আয়োজন- ‘ব্ৰাজিল ১৪’ (পুতুল বৰা)

(অনুলেখক: আব্দুছ ছাজিদ)

২০১৪চনৰ ব্ৰাজিল বিশ্বকাপৰ বাবে কামত হাত দিছিলোঁ ২০১৩চনৰ মাৰ্চ মাহতে৷ খেলৰ সময়ত বাহিৰৰ পৰা আমন্ত্ৰিত হৈ অহা বিশেষ আলহীৰ বাবে চাংঘৰ সদৃশ আৱাস এটা সজাৰ প্ৰক্রিয়া তেতিয়াই আৰম্ভ কৰা হৈছিল৷ মিজো ট্ৰেডিচনেল ডিজাইনত কাঠ আৰু টিনপাতেৰে নিৰ্মাণ কৰি উলিওৱা এই পেভিলিয়নটোৰ নাম ৰখা হৈছে ‘ব্ৰাজিল ১৪’৷ ১৯৯০চনত সূচনা হোৱা মোৰ বিশ্বকাপ ফুটবলৰ আয়োজনসমূহত ২০১০চন পৰ্যন্ত নিয়মীয়াভাৱে উপস্থিত থকা ৯জনীয়া বিশেষ বন্ধুৰ উপস্থিতিত, তাৰ মাজৰে এজন, আমাৰ অগ্ৰজপ্ৰতিম সুধাংশু ৰঞ্জন দে’ৰ দ্বাৰা ফিটা কাটি চাংঘৰটো ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে যোৱা ৩০.৯.২০১৩ তাৰিখে৷ ব্ৰাজিল বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে পেভিলিয়নৰ লগতে ইয়াৰ চৌপাশৰ মুক্ত প্ৰাংগণ বাহিৰে-ভিতৰে আকৰ্ষণীয় ৰূপত সজাই-পৰাই তোলা হৈছে৷
বিভিন্ন ক্রীড়া আলোচনীত ১৯৯০চনৰ পৰা ২০১০চনৰ বিশ্বকাপলৈকে প্ৰকাশিত চিত্ৰসমূহৰ সহায়ত ৫ফুট x ১০ফুট জোখৰ ৱৰ্ল্ডকাপ প’ষ্টাৰ (ক’লাজ) এখন নিজহাতে ২০১৪ৰ মাৰ্চ মাহত কৰি উলিওৱা হৈছে আৰু প্ৰদৰ্শনৰ বাবে স্থাপন কৰা হৈছে৷
২০১৪ৰ জানুৱাৰীৰ আগভাগতে ব্ৰাজিল বিশ্বকাপক কেন্দ্ৰ কৰি বহলে ৯.৫ ইঞ্চি আৰু দীঘলে ২৮.৫ ইঞ্চি জোখৰ চাৰিপৃষ্ঠাজোৰা মাল্টিকালাৰ ‘ফিফা ৱৰ্ল্ডকাপ কেলেণ্ডাৰ’ এখন ছপা কৰোৱা হৈছে৷ ফুটবলক ভাল পোৱা আৰু মোৰ আয়োজনৰ সমৰ্থনকাৰী, ‘গ্ৰেটাৰ ডিফু ফুটবল ফেনচ’ৰ ১০০জন বিশেষ ব্যক্তিক উদ্দেশ্য কৰি সীমিতসংখ্যক ক’পি ছপোৱা হৈছে৷ ৱৰ্ল্ডকাপ কেলেণ্ডাৰখনৰ এটা বিশেষত্ব হৈছে, অংশগ্ৰহণ কৰা দলসমূহৰ বিষয়ে জ্ঞান থাকক বা নাথাকক, যিকোনো ব্যক্তিয়েই কেলেণ্ডাৰখন মেলি লৈ আগতীয়াকৈ নিজৰ ভৱিষ্যৎ-বাণী কৰিব পাৰিব কোন চেম্পিয়ন হ’ব, কোন হ’ব ৰানাৰ্ছ-আপ আদি৷ তদুপৰি তথ্যসমূহ ভৱিষ্যতলৈ সংৰক্ষণো কৰিব পাৰিব৷
আনন্দৰ কথা যে এই কেলেণ্ডাৰখন ইতিমধ্যে মোৰ সমৰ্থিত দলটোৰ দেশ সুদূৰ জাৰ্মানী পাইছেগৈ৷ ডিমাপুৰৰ নগা যুৱক মিষ্টাৰ জুৰেন কিকনৰ জৰিয়তে যোৱা ২৭মে’ ২০১৪ তাৰিখে জাৰ্মানীৰ নেকাৰচাল্মত বাস কৰা ডেনিয়েল ডেপনাৰৰ পৰিয়ালবৰ্গক অৰ্পণ কৰা হৈছে ৱৰ্ল্ডকাপ কেলেণ্ডাৰখন৷ জাৰ্মানীৰ পৰা অনা এইবাৰৰ বিশ্বকাপত জাৰ্মান দলে পৰিধান কৰিবলগীয়া জাৰ্চি আৰু জাতীয় পতাকা যোৱা ৩০মে’ ২০১৪ তাৰিখে মিষ্টাৰ জুৰেন কিকনে পিতৃ-মাতৃ আৰু আত্মীয়সহ মোৰ ঘৰলৈ আহি মোক অৰ্পণ কৰে৷
সময়ৰ সৈতে খাপ খুৱাকৈ এইবাৰো ব্ৰাজিল বিশ্বকাপক লৈ আয়োজন কৰিছোঁ ‘উপহাৰ কুপন খেল’৷ অহা ১৫জুলাইত খেলখন অনুষ্ঠিত কৰা হ’ব৷ ১০০খন কুপন৷ ৫০টা উপহাৰ৷ উপহাৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰা ইতিমধ্যে হৈ গৈছে৷ প্ৰতিগৰাকী সদস্যকে আগতীয়া বিশেষ উপহাৰ হিচাপে দিয়া হৈছে এখনকৈ ৱৰ্ল্ডকাপ কেলেণ্ডাৰ আৰু My prediction অনুসৰি নিজৰ প্ৰিয় দলটোৰ নাম জিলিকি থকা একোটাকৈ ব্ৰাজিল ১৪ টি-চাৰ্ট৷ কলকতাত তৈয়াৰ কৰোৱা হৈছে এই টি-চাৰ্ট৷ এই টি-চাৰ্ট পৰিধান কৰি ফুটবলপ্ৰেমীসকলে চোতালত বিশ্বকাপৰ খেলা উপভোগ কৰিবহি৷ ইয়াৰ মাধ্যমেৰে পৰিৱেশটো কিছু হ’লেও ষ্টেডিয়ামৰ অনুৰূপ হৈ পৰিব বুলি আশা ৰাখিছোঁ৷
চোতালৰ সাজ-সজ্জা চালে চকুৰোৱা কৰি তোলাৰ লক্ষ্যৰে চৌহদৰ চৌপাশে প্ৰতিষ্ঠা কৰা হৈছে এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণকাৰী ৩২খন দেশৰ ৩২খন ফ্লেগ৷ সম্প্ৰতি ডুবাইত কৰ্মৰত আমাৰ শুভাকাংক্ষী মধুস্মিতা ডি. চাংমাৰ আন্তৰিক প্ৰচেষ্টাত মুম্বাইৰ পৰা এই পতাকাসমূহ অনোৱা হৈছে৷ ১২খন ষ্টেডিয়ামক প্ৰতিনিধিত্ব কৰি ১২খন নানাৰঙী পতাকা স্থাপন কৰা হৈছে গ্ল’-চাইন ব’ৰ্ডৰ ওপৰত৷বিশ্বকাপৰ মূল ফিক্সাৰখনৰ সৈতে দৰ্শনস্থলীত এইবাৰ লগোৱা হৈছে ‘My prediction ব’ৰ্ড’, য’ত উল্লেখ কৰা হৈছে বিশেষ ১০০জন ব্যক্তিৰ লগতে ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ (‘অকব’) গোটৰ ৫গৰাকী সদস্যই ফাইনেল সম্পৰ্কে পূৰ্বতে প্ৰকাশ কৰা আগজাননী৷

ব্ৰাজিল ১৪ প্ৰাংগণ পৰিস্কাৰ-পৰিচ্ছন্ন তথা স্বাস্থ্যসন্মত কৰি ৰখাৰ উদ্দেশ্যে ‘ৱৰ্ল্ডকাপ ডাষ্টবিন’ তৈয়াৰ কৰা হৈছে৷ বন্ধু অকণ সিনহাৰ যাদুকৰী স্পৰ্শত ডাষ্টবিনৰ এফালে এইবাৰৰ বিশ্বকাপৰ ল’গ’ আৰু আনফালে শুভংকৰ ‘ফুলেক’ই প্ৰাণ পাই উঠিছে৷
ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চোতালৰ উপৰি বাহিৰত এখন আৰু ডিফু চহৰৰ সচৰাচৰ জনপূৰ্ণ দুটা স্থানত খেল-সূচী স্থাপন কৰা হৈছে যাতে ফুটবল জ্বৰত আক্রান্ত ৰাইজে সেয়া চাই সহজে বুজিব পাৰে কাৰ কেতিয়া ক’ত খেল আছে৷
শিক্ষামূলক ভাবনাৰে এইবাৰৰ সৰু-ডাঙৰ বেনাৰসমূহ ডিজাইন কৰা হৈছে৷ বিশ্বকাপ ফুটবলৰ বুৰঞ্জী, ষ্টেডিয়ামৰ সবিশেষ, সম্ভাব্য কোৱাৰ্টাৰ ফাইনেলিষ্ট দল ৮টাৰ খেলুৱৈৰ তালিকা, তাৰকা খেলুৱৈকেইজন; বিভিন্ন বাতৰি কাকত, আলোচনী, ই-আলোচনী আৰু ই-মেডিয়াত প্ৰকাশিত বিগত আয়োজনৰ বাতৰিসমূহ, আগজাননী ফলক আদি উল্লেখযোগ্য৷
বিশ্বকাপ ফুটবলক কেন্দ্ৰ কৰি জনতাৰ মাজত উৎসাহ তথা সচেতনতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি দৃশ্য-শ্ৰাব্য (অ’ডিঅ’-ভিজুৱেল) ‘ফিফা ৱৰ্ল্ডকাপ কুইজ কম্পিটিচন’ অনুষ্ঠিত কৰা হ’ব৷ ১৫বছৰৰ পৰা ৩০বছৰ বয়সৰ দুজনীয়া যোগদানকাৰীৰে গঠিত প্ৰতিযোগী দলসমূহৰ মাজত মুকলিভাৱে আয়োজিত এই প্ৰতিযোগিতাৰ বাবে দিন ধাৰ্য কৰা হৈছে অহা ৬ আৰু ৭জুলাই৷ শ্ৰেষ্ঠ প্ৰতিযোগীলৈ প্ৰাইজমানি, চাৰ্টিফিকেট আৰু উপহাৰ আগ বঢ়োৱা হ’ব৷
পৰম্পৰাগত নিয়ম অটুট ৰাখি এইবাৰো ‘ৱৰ্ল্ডকাপ কে’ক’ কাটি দৰ্শনীৰ শুভাৰম্ভ কৰা হ’ব৷ ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা প্ৰসিদ্ধ ফুটবলাৰ দেৱাশিস ৰায়ৰ হাতেৰে এইবাৰ ব্ৰাজিল ১৪ প্ৰাংগণত ১২জুন তাৰিখে (আজি) নিশা ৮.০০বজাত কে’কটো কটোৱা হ’ব৷ উক্ত সন্ধিক্ষণতে বিশিষ্ট ক্রীড়াবিদগৰাকীক ‘গ্ৰেটাৰ ডিফু ফুটবল ফেনচ’ৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব৷ এইবাৰৰ বিংশতিতম ফিফা ৱৰ্ল্ডকাপ কে’কটোৰ ওপৰত অঁকা আছে আয়োজক দেশ ব্ৰাজিলৰ সেউজীয়া-হালধীয়া জাতীয় পতাকা৷ তদুপৰি খোদিত কৰা থাকিব ব্ৰাজিল ১৪৷
ব্ৰাজিল বিশ্বকাপৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে প্ৰাক্তন ফুটবলাৰগৰাকীৰ হাতেৰে মোৰ চৌহদত ৰোপণ কৰোৱা হ’ব এটি বগা চন্দন গছৰ পুলি৷ তাৰ পিছতে দৰ্শনী চলিব ৫৫ইঞ্চি আকাৰৰ এল.ই.ডি. টেলিভিছনত৷ ফুটবলপ্ৰেমী দৰ্শকৰ সুবিধাৰ্থে মূল টিভিটোৰ উপৰি ৩২ ইঞ্চি জোখৰ অন্য এটা এল.ই.ডি. টিভি আৰু এখন প্ৰজেক্টৰ স্ক্ৰীণো থাকিব৷
খেলৰ সময়ত নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান চলাই ৰাখিবলৈ ব্ৰাজিল ১৪ত জেনেৰেটৰ স্থাপন কৰা হৈছে৷ তদুপৰি ৰখা হৈছে ডিশ্ব টিভি, টাটা স্কাই, কেবল টিভি, ৱাই-ফাই আদি সকলো ধৰণৰ কানেকচন যাতে মোৰ ‘জীৱনৰ মহোৎসৱ’টিৰ উদযাপনত ৰাইজে কোনো ধৰণৰ অসুবিধা নাপায়৷
এইখিনিতে কৃতজ্ঞতাৰে উল্লেখ কৰিব বিচাৰোঁ যে ব্ৰাজিল বিশ্বকাপৰ এই আয়োজন ইমান জাকজমকীয়া কৰি তোলাটো সম্ভৱ হৈছে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ অকুণ্ঠ সহায়-সহযোগিতা, নিৰীক্ষণ-সমৰ্থন আদিৰ বাবেহে৷
এইবাৰ মোৰ আশা, মোৰ সমৰ্থিত দল জাৰ্মানী বিশ্ব চেম্পিয়ন হ’ব আৰু ২০বছৰৰ আগতে মই মাটিত পুতি দিয়া পাচপ’ৰ্ট স্কটচৰ বটলটোৱে সূৰ্যৰ পোহৰ দেখা পাব৷
ব্ৰাজিল বিশ্বকাপৰ এমহীয়া দৰ্শনীত ফুটবলপ্ৰেমীৰ আনন্দ আৰু আন্তৰিকতাপূৰ্ণ সহযোগিতা তথা উপস্থিতি সহৃদয়ে কামনা কৰিলোঁ৷
ধন্যবাদ,
পুতুল বৰা
‘ডাই হাৰ্ড জাৰ্মান ফেন’
পুলিচ ৰিজাৰ্ভ, ডিফু
ফোন নং ৯৪৩৫০৬৬৩৯২

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!