আজি ট্ৰেজেডি ফলাৰ কথা আছিল ( নিৰুপম গগৈ )

Withered rose

আজি লক্ষীমপুৰৰ নিষিদ্ধ গলি এটাত
মই ট্ৰেজেডি ফলাৰ কথা আছিল
আজি নাওবৈচাৰ উপ পথ এটাত
টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ কথা আছিল
খঙতে বৰ্বাদ কৰি দিলোঁ
এটা দেশী মদৰ ভাটি
আপুনি যে কৈছিল
দশ টকা দিলেই পাই এবাটি……….

মোৰ ভঙা ঘৰৰ গোবৰ লিপা বেৰত
তোমাক নাম লিখিছোঁ
তোমাৰ ঘৰৰ ভেন্টিলেটৰেৰে সোমাই
তুমি শুই থকা চাইছোঁ
ঢকুৱাৰ বিচনীৰে তুমি বিচি ভালপোৱা
পদিনাৰ চাট্‌নিৰে তুমি শুকান ৰুটি খোৱা
কেনেবাকৈ গম পোৱা নাইতো
মই ট্ৰেজেডি ফলাৰ কথা…!!

ৰোমাঞ্চ কৰিবলৈ মন যায় মোৰো
ৰাতিটোকে তুমি বুলি
কেতিয়াবা আলিংগন কৰোঁ
তোমাক বিচাৰোঁ
চিঞৰোঁ
নিষিদ্ধ গলিৰ মানুহবোৰ জগাই
নিদ্ৰা কাঢ়োঁ
মোৰ নয়নৰ মানচিত্ৰত
তুমি অলপ অলপ হেৰাইছা
ইতি নিলিখাকৈ কিয় বাৰু চিঠি লিখিছা?

ও ময়েই আজি
ট্ৰেজেডি ফলাৰ কথা আছিল
ময়েই আজি বাহাদুৰ বাদশাহ
হোৱাৰ কথা আছিল
আৰু বহু কথা আছিল
কিন্তু
কিন্তু তুমি গ’ম পালা কেনেকৈ?
মই যে আজি ট্ৰেজেডি ফলাৰ কথা আছিল…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!