আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছো (প্ৰাঞ্জল কলিতা‌)

’কা মঙাইহ ছে: মিজোৰাম’ (মই তোমাক ভালপাওঁ মিজোৰাম)| গণশিল্পী ভূপেন হাজৰিকাৰ ৰচিত এইটো গীতৰ কলিত শৈশৱতে শুনিছিলো মিজোৰামৰ বৰ্ণনা আৰু আজি এই মিজোৰামতে চাকৰি কৰি মোৰ জীৱনৰ চাৰিটা বসন্ত পাৰ কৰিলো | মিজোৰামৰ ৰাজধানী আইজল, সুউচ্চ নীলা পাহাৰৰ শিখৰত এখন হৃদয় থকা সৰু চহৰ | গুৱাহাটীৰ লগত তুলনা কৰিলে- জালুকবাৰীৰ পৰা আৰাম্ভ কৰি মালিগাওতে শেষ হব | যোৱা চাৰিবছৰৰ অভিজ্ঞতাৰে এতিয়া মই কব পাৰো একবিংশ শতিকাৰ যান্ত্ৰিকতাৰ যুগতো প্ৰকৃতিক সজীৱ কৰি ধৰি ৰখা আইজল এখন ধুনীয়া চহৰ | পাহাৰীয়া জীৱন যাত্ৰা যদিওঁবা কষ্টসাধ্য তথাপিও আইজলে আধুনিক পৃথিৱীৰ পৰা আতৰি থকা নাই |

খ্ৰীষ্টধৰ্মী সৰহভাগ মানুহেই নিজৰ লোকসংস্কৃতিৰ উপৰিও পাশ্চাত্য সংগীত আৰু ধ্যান-ধাৰণাৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় | মিজোসকলোৰ শৃংখলাবদ্ধ সমাজ ব্যৱস্থা মনকৰিবলগীয়া, বহুতেই ইয়াক মিছনাৰী সকলোৰেই অৱদান বুলি কব খোজে | নিজৰ স্বকীয়তা বজাই ৰাখি সময়ৰ লগত আগবঢ়া মিজো সকলোৰ মিজোৰামত কেবাটাও জনগোষ্ঠী( মিজো, লাই, মাৰ, মাৰা, চাকমা, ব্ৰু, গোৰ্খা আদি) বসবাস কৰে যদিওঁ আইজল চহৰৰ বাসিন্দাসকল প্ৰধানত মিজো জনগোষ্ঠীৰ| বিভিন্ন লোকসংস্কৃতিৰে ভৰপূৰ মিজোৰামৰ বাহঁ নৃত্যই (শ্বেৰ’) ২০১০ চনত গ্ৰীণিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে |১৯৮৬ চনত ভাৰত চৰকাৰ আৰু মিজো নেশ্যনেল ফ্ৰন্টৰ মাজত হোৱা মিজো শান্তি চুক্তি অনুসৰি মিজোৰাম ৰাজ্য গঠন হয় | তাহানিৰ অসমৰ লুচাই জিলা আৰু পিছলৈ কেন্দ্ৰীয়-শাষিত অঞ্চল আৰু আজিৰ মিজোৰামৰ বাসিন্দাসকলে অসমীয়া মানুহখিনিক আন্তৰিকতাৰেই আকোৱালি লোৱা অনুভৱ হয় | অৱশ্যে অপ্ৰিয় হলেও সত্য যে বৰাক উপত্যকাৰ মানুহখিনিক এতিয়াও মিজোসকলে ভাল দৃষ্টিৰে নাচায় |

সকলো কামতে পুৰুষ আৰু নাৰীৰ সমান অংশগ্ৰহন, জাতীয়তাবোধ আধুনিক সাজ-সজ্জা ইয়াৰ এক বিশেষত্ব | অৱশ্যে কিছু কিছু ক্ষেত্ৰত তেওলোকৰ আকোৰগোজ মনোভাৱ আৰু কৰ্মস্থলীত তেওলোকৰ উদাসীনতাই মোক আমণি দিয়ে | দুই-এখন ৰেষ্টুৰেন্ট বাদ দিলে প্ৰায়বোৰ দোকান-পোহাৰ সন্ধিয়া প্ৰায় ৬ টা মান বজাতে বন্ধ হয় যায়, দেওঁবাৰটোও সম্পূৰ্ণৰুপে বন্ধ থাকে | যাতায়তৰ অসুবিধাৰ কাৰণে ইয়াত বস্তু -বাহিনীৰ দাম তুলনমূলক ভাৱে বহুত বেছি | গুৱাহাটী-শ্বিলং-আইজল ৰাষ্ট্ৰীয় ঘাইপথেই যাতায়তৰ একমাত্ৰ ভৰষা | বিমান বন্দৰ এটা আছে যদিওঁ বেয়া বতৰৰ বাবে বিমান সেৱা প্ৰায়ে বাতিল হৈ থাকে |

মিজোৰামৰ বৰ্ণনা আধৰুৱা হৈ ৰৱ যদিহে নকওঁ মই মিজো ছোৱালীবোৰৰ কথা | সহজ-সৰল, মুকলি-মূৰীয়া স্বভাৱৰ মিজো ললনা বোৰ সচাই বহুত ধুনীয়া | সুগঢ়ি, ৰঙচুৱা গাল আৰু ওঠত অনবৰত লাগি থকা হাহিঁটোৰে মিজো ললনাবোৰ যেন নীলা পাহাৰৰ শুকুলা মেঘৰ সতে খেলি থকা একো একোজনী মায়াবিনী পৰী |যিয়েই নহওঁক পৰ্য্যটনৰ বহুত সুবিধা থকা মিজোৰামে আগন্তুক দিনবোৰত পৰ্বতাৰোহণ, দু:সাহসিক ক্ৰীড়া অভিযান তথা সীমামূৰীয়া দেশ ম্যানমাৰৰ লগত বানিজ্য ব্যৱস্থা উন্নিত কৰিলে প্ৰচুৰ পৰ্য্যটকক আকৰ্ষণ কৰিব পাৰিব বুলি নিসন্দেহে কব পাৰি | আজিলৈ ইমানেই, আকৌ কেতিয়াবা লিখিম নীলা-পাহাৰৰ কেকুৰীবোৰত থকা ৰহস্যবোৰৰ কথা |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!