আপোনাৰ যাত্ৰা শুভ হওঁক ’শুভ যাত্ৰা’ – ৰুবী বৰা

শিৰোনামটি যিকোনো যাত্ৰাৰ আৰম্ভণিতে আপোনাৰ আপোনজনে জনোৱা এশাৰী শুভকামনা৷ এটা যাত্ৰাৰ বাবে চলোৱা সমস্ত প্ৰস্তুতিৰ মোহৰ মাৰে আপোনজনৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত কাণত আহি পৰা এইশাৰী বাক্যই৷ সামৰ্থ অনুসৰি হাততে পোৱাকৈ গোটাই লোৱা দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো সা সুবিধা ঘৰতে এৰি, আৰামদায়ক আৱেষ্টনীৰ মাজৰ পৰা নিজকে উলিয়াই এক অগতানুগতিক তথা অনিশ্চয়তাৰে পূৰ্ণ যাত্ৰা এটাৰ বাবে ঘৰৰ দুৱাৰদলি পাৰ কৰি দিয়া প্ৰথমটো খোজতে নিহিত হৈ থাকে যিকোনো প্ৰত্যাহ্বানক সামৰি ল‘ব পৰা অসীম মনোবল৷ এই মনোবল, সপোন পূৰণ কৰাৰ হেঁপাহ। আমাৰ আপোনজনে কামনা কৰা ’শুভযাত্ৰা’ তেতিয়াহে সম্পূৰ্ণ হৈ উঠে যেতিয়া আমি যাত্ৰা কালত মুখা মুখি হব পৰা সূক্ষ্মতকৈও সূক্ষ্ম সূক্ষ্ম পৰিস্থিতিবোৰৰ লগত নিজকে খাপ খুৱাই, সুকলমে সুস্বাস্থ্যৰে আহি আকৌ ঘৰৰ দুৱাৰদলিত আহি ভৰি থবলৈ সক্ষম হওঁ৷ গতিকে কোনো এক সফল যাত্ৰাৰ মূলমন্ত্ৰটো আমি লগত কঢ়িয়াই নিয়া টোপোলাটো অৰ্থাৎ আমাৰ ‘বেকপেক‘টোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে৷

সকলো যাত্ৰাৰ মাদকতা আছে। মই এই মাদকতা বিচাৰি পাওঁ পাহাৰ ভ্ৰমণ কৰি। পাহাৰ মোৰ বৰ প্ৰিয়, বিশেষকৈ হিমালয়৷ যিমানখিনি ভ্ৰমণ অভিজ্ঞতা আহৰণ কৰিছো সকলোবোৰৰে গন্তব্য স্থল পাহাৰেই৷ গতিকে পাহাৰীয়া তথা দুঃসাহসিক ভ্ৰমণৰ পৰা আহৰন কৰা অভিজ্ঞতাৰে আমাৰ লগত নিয়া বেগটোত কেনেধৰণৰ সামগ্ৰী অন্তৰ্ভুক্ত কৰিলে সততে পোৱা প্ৰত্যাহ্বানবোৰৰ লগত নিজকে খাপ খুপাই যাত্ৰাৰ কালচোৱা অধিক স্মৰণীয় কৰি তুলিব পাৰি তাৰেই এটি চমু আভাস দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ৷

কোনো ‘ট্ৰেকিং’ৰ পৰিকল্পনা কৰাৰ আৰম্ভণিত মই এখন তালিকা তৈয়াৰ কৰি লওঁ আৰু সেই তালিকা অনুসৰি এপদ এপদকে বস্তুবোৰ গোটোৱা আৰম্ভ কৰোঁ৷ লগতে তালিকা খনত যদি কিবা অন্তৰ্ভুক্ত কৰিবলৈ ৰৈ যায়, তেনেস্থলত বস্তুবিধ সম্পৰ্কে মনত পৰাৰ লগে লগে তাক তালিকাত অন্তৰ্ভুক্ত কৰোঁ। সাধাৰণতে বস্তুবোৰৰ ব্যৱহাৰ অনুযায়ী একেধৰণৰ বস্তুবোৰক একেলগে ৰাখি তালিকাখন সৰু সৰু কেইটামান শাখাত ভাগ কৰি লওঁ৷ শাখাসমূহ এনেধৰণৰ:

সাজ-পোছাক(clothing): – সাজ পোছাকৰ কথা ক’বলে যাওঁতে আমি প্ৰথমে ঠাইখনৰ জলবায়ু সম্পৰ্কীয় তথ্যখিনি জানি ল’ব লাগিব৷ যাবলগীয়া সময়খিনিত তাত কিমান ঠাণ্ডা বা গৰম হ’ব, সেই মতেই আমি পৰিকল্পনা কৰিব লাগিব৷ ‘ট্ৰেকিং’ৰ দৰে কাৰ্য্যসূচীৰ বাবে আমি যিমান পাৰি তুলনামুলকভাবে লঘু সামগ্ৰী বাছনি কৰা লোৱা উচিত৷ পিন্ধিবলগীয়া কাপোৰখিনি তৰপ হিচাপে জাপি ললে সুবিধা হয়৷ অত্যাধিক ঠাণ্ডাৰ সৈতে যুঁজ দিবৰ বাবে আমি একেবাৰে তলৰ তৰপৰ পৰা আৰম্ভ কৰি পৰ্যায়ক্ৰমে গৰম ইনাৰ তথা থাৰ্মেলৰ চুট, তাৰ ওপৰত কপাহী চোলা/পেন, তাৰ ওপৰত ঊণৰ পাতল চুৱেটাৰ ( যাক আমি ফ্লিচ বুলি কওঁ), ইয়াৰ পিচতেই আমাক প্ৰয়োজনীয় ডাঠ জেকেট (যাক ডাউন বুলি কোৱা হয়) আদি গোটাই লোৱাটো বুদ্ধিমানৰ কাম। যদি অত্যাধিক বতাহ প্ৰৱণ ঠাই হয় তেতিয়া ইয়াৰ ওপৰত বতাহ প্ৰতিৰোধী পোছাক তথা ৱিণ্ড প্ৰুফ চুট যোৰো আমাক লাগিব৷ ট্ৰেকিং কৰি থকা অৱস্থাত থাৰ্মেল আৰু ডাউন জেকেট এৰাই চলিব লাগে৷ মই নিজেই এই সময়ত কেৱল টি চাৰ্ট আৰু ট্ৰেক পেণ্ট পিন্ধাটো পচন্দ কৰো আৰু ফ্লিচটো হাততে পোৱা অৱস্থাত ৰাখো যাতে জিৰনী লোৱা সময়ত শৰীৰটো ঠাণ্ডা পৰি যোৱাৰ আগতেই ইয়াক পৰিধান কৰি লব পাৰোঁ৷ এইখিনি সময়ৰ বাবে লোৱা চোলা পেণ্ট বোৰ সোনকালে শুকোৱা তথা পলিষ্টাৰ আৰু নাইলন মিহলি কাপোৰ হ‘লে সুবিধা হয় যাতে ঘামিলেও সোনকালে শুকাই৷ কিন্তু তাৰ কিছুমান অসুবিধাও থাকে যেনে এইবোৰ কাপোৰ গৰমত অধিক গৰম আৰু ঠাণ্ডাত অতি ঠাণ্ডা হয়৷ গতিকে নিজৰ সুবিধা অনুযায়ী পৰিধান কৰাটো ভাল৷ দিনৰ কাৰণে এযোৰ, ৰাতিৰ কাৰণে এযোৰ আৰু এযোৰ অত্যাৱশ্যকীয় চোলা পেন্ট ল‘লে মোটামুটি ৬/৭ দিনৰ কাৰ্য্যসূচী এটাৰ কাৰণে যথেষ্ট হয়৷ লগতে এখন সোনকালে শুকোৱা টাৱেল অতি দৰকাৰী৷ নিজৰ দেহটো পৰিস্কাৰ-পৰিচন্ন কৰি ৰাখিবলৈ পৰাপক্ষত অন্তৰ্বাস সংখ্যাত বেচিকৈ ল‘ব লাগে৷ মোজা কেইযোৰমান বেছিকৈ ল’ব লাগে কাৰণ বৰষুণ দিলে তিতা মোজা পিন্ধি থকাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক লগতে ভৰিত ফাংগেল সংক্ৰমনো হ‘ব পাৰে৷ মোজা লওঁতেও ঊলৰ, কপাহী কাপোৰৰ মোজা মিলাই ল‘ব লাগে৷ ‘ট্ৰেকিং’ কৰাৰ সময়ত কপাহী মোজাই পিন্ধিব লাগে৷ এইখিনিতে ভৰিত পিন্ধাৰ উপৰিও মোজাৰ আন দুটামান ব্যৱহাৰৰ বিষয়ে কোৱাৰ লোভকন সামৰিব নোৱাৰিলোঁ৷ ‘স্ন’ ট্ৰেকিং’ৰ সময়ত বা অত্যধিক পিছল ঠাইত যদি জোতাযোৰ পুৰণা বা গ্ৰিপ কম থাকে তেতিয়া দুইপাত জোতাৰ ওপৰেদি মোজা পিন্ধি ল‘লে বাৰে বাৰে পিচলি পৰাৰ পৰা ৰক্ষা পাব পাৰি৷ মই যেতিয়া পৰ্বতাৰোহণৰ প্ৰশিক্ষণত আছিলোঁ, সেই সময়ত মই ১৫ দিন বেচ কেম্পত ১৪, ৬০০ ফুট উচ্চতাত অৱস্থান কৰিছিলোঁ। ডিচেম্বৰ মাহ, তাপমাত্ৰা শূন্যৰ পৰা তলত পোন্ধৰ ডিগ্ৰী পৰ্য্যন্ত যায়৷ ৷ ইফালে সেই হেন ঠাইৰ ফটো যদি মই চিন হিচাপে ৰাখিব নোৱাৰোঁ পিছলৈ বৰ দুখ লাগে৷ তাৰ বাবে প্ৰয়োজন মোবাইল আৰু পাৱাৰ বেংকত বেটাৰী সাঁচি ৰখাটো। কিয়নো ঠাণ্ডা ঠাইত বেটাৰীৰ আয়ুস সোনকালে কমি যায়৷ সেয়েহে মই ‘পাৱাৰ বেংক’টো ঊলৰ মোজাৰ মাজত ভৰাই ঊলৰ টুপীৰে মেৰিয়াই শ্লিপিং বেগৰ ভিতৰত ভৰাই থওঁ৷ আৰু সেইকন কষ্টৰ ফলস্বৰূপে শেষৰ দিনলৈকে মই হেঁপাহৰ জোখাৰে ফটো উঠাব পাৰিছিলোঁ৷ ৰেইনকোট তথা পঞ্চ’ এক অত্যন্ত দৰকাৰী বস্তু আৰু ইয়াক যিমান পাৰি পাতল তথা লঘু চাই ল‘ব লাগে৷ লগতে ভাল গ্লোভ্চ এযোৰ অতি আৱশ্যকীয় সামগ্ৰী৷ এটা টুপি আৰু এখন স্কাৰ্ফ থাকিলে ৰ‘দৰ পৰা বহুখিনি পৰিত্ৰাণ পোৱা যায়৷ ঠাণ্ডাৰ বাবে বান্দৰ টুপিটো খুবেই দৰকাৰী৷

প্ৰসাধন সামগ্ৰী(Toiletries): -এইটো পেকেটৰ ভিতৰত আহে দাঁত ঘঁহা ব্ৰাচ/পেষ্ট, মুখত ঘঁহা ক্ৰীম বিশেষকৈ ছান স্ক্ৰীণ, ক‘ল্ড ক্ৰীম, ভেচলিন, চেনিটাইজাৰ, ফুট পাউডাৰ, টইলেট পেপাৰ, ৰুমাল ইত্যাদি৷ ধোৱা মেলা কৰিবৰ বাবে চাবোনতকৈ বাথিং জেল ব্যৱহাৰ কৰাটো সুবিধাজনক৷ কাৰণ এবাৰ পেকেটৰ পৰা খোলাৰ পিছত চাবোন ব্যৱহাৰ কৰি আকৌ থ‘বলৈ হোৱা অসুবিধাখিনি সকলোৱে জানেই৷ য‘ত পানী সহজতে উপলব্ধ হ’য়, সেই ঠাইত সাধাৰণতে অকল হাত ধোৱাৰ বাবে চ’প পেপাৰো ব্যৱহাৰ কৰিব পাৰি ৷ বাকী বস্তুবোৰো সৰু সৰু বটল বা পেকেটত ভৰাই ল‘লে সুবিধা হয়৷ এই ‘কিট’ৰ অন্তৰ্গত আন এবিধ প্ৰয়োজনীয় তথা সুবিধাজনক সামগ্ৰী হ‘ল ‘ৱেট ৱাইপচ‘৷ গা ধুব নোৱাৰা অৱস্থাত নিজকে পৰিষ্কাৰকৈ ৰাখিবলৈ পানী ব্যৱহাৰ নকৰাকৈয়ে মুখ -হাত, কাষলতিৰ তল আদি অংগবোৰ পৰিষ্কাৰ কৰাত সুবিধা হোৱা এইবিধ সামগ্ৰী কিন্তু আমাৰ পৰিৱেশৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ কাৰণ ই সহজে পচি নাযায়৷ গতিকে ইয়াৰ ব্যৱহাৰ সীমিত কৰি য‘তে ত‘তে ইয়াক পেলোৱা অনুচিত।

খাদ্য সামগ্ৰী(Food/Cooking): – খাদ্য সামগ্ৰী নিৰ্বাচনত প্ৰধানকৈ দুটা কথাত গুৰুত্ব প্ৰদান কৰা উচিত। এটা হ‘ল আপুনি যদি অকলশৰীয়াকৈ গৈছে মানে নিজেই ৰান্ধি খোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ‘লে ৰান্ধিবৰ বাবে প্ৰয়োজনীয় বেকপেকিং ষ্টোভ, কুকাৰ, কেৰাহীকে ধৰি সকলোবোৰ নিব লাগিব৷ কিন্তু যদিহে আপুনি কোনো গ্ৰুপৰ লগত গৈছে আৰু ৰন্ধা বঢ়া কামখিনি পৰিকল্পনাত নাই তথা কিনি খোৱাৰ ইচ্ছা আছে, তেনেস্থলত লগত গিলাচ এটা, চামুচ এখন, শক্তিদায়ক খাদ্য যেনে এনাৰ্জী বাৰ, চকলেট, শুকান ফল, বিস্কুট আদি শুকান খাদ্য লগত ৰখাতো জৰুৰী৷ বিস্কুট, চকলেট আদিৰ প্লাষ্টিক আৱৰণবোৰ বা আন পেলনীয়া প্লাষ্টিকৰ বস্তু ভৰাবলৈ এটা অতিৰিক্ত বেগ লগত ৰাখিব লাগে যাতে বেগটোত এই আৱৰণবোৰ ভৰাই সঠিক ঠাইত পেলাব পাৰি৷ এইখিনিতেই মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে মোৰ এই তালিকাখনৰ একেবাৰে ওপৰত থাকে কেঁচা জলকীয়া৷ কাৰণ জলকীয়া নাথাকিলে মই ভাত খাব নোৱাৰোঁ৷ ইফালে পাহাৰতনো ক’ত জলকীয়া পাম? ‘চবজি’ত দিলেও শুকান জলকীয়া দিয়ে৷ সেয়েহে মই জলকীয়াক এই তালিকাখনত সদায়েই প্ৰাধান্য দিওঁ।

সুৰক্ষা সঁজুলি( Survival/Safety kit): – এই টোপোলাটোৰ অবিহনে আমি যাত্ৰা কৰিলে যাত্ৰাপথত অনেকখিনি আহুকালৰ সৃষ্টি হয়৷ ইয়াৰ ভিতৰত প্ৰথমতেই আহে জুইশলা বা লাইটাৰ আৰু মম বাতি। আনহাতে কটা ছিঙা কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান সঁজুলী যেনে চুৰী/ কটাৰী, সৰু হাতুৰী, কেচি, নখ কটা, হেড লেম্প বা টৰ্চ লাইট লগত অতিৰিক্ত বেটাৰী, পানী পৰিশোধন টেবলেট, পোক পৰুৱা, ম‘হৰ কামোৰৰ পৰা বাচিবলৈ মলম, বেজী সূতা, ৰছী এডাল, ভৌগোলিক মেপ এখনকে ধৰি আটাইবোৰ সামগ্ৰী সুৰক্ষা সঁজুলিৰ অন্তৰ্ভূক্ত। ট্ৰেকিংৰ ক্ষেত্ৰত এই টোপোলাত অন্তৰ্ভুক্ত হোৱা অন্যতম প্ৰয়োজনীয় সামগ্ৰীবিধ হৈছে ‘ ৰ‘প(Rope) ‘ যাক পৰ্বতাৰোহীসকলৰ আয়ুসৰেখা বুলি কোৱা হয়৷ এইডালৰ সহায়ত ট্ৰেকিং পথত অহা জটিলতাবোৰ দূৰ কৰাত সহায় হ’য়। ট্ৰেকিং পথছোৱা যদি অতি ঠেক, অতি থিয় অথবা মাটি খহি যোৱাৰ ভয় আদি থাকে, তেনেস্থলত দলপতিয়ে আগুৱাই গৈ ৰচিডাল কোনো এক সুবিধাজনক ঠাইত বান্ধি দিয়ে আৰু সেইডাল কঁকালত বান্ধি আটাইকেইজন সংলগ্ন হৈ আগুৱাই যায়৷ এই ক্ষেত্ৰত সন্মুখীন হোৱা এটি কাহিনী আপোনাসৱলৈ আগবঢ়ালোঁ। এবাৰ আমি ট্ৰেকিং কৰি নামি আহি আছিলোঁ৷ দলত মুঠ সাতজন সদস্য৷ গাইডজনৰ আগে আগে এজন সদস্য আহি আছিল৷ পথছোৱা আছিল একেবাৰে থিয়৷ ইফালে আগদিনা বৰষুণ পৰি পিছল হৈ থকা শিলাময় পথত গছৰ পাত পৰি আছে। আমাৰ ভৰি দিয়াই টান হৈ পৰিছে। হঠাৎ গাইডৰ আগত থকা সদস্যজন পিছলি গ’ল৷ আৰু আমাৰ অভিজ্ঞ গাইডজনে লগে লগে কান্ধত থকা ৰ’প ডাল ‘কইল’ কৰি থোৱা ভাগেই এটা মুৰত ধৰি দলিয়াই দিলে আৰু তেওঁ তাতেই ধৰি উঠি আহিল৷ ট্ৰেকিংৰ গাইড হ’বলৈ পৰ্বাৰোহণৰ প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয় কাৰণ তাত এইবোৰ বিষয় তন্ন তন্নকৈ ব্যৱহাৰিক প্ৰয়োগ কৰিবলৈ শিকোৱা হয়৷ ‘ৰক ক্লাইম্বিং’ আৰু পৰ্বতাৰোহনৰ বহল ক্ষেত্ৰখনত এই ৰ’পডালৰ অবিহনে একোৱেই সম্ভৱ নহয়৷ নিজেই কেম্প কৰাৰ পৰিকল্পনা থাকিলে টেণ্টৰ লগতে ‘ফিক্স’ কৰিবলৈ প্ৰয়োজন হোৱা প‘ল আদি সকলোবোৰ লগত থাকিব লাগিব৷ টেণ্টটো যেতিয়া পতা হয় বতাহৰ দিশ কোনফালৰপৰা কোনফালে গৈছে সেই মতে দুৱাৰমুখৰ অৱস্থান নিৰ্ণয় কৰিব লাগে৷ বতাহ যি দিশৰপৰা বলে তাৰ বিপৰীত দিশত কেম্পৰ দুৱাৰমুখ দিব লাগে৷

ঔষধ(First Aid/Medicine): – ঔষধ বুলি কবলৈ গ‘লে হাই অল্টিটিউডৰ ক্ষেত্ৰত ডাক্তৰী পৰামৰ্শ অবিহনে যিকোনো ঔষধ সেৱন কৰাতো বিপদজনক৷ তথাপিও প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কেইবিধমান বস্তু যেনে কপাহ, ডেটল বা চেভলনৰ দৰে ভাল এণ্টিচেপ্টিক লিকুইড, জ্বৰ, পানীলগা, কাহৰ ঔষধ, মূৰৰ বিষত লগোৱা বাম, যিকোনো বিষ কমোৱা স্প্ৰে‘ আঁঠুত লগোৱা বেণ্ডেজ তথা নি কেপ আৰু এংকল কেপ ইত্যাদি আমি লগত ৰাখিব লাগে। মহিলাৰ ক্ষেত্ৰত মাহেকীয়া হোৱাৰ সময়ত ‘মেনচুৰেল কাপ’ ব্যৱহাৰ কৰাটো আটাইতকৈ সুবিধাজনক তথা পৰিৱেশৰ লগত খাপ খোৱা এবিধ সামগ্ৰী৷ তাৰ উপৰিও কাৰোবাৰ যদি দীৰ্ঘদিনীয়া কোনোধৰণৰ অসুখ থাকে তাৰ বাবে ঔষধ লগত ৰখাতো প্ৰয়োজন৷ আটাইতকৈ জৰুৰী কথাতো হ’ল এনেকুৱা যাত্ৰাৰ আগতে ডাক্তৰক দেখুৱাই সকলোবোৰ এবাৰ পৰীক্ষা কৰি পৰামৰ্শ লৈ ল‘ব লাগে৷

অন্যান্য(Miscellaneous): – অন্যান্য বুলি কবলৈ যাওঁতে আচলতে বহুখিনি কথা আহি পৰে৷ যিখিনি সামগ্ৰী আমি ওপৰত ভাগ ভাগ কৰি উল্লেখ কৰিলোঁ তাৰ উপৰিও কিছুমান মৌলিক প্ৰয়োজনীয় বস্তু আছে৷ প্ৰথমেই আহিল এজোৰ জোতা, এটা ভাল ৰোকচেক ক’ভাৰ, ভাল পানীৰ বটল এটা, গৰম পানীৰ ফ্লাস্ক‌ এটা, উন্নত মানৰ এটা শ্লিপিং বেগ, ছান গ্লাছ এযোৰ, এডাল ট্ৰেকিং প‘ল, পাৱাৰ বেংক, ফটো উঠাবলৈ কেমেৰা (ওপৰলৈ যাবলৈ বেছি গধুৰ কেমেৰা নোলোৱাই ভাল), মনোৰঞ্জনৰ কাৰণে ইয়েৰ ফোন, স্পিকাৰ ইত্যাদি৷ প্ৰয়োজনীয় নথি পত্ৰ সমূহ ভাল কৈ সৰু ৱাটাৰ প্ৰুফ বেগ এটাত ৰাখিব লাগে যাতে নষ্ট নহয়৷ আচলতে বস্তু পেকিং কৰাৰ ক্ষেত্ৰত যাবলগীয়া ঠাই, উচ্চতা, থকা খোৱাৰ সূচলতা ইত্যাদিবোৰৰ প্ৰতি লক্ষ্য কৰি সামগ্ৰীবোৰ যিহেতু বাছনি কৰা হয়, গতিকে এই সামগ্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত কোনোধৰণৰ ধৰা বন্ধা কথা নাহে। নিজৰ সুবিধা অনুসৰি টোপোলা কঢ়িয়াই নিব পাৰে। এক কথাত ক’ব গ’লে অৱস্থা চাই ব্যৱস্থা৷

ওপৰত উল্লেখ কৰা সমূহ আচলতে সততে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ভিতৰত অন্যতম৷ কোনোবা মুহূৰ্ততত এনেকুৱা কিছুমান বস্তুৰ প্ৰয়োজন আহি পৰে যে তাক কল্পনাও কৰিব নোৱাৰি৷ উদাহৰণস্বৰূপে মই নিম্নলিখিত কাহিনীটো অৱগত কৰিলোঁ।

এবাৰ বৰষুণত আমাৰ ট্ৰেকিং চলি আছিল৷ ১৬ কি.মি. ট্ৰেকিং ৰাতিপুৱা ন বজাৰ পৰা গধূলি পাঁচটালৈকে একেৰাহে৷ প্ৰায় ৮ কি.মি. পথ বৰষুণতেই খোজ দিছোঁ। ‘ৰেইনকোট’ থাকিলেও কামত অহা নাই৷ ইফালে মাজত কোনো কেম্পো নাই। যেনেকে হওক গৈ পাবই লাগিব৷ পিন্ধা কাপোৰ বাদেই, আনকি ৰোকচেকৰ বহুখিনি কাপোৰ তিতি গ‘ল৷ কেম্পত গৈ পিন্ধিবলৈকে কাপোৰ নোহোৱা হ‘ল৷ কেম্পত আছিল বিদ্যুতৰ সুবিধা, লগৰ এগৰাকীৰ বেগত আছিল চুলি শুকোৱা ড্ৰায়াৰ৷ লাইন পাতি পাতি ড্ৰায়াৰটোৰে এযোৰ শুকুৱাইহে ৰক্ষা পৰিলোঁ৷ সেই যাত্ৰাত চুৱেটাৰ জেকেটবোৰ বাচিল যদিও সেমেকি আছিল। সেই দিশৰ পৰা চাবলৈ গলে বিদ্যুৎ উপলব্ধ ঠাই হ‘লে হেয়াৰ ড্ৰায়াৰটোও বহু কামত ব্যৱহাৰৰ উপযোগী হৈ পৰে। পানীৰ বেগটো আমি বিষ হ‘লে সেকিবলৈ ব্যৱহাৰ কৰোঁ৷ কিন্তু মাইনাছত তাপমান থকা ঠাইত যদি আপুনি শ্লিপিং বেগটোৰ ভিতৰত গৰম পানীৰ বেগ এটা সুমুৱাই ল‘ব পাৰে, আপুনি আৰু উম উঠাই টোপনিলৈ বাট চাব নালাগে, টোপনি নিজেই আহিব আপোনাৰ ওচৰলৈ৷ ঠিক তেনেকৈ দিনটো ট্ৰেকিং কৰি ৰাতি শুৱাৰ সময়ত ভৰিৰ তলুৱাত অকণমান মিঠাতেল ঘঁহি শুলে ভৰি কেইটাই বহুত আৰাম পোৱাৰ লগতে গৰম হৈ থাকে৷ গতিকে এইদৰে সকলোবোৰ বস্তু গোটাই যাত্ৰাৰ তিনিদিনমান আগত গোটেই বস্তুখিনি বেগটোত এনেধৰণে ভৰাব লাগে যাতে গোটেইখিনিৰ ওজন বেগটোত সমানে বিস্তাৰিত হয় আৰু পিঠিত লোৱাৰ সময়ত অসুবিধাৰ সৃষ্টি নহয়৷ যদিহে বেগটো যথেষ্টখিনি গধুৰ হয় আৰু সামগ্ৰীৰ ভৰটো যদি সমানে নপৰে, ই দীৰ্ঘদিনীয়া অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ ‘পেকিং’ কৰাৰ সময়ত যিবোৰ বস্তু প্ৰয়োজন হৈ থাকে, সেইবোৰ ওপৰতে ৰাখি বাকী কম প্ৰয়োজনীয়বোৰ তললৈ ৰাখিব লাগে৷ বস্তুবোৰ ভৰাই লোৱাৰ পিছত সকলো ঠিকে আছে নে নাই সেইয়া পিঠিত লৈ পৰীক্ষা কৰি চাব লাগে ৷ অৱশ্যে কৰবালৈ ফুৰিব যোৱাৰ ক্ষেত্ৰত বেগ কেতিয়া ‘পেক’ কৰোঁ কেতিয়া ‘পেক’ কৰোঁ যেন লাগিয়ে থাকে সকলোৰে৷ উৎকণ্ঠাৰে ভৰি থাকে মনবোৰ৷ যেতিয়া আপুনি নিজৰ দূৰদৰ্শিতাৰ বাবে যাত্ৰা পথত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে পাৰ কৰি আহে তাতকৈ আৰু কিবা লাগেনে?

ভ্ৰমণে মানুহক পূৰ্ণতা দিয়ে৷ বিভিন্ন ঠাই, বিভিন্ন মানুহ, ভাষা সংস্কৃতি ইত্যাদিৰ ব্যৱহাৰিক দিশবোৰ ভ্ৰমণে আমাক প্ৰদান কৰে। চিনাকি ঠাইত, একে মনৰ অচিনাকি মানুহৰ লগত, পাহাৰৰ মাজত, মুকলি আকাশৰ তলত অন্ততঃ এটা ৰাতি কটাই বুজি পোৱা যায় জীৱন প্ৰকৃততে কি৷ সকলোৱে ভ্ৰমণ কৰক, যিমান পাৰে সিমান কৰক৷ সুস্থ থাকক দেহেৰে আৰু মনেৰেও৷

One thought on “আপোনাৰ যাত্ৰা শুভ হওঁক ’শুভ যাত্ৰা’ – ৰুবী বৰা

  • June 19, 2020 at 3:15 pm
    Permalink

    ধুনীয়া লিখিছা দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!