ইতিহাসৰ বুকুৰ ৰূপোৱালি ৰেখা – প্ৰাঞ্জল বৰা

 

গ্ৰন্থ আমাৰ আটাইতকৈ বিশ্বস্ত সংগী৷ সকলোৱেই আপোনাক ঠগিলেও গ্ৰন্থই কেতিয়াও আপোনাক বিশ্বাসঘাটকতা নকৰে৷ এখন নতুন গ্ৰন্থ খুলি লোৱা মানেই এখন নতুন জগতত প্ৰৱেশ কৰা৷ শাৰীৰিক উৎকৰ্ষৰ বাবে যিদৰে আহাৰৰ প্ৰয়োজন সেইদৰে মানসিক উৎকৰ্ষৰ বাবেও মানসিক আহাৰৰ প্ৰয়োজন৷ যিটো আমাক গ্ৰন্থই যোগান ধৰিব পাৰে৷
কিতাপ মোৰ সকলো সময়ৰ সংগী৷ মই উপহাৰ হিচাপে লাভ কৰা বস্তুসমূহৰ ভিতৰত মোৰ সবাটোতকৈ প্ৰিয় হৈছে কিতাপ৷ কাৰোবাৰ পৰা এখন কিতাপ উপহাৰ হিচাপে লাভ কৰিলে পৰম প্ৰাপ্তি পোৱা যেন লাগে৷
অলপতে courier service যোগে তেনে এক সুন্দৰ উপহাৰ লাভ কৰি নিজকে কৃতাৰ্থ মানিলোঁ৷ সুদূৰ ডিগবৈৰ পৰা মৰমৰ চিন হিচাপে শ্ৰদ্ধাৰ দ্ৰোণকান্ত বৰুৱা ছাৰে তেখেতৰ সদ্য প্ৰকাশিত গ্ৰন্থখন মোলৈ পঠিয়াই দিছে৷ ইতিপূৰ্বে ছাৰৰ “অশ্লেষা” নামৰ উপন্যাসখন পঢ়ি তেখেতৰ লেখাৰ প্ৰতি আগ্ৰহ বাঢ়ি আছিল৷ সেয়ে এইখন পোৱাৰ লগে লগে পঢ়া আৰম্ভ কৰি দিলোঁ৷ সম্পূৰ্ণ পঢ়ি শেষ হোৱা নাই যদিও কিতাপখনৰ বিষয়ে চমুকৈ হ’লেও অলপমান মনৰ ভাব প্ৰকাশৰ লোভ সামৰিব নোৱাৰিলোঁ৷
অসম সাহিত্য সভাৰ চতুঃ-সপ্ততিতম(৭৪ সংখ্যক) বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ আদৰণি সমিতিয়ে প্ৰকাশ কৰা এই গ্ৰন্থখন হৈছে “ইতিহাসৰ বুকুৰ ৰূপোৱালি ৰেখা”৷ গ্ৰন্থখনত লেখকে আমাৰ অতীতৰ কেইটিমান বুৰঞ্জীপ্ৰসিদ্ধ ঘটনা একোটা কাহিনী অথবা গল্পৰ আলমত সুন্দৰকৈ লিপিবদ্ধ কৰিছে৷ বিশেষকৈ আহোম ৰাজত্ব কালৰ কেইবাটাও ঘটনা ইয়াত সুন্দৰকৈ কাহিনী আকাৰত বৰ্ণনা কৰা হৈছে৷ স্বৰ্গদেও চুকাফাৰ ৰাজ্য প্ৰতিষ্ঠা, গদাপাণি, সতী জয়মতী, বদন বৰফুকন, মণিৰাম দেৱান, ৰমণী গাভৰু, গৰমা কুঁৱৰী, লাচিত বৰফুকন, দেওৰজা, মোৱামৰীয়া বিদ্ৰোহ, মানৰ আগমন, সতী সাধনী, আতন বুঢ়াগোহাঁই, কণকলতাৰ সাহস, চকৰী ফেটী বুৰঞ্জী দাহ আদি বিভিন্ন বিষয়ক কাহিনীৰ লগতে পুথিখনত লেখকে মণিপুৰীয়া বীৰ টিকেন্দ্ৰজিতৰ বীৰত্বৰ কথাও সুন্দৰকৈ বৰ্ণনা কৰিছে৷ ১৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখনত মুঠতে ৩৪টা চুটি-দীঘল কাহিনী সন্নিৱিষ্ট হৈছে৷ প্ৰায় ১৬খন অসমীয়া আৰু ইংৰাজী আধাৰ গ্ৰন্থৰ সহায়ত কাহিনীকাৰে এই কাহিনীবোৰ সাৱলীলভাৱে নিজৰ ভাষাত লিখি উলিয়াইছে৷ গ্ৰন্থখনে আমাক আমাৰ অতীতৰ বীৰ-বীৰাংগনা সকলৰ লগতে পাহৰণিৰ গৰ্ভত লুকাই থকা কেইটিমান উল্লেখযোগ্য ঘটনাৰ লগতো আকৌ এবাৰ নতুনকৈ পৰিচয় কৰাই দিছে৷
সুন্দৰ আৰু অৰ্থবহঃ বেটুপাতৰ পকাবন্ধা এই গ্ৰন্থখনিৰ (১৬৪ পৃষ্ঠা) মূল্য ২০০/ টকা মাত্ৰ৷ গ্ৰন্থানুৰাগীৰ বাবে যে ই এক মূল্যবান সম্পদ হ’ব এইকথা ধুৰুপ৷

 

One thought on “ইতিহাসৰ বুকুৰ ৰূপোৱালি ৰেখা – প্ৰাঞ্জল বৰা

  • September 19, 2018 at 12:59 am
    Permalink

    কিতাপ খন লাগিছিল। প্ৰকাশক কোন। কত পাই কবিতা নেকি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!