আজি শ্বহীদ কুশল কোঁৱৰৰ জন্মদিনত আমি সকলোৱে তেখেতক স-শ্ৰদ্ধাৰে সুৱঁৰিছোঁ৷ ——বিৰিঞ্চি দাস

জন্ম-১৯০৫, ২১ মাৰ্চ

পিতৃ-সোণাৰাম কোঁৱৰ

মাতৃ-কণপাহি ওৰফে কণকেশ্বৰী

স্থান-গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলি গাঁৱত

মৃত্যু-১৯৪৩ চনৰ ১৫ জুনত বৃটিছ চৰকাৰে এই মহান স্বাধীনতা সংগ্ৰামী জনক যোৰহাট জিলা কাৰাগাৰত ফাঁচী কাঠত ওলমাইছিল৷

“মই ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ দিম৷ দেশৰ কাৰণে, মানুহৰ কাৰণে প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হৱ পাৰে! ……ইয়াত দুখ কৰিবলগীয়া একো নাই৷ মোৰ সাধনা পূৰ্ণ হৈছে৷ মই মহাপুৰোষ মহাত্মা গান্ধীৰ চৰণ চুই দেশৰ কাৰণে প্ৰাণ উছৰ্গা কৰাৰ যি পবিত্ৰ কামনা কৰিছিলোঁ, ভগৱানে তাক পূৰ্ণ কৰিছে৷ …দেশৰ কোটি কোটি মানুহৰ মাজৰপৰা মোক বাচি লৈছে৷ মই ধন্য৷ “ –কুশল কোঁৱৰ৷ ৷

ফাচীঁ-১৯৪৩ চনৰ ১৫ জুনৰ পুৱতি নিশা৷ সময় ৩ বাজি ৩০ মিনিট৷ কুশল কোৱঁৰক ফাঁচী মঞ্চলৈ অনা হল৷ স্বাভাৱিক গম্ভীৰ খোজেৰে তেওঁ ফাচীঁৰ মঞ্চলৈ আগবাঢ়ি গল, যেন শুচি মনে মন্দিৰলৈহে আগবাঢ়িছে৷ মঞ্চৰ পাদদেশত ৰৈ সকলোকে নমস্কাৰ জনালে৷ …“আমাৰ যদি আপোনালোকৰ ওচৰত কিবা দোষ হৈছিল খেমিব৷ ভগৱানক খাটিছোঁ, তেওঁ যেন অতি সোনকালে পুণ্যভূমি ভাৰতবৰ্ষক মুক্তি দিয়ে৷“

মেজিষ্টেটে আদেশ দিলে …ওৱান্–টুঃ..৷ কোঁৱৰে ভক্তিভৰা গলগলীয়া কণ্ঠেৰে গাৱলৈ ধৰিলে…“পাৰ কৰা ৰঘূনাথ সংসাৰ সাগৰে…৷ “ ’থ্ৰি’ বুলি কৈ মেজিষ্টেটে বগা ৰূমালৰ সংকেত দিয়াৰ লগে লগে ঘটংকৈ এটা শব্দ হল৷ তেতিয়া সময় ৪.৩০ বাজিছে৷ নামি আহিল এজাক বৰষুণ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!