আমি কিমান অসমীয়া আৰু কিমান মানুহ (অনুপমা বৰগোহাঁই)

 

 

 

বিশাখাপট্টনমত মুষ্টিমেয় অসমীয়া (আধা-অসমীয়া) মানুহৰ থাকি ভাবিছিলো-কি হব মোৰ লৰাদুটাৰ-নিজৰ মূল সুতি,নিজৰ সংস্কৃতি নিচিনা অৰ্ধ অসমীয়া অৰ্ধ তেলেগু অৰ্ধ ইংৰাজ এক অসম্পূৰ্ণ ব্যক্তি হবচোন!!দিল্লীলৈ বদলিৰ নিৰ্দেশ অহাত ভাবিলো ভালেই হব লৰাদুটা অসমৰ অলপ ওচৰ চাপিব আৰু দিল্লীত থকা বৃহত্তৰ অসমীয়া সমাজৰ মাজত নিজৰ জাতিটোক চিনাৰ সুবিধা পাব৷

*****************************************

খৰিকাজাই,শেৱালী, তগৰ ফুলৰ সুগন্ধৰে মলমলাই থকা অসমীয়া অসমীয়া গোন্ধ থকা অসমীয়া দূৰদৰ্শী ব্যক্তি কিছুৱে গঢ়ি তোলা এটা এপাৰ্টমেন্টত থাকিবলৈ আহিলো-আগতে থকা ভাড়াঘৰটোৰ ৭০০০০/টকাৰ security money ঘূৰাই নিদিয়াৰ ভাবুকিকো আওকাণ কৰিলো৷ অসমীয়াৰ মোহ ইমানেই বেছি আছিল যে লৰাকেইটাক অসমীয়া সম্বোধনেৰে ওচৰৰ অসমীয়া পৰিয়াল বোৰক মাতিবলৈ শিকালো৷..কিন্ত দেখিলো আমাৰ অসমীয়া সম্বোধনত অসমীয়া মানুহখিনিয়ে লাজহে পায়! সুশিক্ষিত, সুপ্ৰতিষ্ঠিত পৰিয়ালৰ বহুতে নিজৰ লৰাছোৱালীৰ লগত হিন্দীতহে কথা পাতে৷ গৰ্বৰে কয় “আমাৰ লৰাকেইটাই অসমীয়া নাজানেই..সিহঁতে সৰুতেই ইয়ালৈ আহিব লগা হ’লযে!!” মাক-দেউতাকৰ “খাৰখোৱা মুখত” লৰাছোৱালীৰ লগত পতা হিন্দী কথোপকথন শুনিলে হাঁহো নে কান্দো যেন লাগে!

***********************************************

আমি দিল্লীলৈ আহিয়েই Assam associationৰ  আজীবন সদস্যভৰ্তী হলো ৷সেইসময়ত associationৰ বিষয়ববীয়াৰ নিৰ্বাচনৰ সময়৷-বিভিন্নজন অসমীয়া মানুহে আমাক phone কৰি বা-বাতৰি ললে আৰু নিৰ্বাচনত আমাৰ ভোটটো তেওঁলোককে দিবলৈ কলে৷নিৰ্লজ্জ্বৰ দৰে দুই একে “আমি একে মানুহ(মানে আহোম) সেই বেলেগ জাতৰ মানুহজন/জনীক ভোট নিদিবা”-কিছুৱে “সেই আহোমনীজনীক ভোট নিদিবা” এনেকৈয়ো কলে৷ আমি স্তম্ভিত!ভাবিলো সেইকেইজন লোকহে তেনেকুৱা৷ “ভাল” আৰু “বেয়া” মানুহেৰেই সমাজ৷

**************************************************

১৭জানুৱাৰী২০০৯ ৷ Assam association এ দিল্লীত জ্যোতি দিবসৰ আয়োজন কৰিছে ৷ভাবিলো আমাৰ লৰাদুটাই আমাৰ সংস্কৃতিৰ বিষয়ে ৰূপকোঁৱৰৰ বিষয়ে আৰু কিছু জানিব৷ সেইসময়ত  ৮ আৰু ৪ বছৰীয়া মোৰ দুয়োটা লৰাক জ্যোতিপ্রসাদৰ বিষয়ে জনালো-দুটা জ্যোতিসংগীত শিকালো৷ সিহঁতে গানৰ অৰ্থ বুজি/মোৰ পৰা শিকি(আগতে জ্যোতিসংগীত সিহঁতক শুনাবলৈকে পৰা নাছিলো)মঞ্চত পৰিবেশন কৰিলে—সেইসময়ত উপস্হিত ২০% লোকেহে সিহঁতৰ  গান উপভোগ কৰিলে, বাকী বিষয়ববীয়া সকলে-“নতুন লৰাক কিয় দুটা গান গাবলৈ দিছে  Mrs x, Mrs yহঁতৰ বিহুগীত আছে,তাৰপিছত tombola খেলাবলৈ আছে..বুলি হুলস্থুল লগাই থাকিল –লৰা দুটিক উৎসাহিত কৰিবলৈ আৰু অসমীয়া গান ,কলাসংস্কৃতি জানিবলৈ উৎসাহিত কৰিবলৈ অতি কম লোকহে ওলাল!(কোনোবাই শুনিব বিচাৰিলে সিহঁতে সেইদিনা গোৱা গানৰ  video upload কৰি পঠিয়াম—বিষয়ববীয়াৰ কথোপকথনৰ হৈতে.)

*************************************************

এদিন মোৰ ডাঙৰ লৰা অন্তৰীক্ষই সুধিলে, ‘মা,আমি অসমীয়া নে আহোম’?আমাৰ চকু কপালত উঠিল- আমি সিহঁতক বৃহত্তৰ অসমীয়া সমাজৰ লগত চিনাকী কৰিবলৈ আনিছিলো নে আহোম,বামুণ,বড়ো,কছাৰি আদি অসমীয়াৰ জাতিভেদ শিকাবলৈ আহিছিলো৷..অসমীয়াৰ গোন্ধ থকা সমাজত থাকি আমাৰ লৰাদুটাক অসমীয়া কৰিব নোৱাৰিম বুলি বুজি পালো৷সেয়ে Noidaত কোম্পানীয়ে দিয়া আবাসলৈকে গুচি আহি অনাঅসমীয়া পৰিবেশত থাকি আমাৰ লৰাক আহোম/অসমীয়া/ভাৰতীয়/হিন্দু বনোৱাৰ চেষ্টা এৰি ‘মানুহ’ বনোৱাৰ চেষ্টাত আছো৷

—————–****—————

“কোনো ব্যক্তি, কোনো এটা জাতি বা এখন সমাজৰ বাবে অপৰিহাৰ্য্য নহয়। শংকৰদেৱ মৰাৰ পিছতো অসমীয়া জাতি জীয়াই আছে আৰু ৰবীন্দ্রনাথ মৰাৰ পিছতো বঙালী জাতি জীয়াই আছে।  জীয়াই থাকিব হাজাৰ হাজাৰ বছৰ।” – ড°ভূপেন হাজৰিকা।

One thought on “আমি কিমান অসমীয়া আৰু কিমান মানুহ (অনুপমা বৰগোহাঁই)

  • May 17, 2012 at 10:50 am
    Permalink

    আপুনি উল্লেখ কৰা মানুহ খিনিৰ দৰে সৰহভাগ অসমীয়া মানুহৰ মনোবৃতি একেই তথাপিও অসমীয়া সমাজ জীয়াই আছে আৰু থকিব কাৰণ আমাৰ মাজত আপোনাৰ নিচিনা ব্যক্তি আছে, একাপ পানী চাহ হ’বলৈ এচিকুত চাহপাতেই যথেষ্ট।.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!