আশা নিৰাশাৰ মাজত দোদুল্যমান মানৱ সভ্যতা- ড° মদন তাপৰীয়া:

সমসাময়িক চিন্তাঃ

কৰ’নাৰ সন্ত্ৰাস আৰম্ভ হোৱা প্ৰায় দহ মাহেই হ’ল৷ এই সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ গোটেই বিশ্বজুৰি অহৰ্নিশে বৈজ্ঞানিকসকলে প্ৰচেষ্টা অব্যাহত ৰাখি আছে যদিও সমস্যাৰ সমাধান সুদূৰ পৰাহত৷ এই কৰ’না ভাইৰাছৰ ওপৰত বিভিন্ন দেশত অনেক ৰকমৰ গৱেষণা চলিয়েই আছে আৰু ইতিমধ্যে লেন্সেট, নেচাৰ আদিৰ দৰে সুনাম থকা বৈজ্ঞানিক পত্ৰিকাত দহ হাজাৰতকৈ অধিক বৈজ্ঞানিক গৱেষণাপত্ৰ প্ৰকাশিত হৈ গৈছে৷ ইয়াৰ পৰা এটা কথা অনুমান কৰিব পৰা যায় যে বিশ্বৰ বৈজ্ঞানিকসকলে এই কৰ’না ভাইৰাছৰ ওপৰত অগ্ৰাধিকাৰ দি নিজৰ নিজৰ পৰীক্ষণ চলাই কিবা এটা ফলপ্ৰসূ উপায় উদ্ভাৱন কৰাত লাগি পৰিছে যদিও সকলোৱে এতিয়াও আন্ধাৰতে তৰোৱালখন ঘূৰাই থকা যেন হে হৈছে৷

এই সময়চোৱাত কৰ’না ভাইৰাছৰ ছিটা উদ্ভাৱন কৰিবলৈ পৃথিবীৰ বহুতো অগ্ৰণী দেশত জোৰদাৰ কাম চলি আছে৷ চীন দেশৰ Sinovac ছিটা ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই সৰ্বসাধাৰণ ৰাইজৰ মাজত মুকলি কৰি দিবলৈ মঞ্জুৰী প্ৰদান কৰিছে৷ ৰাছিয়াই SputnikV ছিটা বিশ্ব স্বাস্থ্য সংস্থাৰ মঞ্জুৰীলৈ বাট নাচাই নিজৰ নাগৰিকসকলক দিবলৈ আগবাঢ়ি আহিছে৷ ভাৰতত মুকলি হ’বলৈ যোৱা অক্সফৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা Covishield ছিটাৰ পৰীক্ষণ এটা সময়ত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কাম কিছু সময়ৰ বাবে বন্ধ কৰাৰ পিছত পুনৰ তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিছে৷ এই ছিটা সকলো পৰীক্ষণ সফল হ’লেহে হয়তো 2021 চনৰ জুন মাহতে সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰিবলৈ সম্ভৱ হ’ব পাৰিব৷ এটা ছিটা দুবাৰকৈ এজন মানুহক দিয়াৰ প্ৰয়োজন হ’ব৷ সেইমতে ভাৰতৰ দৰে জনবহুল দেশৰ বাবে মোটামুটি ২৮০-২৯০ কোটিৰ ছিটাৰ আৱশ্যক হ’ব৷ এই ছিটা ভাৰতত মুকলি কৰিব পুনাস্থিত ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই, যাৰ বছৰি উৎপাদন ক্ষমতা ১০০ কোটি ছিটা, যিটো পৃথিৱীৰ সৰ্ব্বোচ্চ, যাৰ তুলনাত কোনোৱে ওচৰে চাপিব নোৱাৰে৷ এই উৎপাদনৰ ৫০% বিল গেটচৰ বেচৰকাৰী সন্থাই চুক্তি অনুসৰি দুখীয়া দেশসমূহত বিতৰণ কৰিবলৈ লৈ যোৱাৰ উপৰি বিভিন্ন বাহিৰা দেশৰ লগত চুক্তিবদ্ধ আন আন পৰীক্ষাগাৰৰ ছিটা উৎপাদন কৰি দিব লাগিব ৷ ভাৰতৰ বিভিন্ন পৰীক্ষাগাৰত উৎপাদন হ’বলৈ যোৱা ছিটাৰ পৰিমাণ গোট খুৱাই ভাৰতত ছিটাকৰণৰ কাম চাৰি বা পাঁচ বছৰৰ ভিতৰতহে সম্পূৰ্ণ কৰিব পৰা যাব বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে৷ তদুপৰি ভাৰত চৰকাৰে বিনামূলীয়াকৈ ছিটা প্ৰদান কৰিবৰ বাবে ৬৫, ০০০ কোটি (নিম্ন নিৰিখত: $3) ধনৰ ব্যৱস্থা কৰিব লাগিব, মাত্ৰ ছিটা কিনিবলৈ, আন আন আনুষংগিক খৰচবোৰ আছেই৷ তাৰ মানে আমি সকলোৱে এতিয়া মানি চলা মাস্ক পৰিধান, সামাজিক দূৰীকৰণ, স্বচ্ছতা আদিৰ দৰে একেই সাৱধানতা অৱলম্বন কৰি চলাৰ বাহিৰে কোনো বিকল্প নাথাকিব, বিশেষকৈ জেষ্ঠ বয়সিয়াল সকলে চাৰি-পাঁচ বছৰলৈকে সাৱধানতাত অলপো অৱমাননা কৰিলেই মৃত্যুৰ বাহিৰে কিন্তু কোনো গত্যন্তৰ নাথাকিব৷
ভূতৰ ওপৰত দানৱ পৰাৰ দৰে বিশ্বৰ বহুতো বিজ্ঞানীয়ে এই ছিটা উদ্ভাৱন কৰি মুকলি কৰাৰ সময়তে বৈজ্ঞানিক ভিত্তিক লৈ সন্দিহান হৈ ঘোষণা কৰিছে যে এই ছিটাবিলাক ৫০% সফল হোৱাৰ হে সম্ভাৱনা আছে৷ তাৰ অৰ্থ এইটোৱেই যে ছিটা লোৱাৰ পিছতো মানুহে ভয় মুক্ত নহ’ব৷ কাৰণ বিশ্বৰ বিষম আনুবংশিক উপাদানৰ বিভিন্ন প্ৰজাতিৰ মানুহৰ দেহত বিশ্বৰ বিভিন্ন জলবায়ুত আনুবংশিক পৰিৱৰ্তন ঘটা কৰ’না ভাইৰাছৰ বিৰুদ্ধে ছিটাই যে সমানে কাম কৰিব বুলি কোনো যুক্তি দেখা নাই৷ তদুপৰি মাত্ৰ কেইদিনমানৰ আগতে বিশ্ব স্বাস্থ্য সন্থাই ঘোষণা কৰিছে যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে এক সফল আৰু কাৰ্যকৰী ছিটা উদ্ভাৱন কৰাটো এক দুৰূহ কাম৷

সেইবুলি বিজ্ঞানীসকলে হতাশ নহৈ নিজৰ যুদ্ধ অব্যাহত ৰাখিছে, কিবা এটা সমাধান উলিয়াবলৈ৷ অপৰম্পৰাগত বিধিৰ দ্বাৰা ইয়াৰ সমাধান সূত্ৰ উদ্ভাৱন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিয়েই আছে৷ কনাডাৰ বিট্ৰিছ কলোম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় মূলৰ বিজ্ঞানী ড° শ্ৰীৰাম সুব্ৰমণ্যম আৰু তেওঁৰ সতীৰ্থসকলে এটা এণ্টিবডী নিলগ কৰিবলৈ সমৰ্থ হৈছে যিয়ে দৰব ৰূপে শৰীৰত কোভিড১৯ ৰোগ নিৰাময় কৰাৰ উপৰি কৰ’না প্ৰতিষেধক ৰূপ কাৰ্যকৰী হ’ব বুলি ঠাৱৰ কৰিছে৷ ইয়াৰ অৰ্থ হ’ল এই এণ্টিবডীযে মানুহৰ দেহত প্ৰাকৃতিকভাৱে থকা ৰোগ প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰাম্যতা বা ইম্যুনিটি বহুগুণে বৃদ্ধি কৰি ৰোগ নিৰাময় কৰাৰ উপৰি সুস্থ মানুহৰ দেহত দৰব ৰূপে প্ৰৱেশ ঘটালে প্ৰতিষেধকৰো কাম কৰিব৷ হয়তো তেতিয়া ছিটা বিলাকৰ প্ৰাসংগিকতা নাইকিয়া হৈ পৰাটো কোনো ডাঙৰ কথা নহ’ব৷

এতিয়া আমাৰ দেহত এণ্টিবডীৰ কাম কি থুলমূলকৈ বুজা যাওক৷ প্ৰতিদিনে মানুহৰ উশাহৰ দ্বাৰা প্ৰায় ১০ কোটি বিভিন্ন ভাইৰাছ প্ৰবেশ ঘটে, যদিও সৰহ সংখ্যকে দেহত কোনো অপকাৰ নকৰে৷ কিন্তু আমাৰ ইম্যুনিটি প্ৰতিপল, প্ৰতি অনুপলৰ বাবে সষ্টম হৈ থাকে যাতে এই জীৱাণুৰ লগত বীজাণু প্ৰবেশ কৰি ৰোগ সৃষ্টি কৰিব নোৱাৰে৷ এই এণ্টিবডীবিলাক হ’ল আমাৰ ইম্যুনিটিৰ আগৰণুৱা যোদ্ধা বা frontline warrior, ঠিক আমাৰ সৈনিকৰ দৰেই৷ এই এণ্টিবডী উৎপন্ন হয় ধবল ৰক্ত কণিকাৰ B-কোষত, প্ৰতি চেকেণ্ডত ২০০০ অনুপাতত! আমাৰ শৰীৰত কোভিড ৰোগ হোৱা অৱস্থাত প্ৰতি মিঃলিঃ তেজত কৰ’না ভাইৰাছৰ সংখ্যা পায়গৈ কেইবা কোটি লৈ৷ প্ৰতি ভাইৰাছ জীৱাণুক দুটা এণ্টিবডীয়ে খামুচি ধৰি অৱশ কৰি তুলি তেজত প্ৰবাহিত হোৱাৰ পৰা বাধা দি ঠেলি ঠেলি পুনঃব্যৱহাৰ্যকৰণ‌ গোটলৈ (Recycling bin) নিয়ে, য’ত ধৱল ৰক্ত কণিকাত থকা মন’চাইট আৰু নিউট্ৰফিল তন্ত্ৰই ভাইৰাছক মাৰি পেলায়৷

আমাৰ দেহত প্ৰায় ৩ কোটি বিভিন্ন ধৰণৰ এণ্টিবডী থাকে আৰু সৰ্বমুঠ সংখ্যা প্ৰায় ৩০০ কোটি; তাৰমানে পৃথিৱীৰ জনসংখ্যাতকৈ বেছি এণ্টিবডী আমাৰ দেহত থাকে৷ এই এণ্টিবডীবোৰ অতি সূক্ষ্ম আকাৰৰ, কৰ’না ভাইৰাছতকৈ ১০০০ গুণে সৰু; কৰ’না ভাইৰাছ হ’ল সূক্ষ্মাতিসূক্ষ্ম বীজাণু যেতিয়া এই এণ্টিবডি কিমান সূক্ষ্ম হ’ব পাৰে তাক কল্পনা কৰাই দুৰূহ কাম৷
ড° শ্ৰীৰাম সুব্ৰমণ্যম আৰু সতীৰ্থবৃন্দই মানৱ দেহৰ পৰা নিলগীকৰণ কৰা এণ্টিবডী সাধাৰণতে থকা এণ্টিবডীৰ তুলনাত ১০ গুণে সৰু কিন্তু কাৰ্যক্ষমতাৰ দৃষ্টিত অতুলনীয়৷ এই এণ্টিবডীৰ নাম দিয়া হৈছে AB8৷ এইবিধ এণ্টিবডীৰে দৰব প্ৰস্তুত কৰি বান্দৰ আৰু এন্দূৰৰ দেহত দি সফল পৰীক্ষণ কৰি কোভিড ৰোগ নিৰাময় কৰাৰ উপৰি প্ৰতিষেধক ৰূপে সফল বুলি প্ৰমাণিত হৈ গৈছে৷ বৰ ভাল কথা এইটোৱেই যে এই নিৰ্দিষ্ট এণ্টিবডীৰ দেহৰ কোষ বিলাকৰ ৰোগ প্ৰতিৰোধ ও নিৰাময় কৰা শক্তি বহুগুণে শক্তিশালী কৰি তুলিলেও দেহৰ কোষৰ লগত সংপৃক্ত নোহোৱাকৈ থাকে বাবে কোষৰ নিজা নিজা কাৰ্য সম্পাদনা কৰিবলৈ কোনো বাধা সৃষ্টি নকৰিব৷ এই দৰব নাকৰে বা বেজী ৰূপে মানৱ দেহত দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ এই পদক্ষেপ অভিনৱ আৰু সম্পূৰ্ণ প্ৰাকৃতিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত যদিও মানৱ দেহত পৰীক্ষণৰ কাম আৰম্ভ কৰাহে হৈছে৷ কাৰণ দৰব ৰূপে মুকলি কৰাৰ আগতে সকলো বৈজ্ঞানিক প্ৰট’কল সম্পূৰ্ণৰূপে পূৰণ কৰাৰ কথাটো যোগ্যতা নিৰ্ধাৰণ কৰা নিৰপেক্ষ সমিতিয়ে পাছ কৰিব লাগিব৷
এই পৰীক্ষণ সফল হৈ মানৱ জাতিৰ সম্ভাব্য বিনাশৰ বাবে উদ্ভৱ হোৱা অশনি সংকেত দূৰ কৰি এক চিৰ যুগমীয়া‌ অৱদান আগবঢ়াব বুলি আশা কৰিব পাৰি৷

নিলগীকৰণ কৰা এণ্টিবডী সাধাৰণতে থকা এণ্টিবডীৰ তুলনাত ১০ গুণে সৰু কিন্তু কাৰ্যক্ষমতাৰ দৃষ্টিত অতুলনীয়৷ এই এণ্টিবডীৰ নাম দিয়া হৈছে AB8৷ এইবিধ এণ্টিবডীৰে দৰব প্ৰস্তুত কৰি বান্দৰ আৰু এন্দুৰৰ দেহত দি সফল পৰীক্ষণ কৰি কোভিড ৰোগ নিৰাময় কৰাৰ উপৰি প্ৰতিষেধক ৰূপে সফল বুলি প্ৰমাণিত হৈ গৈছে৷ বৰ ভাল কথা এইটোৱেই যে এই নিৰ্দিষ্ট এণ্টিবডীৰ দেহৰ কোষ বিলাকৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰা শক্তি বহুগুণে শক্তিশালী কৰি তুলিলেও দেহৰ কোষৰ লগত সংপৃক্ত নোহোৱাকৈ থাকে বাবে কোষৰ নিজা নিজা কাৰ্য সম্পাদনা কৰিবলৈ কোনো বাধা সৃষ্টি নকৰিব৷ এই দৰব নাকেৰে বা বেজীৰূপে মানৱ দেহত দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ এই পদক্ষেপ অভিনৱ আৰু সম্পূৰ্ণ প্ৰাকৃতিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত যদিও মানৱ দেহত পৰীক্ষণৰ কাম আৰম্ভ কৰাহে হৈছে৷ কাৰণ দৰৱৰূপে মুকলি কৰাৰ আগতে সকলো বৈজ্ঞানিক প্ৰট’কল সম্পূৰ্ণৰূপে পূৰণ কৰাৰ কথাটো যোগ্যতা নিৰ্ধাৰণ কৰা নিৰপেক্ষ সমিতিয়ে পাছ কৰিব লাগিব৷
এই পৰীক্ষণ সফল হৈ মানৱ জাতিৰ সম্ভাব্য বিনাশৰ বাবে উদ্ভৱ হোৱা অশনি সংকেত দূৰ কৰি এক চিৰ যুগমীয়া‌ অৱদান আগবঢ়াব বুলি আশা কৰিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!