আপদীয়া পদ্য

(১)
ধৰ্ ধৰ্ মাৰ্ মাৰ্ চাৰিওফালে হুলস্থূল
বানপানী মৰা-কটা উদ্ভণ্ডালি গণ্ডগোল
ৰজাৰ চকু চকীত
মন্ত্ৰী চলে ফাঁকিত
দুখীয়া প্ৰজাৰ ভাত নাই হৰি বোল হৰি বোল৷ (পংকজ বৰা)

(২)
মাথালৈ দেখোন নাহে আজি একো এটা বস্তু
কিনো হ’ল আপদ মোৰ শ্ৰীবিষ্টু শ্ৰীবিষ্টু
ঘিঁউ কৰিবলে নৰম,
মূৰত ঢালি দিলে মম

ল’ৰালৰিত মই পাহৰিলো ডা° তালুকদাৰৰ ফিজটো।
(ডাঃ উদ্দীপ তালুকদাৰ, প্ৰতিম প্ৰতাপ বৰুৱা আৰু পংকজ বৰা)

(৩)
পংকজ দাই কবিতা লিখে নিশা ১ বজাত
হোটেলত সোমাই গৈ চকু থয় গজাত
কিনি ল’লে দুটা গজা
এতিয়া আৰু মইহে ৰজা
গজা খাই থাকোতেই (পিছে )ফোন বাজিল হঠাত ৷ (ঈশান জ্যোতি বৰা)

(৪)

কৈ দিয়কচোন সকলোবোৰ কথা
কিয়নো লগাই মিছামিছিকৈ লেঠা
সঁচা ক’লে লাগে
মিছা ক’লে ভাগে
বিহাইণ্ড দ্যা চিনৰ প্ৰকৃত ৰহস্যৰ ব্যাথা ? (ঈশান জ্যোতি বৰা)

(৫)

অকবৰ মজিয়াত পদ্য লিখো আমি
ৰ’দ-বৰষুণ নেওচি আহো ঘামি-জামি
কিমান যে শব্,
কৰিব নোৱাৰি জব্দ
এটা পদ্য লিখিয়েই মাৰিছে কিয় হামি? (ঈশান জ্যোতি বৰা)

(৬)

পদ্য লিখা গদ্য লিখা নাই ইয়াত কোনো টেক্স
ফ্ৰী অলনাইল ইউনিক’ড ন’ পাৰ্চেল ন’ ফেক্স
অসমীয়াত লিখা
সমল বঢ়োৱা
বিষালে আঙুলি তোমাৰ আছে মোৰ আয়’ডেক্স৷ (পংকজ বৰা)

(৭)
আয়’ডেক্স কিনিবলৈ নাই হাতত ধন
ইউনিক’ডত টেক্স লগোৱাৰ কৰিছে নেকি পন ?
জয় আই অসম,
নহবচোন গৰম,
ফ্ৰিতে গালি খোৱাৰ নাই মোৰ অলপো মন৷ (ঈশান জ্যোতি বৰা)

(৮)

বাংলাদেশী, মিঞা, খিলঞ্জীয়া সকলো একাকাৰ
আশ্ৰয় শিবিৰত মন্ত্ৰী বিধায়ক নেতা সমাহাৰ
দৰব দিছে হেনো ভেজাল
শিবিৰীয়া হৈছে খঙাল
আকৌ ঘৰ পাতিবালৈ খিলঞ্জীয়া হওক তৈয়াৰ| (দীপুল হালৈ)

(৯)

বন্ধপ্ৰদেশৰ অন্ধৰজা গগৈ হেনো তৰুণ
হাঁহি নুগুছা মুখখন আজি একেবাৰেই কৰুণ
জুনিয়ৰে কৰিছে জেং
ৰাজপাতলৈ মেলে ঠেং
কাৰ্বি আলঙৰ টকা গিলিও পেটত দেখোন লঘোণ৷ (পংকজ বৰা)

(১০)

জাকে জাকে আহে বাংলাদেশী, পিন্ধি লুঙি
সকলোকে কাটি মাৰি বজাইছেহি পুঙ্গি
কৰুণৰ অৱস্থা কাহিল
খেদিলে ভোট নহ’ব হাছিল
কৰুণক চাই কালন্তই ফুলাইছে ডিঙি। (ৰাজীৱ ৰঞ্জন)

(১১)

লিপি নিলে বঙালে এতিয়া ভেটি ৰাখে কোনে
আন্দোলন কৰি নেতা হ’ল, এগাল মৰিল ৰণে
সুবিধাবাদীৰ শেষ নাই
আন্দোলনৰ গীত গাই
দুখীয়া প্ৰজাক শুহি খায় এই তেজপিয়া গণে৷ (পংকজ বৰা)

(সম্পাদকীয় টোকাঃ কেইদিনমানৰ আগতে থ্ৰে’ডত কথা-পাতি থাকোঁতে লিমাৰিকৰ কথা ওলাল৷ দুই-একে মিলি লিখিও পেলালে এটা নে দুটা৷… তাৰ পাছত পংকজে বৰাই এটা লিখি গোটত দিওঁতে, ৰাইজেও নিজাববীয়াকৈ হাত উজান দিলে৷ তাৰে বাচি বাচি কেইটামান ৰাইজলৈ আগবঢ়ালোঁ৷)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!