আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (প্ৰাঞ্জল কলিতা)

(৬-৭ বছৰ মান আগতে ইয়াত হেনো চিৰা খুন্দিবলৈ ঢেঁকীও সাজিছিল, এতিয়া ইয়াতে অৱশ্যে ঢেঁকীত চিৰা বা সান্দহ খুন্দা নহয় | যিয়ে যেনেকে পাৰে নাৰিকলৰ লাৰু, তিলৰ লাৰু বনাই আৰু আমি প্ৰায়বোৰ অসমীয়া পৰিয়ালতে গৈ বিহু খাওঁ |)

মিজোৰামত ভোগালী বিহু : লুচাই পাহাৰত থাকি মাঘৰ মেজি জ্বলাবলৈ আখেজা আখেজা লাগে, তথাপিও সমূহ মিজোৰামবাসী অসমীয়াই বাপোতিসাহোন বিহুটিক কেনেকৈনো এৰে ! অইন অইন ৰাজ্যত থকাৰ দৰে মিজোৰামতো কৰ্মসূত্ৰে তথা অধ্যয়নৰত বহু খাৰ খোৱা অসমীয়া আছে, এই আটাইবোৰ অসমীয়াক সু-সংগঠিত কৰি ৰখাৰ উদ্দ্যেশ্যে গঠন কৰা হৈছিল ’অসম সাংস্কৃতিক সমাজ, মিজোৰাম’ | প্ৰতি বছৰেই আমি ’অসম সাংস্কৃতিক সমাজ, মিজোৰাম’ৰ সদস্য-সদস্যাসকলে ৰঙালী বিহু, শংকৰ জয়ন্তী আদিৰ লগতে ভোগালী বিহুটিও উলহ-মালহেৰে উদ্‌যাপন কৰো | বিশেষকৈ ভোগালীৰ উৰুকাৰ খানা অসমত অসমীয়াই পতা উৰুকাৰ খানাতকৈ কোনো গুনে কম নহয় | ইয়াতে মাঘ বিহুৰ বন্ধ নাথাকে যদিও ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সকলোৱে কিছু সময় উলিয়াই প্ৰায়খিনি অসমীয়াই একগোট হৈ ভোগালীৰ আয়োজন কৰে |৬-৭ বছৰ মান আগতে ইয়াত হেনো চিৰা খুন্দিবলৈ ঢেঁকীও সাজিছিল, এতিয়া ইয়াতে অৱশ্যে ঢেঁকীত চিৰা বা সান্দহ খুন্দা নহয় | যিয়ে যেনেকে পাৰে নাৰিকলৰ লাৰু, তিলৰ লাৰু বনাই আৰু আমি প্ৰায়বোৰ অসমীয়া পৰিয়ালতে গৈ বিহু খাওঁ | উৰুকাৰ খানা কেতিয়াবা যদি ৰাজভৱনৰ মুকলি পথাৰত কেতিয়াবা আকৌ ছিদবিৰ কোৱাৰ্টাৰত | মাজুলীৰ সুৰেন সোণোৱালদাই যদি বিহুৰ বজাৰ কৰিছে, নগাওঁৰ বাপধনদাই কলপাত কাটিছে, নলবাৰীৰ আব্দুলে মাছ বাচিছে আৰু বোকাখাতৰ অতুল শইকীয়াদাই বিহুনাম জুৰিছে। গোৱালপাৰাৰ মনজিতে আকৌ বাচন-বৰ্তন ধোৱাত ভাল | বৰকাকতি ছাৰ, কৰ ছাৰে সমাজৰ পৰৱৰ্তী পৰিকল্পনা সন্দৰ্ভত আলোচনাত ব্যস্ত | জ্ঞানশ্ৰী, নিকিতা, প্ৰহৰী, ধনজিতাই আকৌ বিহুনামৰ তালে তালে নাচিছে | মুঠৰ ওপৰত এক বেলেগ আয়োজন | এনেকৈয়ে এইবাৰো সৰু-সুৰাকৈ ভোগালী বিহুটি উদযাপন কৰাৰ প্ৰয়াস কৰিম |

–**–

One thought on “আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (প্ৰাঞ্জল কলিতা)

  • January 15, 2013 at 3:13 pm
    Permalink

    সুন্দৰ প্রাঞ্জল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!