আন্তঃজাতিক মাতৃভাষা দিৱস আৰু অসমৰ ভাষা আন্দোলন ( অঞ্জল বৰা )

আন্তঃজাতিক মাতৃভাষা দিৱস আৰু অসমৰ ভাষা আন্দোলন

অঞ্জল বৰা

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”

জন্মৰ পিছৰে পৰা আমি দৈনন্দিন জীৱনত আইৰ মুখত যি মাত শুনো, যি মাত শুনিলে আমাৰ মন বিমল সুখ-শান্তিৰে ভৰি পৰে সেই ভাষাই হৈছে মাতৃভাষা ৷ মাতৃভাষা এটা জাতিৰ জীৱনী শক্তিৰ প্ৰতীক ৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতি, ইয়াৰ ঐতিহ্য-পৰম্পৰা সকলো সেই ভাষাৰ মাজতে নিহিত হৈ থাকে ৷ সেয়ে এটা ভাষাৰ মৃত্যু মানে এটা জাতিৰ মৃত্যু ৷ আজি বিশ্বত প্ৰতি ১৪ দিনৰ মূৰে মূৰে এটা ভাষাৰ মৃত্যু হ’বলৈ ধৰিছে ৷ ইউনেস্ক’ৰ তথ্য মতেও ভাষা বিলুপ্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান শীৰ্ষত ৷ ইতিমধ্যে 196 টা ভাষাৰ বিলুপ্তি হৈছে ৷ ফলত সেই সেই জাতিসমূহো ইতিহাসৰ কোনোবা পৃষ্ঠাত সোমাই পৰিছে ৷ এনে পৰিপেক্ষিততে পৃথিৱীৰ প্ৰতিটো ভাষাক ৰক্ষাৰ ক্ষেত্ৰত ভাষাবিজ্ঞানীসকল আগবাঢ়ি আহিছে, ভাষাৰ সংকট সম্পৰ্কীয় বিভিন্ন আলোচনাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু যুগে যুগে ভাষা ৰক্ষাৰ বাবে অনেক মাতৃভাষা প্ৰেমী জনগণে নিজৰ প্ৰাণ আহুতি দি আহিছে ৷

আন্তঃজাতিক মাতৃভাষা দিৱসৰ আঁৰৰ কথা:

১৯৪৮ চনৰ ২১ মাৰ্চৰ কথা ৷ পাকিস্থানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্নাই ঘোষণা কৰিলে যে “পশ্চিম আৰু পূব পাকিস্থানৰ বাবে প্ৰশাসনীয় ভাষা হ’ব উৰ্দু ভাষা” ৷ এই কথা প্ৰচাৰ হোৱাৰ লগে লগেই পূব পাকিস্থানৰ (এতিয়াৰ বাংলাদেশ) জনতাৰ মাজত এক প্ৰতিবাদৰ ঢৌ বাগৰি আহিল ৷ পূৰ্বৰে পৰা চলি থকা বাংলা ভাষাক আঁতৰাই উৰ্দু ভাষাক জাপি দিবলৈ চেষ্টা কৰাৰ ফলত ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত ঢাকাত গৰিষ্ঠ সংখ্যক ছাত্ৰই ধৰ্মঘত কৰি প্ৰতিবাদ সাৱস্ত কৰে ৷ চৰকাৰে এই প্ৰতিবাদক বাধা দিবলৈ সান্ধ্য আইন জাৰী কৰে ৷ কিন্তু শেষত ঢাকা বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক ছাত্ৰই ১৪৪ ধাৰা অমান্য কৰি ৰাজপথত প্ৰৱেশ কৰাত পাকিস্থান পুলিচে প্ৰতিবাদী ছাত্ৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলিচালনা কৰে আৰু বহুসংখ্যক ছাত্ৰ এই ঘ্টনাত মৃত্যু হয় ৷ ইয়াৰ প্ৰায় ৫০ বছৰৰ পিছত ১৯৯৯ চনত ইউনেস্ক’ই ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখটোক আন্তঃজাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে৷

১৯৫২ চনৰ ঠিক ৮ বছৰৰ পিছত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসম ৰাজ্যটো একেই মাতৃভাষাক লৈয়ে এটা আন্দোলনে গা কৰি উঠিছিল ৷ বাংলাদেশত হোৱা আন্দোলনতকৈ ই কোনো গুণে কম নাছিল ৷ মাথো পাৰ্থক্য আছিল বাংলাদেশৰ আন্দোলন হৈছিল গোটেই দেশখনৰ ভাষাক লৈ আৰু অসমৰ আন্দোলন হৈছিল কেৱল অসমীয়া ভাষাক লৈ ৷ উমি উমিকৈ জ্বলি উঠা এই আন্দোলনৰ পৰিণতি আছিল অতি ভয়ানক ৷ শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্বইচ্ছাৰেই জপিয়াই পৰিছিল ৷ এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল ৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৷ ইয়াৰ পিছটো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে ৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যাকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয় ৷ এই আন্দোলনটো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে ৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত দুটা পৃথক (অসমীয়া আৰু বাংলা) ভাষাই সমিল মিলৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে ৷

এটা জাতিৰ ভাষা ৰক্ষাৰ বাবে অসমৰ দৰে এখন ৰাজ্যতে দুটা ভিন্ন ভাষীক সম্প্ৰদায়ে কিমান তেজৰ নৈ বোৱালে সেই তথ্য ইউনেস্ক’ৰ হাতত মজুত আছেনে নাই নাজানো ৷ (ইণ্টাৰনেটত বাংলা ভাষাৰ সংগ্ৰামৰ বিষয়ে যিমান তথ্য আছে তাৰ তুলনাত অসমীয়া ভাষাৰ সংগ্ৰামৰ কোনো তথ্য নাই) ৷ একেদৰে পাকিস্থানৰ দমন নীতিৰ সমান্তৰালকৈ ভাষাৰ ওপৰত (বিশেষকৈ অসমৰ) ভাৰতবৰ্ষৰ দমননীতিৰ কোনো তথ্য আজি ইণ্টাৰনেটত পাবলৈ নাই ৷ ইংৰাজৰ সময়তও ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল ৷ যিসময়ত ভাৰতৰ সমস্ত মানুহ বৃটিছৰ শাসন ওফৰাই ৰাজনৈতিক অধিকাৰ সাৱস্ত কৰাৰ সংগ্ৰামত নিমজ্জিত আছিল, তেনে এক সময়তে “ৰাজনীতিক ‘ৰাজ্য’ৰ” বাহিৰ কৰি কেৱল অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কলিকতা প্ৰৱাসী এচাম ছাত্ৰ আগবাঢ়ি আহিছিল ৷ মূলতঃ এই সময়েই আছিল অসমীয়া ভাষা উদ্ধাৰৰ প্ৰথম সংগ্ৰামৰ সময় ৷ সেই প্ৰৱাসী ছাত্ৰসকলেই বুজি উঠিছিল অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ ৷ সেয়ে মাতৃভাষাৰ প্ৰতি থকা সেই প্ৰৱাসী ছাত্ৰসকলৰ গভীৰ শ্ৰদ্ধা, ৰঞ্জিত বৰপূজাৰীৰ লগতে অনেক অসমীয়া যুৱকৰ আত্মবলিদানে আমাক প্ৰতিদিন সোঁৱৰাই থাকিব “স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা”৷

উপসংহাৰ:

অসমৰ বাবে দুৰ্ভাগ্যৰ কথা যে, আপোন সন্তানৰ তেজেৰে মহীয়ান হৈ উঠা অসমীয়া ভাষাৰ প্ৰতি সেই পুৰণি আৱেগ এতিয়া লাহে লাহে স্তিমিত হৈ আহিছে ৷ ১৯৬০ চনত ভাষা আন্দোলনত অসমীযা ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগ’ল ৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ (সম্প্ৰতি সময়ৰ লগত ফেৰ মাৰি ফে’চবুকত এনে এটা আন্দোলনে গঢ় লৈ উঠিছে)৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৬০ চনৰ পৰা ১৯৭২(অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে হয়টো তেনে আন্দোলন গঢ় লৈ উঠা নাছিল ৷ ইয়াৰ পিছতও ব্ৰিটিছে অসমৰ আদালত আৰু প্ৰশাসনিক ক্ষেত্ৰত ইংৰাজী ভাষা প্ৰয়োগ কৰাৰ অচিলা লৈ আজিও অসম চৰকাৰে অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ প্ৰতি গুৰুত্ব নিদিয়াটো সঁচাই এক পৰিতাপৰ কথা ৷

শেষত আমাৰ বোধেৰে ২১ ফেব্ৰুৱাৰীৰ দিনা আমি আন্তঃজাতিক মাতৃভাষা দিৱসৰ উদ্‌যাপন কৰাতকৈ বা তাৰ সমান্তৰালকৈ ৪ জুলাই তাৰিখৰ দিনা অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজাৰীৰ নামত এটা দিৱস উদ্‌যাপন কৰাহে অধিক প্ৰাসঙ্গিক হ’ব যেন লাগে৷

One thought on “আন্তঃজাতিক মাতৃভাষা দিৱস আৰু অসমৰ ভাষা আন্দোলন ( অঞ্জল বৰা )

  • December 7, 2019 at 1:47 pm
    Permalink

    আজিৰ তাৰিখত অসমীয়া ভাষা বিলুপ্তিৰ পথত।
    অসমীয়া ভাষা আৰু সংস্কৃতিৰ কথা ভাবিলে আজি কালি বুকুখন ঢপ ঢপাই উঠে। পুৰণি কথাবোৰ জানিবলৈ পাই ভাল লাগিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!