অ.ক.ব. ৰ অসমীয়া বাতৰি 3012 (অংশুমান বৰা)

নমস্কাৰ….
আজিৰ সন্ধিয়াৰ প্ৰধান বাতৰি সমুহ হ’ল
• গুৱাহাটী মহানগৰীৰ ৰাজপথত এজন ব্যক্তিৰ পাঁচ মিনিট সময় মুক্ত বিচৰণ ,
• সমগ্ৰ অসমত কালিৰ দিনটোত প্ৰায় পঞ্চাশ টি অসমীয়া শিশুৰ জন্মৰ ফলত অসমত এতিয়া প্ৰ্তি এশ জন বাংলাদেশীৰ বিপৰীতে ষোল্লজন অসমীয়া,
• ৰত্নপুৰত এজন ডাক্তৰৰ ভেশত এজন চোৰ আৰু
• “অসমীয়াত কথা বতৰা”লৈ ফেচবুকৰ “শ্ৰেষ্ঠ গোট”ৰ সন্মান ।

এতিয়া বিতং বাতৰি
• কালি পুৱা প্ৰায় সাত বজাত গুৱাহাটী মহানগৰীত এজন ব্যক্তিয়ে পাঁচ মিনিট সময় মুক্ত বিচৰণ কৰা ঘটনাই মানুহৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গণেশগুৰি অঞ্চলত প্ৰায় ত্ৰিশটা বাঘ থকা সত্বেও কেৰকন কেওত নামৰ লোকজনে প্ৰায় পাঁচ মিনিট সময় মুক্তভাৱে বিচৰণ কৰা কথাটোৱে অসমবাসীৰ চকু কপালত তুলিছে । উল্লেখযোগ্য যে যোৱা পোন্ধৰ বছৰ ধৰি গুৱাহাটী মহানগৰীত কোনো লোকে গাড়ী অবিহনে মুক্তভাৱে বিচৰণ কৰাৰ মৰসাহ কৰিব পৰা নাছিল । কেওতৰ ওচৰ চুবুৰীয়াই জনোৱা মতে তেখেতে যোৱা দহ বছৰ ধৰি নিজৰ বাসগৃহৰ ভিতৰতে খোজ কাঢ়ি ভাগৰি পৰিছিল আৰু অৱশেষত অতিষ্ঠ হৈ বাহিৰলৈ ওলাই আহিছিল । অৱশ্যে পাঁচ মিনিট সময় বিচৰণ কৰাৰ পাছ্ত তেওঁক চাৰিটা বাঘে ভক্ষণ কৰে বুলি জানিব পৰা গৈছে ।
• এটা বিশেষজ্ঞৰ দলে আমাক জনোৱা মতে কালি সমগ্ৰ অসমত প্ৰায় পঞ্চাশ টি অসমীয়া শিশুৰ জন্মৰ ফলত অসমত প্ৰতি এশ জন বাংলাদেশীৰ বিপৰীতে অসমীয়াৰ সংখ্যা পোন্ধৰ জনৰ পৰা ষোল্ল জনলৈ বৃদ্ধি পাইছে । কালি বাইহাটা চাৰিআলিৰ শ্ৰী প্ৰণৱ ফুকনৰ ঘৰত এটি কন্যা সন্তানৰ জন্মৰ লগে লগে অসমীয়া সকলৰ মাজত এই সুখবৰটো বিয়পি পৰে । কিন্তু এই তথ্য সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণ কৰি ফুকনৰ একে চুবুৰীতে বাস কৰা ম: মতলিব আলিয়ে আমাৰ সংবাদদাতাক জনাই যে তেওঁৰ পৰিবাৰে কালি নিশা দুটি য্মজ সন্তান জন্ম দিয়ে । তেখেতে আমাৰ সংবাদদাতাক আৰু জনাই যে সমগ্ৰ অসমত বিয়পি থকা তেওঁৰ ত্ৰিশটা পৰিয়ালত কালি প্ৰায় বিশ টি শিশুৰ জন্ম হৈছে । গতিকে এই তথ্যলৈ চাই বাংলাদেশীৰ তুলনাত অসমীয়াৰ সংখ্যা কমিবহে লাগে ।
• কালি দিন দুপৰতে ৰত্নপুৰ নিৱাসী কালিৰাম মেধিৰ ঘৰত এটা চোৰে পইচা চুৰ কৰি ধৰা পৰে । শ্ৰী মেধিয়ে জনোৱা মতে, মানুহজনে তেওঁৰ আগত এজন ডাক্তৰ বুলি পৰিচয় দিছিল । তেওঁ এই সম্পূৰ্ণ ঘটনাটোৰ বাবে অসম চৰকাৰক জগৰীয়া কৰি কয় যে, অসমত বৰ্তমান সাতাইশ খন মেডিকেল কলেজৰ পৰা প্ৰতি বছৰে প্ৰায় এক লাখৰো অধিক ডাক্তৰ পাছ কৰি ওলায় । তেওঁলোকৰ বেছিভাগৰে কোনো কৰ্মসংস্থাপন নথকাৰ বাবে ঘৰে ঘৰে বেমাৰী বিচাৰি হাবাথুৰি খাব লাগে । ৰত্নপুৰলৈ প্ৰতি দিনে প্ৰায় বিশৰ পৰা পঁচিশ জন ডাক্তৰ আহে । তাৰে কোনজন সচাঁ কোনজন মিছা চিনাক্তকৰণ কৰাত বিশেষ অসুবিধাৰ সন্মুক্ষিন হ’ব লগা হয় । তেওঁ অসম চৰকাৰক ডাক্তৰ সকলৰ কাৰণে বিশেষ “আই.ডি কাৰ্ড”ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।
• “অসমীয়াত কথা বতৰা”লৈ ফেচবুকৰ শ্ৰেষ্ঠ গোটৰ সন্মান আগবঢ়োৱা হৈছে । কালি নতুন দিল্লীত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুস্থানত ভাৰতীয় ফেচবুকৰ শীৰ্ষ বিষয়া এগৰাকীয়ে ‘অ.ক.ব’ ৰ প্ৰশাসকক এই বটা প্ৰদান কৰি কয় যে “‘অ.ক.ব’ৰ দৰে গোট কেবল ভাৰততেই নহয়, গোটেই পৃথিৱীতে বিৰল । ‘অ.ক.ব’ই অসমীয়াৰ বাবে কৰা সেৱা সকলোৰে পথ প্ৰদৰ্শক হৈ ৰ’ব ।” উল্লেখ্য যে ‘অ.ক.ব.’ এতিয়া ফেচবুকত অসমীয়া সকলৰ বাবে ভাৱ আদান-প্ৰদানৰ একমাত্ৰ মাধ্যম । অসমীয়া আৰু অসমীয়া ভাষাৰ বিষয়ে যিকোনো কথা জানিবলৈ ‘অ.ক.ব.’ হৈছে অতি নিৰ্ভৰযোগ্য হাতপুঠি স্বৰূপ । এই গোটৰ প্ৰায় এশজনকৈ সদস্যই প্ৰতি বছৰে ভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়া সাহিত্যক মূল বিষয় হিছাপে লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে । যিটো কেৱ্ল অসমীয়া সকলৰ বাবেই নহয, সকলো ভাৰতীয়ৰ বাবেই এটা গৌৰৱৰ বিষয় ।

আজি সন্ধিয়াৰ “অ.ক.ব.” অসমীয়া বাতৰিৰ ইমানতে অন্ত পৰিল ।
নমস্কাৰ ।

[স্থান, কাল, পাত্ৰ আদি সম্পূৰ্ণ কাল্পনিক]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!