আত্মঘাটি সিদ্ধান্ত – নোকোৱাই ভাল (-ইঞ্জিনিয়াৰ জাকিৰ হুছেইন)

 
সৰুতে ৰেদিঅ’ত শুনা প্ৰগ্ৰেমটোৰ কথা মনত পৰে- নোকোৱাই ভাল। নিৰ্বাচনৰ কথাও নোকোৱাই ভাল।  কলে কথা লাগে দুনিয়াৰ লেথা। নকৈও নোৱাৰি। মুখৰ পৰা ওলোৱা কথা হেনো নিজৰ হৈ নাথাকে। সমাজখনত নপতা ফুকনৰ সমাহাৰ ঘটিছে! নিৰ্বাচনৰ এই সময়চোৱাত প্ৰতিজন ব্যক্তিয়ে একো একোজন বিজ্ঞ পণ্ডিত হৈ পৰিছে। বিচাৰ বিবেচনাৰে সুস্থ মগজুৰে যোগ্য প্ৰাৰ্থী নিৰ্বাচিত কৰিব পৰাটো শুভ লক্ষণেই। কথাবোৰ সম্পূৰ্ণ কাল্পনিক নহয়, জীৱিত বা মৃত ব্যক্তি, অনুষ্ঠান, দল, পৰিষদ, সন্থা আদিৰ সৈতে মিল নাথাকিলে জাহু দায়ী। ‘মুছলমান হোৱাই অপৰাধ’ – অসমৰ প্ৰথিতযথা, বৰ্ষীয়ান, ধৰ্মনিৰপেক্ষ সাংবাদিক এজনে এবাৰ আক্ষেপ কৰি কৈছিল। দৰাচলতে অসমৰ সংগ্ৰামী সকলৰ প্ৰতি থকা তেওঁৰ সহমৰ্মিতা তথা পৰোক্ষ বা প্ৰত্যক্ষ কিবা সম্পৰ্ক থকাৰ সন্দেহত তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিদেশলৈ যাবলগীয়া সাংবাদিকৰ দলটোত নিৰ্বাচিত হোৱাৰ পাছতো এখন দেশে ভিছা দিয়া নাছিল। কিন্তু তেওঁ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বাধিক প্ৰচাৰিত কাকতখনে হকে বিহকে যেতিয়া অসমৰ সমগ্ৰ মুছলমানক মৌলবাদী অথবা বিদেশী সজাইছিল, পাকিস্তান-বাংলাদেশ-অসমকলৈ কাল্পনিক ইছলামিস্তান গঢ়াৰ মনে সজা ধাৰাবাহিক বাতৰি প্ৰকাশ কৰিছিল তেওঁ নীৰৱে তাক স্বীকাৰ কৰি লৈছিল। ইয়াৰদ্বাৰা সামাজিক বাতাবৰণ কিমান বিনষ্ট, কলুষিত হৈছিল অথবা মুছলমানৰ বিপক্ষে ঘৃণাৰ বিষপাস্প বিয়পিছিল সেইকথা তেওঁ এবাৰলৈও উপলব্ধি কৰিছিলনে? তেওঁ খোদ মুছলমান হোৱাৰ কথা তেতিয়া মনত পৰা নাছিল নেকি? হয়তো এয়া আছিল তেওঁৰ সুবিধাবাদ! মহম্মদ আজহাৰুদ্দিন যেতিয়া মেচ ফিক্সিঙত অভিযুক্ত হৈছিল তেতিয়াও তেওঁ মুছলমান হোৱা বাবেই অসহনীয় হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি আক্ষেপ কৰিছিল। কিন্তু পাছত তেওঁ খোদ নিজে স্বীকাৰ কৰিব বাধ্য হৈছিল যে মেচ ফিক্সিঙত লিপ্ত আছিল। হয়তো অপৰাধ কৰি ধৰ্মীয় অনুকম্পাৰে দায় সাৰিব বিচাৰিছিল আজহাৰে! কিন্তু ধৰ্মীয় আবেগৰ অব্যৱহাৰেৰে সহমৰ্মিতা আদায়ৰ চেষ্টা কিয়? এতিয়া মন্ত্ৰী ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলেও একে কৌশল অৱলম্বন কৰিলে। তেওঁলোকৰ ঘৰত বা গাড়ীত নিৰ্বাচন আয়োগে তালাচী চলোৱাই অপৰাধ হ’ল। সংখ্যালঘু হোৱা বাবেই হেনো তেওঁলোক এনে তালাচীৰ মুখামুখি হোৱা বুলি অভিযোগ কৰিছে। যদি ভুল কৰা নাই বা নিৰ্বাচনী বিধি উলংঘা কৰা নাই তেন্তে ভয় কিহৰ? অকাৰণত আবেগ কিহৰ? মুছলমানৰ আবেগ বিজড়িত ইমোচ’নেল ব্লেকমেইল কিয়? এইবোৰো এক প্ৰকাৰৰ সাম্প্ৰদায়িকতা আৰু ভণ্ড ৰাজনীতিৰ মেৰপেচ নহয়নে? আজমলে যেতিয়া কেৱল মুছলমানৰ আবেগক লৈ ৰাজনীতি কৰে, কেৱল মুছলমান অধ্যুসিত এলেকাত প্ৰাৰ্থী দিয়ে, মুছলমানক ধৰ্মৰ ভিত্তিত একত্ৰিত হবলৈ আহ্বান জনাই তেতিয়া জানো সাম্প্ৰদায়িক ৰাজনীতিৰ পোহাৰ নেমেলে?
muslim
‘বঢ়ে মীয়াঁ তো বঢ়ে মীয়া ছোটে মীয়াঁ চুভান আল্লা’! বঢ়ে ছোটে মীয়াঁ দুয়ো মুছলমান সমাজৰ হকে কাম কৰি যাবলৈ পৃথিৱীত পদাৰ্পণ কৰিছে। তেওঁলোকৰ ভাষাত ৰাজনৈতিক দল বা ৰাজনীতিটো কেৱল বাহানা হয়। আচলি মকচদ হ’ল মুছলিম ৰাইজৰ সেৱা। চাওঁকচোন বঢ়ে মীয়াঁই জৰাফুকা কৰি অনন্য নিদৰ্শনেৰে মানুহৰ সমস্যাবোৰ দুৰ কৰিছে। বুকুৰ জলা পোৰা, বদহজমী, জ্বৰ, কাঁহ, পেটৰ কামোৰ আদি এশ এবুৰি অসুখ বিসুখ দূৰীকৰণৰ চেষ্টা অহৰহ অব্যাহত ৰাখিছে। অসমৰ এজন ৰাজনৈতিক ডাক্তৰে বিৰা পুহি ৰাইজৰ সমস্যা সমাধান কৰি কৰিয়ে যে অৱসৰ ললে মনত আছে নহয়! ইফালে নিৰ্বাচনজনিত ঘৃণা-বিদ্বেষ, আবেশ, হিংসা আদিত যিকোনো লোকৰ মৃত্যু হলে ৫ লাখ আৰু আংশিকভাৱে মৃতপ্ৰায় হলে ২ লাখ টকা দিয়া হ’ব বুলি আজি ছোটে মীয়াঁই ঘোষণা কৰিছে। বল্লে বল্লে, চোনে পে চুহাগা? এইচা পৰোপকাৰী দল ভাই হম জিন্দেগী ভৰ নেহী দেখা! বছ আৰু কি লাগে। লগে ৰহো লগে ৰহো! এইবাৰৰ নিৰ্বাচনত থৰকাচুটি হেৰুৱা দলটিয়ে নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ বাবে ৰাইজক মুকলিভাৱে উচতাবলৈও কুন্ঠাবোধ কৰা নাই। নিৰ্বাচনত জয়লাভ কৰিবলৈ যিকোনো পন্থাই অৱলম্বন কৰাৰ মন মেলিছে। সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰূপী এই দলটিয়েও তালিকাকেইখন এখন এখনকৈ তাচ পাত উলিওৱাৰ দৰে উলিয়াইছে। সমাগত নিৰ্বাচনত কাৰ কি হ’ব তাকলৈ ধুঁৱলি-কুঁৱলি পৰিবেশ এটা সৃষ্টি কৰাৰ চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে! এই যে মিত্ৰতা, গোপন বুজাবুজিৰ নাটকখন ভাল জমাই তুলিছে। গোপন বুজাবুজিৰ ৰহস্যটোহে ধৰিব পৰা নাই। বিশেষকৈ এআইইউডিএফ দলটোৰ সৈতে কোনটো ৰাজনৈতিক দলৰ মিত্ৰতা হৈছে তাকলৈ ‘চাচপেঞ্চ’ অব্যাহত আছে। কংগ্ৰেছে অভিযোগ কৰিছে দলটোৰ সৈতে বিজেপিৰ গোপন মিত্ৰতা হৈছে আৰু বিজেপিৰ অভিযোগ কংগ্ৰেছৰ সৈতে গোপন মিত্ৰতা হৈছে। সেইবাবে ধৰি ল’ব পাৰি যে দুয়োটা দলৰ সৈতেই বুজাবুজি হৈছে! য’ত মন গৈছে তাত কংগ্ৰেছৰ লগত কৰিছে আৰু আন আন ঠাইত সুযোগ সুবিধা বুজি বিজেপিৰ লগত কৰিছে। হৰাৰ সম্ভাৱনা চাইও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কিয় কৰিছে বুজা টান। তেওঁলোক এতিয়া পানীৰ দৰে, যি পাত্ৰতে ৰাখে তাৰেই ৰং ৰূপ ধাৰণ কৰে। দৰাচলতে দলটোৱে এইবাৰ নিৰ্বাচনত দিক বিদিক হেৰুৱাইছে। একনায়কত্ববাদী, কৰ্পোৰেট কোম্পানীৰ ব্যৱসায় আৰ্হিৰে চলা এই দলটোৰ যে কোনো নীতি-আদৰ্শ নাই বা কোনো ৰাজনৈতিক দৰ্শন নাই সেইকথা ইতিমধ্যে স্পষ্ট হৈছে। কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে অতিকৈ অৱহেলিত, বানাক্ৰান্ত, দৰিদ্ৰক্লিষ্ট সংখ্যালঘু সকলক পণবন্দী কৰি ৰাখিছে। মিছা প্ৰতিশ্ৰুতিৰ বন্যা, ভীতি প্ৰদৰ্শন, ভয়-শংশয়ৰে আজমলে নিৰক্ষৰ, ধৰ্মাবেগিক মানুহৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি খোদ বাপ-বেটা, ভাই-বিৰাদৰৰ লগতে কেৱল মোল্লাগোষ্ঠীৰ সহায়েৰে ক্ষমতাসিন হ’ল যদিও দহটা বছৰে ৰাইজৰ কোনো হিত সাধন কৰিব নোৱাৰিলে। অৱশ্যে কংগ্ৰেছৰ সৈতে এআইইউডিএফৰ যে বুজাবুজি আছে এইকথা ৰাজ্যসভাৰ নিৰ্বাচনতে স্পষ্ট হৈছে। তেওঁ যিদৰে প্ৰক্ষেপ কৰিলে আৰু মুৰকত সলালে তাৰ দ্বাৰা এই বুজাবুজি অধিক স্পষ্টতৰ হৈ পৰিছে। কিন্তু ৰাইজক বিপথে পৰিচালনা কৰিবলৈ দলটোৱে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ সৈতেও বুজাবুজি থকাৰ নাটকেৰে ভোটাৰক ভ্ৰমিত কৰাৰ চেষ্টাও কৰি আছে যাতে ৰাইজ দোমোজাত থাকে।
এআইইউডিএফৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত তুংগত উঠাৰ কাৰক বোৰো উল্লেখনীয়। শিক্ষিত, নিস্বাৰ্থ, সামগ্ৰিকভাৱে নিপীড়িত, বঞ্চিত সমাজখনৰ হকে কাম কৰিব বিচৰা এচাম সম্ভাৱনাময় যুৱক দলটোৰ সৈতে জড়িত হৈছিল। তেওঁলোকক প্ৰাৰ্থীত্ব দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু দলৰ মুৰব্বী হুজুৰ, মাইবাপ, সৰ্বেসৰ্বাজনে শিক্ষিত, পাৰদৰ্শী নেতাক স্থান দিয়ে জানো? হয় হুজুৰি নকৰা তেনে বহু নেতাক তেওঁ ইতিমধ্যে দলৰপৰা অব্যাহতি দিছে। মুৰকত সম্ভাৱনাময় এনে প্ৰাৰ্থীক বঞ্চিত কৰি পূৰ্বৰেপৰা কংগ্ৰেছত দালালি কৰি টকা ঘটা প্ৰাৰ্থী, যিসকলৰ কংগ্ৰেছত কোনো ভৱিষ্যৎ নাই তেনে প্ৰাৰ্থী বাচি বিচাৰি টিকট দিয়া হ’ল। মাতব্বৰ, মাফিয়া, মোল্লাসকলক বাচি বাচি প্ৰাৰ্থীত্ব দিলে। চৰ্ত হ’ল নিৰ্বাচনত খৰচ কৰিব পাৰিব লাগিব, ধৰ্মীয় আবেগ বিজড়িত সাম্প্ৰদায়িক ৰাজনীতি কৰাত সিদ্ধহস্ত হ’ব লাগিব। টুপী, দাঢ়ি পৰিহিতসকলৰ ধাৰ্মিকভাৱে নেতৃত্ব দিয়াৰ পাৰদৰ্শীতা থাকেই। শিক্ষিত, নিস্বাৰ্থ বঞ্চিত কৰ্মীসকল এইবাৰ পিছে মনে মনে বহি থাকিব বিচৰা নাই। তেওঁৰ জোলোঙাৰ মেকুৰী উলিয়াই দিছে। মহিলাক প্ৰাৰ্থীত্ব দিয়া নাই, একমাত্ৰ মহিলা বিধায়কগৰাকীকো টিকটৰ পৰা বঞ্চিত কৰিছে। প্ৰাৰ্থীত্ব দিওঁতেও ভাটিয়া বা চিলেটিক প্ৰাৰ্থীত্ব দি উজনি বা মৈমনচিঙিয়া সকলক বঞ্চিত কৰাৰ অভিযোগ সৰ্বত্ৰে বিদ্যমান। বৃহৎ টকাৰ লেনদেন হোৱাৰো অভিযোগ আছে। ইফালে খিলঞ্জীয়া মুছলমানক প্ৰাৰ্থীত্ব দিয়াৰ প্ৰশ্নই নুঠে। দিলেও তথাকথিত সংখ্যালঘু সমষ্টিৰ পৰা জয়লাভ কৰাৰ সম্ভাৱনা ক্ষীণ। এনে ধৰ্মীয় গোড়ামী সাধাৰণ জনগণে পচণ্ড নকৰে। কিন্তু অনাহক ভয়, ভিতি, শংকা ঘনীভুত কৰি ভোট আদায়ৰ চেষ্টা কৰিছে। দলটো প্ৰতিস্থান বিৰোধী ঢৌৰ সম্মুখীন হৈছে। যোৱা দহটা বছৰত তেওঁলোকৰ বিধায়কৰ ওপৰত চকু মুদি ভৰষা কৰিলে ঠিকেই কিন্তু উন্নয়ন, বিকাশৰ ধাৰাৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন আৰু অৱহেলিত হৈ থাকিল। ইফালে কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে যে মুছলমানৰ প্ৰধান শত্ৰু হ’ল বিজেপি আৰু বিজেপিক ৰোধ কৰিব পৰিব একমাত্ৰ কংগ্ৰেছে। এনে অপপ্ৰচাৰে কংগ্ৰেছক বহুলাংখে সহায় নকৰাও নহয়। কাৰণ কংগ্ৰেছে মুছলমানৰ বাবে স্বাধীনোত্তৰ কালত কিবা কৰক বা নকৰক পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থতে কংগ্ৰেছক ভোট দিয়াৰ মন স্থিৰ কৰিছে তথাকথিত সংখ্যালঘুয়ে। যেন নামজ পঢ়া যিদৰে মুছলমানৰ বাবে অপৰিহাৰ্য্য তেনেকৈ কংগ্ৰেছক ভোটদান কৰাটোও একমাত্ৰ কৰ্তব্য। নহলে যেন জান্নাতেই নাপাব। নিৰ্বাচন আয়োগে বোৰ্খা পৰিহিত মহিলাক মহিলা সুৰক্ষাকৰ্মীৰে তালাচী চলোৱাক লৈও অপপ্ৰচাৰ! অপপ্ৰচাৰ এয়ে যে তেওঁলোক বোৰ্খা পৰিহিত হোৱা বাবেই ভোটদানৰ পৰা বঞ্চিত হ’ব। এইবোৰেই সাম্প্ৰদায়িকতাৰ নিদৰ্শন। এনেবোৰ অপপ্ৰচাৰ আৰু সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি কৰিছে ভাৰতৰ আটাইতকৈ ভণ্ড ধৰ্মনিৰপেক্ষ দলটোৱে। কিন্তু বিজেপিক শত্ৰুজ্ঞান কৰাৰ কাৰণ কি? সাম্প্ৰদায়িক ৰাজনীতি ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত কোনটো দলে নকৰে? বিজেপিয়ে কৰে তাত দ্বীমত নাই। তেওঁলোকৰ দলীয় কিছু নেতাৰ অবিবেচক মন্তব্যই আশংকা ঘনীভূত হোৱাত সাৰ পানী যোগাইছে। কিন্তু তেওঁলোকে খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব যে বিপন্ন তাক অন্তঃকৰণেৰে উপলব্ধি কৰিছে। মুকলিভাৱে খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰতিশ্ৰুতি দিছে। আন আন দল বিশেষকৈ কংগ্ৰেছে কোনো দিনে খিলঞ্জীয়া মুছলমানৰ বিষয়ে চিন্তা কৰা নাই। কাৰণ সৰ্বজনবিদিত। সদ্য দলত্যাগী প্ৰাক্তন কংগ্ৰেছ নেতা মেহদী আলম বৰাই সেইকথা স্পষ্ট কৰিছে। পমুৱা বা অভিবাসী মুছলমানৰ ভোটবেংক সুৰক্ষাৰ স্বাৰ্থতেই কংগ্ৰেছে খিলঞ্জীয়া মুছলমানক স্বীকৃতি দিবলৈও কুন্ঠাবোধ কৰে। সেয়ে খিলঞ্জীয়া মুছলমানেও নিজৰ স্বাৰ্থ সুৰক্ষা, সাংবিধানিক ৰক্ষা কবচ সুনিশ্চিত কৰাৰ বিষয়ে সজাগ হবৰ হ’ল।
এটা এটাকৈ প্ৰতিটো দলেই নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে। শেহতীয়াকৈ শাসনাধিস্থিত দলটোৱেও তালিকা দুখন চূড়ান্ত কৰি ৰাজহুৱা কৰিলে। আচৰিত ধৰণে একে কেইখন মুখেই অগ্ৰাধিকাৰ পালে। কৰোবাত কৰোবাত ভুলঃবশত বা সম্ভাৱনাময় প্ৰাৰ্থীৰ অভাৱত চাগৈ দুই এখন নতুন মুখ দেখা পোৱা গ’ল। কিন্তু ইও নতুন বটলত পুৰণি মদৰ দৰেই হ’ল। নিজ পৰিয়ালৰ মাজতে সীমাবদ্ধ ৰাখি টিকটৰ ব্যৱস্থা কৰিছে দলটোৱে। ইমান কৰ্মোদ্যমী, নিকা ভাৱমুৰ্তি, পৰোপকাৰী, ধৰ্ম নিৰপেক্ষ প্ৰাৰ্থী দেখি বিচুৰ্তি খালো। অইন দলৰ পৰা বিতাৰিত, দলীয় প্ৰৱঞ্চক, ধনৰ বিনিময়ত বিক্ৰী যোৱা নেতা, গাড়ী চোৰ, চাউল চোৰ, লম্পট-নষ্ট চৰিত্ৰৰ, এই চৰকাৰখনৰ বিৰোধীতাৰে ছাত্ৰনেতা নামধাৰীবোৰৰ নাম নকলোৱে বাৰু! ৰত্নাকৰ বাল্মিকী হোৱা ডাঙৰ কথা নহয়, কিন্তু এটা ৰাতিৰ ভিতৰত হলেহে দৃষ্টিকটু হয়। ব্যৰ্থ মন্ত্ৰী, দুৰ্নীতিগ্ৰস্ত হিচাবে কম নাম কমাইছেনে? একেধাৰে আন্দোলনকাৰী, বিপ্লৱী, সমাজকৰ্মী, নিৰ্বাচনী বিশ্লেষক, অসমীয়াৰ একমাত্ৰ অভিভাৱক তথা শুভচিন্তক কোনোবাই সংবাদ মেল পাতি এখেতলোকৰ গুণৰাজি নবখানিলেহে ৰক্ষা। অখিল গগৈ ডাঙৰীয়া অৰাজনৈতিক ব্যক্তি হৈও বিজেপিৰ তালিকাখন প্ৰকাশ পোৱাৰ পিছ মূহুৰ্ততে ক্ষুৰধাৰ সমালোচনা কৰিলে। কিন্তু সকলোকে আচৰিত কৰি তেওঁ শাসনাধিষ্ঠিত কংগ্ৰেছ দলটোৰ কোনো প্ৰাৰ্থীৰে সমালোচনা কৰাৰ পৰা বিৰত থাকিল। তেওঁৰ এনে ইউ টাৰ্ণ দেখি আচৰিত নহৈ নোৱাৰিলো। অৱশ্যে এয়াই প্ৰথমবাৰৰ বাবে যে তেওঁৰ ৰাজনৈতিক স্থিতি সন্দেহৰ আৱৰ্তত সোমাইছে তেনেও নহয়। তেওঁৰ ৰাজনৈতিক অৱস্থান দোদোল্যমান হৈয়ে আছে। তেওঁ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী স্থিতিৰে অগপক প্ৰত্যক্ষ সমৰ্থন দিছিল আৰু কংগ্ৰেছক উৎখাত কৰিবলৈ ৰাইজলৈ উদাত্ত আহ্বান জনাইছিল। পিছে তেওঁৰ আহ্বানৰ প্ৰতি ৰাইজে কোনো সহাৰি নিদিলে। তাৰ পাছতে এই অৰাজনৈতিক নেতাজনেই যোৱা লোকসভা নিৰ্বাচনত বিজেপি-অগপ প্ৰাৰ্থীৰ প্ৰতি মুকলি সমৰ্থন দিয়ে। কিন্তু তেওঁ অত বছৰে আন্দোলনৰ বিভিন্ন কাৰ্যসুচীৰে চৰকাৰখনৰ বিৰোধিতা কৰি আজি হঠাতে দলটোৰ প্ৰতি সহানুভুতিশীল হোৱাটোৱে কি সূচায়? কংগ্ৰেছ দলটো হঠাতে নিকা, স্বচ্ছ কেনেকৈ হ’ল সেইটোহে ধৰিব নোৱাৰিলো। হয়তো ভাবিছে ব্যৰ্থ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়ক নাথাকিলে প্ৰতিবাদৰ নাটকবোৰ কেনেকৈ মঞ্চস্থ কৰিব? কেৱল বিশেষ এজন ৰাজনীতিক ব্যক্তিৰ সৈতে ব্যক্তিগত শত্ৰুতা থাকিল বুলিয়ে হকে বিহকে ৰাজনৈতিক দলৰ বিৰুদ্ধাচৰণ কিয়? তেওঁ ব্যক্তিগত আখেজ পুৰণৰ বাবে জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ যুক্তিযুক্ততা আছে জানো?
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!