ইংৰাজী মাধ্যমৰ বিদ্যালয় সম্পর্কে দুশাৰী (পঙ্কজ ঠাকুৰীয়া)

ইংৰাজী মাধ্যমৰ বিদ্যালয় সম্পর্কে দুশাৰী

পঙ্কজ ঠাকুৰীয়া

অসমত চৰকাৰী উদ্যোগত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা হব, ইমান এটা ভাল খবৰ। এতিয়াৰ পৰা বহু টকা খৰচ কৰি ব্যক্তিগত খন্ডৰ বিদ্যালয়ত পঢ়োৱাৰ দৰকাৰ নাই। আমাৰ কণমানিহঁতেও সহজতে ফটফটীয়া আখৈফূটা ইংৰাজী ক’ব পৰা হৈ যাব। দেশ বিদেশৰ নানা জ্ঞান সহজে লাভ কৰিব। অসমীয়াতনো কেইখন উন্নত জ্ঞান-বিজ্ঞানৰ কিতাপ আছে? হাইস্কুলৰ দেওনা পাৰ হোৱাৰ লগে লগে ইংৰাজী নহ’লে নচলে। বিজ্ঞান শিক্ষাটো দূৰৈৰ সপোন। দেশৰ আগশাৰীৰ প্রতিযোগিতামূলক পৰীক্ষাবোৰ দিবলৈ আমাৰ গাঁৱলীয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীহঁতৰ কমখন আহুকাল হয়নে! ভালকে ইংৰজীত কথা এষাৰো ক’ব নোৱাৰে। ভাল কথা হৈছে। আমাৰ ল’ৰাহঁতেও আই এ এছ হ’ব, এম বি এ কৰি ডাঙৰ কোম্পেনীৰ চি ই ও হ’ব। দেশৰ উন্নতি দেখিব নোৱাৰা চকু চৰহা কেইটাই সকালোতে ভুলহে দেখে। চৰকাৰী উদ্যোগত দেখোৱা কিমান ডাঙৰ এটা সপোন। ইংৰাজী ক’ব নজনাটো আজিৰ গোলকীয় বিশ্বত লাজৰ কথা।
ৰাইজ খং নকৰিব। এয়া আমাৰ মধ্যবিত্তৰ সপোন। ল’ৰা-ছোৱালীহঁতে আখৈ ফুটা ইংৰাজীত কথা ক’ব, ডাঙৰ কোম্পেনীত চাকৰি কৰিব। নিবনুৱা সমস্যাৰ দিনত ভাল চাকৰি পাবলৈ ইংৰাজী জনাটো বাধ্যতামূলক। এইখিনিতে এটা দ্বান্দ্বিক কথা উপস্থাপন কৰো। দেশৰ উন্নতি মানে কি? কেইজনমান মু্ধাফুতা বিদ্বানেই দেশৰ উন্নতি নে? নে কেইজনমান ফটফটীয়া ইংৰাজী কৈ বহুজাতিক কোম্পেনীৰ ডাঙৰ বিষয়া হৈ দেশৰ নাম বঢ়োৱাটোৱেই অসমৰ উন্নতিৰ মাপৰেখা? মই মোৰ একান্তই ব্যক্তিগত কথা কিছুমান আগবঢ়াইছো। অসমীয়া ভাষা নাইকিয়া হ’ব ইত্যাদি সংশয় মোৰ নাই, অথবা উগ্র জাতীয়তাবাদীও নহয়। নির্মোহভাবে কথাখিনি বিশ্লেষণ কৰিব বিচাৰিছো।
মোৰ ব্যক্তিগত ধাৰণা যে দেশৰ জনসাধাৰণে তেওলোকৰ সমস্যা সম্পর্কে কিমান মৌলিক আৰু সুক্ষ্মভাৱে চিন্তা কৰিবলৈ সমর্থ সেয়াইহে নির্ধাৰণ কৰে দেশখনৰ উন্নতি। মৌলিক শব্দটোৰে মই বুজাব বিচাৰিছো, দৈনন্দিন জীৱনৰ প্রয়োজন, জীৱন ধাৰনৰ মান উন্নত কৰাৰ আহিলা সম্পর্কে ধাৰনা আৰু তাক ফলপ্রসু কৰিবলৈ পৰম্পৰাগত জ্ঞানক প্রযুক্তিলৈ ৰূপান্তৰ কৰিবলৈ তেওঁলোক কিমান সামর্থবান। ৰাজ্যৰ ৩৫% উত্তীর্ণ হয় মেট্রিক পৰীক্ষাত (সৰহসংখ্যক পাছ নকৰে ইংৰাজীত) ১০% উচ্চ ডিগ্রীধাৰী। অসমীয়াত কথা বতৰাত দেখিছো অসমীয়া মাধ্যমৰ ছাত্র ছাত্রীৰ ইংৰাজী ভাষাৰ দখল সম্পর্কে বিভিন্ন লেখা। গতিকে এইটো স্পষ্ট হৈ পৰিল যে ৰাজ্যৰ ৬৫ % নাগৰিকৰ (মই সম্পদ বুলি কও) ইংৰাজী সম্পর্কে নূন্যতম ধাৰণাখিনিহে আছে। বাকীথকা ৩৫ % ৰ কিমান দখল আছে সেয়াও সন্দেহৰ বিষয়। গতিকে যিখিনি মানুহে নিজৰ মাতৃভাষাতে বিদ্যালয়ৰ দেওনা পাৰ হ’ব পৰা নাই তেওঁলোকৰ ওপৰত আমি চৰকাৰীভাবে হেচি ধৰিছো ইংৰাজী নামৰ দৈত্য এটা। যন্ত্র পাতিকে আদি কৰি চিকিৎসা বিজ্ঞানৰ আহিলালৈ আমাৰ চাৰিওকাষে থকা জীৱন ধাৰণৰ সকলো উন্নত আহিলাৰ বর্ণনা ইংৰাজীতে থাকে। তাত যদি নতুন সংযোজন কৰিব লাগে তেন্তে ইংৰাজী জনাটো অপৰিহার্য্য। গুৰুত্বপূর্ণ কথাটো হ’ল এই ৮০ % সম্পদে (ইংৰাজীত গৰুৰ ৰচনা লিখাতে শিক্ষা সাং কৰা ) ইংৰাজী নজনা বাবেই পংগুৰ জীৱন যাপন কৰিব লাগিব। কিন্তু তেওঁলোকৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু তাৰ আধাৰত যুগান্তকাৰী পৰিৱর্তন আনিব পৰা মৌলিক চিন্তাক আমি চিৰদিনৰ বাবে হেৰুৱাই পেলাম। গতিকে আমাৰ হাতত দুটা পথ বাকী ৰ’ল ১/ সকলোকে ইংৰাজীত শিক্ষা দিয়াটো বাধ্যতামূলক, ২/ সাধাৰণ ৰাইজে বুজাকে প্রযুক্তিৰ আসমীয়াকৰণ।
ইংৰাজীমাধ্যমৰ বিদ্যালয় সম্পর্কে (ব্যতিক্রম বহু আছে) মোৰ এটা বেয়া ধাৰণা হ’ল কুমলীয়া বয়সত ঘৰুৱা কাম, বহু পঢ়াৰ বোজা, কম্পিউটাৰকে আদি কৰি নতুন প্রযুক্তিৰ (সেই বয়সত কিমান দৰকাৰী নাজানো) ইমানেই বোজা জাপি দিয়া হয় যে গৰুৱে খোৱা ধানৰ খেৰ চন্দ্রৰ পৰা অনা হয় নে মাটিৰ তলৰ পৰা পাইপেৰে তুলি অনা হয় নাজানে। তেন্তে আমাৰ সাধাৰণ মানুহৰ লগতে ৰাজ্য বা দেশৰ উন্নতিৰ বাবে গাওঁৰ ৰাইজেই কাম কৰিব লাগিব তাকো আমি নিৰ্ভৰ কৰিব লাগিব আমাৰ গাৱলীয়া উদিত সুৰুজলৈ যি মাটিৰ পৰা শিক্ষা লৈছে। অতিৰঞ্জিত যেন লাগিলেও এটা কাল্পনিক উদাহৰণ দিও- বাঁহ এডালো জীৱনত কাটি নোপোৱা উচ্চ দিগ্রীধাৰী, ইংৰাজীত দেশ বিদেশৰ জ্ঞানেৰে জ্ঞানী অভিযন্তা এজনক যদি নৈপৰীয়া বানপানীয়ে ধুই নিয়া গাওখনৰ উন্নতিৰ কাৰনে এটা প্রকল্প তৈয়াৰ কৰাৰ কথা কোৱা হয় তেন্তে তেও আমেৰিকাৰ আমাদানি কৰা প্রযুক্তি বানপানীৰ দৰেই ধালি দিব। মই ক’ব বিচৰা নাই যে আমাক বিদেশৰ উন্নত জ্ঞান নালাগে বা আমি বর্জন কৰিম। কিন্তু থলুৱা জ্ঞান আৰু বাহিৰৰ জ্ঞানৰ সংকৰ কৰিব লাগিব। ইংৰাজী নজনাৰ আধাৰতে আমি থলুৱা জ্ঞানক অগ্রাজ্য কৰিলে জাতিটোৰ আত্মহত্যা কৰা হ’ব। মোৰ মতে ১০% ডিগ্রীধাৰীয়ে গুৰি বথা ধৰিব লাগিব সদায় সলনি হৈ অহা গোলকীয় বিশ্বায়ণৰ পৃথিৱীৰ লগত চিনাকি হোৱাৰ ক্ষেত্ৰত। কিন্তু মোৰ ব্যক্তিগত অনুভৱ যে সবাৰ ওপৰত বিৰাজমান বাকি থকা ৯০% সর্বসাধাৰণ। তেওঁলোকক শিক্ষিত কৰাৰ অবিহনে দেশৰ উন্নতিৰ সপোন দেখা অবান্তৰ। এটা উদাহৰণঃ আমাৰ কাষৰ গাঁৱৰ লৰা এজনে কোনো কাৰিকৰী শিক্ষা অবিহনে সাঁজিলে এটা ৰেডিও বাঁহেৰে। হয়, আমি সকলোৱে বাঃ বাঃ দিলো। কিন্তু সেই ল’ৰাজনে উন্নত কাৰিকৰী শিক্ষা লাভ কৰিবলৈ হ’লে ইংৰাজী শিক্ষা লোৱাটো বাধ্যতামূলক। অসমীয়া লিপিত বা ভাষাত কোনো কিতাপ পোৱা নাজায়। কাৰ দোষত আমি সেই প্রতিভাবান ল’ৰাজনক কাৰিকৰী শিক্ষা লাভৰ পৰা বঞ্চিত কৰিলো। মাত্র ইংৰাজী নজনাৰ বাবে৷
শিক্ষা সম্পর্কে আমাৰ সর্বসাধাৰণৰ ধাৰণা কি? ডিগ্রী হ’ল চাকৰি পোৱাৰ এটা মাপকাঠি। ডিগ্রীধাৰী ল’ৰা এজনে সৰু কথা চিন্তা নকৰি ডাঙৰ কথা চিন্তা কৰিব লাগিব। গতিকে তেওৰ পৰা আশা নকৰি আমাৰ দেশৰ ধৰণী গাওৰ মানুহখিনিক শিক্ষিত কাৰিব লাগিব। কিন্তু কেনেকে? ঘৰ বানোৱা মিস্ত্রী এজনৰ কথাই আমি ধৰি লও। সকলোৱে অভিযোগ কৰো ঘৰটো নষ্ট কৰি পেলালে মিস্ত্রীজনে। কিন্তু নিখূত ঘৰ এটা বনাবলৈ দৰকাৰি কাৰিকৰী শিক্ষা আমি বাৰু দিব পাৰিছোনে তেওঁক? কি মাধ্যমত পঢ়িব লাগিব তেও। ঘৰটো বনাবলৈ উন্নত প্রযুক্তি জানিবলৈ তেওঁ বাৰু ইংৰাজী শিক্ষা লোৱাটো আমি বাধ্যতামূলক কৰি পেলোৱা নাইনে? উন্নত প্রযুক্তিৰ কথা আমি সঘনাই কও। পিছে উন্নত প্রযুক্তি বা প্রযুক্তি কি? সর্বসাধাৰণৰ জীৱনধাৰনক উন্নত মান প্রদান কৰা যিকোনো উপায়েই প্রযুক্তি। বিদেশৰ বহুজাতিক কম্পেনীয়ে তৈয়াৰ কৰা মেচিনে যদি আমাৰ জীৱন ধাৰনত কোনো সহায় কৰিব নোৱাৰে তেন্তে সি আমাৰ বাবে প্ৰযুক্তি হব নোৱাৰে। এই খিনিতে যদি আপোনালোকে প্রশ্ন কৰে ইংৰাজীত শিক্ষা লাভত সহায় কৰিবলৈয়ে চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা কৰিছে। গতিকে তাত আপত্তি কৰাৰ থল নাই। শিক্ষাৰ প্রধান উদ্দেশ্য হ’ল মৌলিক চিন্তাধাৰাক প্রচাৰ আৰু প্রসাৰৰ যোগেদি জনগণৰ উন্নয়ন কৰা। কিন্তু মৌলিক চিন্তাধাৰাৰ শ্রীবৃদ্ধি ঘটোৱা কোমল বয়সতে সকলোবোৰ কথা বিদেশী ভাষা এটাত শিকাব হ’লে কিতাপৰ চপা আখৰ বা টিউচন শিক্ষকৰ আঙুলিত উঠা নমা কৰা একোটা প্রশিক্ষিত চাকৰিয়াল গঢ়ি তুলিম যাৰ মনত নতুন চিন্তাৰ বাবে ঠাইৰ নহব। অৰ্থাত আমি গঢ়ি আছো একোজন জ্ঞাণৰ পৰজীৱী।
প্রতিকাৰ কি হব? মোৰ ব্যক্তিগত মতামত- ১. আমাৰ চাৰিওফালে থকা ব্যবহাৰযোগ্য প্রতিটো কিনিব পৰা বস্তুৰে (চাইকেলখনৰ, গাড়ী, ট্রেক্টৰৰ পৰা টি ভি টোলৈ….) অসমীয়াত বর্ণণা থকাটো বাধ্যতামূলক কৰা হওক। বহু ক্ষেত্রত ইংৰাজী শব্দকে ব্যবহাৰ কৰিব পাৰি। ২/ আমাৰ দৈনন্দিন কামত ব্যবহাৰ হোৱা সকলো বস্তুৰে মেৰামটিৰ বাবে অসমীয়া মাধ্যমত পাঠ্যক্রম তৈয়াৰ কৰা হওক। আই টি আই আদিৰ সকলো পাঠ্যক্রম অসমীয়াত হওক। ৩/ উচ্চ শিক্ষাৰ বাবেও মাতৃভাষাৰ উপযুক্ত পাঠ্যক্রম তৈয়াৰ কৰা দৰকাৰ। ৪/ অন্তত চৰকাৰী ভাৱে ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ নকৰি অসমীয়া মধ্যমত শিক্ষাৰে আমাৰ সম্পদসহমূহক মৌলিক চিন্তাধাৰাৰ বিকাশৰ পথ দেখুৱাই দেশৰ প্রগতিত তেওলোককো চামিল কৰা হওক যাতে ২ টকীয়া চাওলৰ বাবে নহয় উন্নত জীৱন ধাৰণৰ বাবেহে তেওলোক বিদ্যালয়ৰ চৌহদলৈ যায়। ৫/ থলুৱা প্রযুক্তিক অগ্রাধিকাৰ দি তাৰ লগত বিদেশৰ প্রযুক্তিক সংমিশ্রন কৰি সাধাৰন ৰাইজে বুজাকে দাঙি ধৰা বা শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হওক। (মনত ৰাখিব মোগলে ১৭ বাৰ পৰাভূত কৰিব নোৱাৰা জাতি এটাৰ বিজ্ঞাণ হাতে যোৱা বিধৰ নহয়)
এতিয়া মই মোৰ ব্যক্তিগত জীৱনৰ কেইটামান লাজ পোৱা কাহিনী কও- বৰষুণৰ দিনত মূৰৰ ওপৰত কচুপাত লৈ চেন্দেল নিপিন্ধাকে বগা পেন্ট কোচাই উচ্চ বিদ্যালয়লৈ যোৱাৰ পৰা আহি বিদেশত গৱেষণা কৰিব পালোহি। প্রথম কলেজত যাওতে ইংৰাজীত কথা ক’ব নোৱাৰি বা প্রবক্তাই ইংৰাজীত শিকাওতে একো বুজি নাপাই ভাবিছিলো মোৰ ল’ৰা ছোৱালীক নিশ্চয় ইংৰাজী মাধ্যমত পঢ়াম। লাহে লাহে ইংৰাজী সলসলীয়াকে কব পৰা হ’লো। ভাৰততে ৰাষ্ট্রীয় ৰাসায়নিক গৱেষণাগাৰত গৱেষণা কৰোতে দিনৰ দিনটো ইংৰাজীতে কথা কবলগীয়া হ’ল (দক্ষিণৰ সহকর্মী আছিল আৰু হিন্দী নুবুজিছিল) যে মোৰ দৰে বুর্বকেও সলসলীয়া ইংৰাজী ক’ব পৰা হ’লো। তাত এটা উপলব্ধি হ’ল- আমাৰ অসমত কত কি দোৱান আছে মিৰি, বড়ো, তিৱা, কার্বি…এটাৰ লগটো মিল নাই। আমি সকলোৱে এটা দুটা সহজে ক’ব পাৰো। তেনে ইংৰাজীও এটা ভাষাহে, পাঠ্যক্রমৰ বিষয় মাত্র নহয়। ঘৰত তিনিমাহ এনেই আছিলো। গৰমৰ দিনৰ গাওঁৰ আদ্দাত আৰম্ভ কৰি দিলো ইংৰাজীতে কথা পতা। অতি কম দিনতে ৭ বা ৮ শ্রেনীৰ পৰা বিদ্যালয় এৰা ল’ৰাহঁতেও সলসলীয়া নহলেও ইংৰাজীতে কথা ক’ব পৰা হ’ল। তাৰ পিছত বিদেশ পালোহি। ইংৰাজী মাতৃভাষা নোহোৱা দেশত আহি মোক কোনে পাই..সলসলীয়া ইংৰাজী কও। লগৰীয়া সহকর্মীৰ ইংৰাজী ই-মেইল শুদ্ধ কৰি দিও। গপতে ফুলি থাকিলো…বোলো বেটা আমিও কম নহয়। দিন পাৰ হোৱাৰ লগে লগে মোৰ ইংৰাজী কোৱাৰ গতি কমালো নহ’লে জার্মান সকলে বুজি নাপায়। দেখা পালো বিজ্ঞানৰ মৌলিক কথাবোৰ সিহঁতে ইংৰাজীতহে কব নোৱাৰে। সিঁহতৰ মৌলিক জ্ঞানৰ নমুনা দেখি বহুত লাজ পালো। ইমান সুক্ষ্ম ভাবে বুজি পায় কথাবোৰ মই আচৰিত হ’লো। দেখা পালো সমস্ত বিজ্ঞানৰ কিতাপ জার্মান ভাষাত আছে। জার্মানৰ সকলো শিক্ষা লাভ কৰে লগতে ইংৰাজীও শিকে বিদেশী ভাষা হিচাপে। লাহে লাহে গম পালো আমি কলেজত আহি বিজ্ঞানৰ সাম্যক ধাৰণাবোৰ আহৰণ কৰিবলৈ বিদেশী ভাষাৰ লগত যুঁজ-বাগৰ কৰি থকাৰ সময়ত সিঁহত বহুত আগবাঢ়ি গ’ল। মন গৈছিল আকৌ ঘূৰি গৈ ইংৰাজীৰ লগত যুজ বাগৰ কৰা সময়খিনিত আকৌ অসমীয়াতে শিকি আহো সাধাৰণ জ্ঞানবোৰ। সঁচাকৈয়ে আমি বহুত কম জানো আৰু ইহঁত সচাকৈয়ে বহুত উন্নত। ভাগ্যক্রমে পৃথিৱীৰ সকলোতকে উন্নত আৰু আধুনিক নিউক্লীয়াৰ ৰিয়েক্টৰত কাম কৰিব পালো। এফ. আৰ এম-২ পৃথিৱীৰ সকলোতকে আধুনিক ৰিয়েক্টৰ। মই লগ পালো তাৰ কাৰিকৰী মূখ্য বিষয়াজনক। ইংৰাজীত একো ক’ব নাজানে কিন্তু গঢ়ি তুলিলে পৃথিৱীয়ে ঘূৰি চোৱা বিজ্ঞানৰ ভাস্কর্য্য। ‘আমাৰ অসম’ বাতৰি কাকতত সিদিনা পঢ়িলো ইংৰাজী মাধ্যমৰ সপক্ষে এটা প্রবন্ধ। সত্যেন্দ্রনাথ বোসে বোলে বেংগলীত পদার্থ বিজ্ঞান শিকাইছিল আৰু ছাত্রহঁতে একো বুজা নাছিল। গতিকে ইংৰাজীতে শিকোৱা উচিত আছিল। লেখকে ভাল হাঁহি উঠা যুক্তি দিছিল। বিখ্যাত বিজ্ঞানীজনে ঠিকেই বুজিছিল মাতৃভাষাতে জ্ঞান লাভ কৰা সহজ। মোৰ ল’ৰা ছোৱালীক ভবিষ্যতে অসমীয়া মাধ্যমতহে পঢ়াম- সকলো অসমীয়া মাধ্যমৰ স্কুল নাইকিয়া হ’লে নিজে খুলিম তথাপি…মই আশা কৰো ভৱিষ্যত প্রজন্মই মৌলিক চিন্তাধাৰাক জীয়াই ৰাখক, নিত্য নতুন চিন্তাৰে অসমৰ উন্নতিৰ বাবে কাম কৰক, পৰজীৱী চিন্তাধাৰাৰ অৱসান ঘটক।
এটা কথা গ্যৰান্টি দিওঁ যে যিমানেই যি ভাষাত নপঢ়ো মৌলিক জ্ঞান মাতৃভাষাত যিদৰে লব পাৰি অইন ভাষাত নোৱাৰি আৰু যিমান ডাঙৰ অভিযন্তা বা বিজ্ঞানী নহওক কিয় মৌলিক চিন্তা মাতৃভাষাতহে কৰিব লাগিব। পৃথিবীৰ সমস্ত উন্নত দেশত মাতৃভাষাত শিক্ষা দিয়া হয়। গতিকে আজিৰ চৰকাৰী সিদ্ধান্তৰ মই বিৰোধিতা কৰো। ইংৰাজী শিক্ষা দৰকাৰী আৰু প্রত্যেকে শিকা দৰকাৰ, কিন্তু যি ধৰণৰ ভূমিহীন বাহুল্যৰ সৃষ্টি হৈছে ইংৰাজী মাধ্যমক লৈ ভবিষ্যতে ‘আলু পিতিকা নাই কি হ’ল পিজ্জা খালেই হ’ল’ৰ দৰে হৈ পৰিব।

 

One thought on “ইংৰাজী মাধ্যমৰ বিদ্যালয় সম্পর্কে দুশাৰী (পঙ্কজ ঠাকুৰীয়া)

  • September 13, 2015 at 1:10 pm
    Permalink

    ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!