আপুনি বাৰু বেছি মেকুৰীয়েলিষ্টিক্ নেকি? — অশোক কুমাৰ নাথ

কথা পাতি থাকোঁতেই নলে-গলে লগা দুজন বন্ধুৰ কথাৰ কটা-কটি হ’ল–

“ইমান মেকুৰীয়েলিষ্টিক্ (Mekurialistic) হোৱাও বেয়া বুইছ৷ ত‌ই আজিকালি কিবা বেছি মেকুৰীয়েলিষ্টিক্ হৈ গৈছ মানুহটো৷“

: তয়োতো আজিকালি বেছি কুকুৰিয়েলিষ্টিক্ (Kukurialistic) হৈ গৈছ– সেইটো কিন্তু নেদেখ!

“তথাপি তোৰ নিচিনা ইমান মেকুৰীয়েলিষ্টিক্ হোৱা নাই দে! বাটত য’তেই দেখ, মেকুৰী-পোৱালিবিলাক উঠাই লৈ গুচি আহ৷ আনি গাখীৰ-ভাত খুৱাই খুৱাই ডাঙৰ কৰ৷ আৰু বেলেগ কথা নাই, আৰু বেলেগ কাম নাই৷ কেৱল মেকুৰীয়েলিষ্টিক্ কথা তোৰ মুখত! সিহঁতে তোক কি ঘটিটো উপকাৰ কৰিছে ক-চোন! ঘৰৰ ভিতৰৰ নিগনিকেইটা খেদিছে– তাৰ বাহিৰে কিবা কৰিব পাৰিছেনে সিহঁতে?“

: ত‌ইতো মোতকৈও একোব চৰা! ৰাস্তাত য’তেই কুকুৰৰ পোৱালি দেখ, ’আহ আহ আহ’ কৈ ফুচুলাই ঘৰলৈ মাতি আন! না সিহঁতৰ মাকৰ পৰিচয় আছে, না দেউতাকৰ পৰিচয় আছে! আনি ভাত খুৱাই খুৱাই ডাঙৰ কৰ৷ নিজৰ ভাগৰ ভাত খুৱাই খুৱাই নিজৰেই শৰীৰটো যে টেটেৰা পৰিছে– গমেই নাপাৱ! দুটামান গাড়ীয়ে চেপা কুকুৰক আনি পশু-চিকিৎসালয় পোৱালিগৈ৷ খেদিলিনে এগালমান ধন৷ হেৰৌ, নিজৰ বেমাৰ বাটিবলৈকে টকা নাই, সি আকৌ কুকুৰৰ চিকিৎসা কৰে! নিজৰ ডিচেণ্টেৰি (Dysentery) বেমাৰটোকে আজিলৈকে ভাল কৰিব নোৱাৰিলে, সি আকৌ কুকুৰৰ ডিচেণ্টেৰি ভাল কৰিবলৈ যায়! হাঁহিহে উঠে তোৰ ওপৰত! দহ-বাৰটা কুকুৰ কিয় লাগিছে তোক হা! সিহঁতেনো তোক কিডাল উপকাৰ কৰিছে? ৰাতি চোৰ-ডকাইতকেইটাক দৌৰাইছে, কিন্তু আজিলৈকে এটামানক ধৰিব পাৰিছে জানো?

হঠাতে সিহঁতৰ আন এজন নলে-গলে লগা বন্ধু ওলালহি৷ দুয়ো বন্ধুয়ে কাজিয়া কৰি থকা দেখি তাৰ অকণমান খং উঠিল– “ঐ তহঁত দুটা দিনক-দিনে বেছি গৰুৰিয়েলিষ্টিক্ (Garurialistic) হৈ গৈছ জাননে! যেতিয়াই পাওঁহি তেতিয়াই দেখো– কেৱল কাজিয়া কৰি আছ৷ গঠনমূলক কথা পাতিবিচোন৷ ভাল কথাবাৰ্তাৰ পৰা আমি পৰস্পৰে বহুত কথা শিকিব পাৰোঁ– বুইছ৷

আহ আহ! এতিয়া হাই-কাজিয়া এৰ, লাইশাক-বিলাহীৰ স’তে ফ্ৰেচ্ মঙহবিধ ৰান্ধি আনিছোঁ৷ অকলেনো কেনেকৈ খাওঁ তহঁত দুই বন্ধুক এৰি! পূৰা দুই কেজি– বুইছ! উৰুকা কঁপাই দিওঁ আহ!

মেকুৰীয়েলিষ্টিক্ বন্ধুজনে তপৰাই কৈ উঠিল– “তয়ো আজিকালি বেছি গাহৰিয়েলিষ্টিক্ (Gahorialistic) হৈ গৈছ মানুহটো! সময-অসময় কথা নাই– কেৱল গাহ‌ৰি গাহ‌ৰি আৰু গাহ‌ৰি! বেছি গাহ‌ৰি খালে মাঠাত ফিতাপেলু হৈ নিজেতো মৰিবিয়েই, লগতে আমাকো মাৰিবি৷

গাহৰিয়েলিষ্টিক্ বন্ধুজনে উত্তৰ দিলে– আজি উৰুকাৰ বতৰত অন্ততঃ এনে পেলুলিয়েলিষ্টিক্ (Pelulialistic) কথাবোৰ নকবিচোন! আহ আহ! লাইশাক-বিলাহীৰ স’তে গাহৰিৰ জুতি ল‌ওঁ আহ!

তৎক্ষণাৎ যেন এক উখল-মাখল পৰিবেশ! তিনি নলে-গলে লগা বন্ধুৰ গাহৰিয়েলিষ্টিক্ আনন্দত হঠাতে পৰিবেশটো কিবা বান্দৰিয়েলিষ্টিক্ (Bandarialistic) হৈ পৰিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!