ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা

দৈনন্দিন:
(খণ্ড:১)
ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা:

লেখিকা : মিতালী বৰ্মন
যোৱা বছৰমানৰ কথা৷ বন্ধু দেৱজ্যোতি মহন্তৰ ‘ৱাল পোষ্ট’ত তেওঁৰ অনুজ ভাতৃপ্ৰতীম প্ৰণৱজ্যোতি ভূঞাই অসমীয়া লিপিত অভিমত প্ৰেৰণ কৰা দেখিলোঁ৷ দেখিয়েই আপ্লুত হৈ পৰিলোঁ৷ বন্ধুক খাটনি ধৰিলোঁ, প্ৰণৱৰ পৰা অসমীয়া লিপিত লিখাৰ কৌশলটো শিকি আহি মোক শিকাবৰ বাবে৷ দুদিনমানৰ পাচত মোক নিৰাশ কৰি বন্ধুৱে ক’লে যে প্ৰণৱৰ কম্পিউটাৰটোত অসমীয়া ‘চফটৱেৰ’ লগোৱা আছে৷ সঁচাকৈ কৈছোঁ সিদিনা যে প্ৰণৱৰ প্ৰতি মোৰ খুব ঈৰ্ষা হৈছিল (বেয়া নাপাবাদেই প্ৰণৱ, মুকলিকৈ ক’লোঁ )৷ সিদিনা হতাশ হৈছিলোঁ যদিও কম্পিউটাৰত অসমীয়া আখৰ লিখাৰ আগ্ৰহৰ প্ৰৱণতাটো কিন্তু মোৰ দিনে দিনে বাঢ়ি গৈ আছিল৷ এনেকৈ দিনবোৰ বাগৰি গ’ল৷ লাহে লাহে ইণ্টাৰনেটত মোৰ বন্ধু-বান্ধৱৰ সংখ্যাও বাঢ়ি গ’ল৷ এনেতে এদিন অৱন্তিকা পৰাশৰে মোক “নলবেইৰা ফেচবুক” নামৰ গোটটোত অন্তৰ্ভুক্ত কৰিলে৷ তাতে লগ পালোঁ হৃষীৰাজ শৰ্মাক৷ হৃষীয়ে মোক ‘আমি অসমীয়া’ ‘অসমীয়াত কথা-বতৰা’কে আদি কৰি বহুতো গোটত অন্তৰ্ভুক্ত কৰিলে৷এই গোটবোৰত সোমাই দেখিলোঁ যে আমাৰ পৃথিৱীখন বহু আগুৱাই গৈছে৷ কেতিয়াবা কিবা এষাৰ ক’বলৈ মন যায়, কিন্তু কোৱাহে নহয়৷ কাৰণ মই অসমীয়া লিপিত লিখিব নাজানোঁ৷ (মানুহবোৰৰ এই গোটবোৰৰ প্ৰতি এই কাৰণটোৰ বাবেও অনীহা হ’ব পাৰে দেই! অংক কৰি টান পোৱা/নেওতা বা এলজেব্ৰাৰ ফৰ্মুলা মুখস্থ কৰিব নোৱাৰা শিক্ষাৰ্থী এজনেও অংক কৰি বেয়া পায়৷) হৃষীয়ে কেতিয়াও অসমীয়া আখৰত লিখিবলৈ মোক একো জোৰ কৰা নাছিল৷ কিন্তু কিবা এটা সুধিলে উত্তৰটোহে অসমীয়া আখৰত দিছিল এনেয়ো মোৰ আগ্ৰহটোতো আছিলেই, এতিয়া হৃষীৰ উত্তৰ লিখাৰ কায়দাবোৰত মই আৰু বেছি প্ৰলোভিত হৈ পৰিলোঁ৷ এদিন সুধিয়েই পেলালোঁ৷ সোধা মাত্ৰেই তেওঁ মোলৈ দিহা-পৰামৰ্শসহ inbox-ত msg পঠিয়াই দিলে৷ তাৰপাচত, এইবাৰ আহিল অঞ্জলৰ পাল৷ এদিন অঞ্জলে মোলৈ msg এটা পঠিয়ালে “আপুনি অসমীয়াত লিখা নাই কিয়?” এইবুলি অঞ্জলেও মোলৈ ইণ্টাৰনেটত অসমীয়া লিখাৰ link পঠিয়ালে৷ অৱশেষত মই অসমীয়া আখৰত লিখিব পৰা হ’লোঁ৷ মোক উৎসাহিত কৰা বাবে হৃষী আৰু অঞ্জলৰ ওচৰত মই কৃতজ্ঞ৷ পাৰোঁ নে নোৱাৰোঁ বুলি চাবলৈ যিদিনাই কম্পিউটাৰত পৃথিৱীৰ আটাইতকৈ সহজ অথচ গুৰুত্বপূৰ্ণ শব্দ “মা” অসমীয়া আখৰত লিখিছিলোঁ আনন্দই পাৰ নধৰা হৈছিল৷
এতিয়া মূল কথাটো হ’ল অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয়তানো কি? হয়, অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয় দিশ বহুতো আছে৷ ব্যৱহাৰগত দিশৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিজ্ঞজনে ক’ব৷ মই ক’ব বিচাৰিছোঁ অতি সাধাৰণ যেন লগা দিশ এটাৰ কথাহে৷ ২০০৫-ত জীৱিকাৰ তাড়নাত দিল্লী অভিমুখী হোৱাৰ দিনৰে পৰাই যেতিয়াই অসমলৈ যাওঁ, উভতিবৰ পৰত কিতাপৰ টোপোলা এটা সদায় লগত আহে৷ কোনোবা আহিলেও লৈ আহে অথবা প্ৰয়োজন সাপেক্ষে ডাকত পঠিয়ায়৷ তেতিয়াই এনে এচাম ছাত্ৰ-ছাত্ৰীৰ লগত কথা হৈছিলোঁ, যিবোৰে কেৱল অসমীয়া আখৰকেইটা এপলকৰ বাবে চাবলৈ ইউনিভাৰ্চিটি লাইব্ৰেৰীলৈ ঢাপলি মেলে৷ অনুভৱ কৰিছিলোঁ তেওঁলোকৰ সেই বুভুক্ষা!! তেওঁলোকে কৈছিল, “কেতিয়াবা এনেদিনো পাৰ হৈছিল যিদিনা ঘৰৰ পৰা বাতৰি কাকতেৰে মেৰিয়াই পঠোৱা পাৰ্চেলতকৈও মেৰ খাই অহা বাতৰি কাকতখনহে বেছি দৰকাৰী যেন লাগিছিল৷” তেওঁলোকৰ হেঁপাহ দেখি আমি কিতাপ-আলোচনীৰ আদান-প্ৰদানো কৰিছিলোঁ৷ (কিন্তু লাভৰ মূৰত বহুতো কিতাপ হেৰুৱালোঁ৷ সেয়া এক অন্য কাহিনী…..) এতিয়া ভাবিছোঁ এই কৌশলবোৰ আগতে আয়ত্ব কৰা হ’লে কিমান ভাল আছিল!!
মই কম্পিউটাৰত অসমীয়া আখৰ লিখিবলৈ শিকা বেছি দিন হোৱা নাই৷ অসমীয়া আখৰত লিখিবলৈ অনুপ্ৰেৰণা যোগোৱা এই গোটবোৰত জড়িত হৈ অনুভৱ কৰিব পাৰিছোঁ, ইমানদিন মই কিহৰ অভাৱত ভুগি আছিলোঁ৷ কেইদিনমান আগতে বন্ধু চৈতন্যৰ লগতো তাকেই আলোচনা কৰিছিলোঁ৷ আচলতে কি জানে ৰাইজ, যিকোনো কামতে সংঘাত (সমাজৰ লগত ব্যক্তিৰ সংঘাত/ব্যক্তিৰ লগত ব্যক্তিৰ সংঘাত/নিজৰ মনৰ লগত ব্যক্তিবিশেষৰ সংঘাত) থাকে৷ কিন্তু পৰিস্থিতি বিশেষে এই সংঘাতবোৰে কামটো অধিক ফলদায়ী হোৱাত সহায়হে কৰে৷ ইয়াতো দেখিছোঁ এচাম মানুহে এতিয়াও নিজৰ গোড়ামিৰ সীমা ভাঙি ওলাই আহিব পৰা নাই৷ তেওঁলোকে নিজেও নিশিকে আৰু আনে শিকিলেও “FB ত অসমীয়া লিখাৰ ভুতে লম্ভিলে” বুলি টিতকাৰি দিয়ে৷ কিন্তু মানুহৰ এনে গোড়া মানসিকতাৰ পৰিৱৰ্তন ঘটিবলৈ আৰু বেছি দিন নাই৷ শিকাৰ কোনো সময় নাই, শিক্ষাৰ্থীৰ কোনো বয়স নাই৷ আমি সদায় আশাবাদী৷ আশা কৰোঁ আমি সফল হ’ব পাৰিম৷ এজনক শিকাই বুজাই সৈমান কৰাব পাৰিলে দহজনক নোৱাৰাৰ কাৰণ নাই৷ আৰু সময়ত সেই দহজনে এশজনলৈ বৃদ্ধি পাব, আৰু এশজন হাজাৰজনলৈ….. আৰু তেতিয়াই তেওঁলোকেও অসমীয়া লিপিত লিখিব পৰা হৈ আমাৰ শান্তনু দা(শান্তনু কৌশিক বৰুৱা)ৰ দৰে লিখিব “চিৰ চেনেহী মোৰ ভাষা জননী”

One thought on “ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা

  • July 27, 2011 at 2:43 pm
    Permalink

    যোৱা ২৪ জুলাইত শব্দই পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা ইউনিকোডত অসমীয়া লিখাৰ কৰ্মশালাখনৰ পাছতেই ইন্টাৰনেটত অসমীয়া লিখাৰ জোঁৱাৰ আহিছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!