আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (প্ৰাঞ্জল কলিতা)

আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ

প্ৰাঞ্জল কলিতা

‘ইঙে ডু’ (কি লাগে), ‘অ’মলো’ (নাই), ‘কা ছিলো’ (মই নাজানো) এই শব্দকেইটা মোৰ মুখস্থ হৈ গৈছে; হয়, মই আইজলত ভাড়াঘৰ বিচাৰি ফুৰিছোঁ। ২০০৮ চনৰ নৱেম্বৰ মাহত চাকৰিত যোগদান কৰাৰ পৰাই প্ৰায় এমাহ কাল মই হোটেলতে থাকিলোঁ আৰু প্ৰত্যেক দিনাই ৰাতিপুৱা আৰু সন্ধিয়া ভাড়াঘৰ বিচাৰি যাওঁ। কেতিয়াবা অকলে, কেতিয়াবা স্থানীয় সহকৰ্মী এজনক লগত লৈ যাওঁ।  ইয়াত ‘টু-লেট চাৰ্ভিছ’ নাই, ভাড়াঘৰৰ বিজ্ঞাপন পাবলৈও নাই অথবা খালী ভাড়াঘৰৰ সন্মুখত লিখা নাথাকে ‘টু-লেট’ বুলি। প্ৰত্যেক ঘৰে ঘৰে গৈ  সোধোঁ ভাড়াঘৰ আছে নেকি বুলি, কেতিয়াবা ইংৰাজীত কেতিয়াবা হিন্দীত। বুজি পোৱাজনে ভালদৰেই উত্তৰ দিয়ে আৰু বুজি নোপোৱাজনে মিজো ভাষাতে ‘ইঙে ডু’, ‘অ’মলো’, ‘কা ছিলো’ জাতীয় শব্দ কেইটা কৈ বিদায় দিয়ে। কেতিয়াবা খালী ঘৰ থকাৰ অনুমান কৰোঁ যদিও বুজাব নোৱাৰি খালী হাতে উভতি আহোঁ। কেইদিনমান এনেদৰে বিফল হোৱাৰ পিছত মিজো সতীৰ্থ এজনৰ পৰা লিখি ল’লোঁ ‘ইন ৰুৱাক অ’মেম’ (ভাড়াঘৰ আছে নেকি)। কাগজৰ টুকুৰাটো লৈ প্ৰত্যেক বন্ধ দুৱাৰত টোকাৰ মাৰি প্ৰথমতে ইংৰাজী তাৰ পিছত মিজোত আৰম্ভ কৰি দিওঁ। প্ৰায়েই নেতিবাচক উত্তৰ। মুঠতে ঘৰ বিচৰাটো এটা মহাসমস্যা। তাৰ মাজতে দুটামান ঘৰ পালোঁ। কিন্তু পালেও কি হ’ব, কোনোবাটোত যদি পানীৰ ব্যৱস্থা নাই (অৱশ্যে বৰষুণৰ দিন আহিলে পানীৰ সমস্যা সমাধান হব বুলি কয়।) কোনোবাটোত আকৌ বেলিৰ পোহৰ নপৰে। যিয়েই নহওক ভাড়াঘৰ লোৱা আৰু নহ’ল। এটা হোষ্টেলৰ বন্দবস্ত হ’ল। হোষ্টেলৰ ৱাৰ্ডেনৰ লগত কথা পাতিলোঁ। মহিলা ৱাৰ্ডেন গৰাকীয়ে মোক হোষ্টেলত এটা কোঠালী দিবলৈ মান্তি হ’ল।

সন্ধিয়া মই গৈ হোষ্টেল পালোঁ। নাম ‘কোৱালিটি হোষ্টেল’, ঠিকনা- খাটলা, আইজল। ৱাৰ্ডেন গৰাকী মই যাম বুলি ৰৈয়েই আছিল। ৱাৰ্ডেনৰ মাতটো যিমান ধুনীয়া আছিল তাতকৈ ধুনীয়া আছিল । প্ৰায় ২৭-২৮ বছৰীয়া অবিবাহিতা ৱাডেন গৰাকী মিজোৰাম বি. এড., মহাবিদ্যালয়ৰ প্ৰবক্তা ।

ভানলালৰুৱাতি, মোৰ নতুন ঠিকনাৰ অভিভাৱক (যিবোৰ নামৰ শেষত ই বা ই-কাৰ থাকে সেইবোৰ ছোৱালীৰ নাম আৰু যিবোৰ নামৰ শেষত আ বা আ-কাৰ থাকে সেইবোৰ লৰাৰ নাম)। প্ৰায় আধাঘণ্টা মান কথা পতাৰ পিছত মোক নিয়মাৱলী লিখা থকা এখন বেনাৰলৈ আঙুলিয়ালে। প্ৰথম নিয়মটো দেখিয়েই মোৰ চকু কপালত উঠিল। লিখা আছিল ” No Boarders can fall in Love, once it is found will be expelled”। মই ঠিক বুজিব নোৱাৰিলোঁ, নিয়মটো সম্পৰ্কে ৱাডেনকো নুসুধিলোঁ। পিছতহে গম পালো সেইটো হোষ্টেলত যি ৩৫ গৰাকী আবাসী আছে তাৰে প্ৰায় ১৬ গৰাকী ছোৱালী। আবাসী সকলৰ মাজতহে প্ৰেম নিষিদ্ধ, কিন্তু ইংৰাজীত লিখা বাক্যটোৰ পৰা সামগ্ৰিক ভাৱে প্ৰেম নিষিদ্ধ বুলি বুজিছিলোঁ। ল’ৰা-ছোৱালী একেটা হোষ্টেলত থকা এয়া প্ৰথম দেখিছোঁ, আচহুৱা যেন লাগিছিল যদিও মনে মনে বেয়া পোৱা নাছিলোঁ। আবাসীবোৰৰ ভিতৰত ময়েই একমাত্ৰ কৰ্মৰত, বাকী আটাইবোৰ ছাত্ৰ বা ছাত্ৰী, তেওঁলোক পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ মহলাত অধ্যয়নৰত আছিল। প্ৰথম দুদিনমান আখজা আখজা লাগিছিল যদিও সকলোবোৰ আবাসীয়ে মোক আঁকোৱালি ল’লে আৰু এটা নতুন পৰিয়ালৰ সদস্য হৈ পৰিলোঁ। হোষ্টেল কোঠালীবোৰ আচলতে প্লাইউডৰ বেৰেৰে ভাগ ভাগ কৰা একো একোটা সৰু কেবিনৰ দৰে আছিল। এটা ডাঙৰ হলঘৰ, তাতেই প্ৰায় ৭-৮ ফুট মান ওখ প্লাইউডৰ বেৰ, দুৱাৰ বুলিবলৈ মাত্ৰ এখন পৰ্দা। ল’ৰাবোৰৰ কোঠাত ছোৱালীৰ প্ৰৱেশৰ অনুমতি আছিল যদিও ছোৱালীবোৰৰ কোঠাত ল’ৰাৰ প্ৰৱেশ নিষেধ আছিল। সন্ধিয়া ৬ মান বজাত সামূহিক প্ৰাৰ্থনা হয় আৰু তাৰ পিছত (deleted) নিশাৰ ভাত-পানী খাই কোনোবাই পঢ়িবলৈ যায়, কোনোবাই টি.ভি. চায় আৰু কোনোবাই গীটাৰ বজায়। ৰাতি ৯:৩০ মান বজাত চাহ আৰু বিস্কুট দিয়ে। ময়ো অভ্যস্ত হৈ পৰিলোঁ। প্ৰত্যেক শনিবাৰে ৰাতিপুৱা নুবই, আঙাই আৰু জনুনিয়ে মোৰ ৰুম চাফা কৰি দিয়ে আৰু মই সিহঁতক দুটাকৈ চকলেট দিব লাগে। আবেলি কেতিয়াবা কেৰম খেলোঁ। কেতিয়াবা (deleted) দুপৰ নিশালৈ আড্ডা মাৰোঁ আইনৰ ছাত্ৰী আৰিণি, সমাজ বিজ্ঞানৰ ভালা আৰু আতেই আৰু মই। একো বাদ নপৰে আড্ডাত। মিজোৰামৰ সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিশ্ব দৰ্শনলৈ, ইংলিছ প্ৰিমিয়াৰ লীগৰ পৰা আৰম্ভ কৰি জোডিন-স্কোৱেৰৰ ‘কল গাৰ্ল’ ৰ কথালৈ। নাৰীবাদী আৰিণিৰ যুক্তিত আমি প্ৰায়েই হাৰ মানো, মিজোৰামৰ নাৰীৰ স্বাধীনতাৰ ওপৰত আৰিণিৰ যুক্তি অকাট্য। ইংলিছ প্ৰিমিয়াৰ লীগৰ সময়ত আটায়ে একেলগে খেল চাই টি.ভি. ৰুমতে সকলোৱে শুই পৰে, কেতিয়াবা ৱাৰ্ডেনো আমাৰ মাজত শুই পৰে। দেওবাৰ বোৰত বেছিভাগেই গীৰ্জালৈ যায়, আঙাই আৰু নুবই মোৰ ওচৰত হোমৱৰ্ক বোৰ লৈ আহে। মুঠৰ ওপৰত এক নতুন অভিজ্ঞতা। ইয়াৰ আগতে মই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকাৰ অভিজ্ঞতা আছে যদিও এইটো হোষ্টেলৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া।

হোষ্টেলৰ আবাসী সকলৰ মাজত নিজকে বিলাই দিছোঁ আৰু তেওঁলোকো মোৰ আপোন হৈ পৰিছে। তেতিয়ালৈকে আইজলত মই কোনো অসমীয়া মানুহ লগ পোৱা নাছিলোঁ। হোষ্টেলৰ কাষত থকা বাছ-ষ্টপেজত এদিন বাছলৈ ৰৈ থাকোঁতে পিছফালৰ পৰা প্ৰায় ৫০-৫৫ বছৰীয়া (deleted) এজন ভদ্ৰলোকে মাত লগালে ‘হেৰা ডেকা ল’ৰা, তুমি অসমীয়া নেকি?’ তেখেত ‘দিকটন’ ৰ স্ৰষ্টা ‘অসম সাংস্কৃতিক সমাজ, মিজোৰাম’ ৰ সভাপতি ডক্টৰ দীপক কুমাৰ বৰকাকতি। সেয়াই আৰম্ভণি, লাহে লাহে জড়িত হৈ পৰিলোঁ ‘অসম সাংস্কৃতিক সমাজ, মিজোৰাম’ ৰ লগত। তাৰ পিছত এক দীঘলীয়া যাত্ৰা। আজিলৈ সামৰিছোঁ, পিছত লিখিম কেতিয়াবা মিজোৰামত থকা খাৰ-খোৱা অসমীয়া সকলৰ কথা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!