আঘোণৰ এবুকু সুখ – অংকুৰ শইকীয়া

১.
তামোলৰ ৰাগীতে 
দুওঁঠ ৰঙা কৃষ্ণচূড়া বাঁহী ৷
সোণগুটি মুঠি কোমল প্ৰাণৰ গুণগুণনি
কেচ্ কেচ্ কাঁচিৰ অযুত আলাপ মৌ-সৰা বাট ৷
২.
এবুকু সুখ ৰাংঢালী হেঁপাহৰ 
শাৰী পতা স্বপ্নৰ ধাননি হাঁহিজাক 
ৰিব্ ৰিব্ জুৰ জেউতি চৰা 
বুকু য’ত সহজ-সৰল আত্মপ্ৰকাশ ৷
৩.
আঘোণ
ৰুনুক জুনুক থোপোকাকৈ সুমথিৰা আবেলি 
পথাৰ শুৱনি একান্ত মোহ লগা ন-জোন বাট 
থলুৱা আনন্দৰ বোকা-মাটিৰ পৰিতৃপ্ত পৃথিৱী ৷
৪.
ক্ৰমশ:
মনলৈ আহে কলিজা ৰিঙিয়াই মতা 
মঙহাল ডাঙৰি দুটিৰ আলাপ 
পিতাইৰ কান্ধত টনটনাই যোৱা হাজাৰটা.....
ছাঁ-দীঘল জীৱন বিয়লিৰ হালধীয়া আকাশ ৷৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!