আনৰ দুখত সুখী হওঁ আহক- আব্দুল ৰাকিব

চিত্ৰপট-১

আপোনাৰ গাড়ীখন বৰষুণৰ পানীৰে ভৰপূৰ ৰাষ্টাৰ গাঁতটো পাৰ কৰিবলৈ উদ্যত হৈছে৷ সন্মুখেৰে আহি থকা বৃদ্ধা গৰাকী আতংকিত! এই মাত্ৰ চিটিকি আহিব পৰা বোকা পানী খিনিৰ পৰা লগত অহা পুতলাহেন নাতিনীজনীক বচোৱাৰ আপ্ৰাণ প্ৰচেষ্টা৷ শান্তি বিয়াখন খাবলৈ পিন্ধি অহা তেখেতৰ এক মাত্ৰ ’ভাল’ পাটৰ কাপোৰযোৰ ঢাকিবৰ কোনো উপায় নাই৷

আপুনি ভ্ৰূক্ষেপ নকৰি পাৰ হৈ যাব পাৰে৷ আপুনি ব্যস্ত মানুহ! পিচে সেই বহুমূলীয়া সময়ৰ মাত্ৰ এটা মিনিটৰ কিছু অংশ খৰচ কৰিলে এক অনিৰ্বচনীয় সুখ পাব৷

গাড়ীখন লাহেকৈ ৰখাই বৃদ্ধা গৰাকীক কওকচোন, “বৰমা/আইতা/খুড়ীদেউ, আপোনালোক পাৰ হৈ লওক!”
এটি দুৰ্লভ কৃতজ্ঞতাৰে ভৰা হাঁহিয়ে আপোনাক বহুপৰ তৃপ্ত কৰি ৰাখিব৷

চিত্ৰপট-২

আপুনি সদায় বজাৰ কৰা পাচলিৰ বেপাৰীজনৰ কাষ পালেগৈ৷ আথে বেথে দেচোৱালী পাচলিৱালাই আগৰে পৰা ৰৈ থকা আদহীয়া গ্ৰাহকজনক এৰি আপোনাক বস্তু দিবলৈ আগবাঢ়িল৷ সেমেনা-সেমেনি কৰি অতি সাধাৰণ যেন লগা আদহীয়া পুৰুষজন উৎকণ্ঠিত হৈ ৰৈছে৷

আপুনি তেখেতৰ বস্তুকেইটা আগতে দি লবলৈ কওকচোন৷

মানুহজনে মুখেৰে কৃতজ্ঞতা নজনায়! কিন্ত তেওঁৰ হঠাতে উজ্জ্বল হৈ উঠা চকুৰ দীপ্তিয়ে আপোনাক যে সুখী কৰিব সেইয়া ধুৰুপ৷

চিত্ৰপট- ৩

আপোনালোকে কইনাক নোৱাবলৈ লৈছে৷ সকলোৱে ন কইনাৰ লগত চেল্ফি তোলাত ব্যস্ত৷
দূৰৈত বাৰাণ্ডাত পৰ্দাত চিকুটি ৰৈ থকা বিধবা পেহীদেউজনীক টানি আনি চেল্ফি এখন তোলকচোন!

বিশ্বাস কৰক জীৱনে এলাগী কৰা সেই চকুযুৰিত লাজ লাজ কৈ বহুপৰ ওলমি থকা হাঁহিটোৱেও এক বেলেগ সুখানুভূতি কঢ়িয়াই আনিব৷

চিত্ৰপট- ৪

এল আই চিৰ প্ৰিমিয়ামৰ শাৰীত আপোনাৰ নম্বৰ সোতৰ৷ আপোনাৰো দুজনমান পিচত এগৰাকী ’আবেলিৰ বেলি৷’
তেখেতৰ আৰু অৰ্থৰ প্ৰয়োজন নাই৷ আৰ্থ্ৰাইটিছে আতুৰ কৰা এহাল গধুৰ আঁঠুত লাখুটিডালৰ সাৰথিত তথাপি ঠিয় দি আছে, তেওঁৰ অৱৰ্তমানত চৰকাৰী চাকৰি নথকা সৰু পৰিয়ালটোক অৰ্থনৈতিক সুৰক্ষা দিবলৈ৷

ঠিয়াই দিয়কছোন তেওঁক ’ডেভেলপমেণ্ট অফিচাৰ’ জনৰ সন্মুখৰ খালী হৈ থকা চকীখনলৈ৷

“বৰদেউতা ইয়াতে অকণমান বহক৷ আপোনাৰ পাল পৰিলে মই মাতি দিম৷”

বতাহ যিদৰে চকুৰে নমনি, তেওঁৰ অন্তৰৰ পৰা ওলোৱা আশীৰ্বাদৰ মলয়াই আপোনাৰ অন্তৰ জুৰ পেলোৱাতো খাটাং৷

চিত্ৰপট- ৫

গেছৰ চিলিণ্ডাৰ দিবলৈ অহা মানুহজনে এগিলাচ পানী বিচাৰিছে৷ জেঠমহীয়া বেলিটোক মুৰত কঢ়িয়াই ফুৰা মানুহজনৰ তাতকৈ অধিক বিচাৰিবৰ সংকোচ৷
আপোনাৰ ফ্ৰিজৰ দুটুকুৰা বৰফ আৰু তিনিচামুচ ’অৰেঞ্জ স্কোৱাচে” তেওঁক দিনটোলৈ সতেজ কৰি তুলিব পাৰে৷
কাৰণ মনটো সতেজ হ’লে দেহা দুগুণে তজবজীয়া হৈ উঠে৷

চিত্ৰপট- 6

বিয়া ঘৰত সকলোৱে দৰা আদৰিবলৈ পদূলি পালেগৈ৷ পেৰেলাইছিছ হৈ বিছনাত পৰি থকা আইতাগৰাকীক বন্ধুৰ মবাইলত ভিডিঅ ক’ল কৰি দৰা আদৰাৰ লাইভ টেলিকাষ্ট কৰি চাওকচোন৷
কলিজাৰ আমঠু নাতিনীজনীৰ দৰা আদৰা চাবলৈ তেওঁৰ হেঁপাহোটো কোনো গুণেই কম নহয়৷

চিত্ৰপট- ৭

বেঙ্কত সন্তানৰ স্কুলৰ মাচুল জমা দিবলৈ যাওঁতে লগ পোৱা গোমোঠা কেছিয়াৰজনক আপুনি ভাল নেপায়! তেওঁক এটা মিঠা আন্তৰিকতাৰে ধন্যবাদ দি চাওকচোন৷

তেৱোঁ মানুহ, বৈচিত্ৰ্যহীনতাত ভোগা দৈনন্দিন কামৰ হেঁচাত পিষ্ট আপোনাৰ দৰেই মানুহ৷ লাহেকৈ দেখিব সেই মানুহজনেই দেখোন বেংকটোত আপোনাৰ আটাইতকৈ প্ৰিয় ব্যক্তি৷

চিত্ৰপট- ৮

আপুনি সাংস্কৃতিক সন্ধিয়াৰ সম্পাদক৷ ইতিমধ্যে আহি উপস্থিত হোৱা সকলোৰে ’হাৰ্ট থ্ৰব’ শিল্পী গৰাকীৰ লগত চেল্ফি তোলাৰ সুবিধাকণ দিবলৈ সকলোৱে আপোনাকে খাতিৰ কৰি আছে৷
পিচে দূৰৈত ঠিয় হৈ থকা দুজনমান মানুহৰ সেই উথপথপ নাই৷ তাৰ মানে এইটো নহয় যে তেওঁলোকৰ হেঁপাহ নাই৷ কিন্তু বাওনা হৈ আকাশৰ জোন বিচাৰিবলৈ সাহস সকলোৱে নকৰে৷

মাতি আনকচোন তেওঁলোকক ওচৰলৈ৷ শিল্পী গৰাকীয়ে যেতিয়া জানিব তেওঁৰ জিৰণি কোঠাটোক সেই মানুহ কেইজনেই সাৰি-মচি পৰিষ্কাৰ কৰি থৈছিল, তেৱেঁই হেঁপাহেৰে ফটো উঠিব৷

চিত্ৰপট- ৯

আপোনাৰ চুবুৰীয়া মানুহজন দুৰাৰোগ্য ৰোগটোৰে যুঁজি যুঁজি অৱশেষত ৰণত পৰিল৷
পৰিয়ালটোক খবৰ লবলৈ আহোঁতে হাতত খাদ্যবস্তু সকলোৱেই আনিব৷ কিন্তু এই মুহূৰ্ত্তত সমানেই প্ৰয়োজন অৰ্থৰো৷ কাৰণ ৰোগীৰ চিকিৎসাত ইতিমধ্যেই সৰ্বস্বান্ত হোৱা পৰিয়ালটোৰ সন্মুখত নতুন প্ৰত্যাহ্বান ৰূপে মৃতকৰ সকাম৷
পাক এটা মাৰকচোন চুবুৰিটোত৷ নিজ সামৰ্থ্যৰে দিলে, মাউখে উটিলে, মুঠি হৈ দিলে….
পাৰ হৈ যাব এঘৰৰ গধুৰ উশাহ৷

আপোনালোকৰো হৃদয়তো এৰি থৈ যাব আত্মসন্তুষ্টিৰ এটা মিঠা সুগন্ধি৷

আমি নিউটনৰ চতুৰ্থ সূত্ৰ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা নাই৷ এইবোৰ কথা আমাৰ মাজতে বিয়পি থকা আৰু আত্মপ্ৰচাৰৰ আঁতৰত থাকি বহুতেই হয়তো নিৰিবিলিকৈ ইতিমধ্যেই কৰ্ষণ কৰি বিমল আনন্দ, শান্তি লভিছে৷

কিন্তু ভাল কামৰ প্ৰচাৰ হোৱাটোও বাঞ্ছনীয়৷ যাতে শুভ শক্তিৰ দীপ্তিত অশুভ কথাবোৰ নিস্প্ৰভ হৈ পৰে৷

এবাৰ এগৰাকী সাধু পুৰুষে আমাক কৈছিল,

“ভাল মানুহৰ নিৰৱতাটোৱে ডাঙৰ সমস্যা”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!