আত্মকথাঃ ( ঝুনাকংকণ তাণ্ডৱ জোনাক )

ভিক্ষাৰী

 বাবা, ভিক্ষা দিয়া ভিক্ষা দিয়া …

ভিক্ষাৰ পাত্ৰটো আপোনালৈ আগুৱাই দিওঁ,

বিলাসী গাড়ীৰ ক’লা গ্লাছ নমাই

আপুনি আমাক গালি পাৰে

 “হা্ৎ চাল্লা ভিক্ষাৰীৰ জাত“

খবৰদাৰ, জাতত ধৰি গালি নিদিব!

যদিও আমি ভিক্ষাৰী! ! !

হোটেলৰ বন্ধ কোঠাত আপোনাৰ দুলালে খেপিয়াই

কোনোকাৰ্লি চুলিৰ উদং বুকুত

পূৰ্ণিমাৰ জোন …

 চকু দিয়া নাই! নিদিও!

আচলতে আপোনালোকো এজন এজন ভিক্ষাৰী! !

 “হাই প্ৰ’ফাইল ভিক্ষাৰী”

বিয়াৰ বাবে কইনা লাগে!

লগ্ ইন টু ছাদী ডট কম- ইণ্টাৰনেটৰ ভিক্ষাৰী! !

জীয়ৰীৰ বাবে চাকৰি লাগে!

চিধাই গোঁসাই ঘৰ- চাকৰিৰ ভিক্ষাৰী!

পৰীক্ষাহলত আপোনাৰ সু-সন্তানে কলম কামুৰি বহি থাকে!

পিন্ধাই দিছে গায়ে মুৰে তাবিজ-মাদলি

“নম্বৰ লাগে নম্বৰ লাগে”-পাৰ্চেণ্টেজৰ ভিক্ষাৰী

অনুগ্ৰহ কৰি জাতত ধৰি গালি নিদিব! !

পাৰিলে পঢ়ি ল’ব আমাৰ বায়’ডাটা! !

কাটিলে তেজ ৰঙায়ে ওলাব

আপোনাৰ দৰে!

কান্দিলে চকুৰে পানীয়ে ওলাব

আপোনাৰ দৰে! !

মৰিলে মাটিও সিমানেই লাগিব চাৰে তিনি হাত! ! !

যিমান আপোনাক লাগে! ! !

 খবৰদাৰ … …

জাতত ধৰি গালি নিদিব;

 পুতৌ নহয়, মৰম লাগে আমাক… …

কুকুৰৰ দৰে জীয়াই থাকিম লোকৰ চুৱা খায়! ! !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!