোনোবাই ভাল্ভৰ ছাৰ্ভাৰত অনাকাংখিত আগন্তুকজনক প্ৰত্যক্ষ কৰিব বুলিহে। কেনেবাকৈ তেখেতৰ উপস্থিতি ধৰা পৰিলে, লগে লগেই সুৰক্ষা ব্যৱস্থা টনকিয়াল কৰি তেওঁৰ পথ চিৰৰুদ্ধ কৰি দিয়াৰ সম্ভাৱনা আছিল।

জেম্বীয়ে মনস্থিৰ কৰিলে ভাল্ভৰ চাৰ্ভাৰৰ পৰা হাফ-লাইফ-২ সম্পৰ্কীয় খবৰ, বিশেষকৈ চৰিত্ৰৰ ছবি, খেলিব পৰা সৰু অংশ আদি উলিয়াই আনিবলৈ। সমগ্ৰ গেমটোকে পাব বুলি তেওঁ আশা কৰা নাছিল। কোনেও যাতে তেখেতক চিনি উলিয়াব নোৱাৰে, তাৰ বাবে জেম্বীয়ে প্ৰক্সি ছাৰ্ভাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে তেওঁ গেমবিধৰ ডিজাইন সম্বন্ধীয় তথ্য-ছবি আদি পাবলৈ সক্ষম হ’ল। তেওঁ তাকেই বিচাৰি আহিছিল। আচৰিত ধৰণে ইমান দিনৰ পাছতো কোনেও তেখেতৰ কাম-কাজ ধৰা পেলাবলৈ সক্ষম হোৱা নাছিল। তেনেতে এটা ছাৰ্ভাৰত তেওঁ গেমবিধৰ সম্পূৰ্ণ ছ’ৰ্ছ ক’ড পাবলৈ সক্ষম হ’ল। সেয়া আছিল গাখীৰতে ম’হৰ খুঁটি লাভৰ দৰে।

লগে লগেই জেম্বীয়ে সেই ছ’ৰ্ছ ক’ড ডাউনল’ড কৰিলে। নিজে ছ’ৰ্ছ-ক’ডখিনি সংযোজন কৰি গেমবিধ নিৰ্মাণ কৰিবলৈ চেষ্টাও কৰিলে। কিন্তু তেওঁ সফল নহ’ল। গেমৰ উন্নত ভিজুৱেল আদি আঁতৰাই তেওঁ আকৌ চেষ্টা কৰিলে, সফল হৈছিল যদিও সেয়া তেওঁৰ মনঃপূত নহ’ল।

জেম্বীয়ে নিজৰ সাফল্য জহাবলৈ হেকিং গোটত নিজৰ সফলতাৰ বিৱৰণ দিলে। আন এগৰাকী অনলাইন বন্ধুক আনকি তেওঁ ছ’ৰ্ছখিনিও দিলে। জেম্বীৰ মতে তেওঁ নিজে কেতিয়াও ছ’ৰ্ছ ক’ডখিনি ইণ্টাৰনেটত বিতৰণ কৰা নাছিল। নিজৰ প্ৰিয় গেমটোৰ নিৰ্মাতাৰ লোকচান কৰাৰ উদ্দেশ্য তেওঁৰ নাছিল। কিন্তু তেওঁৰ অনলাইন বন্ধুসকলে বিশ্বাসঘাটকতা কৰি তেখেতে ডাউনল’ড কৰা ছ’ৰ্ছ-ক’ড নেটত আপলোড কৰে।

চোৰ-পুলিচৰ খেল

ভাল্ভ ছফ্টৱেৰৰ বাবে এই চুৰি কাৰ্য বিশেষ লোকচানদায়ক হোৱাৰ সম্ভাৱনা আছিল। অৱশ্যে ছ’ৰ্ছ-ক’ডখিনিৰপৰা সম্পূৰ্ণ গেমটো পুনৰ-নিৰ্মাণ কৰা সম্ভৱ নাছিল। আৰু সেয়া আছিল বিটা পৰ্যায়ৰ। সেয়ে তেওঁলোকে ব্যৱসায়িক দিশত বিশেষ চিন্তা কৰিবলগীয়া নাছিল। কিন্তু সমস্যাটো আছিল সন্মান আৰু কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীৰ উদ্যমৰ। কোম্পানীৰ কৰ্মচাৰীসকলে ভয় খাইছিল যে এই চুৰিৰ দ্বাৰা তেওঁলোকৰ লোকচান হোৱাটো ধূৰূপ, আনকি কোম্পানীৰ লাল-বাতি জ্বলিব বুলিও তেওঁলোক চিন্তান্বিত হৈছিল। ভাল্ভ কৰ্পৰেশ্যনৰ বাবে সেই চুৰি-কাৰ্যক ধৰা পেলোৱাটো সেয়ে আছিল সন্মানৰ প্ৰশ্ন।

হাফ-লাইফ-২ ২০০৩ চনৰ নৱেম্বৰ মাহত মু্ক্তি দিয়া হয়। মুক্তিৰ লগে লগেই হাফ-লাইফ-২য়ে সাফল্যৰ নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়। বাণিজ্যিক আৰু সমালোক দুয়োটা দিশতে হাফ-লাইফ-২ অনবদ্য গেম বুলি উচ্চ প্ৰশংসিত হয়। চুৰি-কাৰ্যই আনিব পৰা লোকচানৰ সম্ভাৱনা ভুল বুলি প্ৰমাণিত হয়। লাহে লাহে চুৰিৰ কথা তল পৰিবলৈ আৰম্ভ কৰে।

কিন্তু ভাল্ভ কৰ্পৰেশ্যনৰ মূৰব্বী গেবি নিৱেল-ৰ মনত চোৰ ধৰা পেলোৱাৰ ইচ্ছা নাশ হোৱা নাছিল। তেখেতে হাফ-লাইফ-ৰ অনুগামীসকলৰ মাজতো চুৰি কাৰ্যত জড়িতজনৰ কিবা তথ্য পালে জনাবলৈ আগ্ৰহ প্ৰকাশ কৰি ৰাখিছিল। সমস্যা হৈছিল কৰ্প’ৰেশ্যনৰ অভ্যন্তৰতো। কেতিয়াবা তেখেতৰ ভাৱ হৈছিল কোম্পানীৰে কোনোবা কৰ্মচাৰী চুৰি কাৰ্যত জড়িত বুলি। চুৰিৰ দায়িত্ব এফ.বিআই.ৰ হাতত দিয়া আছিল। কিন্তু নিৱেলৰ কোনো পদ্ধতিয়েই কামত অহা নাছিল। ইণ্টাৰনেটত খলকনি তোলা চোৰটো যেন বতাহত মিহলি হৈ গৈছিল।

তেনেতে এদিন নিৱেলে এখন আচৰিত ই-মেইল পালে। ২০০৪ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিউৱা ৬ঃ১৮ বজাত প্ৰেৰিত মেইলখনৰ লিখকে দাবী কৰিছিল যে চুৰি কাৰ্যটো তেৱেই সংঘটিত কৰিছিল। নিৱেলে পট্‌কৈ বিশ্বাস কৰা নাছিল। কাৰণ এই কামৰ দায়িত্ব লৈ নিজকে বিখ্যাত কৰাৰ মানসিকতাৰ লোকৰ যে অভাৱ নাই সেয়া অভিজ্ঞ প্ৰগ্ৰামাৰ নিৱেলে ভালদৰেই জানিছিল।

কিন্তু মেইলৰ লগত গাঁঠি দিয়া দুখনমান অতি গোপনীয় তথ্য চাই তেওঁ পতিয়ন যাবলৈ বাধ্য হৈছিল যে এই্ মেইলৰ গৰাকীয়েই আছিল প্ৰকৃত চোৰ। যিজনক বিচাৰি নিৱেলে পাঁচমাহ অতিক্ৰম কৰিছিল, সেইজনে নিজেই আহি নিৱেলৰ হাতত ধৰা দিছে।

তাতোকৈ আচৰিত কথা আছিল মেইল লিখোঁতাই গোটেই কাৰবাৰটোৰ বাবে ক্ষমা ভিক্ষাহে কৰিছিল। তেওঁ আনকি লিখিছিল যে কোম্পানীক শলঠকত পেলোৱাৰ কোনো উদ্দেশ্য তেখেতৰ নাছিল। ক্ষণিকৰ উত্তেজনাৰ বশৱৰ্তী হৈ নিজৰ প্ৰিয় গেমৰ নিৰ্মাতাক কষ্ট দিয়াৰ বাবে পোৱা মনোকষ্টৰ কথাও লিখকে স্বীকাৰ কৰিছিল। লগতে বিচাৰিছিল ভাল্ভ কৰ্প’ৰেশ্যনত এটা চাকৰী।

নিৱেলে উত্তৰত লিখিছিল, ভাল্ভ কৰ্প’ৰেশ্যনে তেখেতক চাকৰি দিয়াৰ বাবে ইচ্ছুক। কিন্তু আগতে এটা টেলিফোন সাক্ষাৎকাৰ হ’ব লাগিব। জেম্বীও মান্তি হৈছিল। অৱশ্যে জেম্বীয়ে ভাল্ভৰ এই মনোযোগিতা এটা ফান্দ হ’ব পাৰে বুলি সন্দেহ নকৰাকৈ নাছিল। কিন্তু তেওঁ মান্তি হৈছিল, কাৰণ যদি তেওঁৰ সন্দেহ ভুল প্ৰমাণিত হয়, তেন্তে গেম কোম্পানী এটাত কাম কৰাৰ তেখেতৰ সপোন পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল পূৰ্ণ।

টেলিফোনিক সাক্ষাৎকাৰত জেম্বীক সোধা হৈছিল কিদৰে তেওঁ ছাৰ্ভাৰ হেক কৰিবলৈ সক্ষম হ’ল? জেম্বীয়ে সম্পূৰ্ণ খুঁটি-নাটি সহকাৰে বিৱৰি কৈছিল। প্ৰায় ৪০ মিনিট জোৰা এই ইণ্টাৰভিউত ভাল্ভ ছফ্টৱেৰৰ কৰ্মকৰ্তাৰ লগত কথা পাতিবলৈ পাই ভক্তিত গদ্‌গদ্‌ হৈ জেম্বীয়ে সকলো খুলি কৈ গৈছিল। সকলো কুশলে হৈ যোৱাৰ পাছত জেম্বীক ভাল্‌ভে আমেৰিকালৈ গৈ তেওঁলোকৰ কাৰ্যালয়ত ইণ্টাৰভিউ দিয়াৰ কথা কৈছিল। জেম্বীয়ে বিচাৰিছিল দেউতাক আৰু ভায়েকো তেখেতৰ লগত আমেৰিকালৈ যাওক। ভাল্‌ভ কৰ্পৰেশ্যন মান্তি হৈছিল।

সমগ্ৰ কাণ্ড-কাৰখানা সম্পন্ন হৈছিল এফ.বি.আই.ৰ প্ৰত্যক্ষ সহযোগত। জেম্বী, দেউতাক আৰু ভায়েকৰ বাবে তেওঁলোকেই ভিছা যোগাৰ কৰিছিল। উদ্দেশ্য আছিল জেম্বীক আমেৰিকাৰ ভূমিত গ্ৰেপ্তাৰ কৰা হ’ব, যাতে আন্তৰ্জাতিক নিৰাপত্তা তেওঁ দাবী কৰিব নোৱাৰে। কিন্তু জেম্বীয়ে তেতিয়াও ভাল্‌ভ কৰ্পৰেশ্যনৰ ছাৰ্ভাৰ নিয়ন্ত্ৰণ কৰিব পৰা অৱস্থাত আছিল। সেয়ে, জেম্বীয়ে যাতে আৰু বেছি ক্ষতি কৰিব নোৱাৰে, সেয়ে জেম্বীক অতি সোনকালে নিজৰ কম্পিউটাৰৰ পৰা আঁতৰ কৰাটো প্ৰয়োজনীয় আছিল। অনিচ্ছা স্বত্তেও সেয়ে এফ.বি.আয়ে জাৰ্মান পুলিচৰ সহায় ল’বলৈ বাধ্য হ’ল।

ফান্দত পৰিল চিকাৰ
২০০৪ চনৰ ৭ মে তাৰিখে ৰাতিপুৱা ৬ বজাত এলেক্স জেম্বীক কেইটামান কৰ্কশ মাতে জগাই দিলে। চাৰি-পাঁচজন জাৰ্মান পুলিচে জেম্বীক বিচনাতে ঘেৰাও কৰি ৰাখিছিল। তন্দ্ৰা ভগাৰ আগেয়েই জেম্বীয়ে বুজিছিল কি ঘটিছে। শান্তভাৱেই তেওঁ উঠি আহিছিল। খোৱা-কোঠাৰে ওলাই যোৱাৰ আগেয়ে জেম্বীয়ে সুধিছিল ‘কিবা এটা পেটত সুমুৱাই যাব পাৰিম নে?’
‘নিশ্চয়!’ পুলিচে অনুমতি দিছিল।

ব্ৰেড কটা কটাৰীখনলৈ হাত মেলোঁতেই পুলিচৰ পিষ্টল কেইটা ওপৰলৈ উঠি আহিছিল। জেম্বীয়ে একাপ কফি আৰু চিগাৰেট এটা শৰাধ কৰি পুলিচৰ লগত থানালৈ আহিছিল। থানাত পুলিচৰ ওপৰৱালাই কৈছিল, ‘তোৰ কপাল ভাল! প্লেনত উঠাৰ আগতেই আমাৰ হাতত পৰিলি!’

প্ৰায় তিনি ঘণ্টা জোৰা জেৰাৰ সময়খিনিৰ প্ৰথম ভাগত জেম্বীক ঘাইকৈ সেই সময়ত হৈ থকা আন এটা হেকিঙৰ ঘটনা ‘ছেছাৰ ৱৰ্ম’ৰ বিষয়েহে সোধ-পোচ কৰা হৈছিল। জাৰ্মান পুলিচে সেইটো ঘটনাৰ লগতো জেম্বী জড়িত বুলি সন্দেহ কৰিছিল। কিন্তু জেম্বীৰ উত্তৰত তেওঁলোক নিশ্চিত হৈছিল যে ছেছাৰ ৱৰ্মৰ লগত জেম্বী জড়িত নহয়। তাৰ পাছতহে তেওঁলোক হাফ-লাইফৰ ঘটনালৈ আহিছিল। জেম্বীয়ে আগৰদৰেই সকলো বিৱৰি কৈছিল। জেম্বীয়ে লক্ষ্য কৰিছিল সকলোখিনি শুনাৰ পাছত পুলিচ বিষয়াজনৰ মনতো তেওঁ কিছু দয়া আদায় কৰিবলৈ সক্ষম হৈছিল। জেম্বীয়ে তেতিয়ালৈ বিশ্বাস কৰিছিল যে তেওঁ একো ভুল কৰা নাই। সেয়ে, সকলোখিনি খুলি ক’বলৈ তেওঁ অলপো ভয় খোৱা নাছিল।

দুসপ্তাহৰ বাবে জেম্বীক হাজোতত ৰখা হৈছিল। সপ্তাহত তিনিবাৰকৈ বিচাৰ শেষ নোহোৱালৈ পুলিচ থানাত হাজিৰী দিবলৈ নিৰ্দেশ দি জেম্বীক এৰি দিয়া হৈছিল।

বিচাৰ
প্ৰায় সাত ঘণ্টাৰ বাবে জেম্বীৰ বিচাৰ চলিছিল। জেম্বীয়ে নিজৰ কৰ্মৰ বাবে অনুতপ্ত হোৱাৰ লগতে কাম-কাজত সলনি হ’বলৈ চেষ্টা কৰাৰ দেখি জেম্বীৰ ওপৰত জুৰীয়ে নমনীয় শাস্তিৰ বিধান ৰাখিছিল। দুবছৰৰ বাবে তেখেতক কাৰাবাস বিহা হৈছিল।

বৰ্তমান জেম্বী এটা ছফ্টৱেৰ প্ৰতিষ্ঠানত সুৰক্ষা ব্যৱস্থাপনা বিভাগত কৰ্মৰত। এটা দহক আগৰ কাৰ্যৰ বাবে জেম্বী আজিও লজ্জ্বিত আৰু অনুতপ্ত। গেবি নিৱেল-ৰ প্ৰতি তেখেতৰ ক’বলগীয়াঃ
‘আপুনি মোৰ আটাইতকৈ প্ৰিয় প্ৰ’গ্ৰামাৰ, আৰু আপোনাৰ দ্বাৰা নিৰ্মিত যিকোনো গেমেই মই কিনিমেই কিনিম!’

লেখকৰ ক’বলগীয়াঃ
ঘটনাটো সম্পূৰ্ণ সঁচা। নাম-ধামো সম্পূৰ্ণ সঁচা। নিম্নোক্ত লিংকৰপৰা মূল কাহিনী-সাৰ আহৰণ কৰা হৈছে। অন্যান্য ৱেবছাইটৰপৰাও কিছুমান তথ্য আহৰণ কৰা হৈছে। কম্পিউটাৰ প্ৰ’গ্ৰামিঙৰ কেইটামান কথা বুজি নাপালে অলপ অসুবিধা হ’ব পাৰে বাবে চমুকৈ উল্লেখ কৰি দিছোঁ:

কী-জেনেৰেটৰঃ বেছিভাগ ভিডিঅ’ গেম চলাবৰ বাবে অৰিজিনেল বুলি স্বীকৃত যিটো ক’ড লাগে, সেইটো উলিয়াবলৈ কিছুমান ছফ্টৱেৰ পোৱা যায়। তেনে ছফ্টৱেৰকে কী-জেনেৰটৰ বোলে।

আই.আৰ.চি.: (IRC) Internet Relay Chat: ছেটিঙৰ বাবে ব্যৱহৃত প্ৰ’ট’ক’ল।

নেম ছাৰ্ভাৰঃ (Name Server) ইণ্টাৰনেটত সংলগ্ন সকলো কম্পিউটাৰ (ছাৰ্ভাৰকো ধৰি) একোটা সংখ্যাৰে চিহ্নিত হয়। কিন্তু আমাৰ চিনাকী নাম যেনে facebook.com, এই নামবোৰে মূলতঃ টেলিফ’ন ডাইৰেক্টৰী এখনৰ দৰে একোটা নম্বৰলৈ নিৰ্দেশ কৰে। যিটো ছাৰ্ভাৰে এনে নামবোৰক সেই নিৰ্দিষ্ট সংখ্যালৈ পৰিৱৰ্তত কৰে তেনে ছাৰ্ভাৰক নেম- ছাৰ্ভাৰ বোলা হয়। এনেয়ে ছাৰ্ভাৰ মানেও এটা ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ, যিটোলৈ আন কম্পিউটাৰে সংযোগ স্থাপন কৰে।

ছ’ৰ্ছ ক’ডঃ যিকোনো ছফ্টৱেৰ এটাত মূলতঃ প্ৰগ্ৰামিং ক’ড আৰু অন্যান্য সমল যেনে ছবি, ভিডিঅ’, সংগীত আদিৰ সমন্বয়ত নিৰ্মিত হয়। প্ৰ’গ্ৰামিং ক’ডখিনিক ছ’ৰ্ছ ক’ড বুলিও কোৱা হয়।

ছেছাৰ ৱৰ্মঃ Sasser Worm: এবিধ কম্পিউটাৰ ৱৰ্ম (মেলৱেৰ), এই ৱৰ্মৰ আটাইটকৈ ডাঙৰ সংক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৩০ এপ্ৰিল ২০০৪ চনত। ৭ মে ২০০৪ তাৰিখে (এলেক্স জেম্বীক গ্ৰেপ্তাৰ কৰা দিনটোতেই) জাৰ্মানীৰ ৰ’টেনবাৰ্গৰ স্বেন জেছ্‌কেন-ক (বয়স ১৮) এই ৱৰ্ম বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!