আকৌ ব্ৰেকিং নিউজ-(প্ৰদ্যুত জ্যোতি শইকীয়া)

( দিগন্তদাৰ ব্ৰেকিং নিউজ গল্পটোৰ আঁত ধৰি এই গল্পটো ৰচনা কৰা হৈছে, কাহিনী আৰু চৰিত্ৰৰ বাস্তৱৰ লগত কোনো সম্বন্ধ নাই, থাকিলেও ই কাকতালীয় )

বেঙেমুতা গৰুৰ দৰে ঠিয় দি থাকিল চলিহা| গালত লাগি থকা মেকা আপৰ ৰঙবোৰৰ দৰে মনত নানাৰঙী সৰিয়হফুল ফুলিবলৈ ধৰিলে| সিফালে ব্ৰেকিং নিউজত মুখখন অষ্পষ্ট কৰি ফুটেজটো প্ৰকাশ কৰিলেই সহ সম্পাদক বৰাই| মুখেৰে একো আঁ কৰিবলৈকে নাপালে| কিন্তু আচল ফুটেজটো লগাই বহি থকা এদিটিংৰ হেমন্ত‍ই মুখখন খুলিবলৈ লোৱাৰ আগতেই চলিহাই ভিডিঅ’টোৰ আগত বহিলগৈ| কপালত হাত মুৰ দি উঠিল | পকেটত থকা মোবাইলতো বাজি উঠিল |

চলিহানীৰ কান্দোনভৰা মাত-
“হেৰি টিভিত দেখুন আমাৰ মাজনী? কি কৰোঁ ম‍ই… বৰুৱানীহঁতৰ আগত কেনেকৈ মুখ উলিয়াম ম‍ই? আমাৰ সন্মান শেষ হ’ল আৰু…”

কাটি দিলে চলিহাই ফ’নটো| বচাব লাগিব মাজনীক| আকৌ বাজি থকা মোবাইলটো চাই ভয়তে কঁপি উঠিল চলিহা| নিউজ চেনেলৰ মালিক তথা যোগাযোগ মন্ত্ৰী অধম গোঁহাইৰ ফ’ন |

“সকলোবোৰ ফুটেজ চাই ল’ৰা কেইটাৰ ফ’ট উলিওৱা, কাকো এৰা নহ’ব, আমাৰ পাৰ্টিৰ ল’ৰা আছে নেকি চাবা… থাকিলে কাটি দিবা” অধম গোঁহাইয়ে ধমকিয়াই উঠিল চলিহাক |

“হয় ছাৰ, হয় ছাৰ” প্ৰভুভক্ত কুকুৰৰ দৰে ভৌ ভৌ কৰিলে পৰশুৰাম চলিহাই |

“মুখখন স্পষ্ট হোৱা এটাও ফ’ট আৰু ভিডিঅ’ নিদিবা, অলৰেডি অলপ পাব্লিছ হৈছেই..নেক্সট ফুটেজ অলপ পাছত মোৰ অৰ্ডাৰ হ’লেহে দিবা ” চলিহাৰ সাংবাদিক ভাবত নিৰ্দেশ | সাংবাদিকতাৰ বুদ্ধিৰে কথাটো শেষ কৰিব লাগিব |

“কিন্তু ছাৰ…সোণৰ অসমে যদি গমপাই যায়” ভিডিঅ এডিটৰ হেমন্তৰ চিন্তান্বিত প্ৰশ্ন |

“নোৱাৰে, তাইক আমাৰ অফিচৰ মানুহ দুই একৰ বাহিৰে কোনেও সিমান নাজানে… খবৰ ওলোৱালৈকে তাইক ম‍ই ঘৰ পোৱাবহি পাৰিম.. .তুমি কিন্তু এইটোৰ অৰিজিনেল ভিডিঅ’ কাকো নেদেখুৱাবা… নিদিবাও… তৰ্ক-বিতৰ্ক শেষ কৰি লওঁ… তোমাৰ ছেলাৰীটো এইবাৰ অলপ বঢ়াব লাগিব হে” ক’ত কেতিয়া চেল’টেপ লগাব লাগে, সেইবোৰত পাকৈত চলিহাই হেড ভিডিঅ’ এডিটৰ হেমন্তৰ মুখখন বন্ধ কৰাৰ বাবে টোপ এটা দলিয়াই দিলে |কথাষাৰ কৈ উঠিয়েই ম’বাইলটো উলিয়াই আৰক্ষী সঞ্চালক প্ৰধান পি. বৰালৈ বুলি ফ’ন লগালে |

“ছাৰ, আপুনি ফ্ৰী আছেনে?”

“আছো, কোৱা চলিহা…. ছোৱালী এজনীক, জি এছ ৰ’ডত দ্ৰিঙ্ক কৰি থকা ছোৱালী এজনীক হাৰাছমেণ্ট কৰা কেছ এটা আহিছে… আপোনৰ চেনেলতে চাই আছো |কি হ’ল কওক?.. আকৌ মোৰ বিৰুদ্ধে কিবা পালে নেকি?” বৰাৰ অলপ ধেমেলীয়া প্ৰশ্ন |

“ছাৰ, ১০ টা বজাৰ তৰ্ক বিতৰ্কলৈ আপোনাক নিমন্ত্ৰন জনাইছোঁ… বিষয় আপুনি পোৱা কেছটোৱেই…. অলপ আগতে জি এছ ৰডত ছোৱালী এজনীৰ ওপৰত হোৱা বৰ্বৰ যৌন উৎপীড়নক বিষয় হিচাপে লৈ আজিৰ তৰ্ক-বিতৰ্ক অনুষ্ঠান ” চলিহাৰ তৰ্ক বিতৰ্ক অ্নুষ্ঠানৰ বিৱৰণ বৰাৰ আগত |

“ছোৱালীজনী আনিছোহে… এতিয়াই… মিডিয়াৰ আগত ক’ব পৰাকৈ একো নাই দেখোন” ঘেঁহাই উঠিল বৰাই| এনেও চলিহাই মিচেছ মেহতাক অশ্লীল মেছেজ দিয়া বাতৰি এটাত বৰাক থকা সৰকা কৰি থৈছে বহুত আগতে| ৱিথ এভিডেঞ্চ | ভাগ্য অলপ টকা সিকা দি মিট মাট কৰিলে বুলিহে | অলপ ভয়ো সোমাল বৰাৰ মনত| এনেও এই সাংবাদিক মখাৰ কোনো ভৰষা নাই |

“একো নাই খালী ছোৱালীজনীৰ সপক্ষে অলপ কিবাকিবি কৈ দিব… চিকিউৰীটি ইচ্যু ওলালে খালী থকা পদবোৰলৈ আঙুলিয়াই দিব..হেঃ হেঃ হেঃ…. আহক আহক…” প্ৰচণ্ড শোক আৰু চিন্তাৰ মাজত চলিহাই এশটকীয়া কৄত্ৰিম হাঁহি এটা মাৰি উঠিল |

“আগৰবাৰৰ দৰে নকৰেতো?” বৰাই আকৌ শুধিলে চলিহাক |

“আগৰবাৰৰ সকলোবোৰ আপোনাৰ হাতত দি দিম… মাত্ৰ থানালৈ অনা ছোৱালীজনীক এৰি দিব… মোৰ সম্বন্ধীয় তাই… সেই বাবেহে” চলিহাৰ মাতত অলপ অনুনয়ৰ ভাৱ |

“গৈ আছো ম‍ই… মেচেজৰ সকলো এভিডেঞ্চ দিবটো?… আপুনি মাত্ৰ মেডিকেলটোৰ ব্যৱস্থা কৰক… জি এম চিত গৈছে কেছটো…” চলিহাক কথাষাৰ কৈয়েই মনটো ফৰকাল হৈ উঠিল বৰাৰ| চেহ অশ্লীল মেচেজ কেলেংকাৰীটোৱে বিপদতেই পেলাইছিল বৰাক| মিচেছ মেহতাক দিয়া অশ্লীল মেচেজকেইটা কেনেকৈনো সৰকাইছিল চলিহাই| বৰ টেঙৰ মানুহ| চলিহাৰ পৰা সকলোবোৰ সৰকোৱাৰ এইটোৱেই সুযোগ |

বৰাৰ ফ’ন কাটিয়েই মেডিকেল ডিপাৰ্টমেণ্টৰ সেই বিশেষ বিষয়াজনলৈ ফ’ন লগালে চলিহাই | তেখেতৰ প্ৰায় ১০০ কোটি টকীয়া প্ৰসূতিৰ “সুষম আহাৰ” যোগানৰ ফাদিল নোহোৱা কেলেংকাৰীটোৰ সমস্ত তথ্য এতিয়াও চলিহাৰ ওচৰত আছে| সেইটোৰ যহতেই চলিহাই যোৱাবাৰ দিল্লীত এটা ফ্লেট নিজৰ নামত লিখাইছিল| তেতিয়াইটো মাজনীক সেই ষ্টেছু অৱ লিবাৰ্টিৰ প্ৰতিকৄতি ওলমি থকা ১৮০০০ টকীয়া দামী ঘড়ীটো দিছিল| হাজৰিকাইও সকলোবোৰ মেনেজ কৰাৰ দায়িত্ব ল’লে| হাজৰিকাৰ ফ’নটো কটাৰ পাছতেই স্বস্তিৰ নিশ্বাস এটা পেলাই চলিহাই ঘড়ীটোলৈ চালে| ৯.৪৫| টি আৰ পি খাব‍ই লাগিব| এৰি দিব নোৱাৰি| সাপো মৰিব লাঠীও নেভাগিব | মিচেছ চলিহানীলৈ ফ’ন লগাই প্ৰয়োজনীয় নিৰ্দেশ (মানে প্ৰায় আদেশেই দিলে) কেইটামান দিলে চলিহাই | ১৫ মিনিট আছে আৰু | কথাবোৰ জুকিয়াই ল’লে চলিহাই | নাৰীজাতীক আজি অলপ ওপৰলৈ নিব লাগিব| শব্দ কেইটামান আওৰাই ল’লে চলিহাই… ৰাজপথত অত্যাচাৰ… যৌন উৎপীড়ন… যৌন অত্যাচাৰ… পশুতুল্য মানৱ… মানৱ মুখা পিন্ধা দানৱ… যুৱ উশৄংখলতা… …নাবালিকা… কিংকতব্যবিমুঢ়… তথাকথিত মুখাপিন্ধা ভদ্ৰলোক… | দুই মিনিট থাকোঁতেই ষ্টুডিঅ’ৰ মজিয়ালৈ সোমাই গ’ল চলিহা |

কেমেৰা ফ’কাচ কৰা হ’ল | ১০ বজাৰ ইঙ্গিত দিয়াৰ লগে লগেই আৰম্ভ হ’ল তৰ্ক-বিতৰ্ক অনুষ্ঠান|

“নমস্কাৰ ৰাইজ, আজি আমাৰ এই তৰ্ক-বিতৰ্ক অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছো অলপ আগতে জি এচ ৰোডত সংঘটিত হোৱা এগৰাকী নাবালিকাৰ ওপৰত কৰা যৌন অত্যাচাৰ বিষয়ে | আমাৰ লগত আছে আৰক্ষী সঞ্চালক প্ৰধান পি. বৰা, নমষ্কাৰ ছাৰ আপোনাক পুনৰবাৰ আপোনাৰ মাজলৈ আদৰণি জনাইছোঁ ” চলিহাৰ পি বৰাক উদ্দেশ্যি স্বাগতম বাক্য |

“নমস্কাৰ” পি বৰাৰ প্ৰত্যুত্তৰ |

“লগতে আমাৰ লগত আছে অসমৰ গৌৰৱ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী অঞ্জলি কুৰ্মী| বাইদেউ স্বাগতম জনাইছো আপোনাক আমাৰ ষ্টুডিঅ’ৰ মাজলৈ|” চলিহাৰ স্বাগতম অঞ্জলি কুৰ্মীক| চলিহালৈ চাই মুৰ দুপিয়ালে কুৰ্মীয়ে |

“আৰু আমাৰ এই আলোচনাত প্ৰথমবাৰৰ বাবে আমি ভাগ ল’বলৈ মাতিছো এগৰাকী মহানগৰ যুৱতীক| স্বাগতম ৰীমা দাস |

“নমষ্কাৰ” ৰীমাৰ উত্তৰ |

“বৰা ডাঙৰীয়াৰ ওচৰলৈকে প্ৰথমে যাওঁ…. কি হৈছে এইবিলাক….ৰাতি দহটা বজাত মদ্য পান কৰি যুৱতীৰ তাণ্ডৱ… তাৰ পাছত আজি আকৌ এগৰাকী ১৫ বচৰীয়া ছোৱালীৰ মদ্যপান… তাৰ পাছত আকৌ অত্যাচাৰ… মানে এজনী নাবালিকা ছোৱালীক মাজ ৰাস্তাতে পশুতুল্য কেইটামান মানৱৰৄপী দানৱৰ আক্ৰমন| কি কয় আপুনি… এয়া যুৱ উশৄংখলতা নে মহানগৰ আৰক্ষীৰ ব্যৰ্থতা ? ”

“চাওক পোনচাটেই আৰক্ষীৰ ব্যৰ্থতা বুলি নক’ব… আপোনালোকেটো জানেই… লোকসভাৰ চৰকাৰী পক্ষৰ দলনেত্ৰী্ৰ উজনি অসম ভ্ৰমণ চলি আছে.. তাক লৈও আমি ব্যস্ত আছোঁ… আৰু পৰ্যাপ্ত পদ পূৰণ কৰা হোৱাই নাই… আমাক আৰু আৰক্ষীৰ প্ৰয়োজন…. যুৱ উশৄংখলতাক আঙুলিয়াব পাৰি একপ্ৰকাৰ… দেখা গৈছে প্ৰায়েই যুৱ চামেই এনেকুৱা ধৰণৰ কাণ্ড কাৰাখানাত লিপ্ত হয়..কিন্তু আৰক্ষী প্ৰশাসনক পোনচাটেই আঙুলিয়াব নোৱাৰি” পি বৰাই গহীন স্বৰেৰে কৈ উঠিল |

“কুৰ্মী বাইদেউ আপুনি যুৱ উশৄংখলতা সন্দৰ্ভত কি কয়?” চলিহাৰ প্ৰশ্ন |

“চাওক অলপ আগত যিটো ঘটনা হৈছে সেয়া নিতান্ত‍ই মৰ্মান্তিক… কিন্তু আমি ছোৱালীজনীক দুষিবলৈ যোৱাৰ আগতে ছোৱালীজনীয়ে মদ্যপান কৰিছিলেনে নাই সেইটো প্ৰমাণ কৰিব লাগিব … কিন্তু মদ্যপানৰ বিষয়টো এৰাই এনেকুৱা ৰাজপথৰ ওপৰত কৰা যৌন উৎপীড়নক আমি পাশৱিকতা নাম দিম… দোষীয়ে শাস্তি পাব‍ই লাগিব… আৰক্ষীয়ে হাত সাৱটি বহি থাকিলে নহ’ব ” কুৰ্মীৰ ক্ষোভ ভৰা উত্তৰ |

“কুৰ্মী বাইদেউৱে আমাক এটা খুব ভাল কথা কৈছে… এটা খুব জৰুৰী কথা… ছোৱালীজনীয়ে মদ্যপান কৰিছিলেনে নাই… তাৰ বিষয়ে আমাক বিতং ভাৱে ক’ৱলৈ আমাৰ লগত জি এম চিৰ পৰা লাইনত আছে আমাৰ চিনিয়ৰ ৰিপৰ্টাৰ বিলাশ বহুল বৰদলৈ.. বৰদলৈ.. বৰদলৈ…. আমাক আপুনি জনাওক কি হৈছে ইতিমধ্যে জি এম চিত.. বৰদলৈ…” বৰদলৈৰ উত্তৰৰ বাবে ক্ষনিক অপেক্ষা ভিতৰি সৰগ ভাগি পৰা চলিহা |

“হয়, হয়….চলিহা…অলপ আগতে জি এম চিত স্বাস্থ্য পৰীক্ষাৰ বাবে ভৰ্তি কৰা ছোৱালীজনীক উলিয়াই অনা হৈছে… প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে… আঘাত বিশেষ গুৰুতৰ নহয় বুলি চিকিৎসকে সংবাদ মাধ্যমক জানিবলৈ দিছে… আটাইতকৈ ডাঙৰ কথা ছোৱালীজনীয়ে একো নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে…. ইতিমধ্যে এখন কলা ৰঙৰ বিদেশী গাড়ীত অভিভাৱকৰ স’তে জি এম চি এৰিছে ছোৱালীজনীয়ে… চলিহা…” বিলাশ বহুলে চলিহালৈ এৰিলে …|

“সেয়া আছিল আমাৰ সংবাদাতা বিলাশ বহুল বৰদলৈ ..এতিয়া ঘটনাই অলপ নাটকীয় মুৰ লৈছে… ছোৱালীজনীয়ে মদ্যপান কৰা নাই…. সম্পূৰ্ণ সুস্থ অৱস্থাত থকা এজনী ছোৱালীক… কেইটামান দানৱে টনা আজোঁৰা কৰিছে… এয়া টিভিৰ স্ক্ৰীনত সেই দৄশ্য……………..
এইখিনিতে আমি বৰা ডাঙৰীয়াক জনাও যে আমি যৎপৰোনাস্তি চেষ্টা কৰিছো গোটেই কেইজন কালান্তকৰ মুখৰ একোখন ভাল ছবি উলিয়াবলৈ… ইতিমধ্যে এজনক চিনাক্ত কৰিছে ৰাইজে….বাকী থকা তিনিজনৰ ভিতৰত দুজনৰ ফ’ট ইতিমধ্যে আমি উলিয়াইছো….এজনৰ অলপ অসুবিধা হৈছে..আশা কৰিছো সোনকালেই আমি ফ’ট’খন উলিয়াব পাৰিম… এয়া চাওক তেখেতৰ এটা ফালৰ মুখৰ সৈতে ডিঙিৰ সোনৰ চেইনডাল….চিনি পালেই আমাৰ স্ক্ৰীনত দি থকা নাম্বাৰত যোগাযোগ কৰিব” চলিহাৰ উশাহ নোলোৱা বাক্য |

টিভিৰ স্ক্ৰীণত এটা ফালৰ ফ’টখন দেখি অলপ সচকিত হ’ল আৰক্ষীপ্ৰধান পি বৰা| যেন পুৰণি কোনোবা অপৰাধীহে দেখিলে| ক’ৰবাত দেখাৰ দৰে লাগিল চলিহাৰ চেইনডাল|

“বাৰু ৰীমা দাস আপুনি কওকচোন, মহানগৰবাসী যুৱতী হিচাপে আপুনি ঘটনাটো কেনেকৈ লৈছে?” বয়ফ্ৰেণ্ডৰ ৰূমৰ পৰা ডাইৰেক্ট ষ্টুডিঅ’লৈ অহা ৰীমা দাসক উদ্দেশ্যি চলিহাৰ প্ৰশ্ন |

“চাওক, ছোৱালীজনীয়ে মদ্যপান কৰা নাই… সুস্থ অৱস্থাত আছিল… দুটামান পাষণ্ড‍ই সিহঁতৰ পাশৱিক আনন্দ প্ৰকাশ কৰিছে এগৰাকী অসহায় নাবালিকাক লৈ…. ক’বলৈ একোৱেই নাই… ফাঁচীকাঠত উলমাব লাগে সিহঁতক…” গুজৰি উঠিল ৰীমাই |

“এয়া এগৰাকী নাবালিকাক লৈ কৰা অত্যাচাৰ প্ৰতিবাদ কৰিছে এগৰাকী মহানগৰ যুৱতীয়ে…. এগৰাকী সাধাৰণ জনতা হিচাপে…আপুনি কি বিচাৰে?… আপুনি কি বিচাৰে…. আমালৈ এচ এম এচত লিখি পঠাওক… পি টি স্পেচ দি লিখক আপোনাৰ মনৰ ভাৱ আৰু পঠাই দিয়ক সাত দুই সাত দুই পাঁচলৈ….. সমগ্ৰ অসমতেই এই ঘটনাই তোলপাৰ লগাইছে… ৰাষ্ট্ৰীয় পৰ্যায়টো ই প্ৰচাৰ পোৱাৰ সম্ভাৱনা.. আমাৰ তৰ্ক-বিতৰ্ক চলি থাকিব…. আহক আমি এতিয়া লওঁ এটা চমু বাণিজ্যিক বিৰতি” চলিহাৰ দুই মিনিটৰ ব্ৰেকৰ আহ্বান |

“ছাৰ ছাৰ….সোণৰ অসমে সম্পূৰ্ণ ফুটেজটো আমাৰ দৰে দেখাব পৰা নাই ছাৰ….কিন্তু শেষৰ অপৰাধীজনৰ ফ’ট দিছে…” চলিহাৰ সহকৰ্মী নিলেশে অলপ চিঞৰিয়েই উঠিল | চলিহাই ষ্টুডিঅত থকা সন্মুখৰ টিভিত ফ’টখন চালে | কিন্তু ফ’টখন দেখিয়েই আৰক্ষী প্ৰধান পি বৰা বহাৰ পৰা উঠি গ’ল | দুখোজ গৈয়েই বহি পৰিল চলিহা |পুতেকৰ কলংকিত ফট’খন আৰু চাব নোৱাৰিলে বৰাই| নিজৰ গাতে দুখ দিলে বৰাই | সোনৰ অসম চেনেলত ইতিমধ্যে আকৌ ব্ৰেকিং নিউজ হৈ প্ৰকাশ পাইছে এটা খবৰ| এইবাৰ চলিহাৰ মুখৰ ৰং সলনি হ’ল আকৌ| সোনৰ অসমৰ ব্ৰেকিং নিউজ—

“অশ্লীল মেচেজৰে শিৰোনামালৈ অহা আৰক্ষী সঞ্চালক প্ৰধানৰ নাবালক পুত্ৰই ৰাজপথত যৌন উৎপীড়ন চলাইছে অসমৰ এটা প্ৰখ্যাত নিউজ চেনেলৰ মুখ্য সম্পাদকৰ জীয়ৰীক, বাপেক চাই পুতেক!”

লগতে ভিডিঅ ফুটেজটোত ধৰিব পৰাকৈ জিলমিল কৰি থোৱা চলিহাৰ মৰমৰ মাজনীৰ মুখখনৰ সৈতে সঞ্চালক প্ৰধানৰ পুত্ৰ | কেনেকৈ হ’বলৈ পালে ঘটনাটো |কেনেকৈ?… ভাবি নাপালে চলিহাই | হঠাত্‍ হেমন্তলৈ মনত পৰিল চলিহাৰ| আচলতে ১০ বছৰৰ আগতে নিজেই কৰা ঘটনা এটালৈ মনত পৰিল চলিহাৰ| টকা আৰু উচ্চ পদবীৰ বাবে “অলটাইম নিউজ”ক ঠগাৰ দিনটোলৈ | এনেকুৱা এটা উৎপীড়নৰ ঘটনা লৈয়েই ঠগিছিল চেনেলটোক চলিহাই | বহু লক্ষ টকা আৰু উচ্চ পদৱীৰ বাবে বিক্ৰি কৰিছিল এটা সঁচা খবৰ| মুখ্য সম্পাদক হৈ আহিছিল প্ৰাই টাইমলৈ| ৰাতি বহু হ’ল তৰ্ক- বিতৰ্ক শ্ব’ বাতিল কৰাৰ ঘোষণা কৰিলে সহকৰ্মী নিলেশে| প্ৰাইম টাইমৰ মূখ্য বাতৰিৰ শিৰোনামালৈ আহিল ডাইনী হত্যাৰ খবৰটো |

পাছদিনা হেমন্তৰ ফেছবুকত এমপ্ল‍ইমেণ্ট শিতানৰ চেঞ্জিং ষ্টেটাছ “চিনিয়ৰ ৰিপৰ্টাৰ এণ্ড প্ৰডিউচাৰ এট সোনৰ অসম নিউজ চেনেল” |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!