আইতা (মিতালী বৰ্মন)

আইতা (মিতালী বৰ্মন)
ঘৰ এটা সজালোঁ,
কংক্ৰিটৰ নহয়,কেঁচা মাটিৰ ৷
তোমাৰ বাঁহনিৰ বগলী বহা
দুজোপামান বাঁহ আৰু
খেৰৰ কেইটামান মুঠিৰে
আইতাৰ ভেটিতে ঘৰটো সজালোঁ ৷
গোৱৰ মাটিৰে লেপা বেৰত
মাজে মাজে সাৰ পাই উঠে
আইতাৰ টুকুৰা-টুকুৰ স্বপ্নৰ
ক’লা মণিৰ চকুযুৰি ৷
খুটাৰ পাবৰ সাঁচতীয়া ধনত
কঁপা কঁপা আঙুলিৰ ফুলবচা নাচোন
চুকে-কোণে ফুলি উঠে
আইতাৰ হাইতাল বৰণীয়া হাঁহি
বতাহত উমলি ফুৰে খুন্দা তামোলৰ গোন্ধ
মাটিমাহৰ আঞ্জাত মিথিগুটিৰ তেলনিয়ে
নাকৰ আগতে আহি অগা-দেৱা কৰে
জোনাকৰ বহল চোতালত আইতাৰ সাধুৱে
নিৰ্ভয়ে ইফাল সিফাল কৰে
আজিও আমাৰ কাণৰ কাষতে
ইচাট-বিচাট কৰে ‘কাণখোৱাৰ গীত’
জুহালত তুঁহগুৰিৰ উম
পুহমহীয়া ঘৰৰ চালেদি
আইতাই চকুপানী টোকে
পছোৱাত ডেউকা কোৱাই ঢপঢপাই
উৰি যায়
বাঁহনিৰ বগলীজনী
কুলিৰ বিননিত কপৌজুপিয়েও
ঘৰৰ খুটাতে বগুৱা বাই যাব খোজে
কেতিয়াবা সময় পালে
মোৰ কেঁচা মাটিৰ ঘৰটোলৈ
এবাৰ আহিবাচোন !
হেৰাই পাবও পাৰা
ফ্ৰেমত বন্ধা এখন আধা-জ্বলা ফটো…!!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!