আজি গোটেই ৰাতি মই কথা ক’ম (বিজয় বেজবৰুৱা)

আজি গোটেই ৰাতি
মই কথা ক’ম; আৰু শুনি যাব লাগিব তুমি

সাক্ষী হৈ ৰ’ব আমাৰ মূৰৰ ওপৰত
জিকমিক তৰা ভৰ্তি এখন আকাশ
আৰু হালধীয়া এটা জোন

নাৰিকল পাতৰ আগেৰে জোনটো বাগৰি যাব
হাতীপটিৰ বুকুত সপোন আঁকি
তুমি টোপনি যাবা;

আধৰুৱা এষাৰ কথাৰ হেঁপাহত মই
বাট চাই থাকিম তোমাক

তোমাৰ টোপনি ভঙালৈ…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!