আপুনি ছিপচ্ খাই পেকেটটো ক’ত পেলাই! (লক্ষ্য জ্যোতি নাথ)

 

 

সাৱধান হ’ব; আপোনাৰো কেতিয়াবা এনে দশা হ’ব পাৰে।

এই বছৰৰ আই.পি.এল. চলি থকা সময়ৰ কথা। মই ৱাংখেৰে ষ্টেডিয়ামত মেটচ্ এখনৰ বাবে টিকট এটা কিনি ষ্টেডিয়ামৰ কাষতে থকা মেৰিন ড্ৰাইভত সাগৰৰ বতাহ লৈ অলপ জিৰণি ল’বলৈ বহিলোহি। আবেলি ঠিক ৪.৩০ মান বাজিছে। সাগৰৰ পাৰত ‘ইভিনিং ৱাক’ কৰায়ে ইভিনিং ৱাক কৰিছে, জিৰণি লোৱায়ে জিৰণি লৈছে, সাগৰ চাবলৈ অহা সকলে সাগৰ চাইছে। তেনেতে পাপৰ-চানা বেচা বেপাৰী এজন আহিল। কিছুসময় পাৰ কৰোঁ বুলি মই তেওঁক মাতিলো আৰু চানা ২০ টকাৰ কিনি ল’লো। সৰু সৰুকৈ কুটা বিলাহী, ধনীয়া পাত দি বৰ সোৱাদ লগাকৈ চানা দিয়ে এওঁলোকে। মই চানা খাই আছো, তেনেতে মাইকী মানুহ এজনীয়ে জোৰ জোৰকৈ চিঞৰা শুনিলো। ঘুৰি চাই দেখোঁ, ‘ইভিনিং ৱাক’ কৰিব অহা বয়সস্থ মানুহ এজনীয়ে ঘামি-জামি ৰৈ ৰৈ ছোৱালী চাৰিজনীক ইংৰাজীত তুষাৰ গালি বৰ্ষণ কৰিছে।

 

ছোৱালী চাৰিজনীৰ এজনীয়ে ভয়ে ভয়ে মাত দিলে “Sorry ma’am.”

 

“What sorry ma’am! All of you are educated girl, why you through the packet in to sea…”

 

উচ্চ সুৰত সমূহ মানুহৰ আগত তীব্ৰ গালি বৰ্ষণ কৰিছে মানুহজনীয়ে। সেই পথৰে যোৱা মানুহবোৰে ঘূৰি ঘূৰি চাইছে ছোৱালী কেইজনীক। বেচেৰীহঁতে লাজো পাইছে অতবোৰ মানুহৰ আগত গালি খাই। তেনেতে ডিঙিত এছ.এল.আৰ. কেমেৰা এটা লৈ ল’ৰা এটা সেইফালে আহিল। সি হুলস্থূল শুনি তাতে ৰ’ল আৰু গালি খাই সেমেনা-সেমেনি কৰি থকা ছোৱালী কেইজনীৰ ফটো তোলাত লাগিল। মই বহি লৈ গোটেই কাণ্ডটো চায় আছো।

 

মানে ছোৱালী কেইজনীয়ে ছিপচ্ খাই খালী পেকেটটো সাগৰৰ পাৰলৈ দলিয়াই দিলে আৰু তাকে বয়সস্থ মানুহজনীয়ে দেখিলে। সেইবাবে তুষাৰ গালি দিছে মানুহজনীয়ে ছোৱালীকেইজনীক। মই তেতিয়া মনতে ভাবিছো, এনে মানুহ যদি ভাৰতত সকলো দিশে আৰু দুহেজাৰজনী মান থাকে তেন্তে কোনেও কিবা খাই য’ত ত’ত খালী পেকেট পেলাবলৈ সাহ নকৰিলে হয়! তেতিয়াৰ পৰা ময়ো বৰ সাৱধান হ’লো, কিবা খাই পেকেট পেলালেই মানুহজনীৰ গালিখিনিৰ কথা মনত পৰে। আধা মিনিট বিছাৰি হ’লেও ডাষ্টবিনতহে এনে পেলনীয়া বস্তু পেলাও। কি থিক য’ত ত’ত পেলাম এদিন এনে এজনী মানুহে দেখক আৰু পাব্লিকৰ আগত গালি দিয়ক; তাতকৈ ডাষ্টবিনতে পেলাও ভাই।

 

পলিঠিন, প্লাষ্টিক আদি মাটিৰ লগত মিহলি নহয়। গতিকে, এনে বস্তু য’ত ত’ত পেলাব নাপাই, আৰু য’ত ত’ত এনেকৈ পেলনীয়া সামগ্ৰী পেলালে ঠাইডোখৰো লেতেৰা হ’য়। বৰ্তমান গম পোৱা গৈছে যে সাগৰৰ তলিখনত এনে বহুত পাষ্টিক, পলিঠিন জমা হৈ গৈছে। ই ভবিষ্যতে এক ডাঙৰ সমস্যা সৃষ্টি কৰিব। মুম্বাইত পৌৰ নিগম বিভাগ যথেষ্ট ভাল। ‘Clean Up Mumbai!’ নামৰ এখন গাড়ীৰে সদায় মুম্বাইৰ য’ৰ ত’ৰ পেলনীয়া সামগ্ৰীবোৰ লৈ যায়। সেইবাবে মুম্বাইখন আন চহৰতকৈ পৰিষ্কাৰ।

 

আমাৰ গুৱাহাটী আৰু ভৰলু নৈখনৰ অৱস্থা সকলোৱে দেখিছেই। ডাষ্টবিন মাহ মাহ ধৰি গেলি থাকে। পানবজাৰ ফালে যাবই নোৱাৰি, পথৰ কাষত যি বেয়া গোন্ধ। আমাৰ পৌৰ নিগম বিভাগটোৱে অলপ শিকিবৰ সময় হ’ল, বছৰি কোটি কোটি টকাৰ আচঁনি হৈ আছে, এইবোৰতো অলপ নজৰ দিব লাগে।

 

আপোনাৰ ঠাইখন, আপোনাৰ গাওঁখন, আপোনাৰ চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ প্ৰথম দায়িত্ব আপোনাৰ। য’ত ত’ত পেলনীয়া সামগ্ৰী নেপেলাব!

“Please use Dustbin!”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!