আবেলিৰ তিতা-কেঁহা অভিজ্ঞতা (নিতুল বৰা)

যোৱা কালিৰ সন্ধ্যাৰ কথা, সদায় আদ্দা দিয়াৰ দৰে যোৱাকালিও লগৰবোৰৰ লগত চাৰিআলীত আদ্দা দি আছিলো, ঠিক তেনেতে আহিল এজন মোৰ দাদাৰ লগৰ ল’ৰা, দাদাহঁতৰ লগত একেলগে চাকৰিত সোমাইছিল তেওঁ। নতুনকৈ আই ২০ এখন কিনি আনি ওফাইদাং মৰা কথাৰে আমাৰ আদ্দা থলিটো তোলপাৰ লগাই আছে। লগৰ কেইটাই লাহে লাহে গুৰুত্ব নিদি ইফালে সিফালে চাই আছে, ——তথাপিও তেওঁ কৈ আছে, আই ২০ গাড়ীৰ নিচিনা গাড়ীয়েই নাই, কি মাইলেজ, কি কমফৰ্ট, কি কণ্ডিচন। এক্সেলেণ্ট বুজিচা। মোৰ ডাঙৰ ল’ৰাটোৱে এদিনতে শিকিলে নহয় বুইছা, আজি কালিৰ ভাষাত কবলৈ গলে লেবেল দি আছে। শুনোতাই ভাল পাইছেনে বেয়া পাইছে সেইবোৰলৈ কাণষাৰ নাই …………….। তেওঁৰ কথা শুনি শুনি মোৰ টেমাটো লাহে লাহে গৰম হৈ আহিল। এনে কিছুমান গছত গৰু উঠা কথা কৈ থাকে, শুনিলেই তাঁৰ চিঙি যাওঁ যাওঁ কৰে, এনে দেখুৱাই যেন তেওঁহে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম গাড়ী কিনিছে। এটা সময়ত মোৰ ধৈৰ্য্যৰ বান্ধ চিগি গল…ৰৈ থাকিব নোৱাৰি কৈয়েই পেলালোঁ……….তাৰে কথোপকথন খিনি ৰাইজক জনাইছো—

:- অ দাদা, আপোনাৰ গাড়ী কিনাৰ সামৰ্থ আছে কিনিছে ভাল কথা, কিন্তু গাড়ীখন লৈ ইমান গৌৰব কৰাটো মই সহজ ভাবে ল’ব নোৱাৰিলো, বেয়া নাপাব।

:-কিয়….? তোমাৰ ইৰ্ষা হৈছে নেকি..?

:-ইৰ্ষা হোৱা হলেতো ভালেই আছিল, কিন্তু মোৰ বেয়াহে লাগিছে আপোনালৈ। পুতৌ উপজিছে আপোনালৈ।

:-কিয়…?

:-মই ভাবিছিলোঁ আপুনি গাড়ীখনৰ বিষয়ে যেনেকৈ কৈছে, যেন গাড়ীখন আপুনি নিজেহে তৈয়াৰ কৰিছে। এতিয়াহে গম পালো দামী হোণ্ডাই কোম্পানীৰ ইঞ্জিনিয়াৰবোৰে মাথা মাৰি মাৰি তৈয়াৰ কৰা গাড়ীখন আপুনি ক্ৰয়হে কৰিছে।

:-অ মই কিনিছো, নিজৰ টকা খৰচ কৰি কিনিছো সেয়ে গৌৰব কৰাতো মোৰ অধিকাৰ।

:-ওহো, নহয় আপোনাৰ ধাৰণা ভুল, গৌৰব তেওঁলোকে কৰিলেহে বেছি ভাল লাগিল হয়, এনেকুৱা এখন গাড়ী তৈয়াৰ কৰিবা পৰা বাবে, আপুনি গৌৰৱ কৰিলে ভাল নেদেখি।

:-হুহ, কি আল্টু ফাল্টু কথা কোৱাহে………………

:-মই ঠিকেই কৈছো, আপুনিহে বেবেৰিবাঙ কথাবোৰ কৈ আমাক বিৰক্তি কৰাই নহয় গোটেই ধুনীয়া সন্ধিয়াটোৰ পৰিবেশ বিনষ্ট কৰিছে।………………আপুনি ভাবিছে নেকি যে আপোনাৰ এই ওফাইদাং মৰা কথাবোৰ শুনি সকলোৱে ভাল পাইছে বুলি…? তেনেকৈ ভাবিছে যদি সেইটোও ধাৰণা ভুল আপোনাৰ।

:-কিয় কওঁ শুনক।

:-হুহ তোমাৰ কথা শুনিবলৈ মোৰ সময় নাই। (তেওঁ বুজিলে যে তেওঁৰ সময় ভাললৈ অহা নাই, পাছে মইও সহজে এৰি দিয়া ভকত নহয়)……….উঠিবলৈ ধৰোতেই বহিবলৈ কলো, ৰব শুনি যাওঁক, কিয় আপোনাক তেনেকৈ কলো, নহলে এই একেখিনি কথাকেই আকৌ কালিলৈ আন কেইজনমানক কৈ বিৰক্ত নকৰিবজানো, লগে লগে সেইকেইজনৰো আমাৰদৰে পূজাচোৱাৰ মাদকাত হেৰাই নাযাবজানো..!

:-হুহ বৰ জ্ঞানী দেখুৱাই , ( মুখৰ ভিতৰতে ভোৰ-ভোৰালে তেওঁ)

:-আপুনি যে কিনিছে গাড়ীখন, সেইখনে আপোনাৰ কি উপকাৰ সাধিব নাজানো, কিন্তু আন বহুতৰে যে অপকাৰ কৰিব সেইটো খাটাং। কেনেকৈ কওঁকচোন..!

:-কেনেকৈ…?

:-কেনেকৈ! শুনক কৈছো।

:-আপোনাৰ এখন গাড়ী আছে, এখন নহয় কেইবাখনো আছে। ভাল মানুহৰ ভালকথা।

:-কিন্তু দাদা, আপুনি জানেনে বা ভাবি চাইচেনে যে আপুনি অপ্ৰয়োজনীয়, অতিৰিক্ত ভাবে কিনা গাড়ীখনে এফালে প্ৰাকৃতিক ইন্ধন দিনে দিনে পুৰি শেষ কৰি আহিব আৰু চাইলেঞ্চাৰেৰে ওলাব প্ৰতি নিয়ত কাৰ্বনমনক্সাইড গেছ যি বায়ুমণ্ডলত প্ৰদুষিতহে কৰিব লগতে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহনাহে যোগাব। তাৰোপৰি অপ্ৰয়োজনীয় ভাবে ষ্টেটাচ মিলাবলৈ গৈ চহৰত যান-যতৰ সৃষ্টিহে কৰিছে।

:-মই আক কথা বিলাক ওলাটাকৈ ভাবো, ———-মোৰ এখন নতুনকৈ খোলা নাৰ্ছাৰী আছে, যত আছে ৩০০ৰ পৰা ৪০০ জোপা মান গছৰ, ফুলৰ পুলি আছে আৰু এই পুলিবোৰে ডাঙৰ হৈ যথেষ্ট পৰিমানৰ অক্সিজেনৰ অৰিহানা যোগাব বায়ুমণ্ডললৈ, তাৰোপৰি গোলকীয় উষ্ণতা হ্ৰাসত সামান্য হলেও সহায় কৰিব বুলি মই নিশ্চিত, বৰ্তমানেও অক্সিজেন সৃষ্টি কৰিছেই পুলিবোৰে, যদিও পৰিমান তেনেই তাকৰ।

:-মই নিজ জনা আৰু নিজ হাতেৰে গঢ়া পুলিবোৰৰ কথা কৈছো। এইখিনি আপোনাৰ গাড়ীতকৈ বহুত বেছি গুণে মূল্যবান বুলি ভাবো।

:-কিন্তু আপুনি কি কৰি আছে এতিয়া, আনে গঢ়া বস্তুক লৈ ঢাক-ঢোল বজাইছে। এতিয়া কওঁক, ইয়াৰ পাছতো আপুনি নিজকে গৌৰব কৰিব লগা কিবা ডাঙৰ কাম কৰিছে বুলি ভাবেনে…..???

মোৰ বন্ধুকেইটাই মোৰ মুখলৈ মুখমেলি চাই আছে। দাদাজনে, হাঁহিবনে কান্দিব বুজিব নোৱাৰিলে,– মুখত তীব্ৰ বিৰক্তি, আক্ৰোশ, প্ৰতিশোধৰ আৰু চাগৈ বহুত কিবা কিবি প্ৰতিফলিত কৰি লাহেকৈ গুচি গল। হয়তো দ্বিতীয় দিনা কেতিয়াও অন্তত্ঃ মই থকা অৱস্থাত এনেকৈ পুনৰ বিৰক্তি নকৰিবহি।

লগৰ কেইজনে কলে মোকঃ- ঐ তই কথাটো ভাল নকৰিলি নেকি…? তোক বেয়া পালে দেই। মই বোলো পালে পাওঁক, তেওঁৰ কথাবোৰ যে শুনি আনে বেয়া পাব পাৰে সেইটো জানো তেওঁ চিন্তা কৰিছে। বয়সৰ কথা আছে এটা বয়সত এইবোৰ ভাল দেখি, তেওঁৰ বয়সৰ কোনো নাই যেতিয়া মিচাতে কিয় এইবোৰ কৈ বিৰক্তি কৰিবলৈ আহে বাৰু। তহঁতে তেওঁ যি কয় হয় হয় বুলি সলাগি থাকিব পাৰ, মই নোৱাৰো দেই। এনেকুৱা মানুহক এনেকৈয়ে জোকৰ মুখত চূণ দিয়াদি দিবলাগে নহলে সিহঁতৰ সেই লেবেলডাল দিনে দিনে দীঘল হৈ গৈয়ে থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!