আলুৰ ফুলৰি (মিতালী বৰ্মন)

 

 

 

 

 

 

 

 

 

মিতালী বৰ্মন

 

শীত কালৰ সন্ধিয়াৰ চাহ কাপ মচমচীয়া ফুলৰিৰে খাবলৈ নিশ্চয় সকলোৱে ভাল পাব। সেয়েহে আলুৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালীটো আগবঢ়ালোঁ।

 

উপকৰণ:

আলু: ৩টা (মজলীয়া ধৰণৰ)

বেচন: আধা কাপ

বেকিং পাউদাৰ: ১/২ চাহ চামুচ

নিমখ: সোৱাদ অনুযায়ী

জলকীয়া: ৩ বা ৪ টা

পিঁয়াজ: ২ টা (মজলীয়া ধৰণৰ)

ধনীয়া

পাত পিঁয়াজ: ২ টা

পানী

ৰিফাইন তেল

 

প্ৰণালী:

প্ৰথমে আলুকেইটা ভালকৈ ধুই বাকলি গুচাই সিজাই লওক। আলুখিনি সিজোৱা হোৱালৈ পিঁয়াজৰ বাকলি গুচাই ধুই মিহিকৈ কাটি লওক। একেদৰে জলকীয়া, পাত পিঁয়াজ আৰু ধনীয়াখিনি ধুই মিহিকৈ কাটি লওক।

পাত্ৰ এটাত বেচন, বেকিং আৰু কাটি লোৱা ধনীয়া, জলকীয়া, পিঁয়াজ আৰু পাত পিঁয়াজখিনি পানীৰে মিহলাই থুপথুপীয়া মিশ্ৰণ এটা তৈয়াৰ কৰি লওক। সিজোৱা আলুখিনি এইমাত্ৰ তৈয়াৰ কৰা মিশ্ৰণটোৰ লগত সোৱাদ অনুযায়ী নিমখ দি ভালকৈ মিহলাই লওক।

কেৰাহীত ৰিফাইন তেল গৰম হ’বলৈ দিয়ক। তেল গৰম হ’লে জুইকুৰা অলপ কমাই দি সৰু চামুচ এখনৰে আলু-বেচনৰ মিশ্ৰণটো এচামুচ এচামুচকৈ তেলত দি ডুবাই ভাজক। ফুলৰিবোৰ অলপ সোণালী ৰঙচুৱা হ’লে নমাই থওক। একেদৰে গোটেইখিনি ভাজি পেলাওক। গৰমে গৰমে চাহৰ লগত পৰিবেশন কৰক।

 

মনকৰিবলগীয়া কিটিপ:

বেছি জুইত ফুলৰি ভাজিলে পটকৈ ৰঙা পৰি দেই যাব পাৰে। সেয়ে জুইকুৰা অলপ কমাই ল’ব লাগে।

ফুলৰি ভজা পাত্ৰটোৰ আকাৰ অনুযায়ীহে একেবাৰত কিমানটা ফুলৰি ভাজিব তাক নিৰ্ণয় কৰিব। মানে সৰু কেৰাহী বা পাত্ৰত একেবাৰতে বেছি সংখ্যক ফুলৰি ভাজিলে ভালকৈ ভজা নাযাব পাৰে।

 

বিধিসন্মত সতৰ্কবাণী:

খালী পেটত ফুলৰি নাখাব। আৰু জুতি পাই লগাতকৈ বেছিকৈ ফুলৰি খালে ‘অম্লশূল’ হোৱাৰ সম্ভাৱনা থাকে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!