ইংলিছ (মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

চিটী বাছৰ পৰা দৌৰা-দৌৰিকৈ নামি টিকেট কাউণ্টাৰত সোমালোঁ…ভাগ্যই বেয়া, ১০.১০ ত থকা ট্ৰেইনখনে তেতিয়ালৈ প্লেটফৰ্ম এৰিছে, পিছৰ ট্ৰেইনখন আছে ১১.১৫ ত…ছেহ্ পাঁচ মিনিটৰ বাবে পলম হৈ গ’ল৷ টিঙিচ্ কৈ খং এটা উঠিল চিটী বাছখনৰ ওপৰত…গোটেই বাটটো ৰৈ ৰৈ আদাবাৰী-জালুকবাৰীৰ গোটেইসোপাকে ঢাহি-মুহি উঠাই ননাহেঁতেন সময়ত ষ্টেছন পাই যাওঁ৷ নিজৰ ওপৰতো প্ৰচণ্ড খঙ উঠিল, কুম্ভকৰ্ণৰ দ্বিতীয় সংস্কৰণ হৈ পুৱা ন বজালৈ নাক ঘোৰঘোৰাই আছিলি…লৈ থাক এতিয়া এঘণ্টা প্লেটফৰ্মৰ বদবু থকা খুছবু৷ সিদিনা শাওনৰ তৃতীয় সোমবাৰ আছিল…গেৰুৱা ৰঙৰ প্ৰকোপত অইন একো দেখা পোৱা নাই৷ ঠেলা-হেঁচা কৰি পিছৰ ট্ৰেইন খনৰে টিকেট এটা লৈ প্লেটফৰ্মমুখী ভিৰত নিজকে এৰি দিলোঁ৷ প্লেটফৰ্ম পাই দেখিলোঁ ইয়াতো এখন
কুম্ভমেলা, কোনোবাই যদি নামনিমুৱা গাড়ীত হেতা-ওপৰা লগাইছে কোনোবাই উজনিমুৱাত৷ নোৱাৰি দেই ইমান ভিৰত এঘণ্টা চেপেটা লাগিব…, মনতে ভাবি অভাৰব্ৰীজ খনলৈ আগবাঢ়িলোঁ৷ অলপ সময় তাতে ইফাল-সিফাল কৰি থাকিলোঁ৷ কাৰো কাকো চাবলৈ সময় নাই, ঠেলি-গতিয়াই মাথো আগবাঢ়িছে…ধেই, এই সোমবাৰডালত আহিবলৈ কিহে পাইছিল মোক, ভোৰভোৰাই চুক এটাৰ ৰেলিঙত আঁওজি কোনোমতে ভিৰৰ পৰা নিজক বচালো, ভৰিকেইখন কঁপি যোৱা যেন পালোঁ অকল ভৰি নহয়, গোটেই ব্ৰীজখনেই কঁপিছে…প্ৰভু ভূমিকম্প! কি কৰো! ব্ৰীজৰ পৰা জপিয়াই দিওঁ বুলিও ৰৈ গ’লোঁ, তলতে ৰৈ থকা ট্ৰেইন কেইখনত পৰিলে ভালেই…জপিওঁয়াতে হিচাপৰ খেলি-মেলিত যদি খালী হৈ থকা ট্ৰেকৰ হালধীয়া দ্ৰৱ্যবিধৰ ওপৰতে পৰোঁ, কৃষ্ণ যমৰ ঘৰতো বাৰেকুৰি শুচী কৰাব মোক৷ ভাৱি থাকোতেই দুটা মানুহৰ কথোপকথন শুনিলোঁ…বেচেৰা দলংখনেও মানুহৰ ভৰ সহিব পৰা নাই৷ হয়তো, মানুহৰ ওজনত গোটেইখন দলদোপ-হেন্দোলদোপ…ধেইত, স্বস্তিৰ উশাহটো দীঘলকৈ ল’ব খুজিও চমুৱালোঁ…লগতে তলত থকা বিধৰ গোন্ধও সোমাই যায় বুলি৷যথাসময়ত মোৰ ঘৰমুখী ট্ৰেইনখন প্লেটফৰ্ম পালে, উঠিবলৈ গৈ আৰু হাৰাশাস্তি…নামিবলগীয়া যাত্ৰীক উঠিবলগীয়াই নামিব নিদিয়ে, সিফালৰ পৰা যিমান চেষ্টা ইফালৰপৰাও সিমান জোৰ, মুঠতে চিঞৰ-বাখৰ, কাজিয়া৷ মানুহৰ মাজেদি কোনোমতে সৰকি এটা দবাত উঠিলোঁ, দেখিলো দবাত বহাৰ জেগা নাইতো নায়ে, এটা ছিটত দীঘলীয়াকৈ বিহাৰী গামোছা এখন দি কোনোবাই খিৰিকিয়েদি ছিট ৰাখি থৈছে, যি কয় ক’ব বুলি গামোছাখন অলপ আঁতৰাই ধুপুছকে বহি পৰিলোঁ, একঘণ্টা থিয় হৈ ভাগৰ লাগিছিল৷ চকুদুটা মুদিছিলোঁ হে৷ কাৰোবাৰ আঙুলিৰ হেঁচুকনিত চকু মেলি দেখিলোঁ  দুফালে দুটা প্ৰকাণ্ড মহিষাসুৰ চেহেৰাৰ মানুহে মোৰফালে চাই কিবা সুধি আছে, চিঞৰ-বাখৰত একো শুনা নাপালোঁ যদিও বুজিলো
ছিটত কোনোবা আছেনে, বহিব পাৰোনে সুধিছে…ক’লো কোনোবাই ছিট ৰাখি থৈছে৷ মোৰ কথা শুনি কি বুজিলে জানো দুয়োটা মোৰ দুয়োকাষে বহি পৰিল৷হেডফ’নডাল কাণত লগালোঁ…গান লগাবলৈ নাপাওঁতেই দেখিলো সন্মুখৰ পৰা দুজনী বিৰাট বপুৰ মাইকী মানুহ আমি বহি থকা ছিটটোৰ পিনেই কট্মট্কৈ চাই কিবা কৈ কৈ আগুৱাই আহি আছে…বুজিলোঁ, ছিট ঢাকি থোৱা বিহাৰী গামোছাৰ গৰাকী৷ লাহেকৈ মহিষদ্বয়ৰ আঁৰ ল’লোঁ…আমাৰ সন্মুখ পায়ে দুয়োজনীয়ে সমানে মুখ মেলিলে, ছিট বোলে সিহঁতে ৰাখি থৈছিল, ইমান ডাঙৰ গামোছাখন নেদেখা কেইটাৰ সাতপুৰুষ অন্ধ বুলিও কৈ দিলে৷ ইহঁতেই কিবা কয় যদি কওঁক, মই জেঙত নোসোমাওঁ বুলি নিৰ্বিকাৰ ভাৱ এটা দিলোঁ, আঁৰ চকুৰে কাষৰ কেইটাক চাই দেখো উৱা এইকেইটা দেখোন মোতকে
এখোপ চৰা…এটাই দুয়োজনীৰ গালিত মুৰ দুপিয়াই তাল মিলাই আছে আনটোৱে মিচিক-মাচাক হাঁহি দুয়োখন কান্ধ সামান্য ওপৰলৈ তুলি এইটো ভংগীমা দি আছে আমাক কোনে আনি ইয়াতে বহুৱাই দিলে আমি এক্কোৱেই নাজানোঁ৷
মানুহ কেইজনীৰ মন কুমলিল নে মুখ বিষালে নাজানো, কিবা মিট-মাট হ’ল দুয়োজনীৰ…এজনীয়ে “চাচী আপ ইধৰ হী বেঠিয়ে “ বুলি নিজতকৈও দহ কিলো মান বেছি ওজনৰ বয়সীয়াল তিৰোতাজনীক খিৰিকিৰ কাষৰ পিনে বহুৱাই দবাটোত থকা
নিজৰ পল্টনটোৰ ফালে হেপোৰ টেপোৰকে গুচি গ’ল৷প্ৰয়োজনত ছয়টা মানুহ বহিব পৰা ছিটটোত তিনিওটাৰ মঙহৰ ইমান আগ্ৰাসন চলিল, মই নামমাত্ৰ৷ ট্ৰেইন চলিল, নিজৰ বাবে জেগা অকণ সাব্যস্ত কৰি মবাইলটোত গান খুঁচৰিব ধৰিলোঁ৷ কাষৰ দুয়োটাৰ আপ্পাম-উপ্পাম কথোপকথন শুনি তেতিয়াহে গম পালোঁ, অথনি গালি শুনিও কিয় কেটকুট নকৰি তেলেগু হাঁহি মাৰি আছিল৷ মাজে মাজে এটাই আকৌ মোৰ বাউসীৰ ওপৰেৰে ভুমুকিয়াই মই মোবাইলত কি কৰিছোঁ তাকেই চাই থাকিল! কোনোবাপাকত নিজৰো মোবাইলটো  জেপৰ পৰা উলিয়াই ন’ নেটৱৰ্ক বুলি সুমুৱাই থয়, এপাকত মোক লাহকৈ সুধিলে…ৱাই-ফাই? মই নাই নহয় বুলি কোৱাত ইম্মান দুখীয়া চাৱনি এটা দিলে  অস্বস্তি লাগিলত মবাইল সামৰিলোঁ৷ লগে লগে প্ৰশ্নবান হাজিৰ…প্ৰথমখিনি ঠিক-ঠাকেই আছিল৷ চম্ভালিব পৰাকে, ঘৰ ক’ত, নাম কি ইত্যাদি৷ ভদ্ৰতাৰ খাতিৰত ময়ো ওলোটাই সুধোতেহে লাগিল লেঠা…মোৰ পিনে চিধা হৈ বহি হাত ভৰি জোকাৰি যি বৰ্ণনা  দিলে মই আজিলৈ ভাবি উলিয়াব নোৱাৰিলোঁ সেইয়া বৰ্ণনা আছিল নে তামিলনাডু  vs অসমৰ কিবা আলোচনা আছিল৷ তাকো ইংৰাজী…শ্ৰী বিষ্টু! পি.ডব্লিউ.ডি. ঠিকাদাৰৰ দৰে যি পাৰোঁ ভঙা-চিঙাকে কাম চলাই থাকিলো৷ কিবাকিবি কৈয়ে আছে মোৰ ইংৰাজীয়েহে ঢুকি নাপায়, সিয়ো চেষ্টা এৰা নাই মোক বুজাইহে এৰিব৷ ইফালে আনটোৰ আমাৰ দুটাক চাই চাই এলাহ লাগিল হ’বপায়, জেপৰপৰা  কাগজ এটুকুৰা উলিয়াই তাৰ হাতত গুজি দিলে, ইয়ো সকাহ পাই  আথে-বেথে থেপা-থেপি কৰি মোৰ গাতে গা লগাই কাগজখন দেখুৱাবলৈ লাগি গ’ল৷
উফ্ গৰমখনত…বাকীখিনি ৰাস্তা হয় থিয় হৈ নহয় খোজকাঢ়ি  ঘৰ ওলামগৈ ৰহ৷ কাগজ টুকুৰাত নগাওঁ হয়বৰগাঁৱৰ আৰক্ষী চকীৰ পৰা আৰম্ভ কৰি অসমৰ বহু ঠাইৰ নাম লিখা আছে…সুধিলে ট্ৰেইনখন থানাৰ সমুখতে ৰ’ব নে? তেতিয়া হে মোৰ মগজুৱে কিবা  অলপ বুজি পালে! দুয়ো মহাশয় হেনো তামিলনাডু আৰক্ষী বিভাগত কৰে, তামিলনাডুৰ কোনোবা অপৰাধী  নগাওঁ আৰক্ষীয়ে আটক কৰিছে, সেই অপৰাধীক নিবলৈ তামিলনাডুৰ কোনোবা থানাৰপৰা দায়িত্ব দি পঠোৱা হৈছে৷  দুয়োকাষে দুয়োটাই তামিল মিহলি ইংৰাজীত কথা সুধি মোৰ  মাথা নষ্ট কৰি দিলে…আজি যাত্ৰাটোৱেই বেয়া আছিল৷ মাজতে ভাবিলোঁ ইহঁতক মই কাণেৰে নুশুনো বুলিয়েই কৈ লেঠা শেষ কৰো নেকি! অথনিৰে পৰা শুনিয়েই আছিল, এতিয়া হঠাৎত কলা হৈ যোৱাৰ কাৰণ বিছাৰি ইহঁতে চেইন টানি দিলে মিছাতে হুৱা-দুৱা খন হ’ব৷ সেই চিন্তা বাদ দিলোঁ…মোবাইলটোকে খিৰিকিৰে সৌফালে দলিয়াই দিব মন গ’ল…এনেই খাৱন-শোৱনত শান্তি নোহোৱাকৈ টুঙটুঙাই থাকে, এতিয়া বাজি উঠি মোক এই দুটাৰ পৰা সকাহ দিব
নোৱাৰনে!! আকৌ প্ৰশ্নবান…অসমত গঁড় কেইটা আছে, কাজিৰঙালৈ কিমান দূৰ, মই ঘৰত কিয় নাথাকোঁ, উত্তৰ-পূবৰ ছোৱালী কিয় চাপৰ৷ যৎপৰোনাস্তি উত্তৰ দি গ’লোঁ…ট্ৰেইনৰ  ড্ৰাইভাৰটোকে দুই ভুকু শোধাই দিবৰ মন গৈছিল, শহুৰৰ ঘৰৰ
দৰে গোটেইকেইটা ষ্টেছনতে ৰৈ ৰৈ গ’লেহে  হয়নে৷ মনৰ মাজতে ইংৰাজী অভিধান মেলি জোকাৰি ভাগৰি  গ’লোঁ…ইমান ইংৰাজীৰ অত্যাচাৰ সহিব নোৱাৰি ঘামি-জামি এপাকত কৈয়ে দিলোঁ…কেন ইউ স্পীক আছামিজ-হিন্দী? আইঔ…মোক হে চকু পকাই সুধিলে “ইউ কেণ্ট স্পীক ইংলিছ??
ঠিক তেতিয়াই তাক ডিঙিত ধৰি ট্ৰেইনৰ দুৱাৰেদি গতিয়াই দিবৰ মন  গৈছিল৷ কাহানিবাই হৈ যোৱা অসমীয়া ভাষা আন্দোলনৰ জাতীয়তাবাদী তেজ উঠলি আহিছিলেই, তেনেতে মাৰ ফ’ন আহিল…ক’ত পাইছোঁ সুধিবলৈ, লাহেকৈ হাতত বেগটো,
কাণত ফ’নটো লৈ উঠি আহিলোঁ…গন্তৱ্যস্থানো পাওঁ পাওঁ, হাতৰ ইচাৰাতেই মহিষাসুৰদ্বয়ক টা টা দিলোঁ৷ হেজাৰ হ’লেও অসমৰে আলহী৷
ট্ৰেইনৰ পৰা নামি সিদিনাই সিদ্ধান্ত ল’লোঁ…জীৱনত কেতিয়াবা চেন্নাই-তামিলনাডু গ’লে সবতে অসমীয়াই ক’ম৷ কোনোবাই ভেৱা লাগি চাই থাকিলে ক’ম…“ইউ কেণ্ট স্পীক আছামিজ“?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!