ইয়েষ্টাৰডেৰ কথাৰে (-হিমজ্যোতি তালুকদাৰ )

হিমজ্যোতি তালুকদাৰ

 

 

চাৰিওফালে বিস্তৃত পাহাৰৰ মাজত এটা শুকান পথ। সেই পথটোৰেই আহি আছে এগৰাকী মহিলা, লগত তেওঁৰ সাত বছৰীয়া ছোৱালীজনী। অসুখটো আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰায় প্ৰতি সপ্তাহেই মহিলাগৰাকী আহে বহু দূৰ বাট অতিক্ৰম কৰি। জীয়েকৰ অফুৰন্ত কৌতুহলেৰে ভৰা প্ৰশ্নবোৰৰ উত্তৰ দি দি খোজকাঢ়ি অহা যোৱা কৰে পথটোৰে। লক্ষ্যস্থান এটায়েই, চিকিৎসকৰ ক্লিনিকটো। যেনেতেনে এবাৰ ডাক্তৰক অসুখটো দেখুৱাব পাৰিলেই যেন ৰক্ষা। কিন্তু ইমান যোজন বাট খোজকাঢ়ি আহোতে বহু পলম হৈ যায় মহিলাগৰাকীৰ, ডাক্তৰক লগ ধৰিবলৈ অহা অন্যান্য ৰোগীসকলৰ দীঘলীয়া শাৰীটোৰ শেষৰফালে বহু ধৈৰ্যৰে ৰৈ থাকে। কিন্তু প্ৰতিবাৰেই বিমুখ হ’বলগীয়া হয় সময়ৰ নাটনিত। পুনৰ এসপ্তাহৰ প্ৰতীক্ষা!

এনেদৰই আৰম্ভ হৈছে কথাছবিখন – ইয়েষ্টাৰডে (Yesterday), ২০০৪ চনত নিৰ্মিত দক্ষিণ আফ্ৰিকাৰ এখন চৰ্চিত কথাছবি। পোনপ্ৰথমবাৰৰ বাবে লৈছিলো জুলু ভাষাত নিৰ্মিত কথাছবিৰ সোৱাদ। অৱশ্যে এই কথাছবিখন আছিল দক্ষিণ আফ্ৰিকাৰ এঘাৰটা স্বীকৃত চৰকাৰী ভাষাৰ অন্যতম জুলু ভাষাত নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি। কথাছবি নিৰ্মানৰ ক্ষেত্ৰত হয়তো দক্ষিণ আফ্ৰিকা সিমান এক উল্লেখযোগ্য নাম নহয়। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিভিন্ন সামাজিক তথা ৰাজনৈতিক পটভূমিক লৈ হলিউডে বহুতো কথাছবিয়েই প্ৰযোজনা কৰিছে। কিন্তু দক্ষিণ আফ্ৰিকাৰ নিজৰ কাহিনীৰে, নিজৰ অভিনয়ৰে আৰু নিজৰ ভাষাৰে নিৰ্মিত কথাছবি এখনৰ নিশ্চিতভাৱে থাকিব এক সুকীয়া সোৱাদ।
মহিলাগৰাকীৰ নাম ইয়েষ্টাৰডে, দেউতাকে দিয়া নাম, কাৰণ দেউতাকৰ মতে, কালিবোৰ আজিতকৈ যথেষ্ট ভাল আছিল (things were better yesterday than they are today)। দক্ষিণ আফ্ৰিকাৰ জুলুলেণ্ডৰ এখন ভিতৰুৱা গাঁৱত নিজৰ সাত বছৰীয়া জীয়েকৰ সৈতে বাস কৰে ইয়েষ্টাৰডে। স্বামী জোহান্সবাৰ্গৰ এটা খনিৰ বনুৱা, মাহত এবাৰ অথবা কেইবামাহৰ মুৰত ঘৰলৈ আহে। যথেষ্ট কষ্টেৰে ঘৰখনৰ বিভিন্ন কামৰ লগতে পানী অনা, খেতি কৰা, খৰি ফলা আদিৰে ইয়েষ্টাৰডেৰ এক সদাব্যস্ত জীৱন, কিন্তু হঠাতে হোৱা কাঁহটোৱে যথেষ্ট কষ্ট দিয়ে। সেই উদ্দেশ্যেই ডাক্তৰক লগ ধৰিব বিচাৰিও বাৰে বাৰে বিফল হ’বলগীয়া হয়। অৱশেষত গাঁৱৰ বিদ্যালয়ৰ দয়ালু শিক্ষয়িত্ৰী গৰাকীৰ সহযোগত এদিন ডাক্তৰক নিজৰ অসুখ দেখুৱাবলৈ সক্ষম হয় আৰু তেজ পৰীক্ষাৰ অন্তত ধৰা পৰে ইয়েষ্টাৰডেৰ দেহত এইডচ ৰোগৰ বীজাণুৰ অৱস্থিতি, যি বীজাণু সোমাইছিল স্বামীৰ যোগেদি। কিন্তু মৃত্যু নিশ্চিত বুলি জানিও মনোবল হেৰুৱাই পেলোৱা নাছিল মহিলাগৰাকীয়ে। ডাক্তৰক অসীম সাহসেৰে মাথোঁ কৈছিল যে, মৃত্যু হ’ব কিন্তু নিজৰ জীয়েকক বিদ্যালয় শিক্ষা আৰম্ভ কৰোৱাৰ পাছতহে। ইতিমধ্যে চহৰৰ পৰা এইডচ ৰোগত আক্ৰান্ত তাইৰ দুৰ্বল তথা চাকৰিৰ পৰা বহিষ্কৃত স্বামী আহি উপস্থিত হৈছিল নিজৰ ঘৰত। গাঁৱত নিৰক্ষৰ সমাজখনে ৰুগীয়া স্বামীৰ উপস্থিতি সহজে মানি লব নোৱাৰিলে আৰু আঁতৰি যাবলৈ হেঁচা প্ৰয়োগ কৰিলে পৰিয়ালটোৰ ওপৰত। ফলত উপায়বিহীন হৈ নিজে এইডচ আক্ৰান্ত হৈয়ো অসীম মানসিক শক্তিৰ পৰিচয় দি ইয়াষ্টাৰডে লাগি যায় ঘৰৰ পৰা নিলগত নিজৰ ৰুগীয়া স্বামীৰ বাবে এটা সৰু কোঠালি নিৰ্মান কৰাত, কাৰণ চিকিত্সালয়ত ৰাখিবলৈ বিচনাৰ অভাৱ। । বিভিন্ন ভঙা চিঙা আচবাবেৰে অকলেই তৈয়াৰ কৰে স্বামীৰ বাবে এটা কোঠালীৰ এখন ‘চিকিত্সালয়’। কিন্তু স্বামী বেছিদিন জীয়াই নাথাকিল। জীয়েক বিউটিৰো বিদ্যালয়ৰ শিক্ষা

জীৱন আৰম্ভ কৰাৰ সময় হ’ল। বিউটিক বিদ্যালয়ৰ সাজত দেখি নিজে নিৰক্ষৰ ইয়েষ্টাৰডেৰ যেন এক দীৰ্ঘদিনীয়া সপোন পুৰণ হ’ল। কথাছবিৰ শেষৰ দৃশ্যত দেখা যায় এটা পথৰে ইয়েষ্টাৰডেৰ এক অকলশৰীয়া যাত্ৰা। যেন সকলো বান্ধোনৰ পৰা মুক্ত এক যাত্ৰা। কাৰণ মৃত্যুৰ পাছত বিউটিৰ চোৱাচিতা কৰাৰ দায়িত্ব ইতিমধ্যেই গাঁৱৰ শিক্ষয়িত্ৰী গৰাকীয়ে লৈ থৈছে।
ইয়েষ্টাৰডে মুলত: এখন নাৰীকেন্দ্ৰিক কথাছবি। এগৰাকী নাৰীৰ অদম্য শক্তি, সাহস, ত্যাগেৰে সমাহিত এক শক্তিশালী নাৰী চৰিত্ৰ কথাছবিখনৰ যোগেদি উপস্থাপন কৰা হৈছে। শক্তিশালী কাহিনী, সংলাপ, অভিনয়, চিনেমাটোগ্ৰাফী, পৰিচালনা তথা দক্ষিণ আফ্ৰিকাৰ থলুৱা সুৰৰ পাৰ্শ্ব সংগীত আদিকে ধৰি আটাইকেইটা বিভাগেই যেন সমানে চমকি উঠিছে। দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অনুন্নত তথা অশিক্ষিত সমাজ ব্যৱস্থাত এইডচ ৰোগীসকলক যে এতিয়াও অস্পৃশ্য হিচাবেই গণ্য কৰা হয়, সেই বাৰ্তাও কাহিনীৰ এক অবিচ্ছেদ্য অংগ। কথাছবিখনৰ মূল ভূমিকাত অভিনয় কৰা দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী লেলেটি খুমালোৰ মৰ্মস্পৰ্শী অভিনয়ে অভিভূত কৰে। গোটেই কথাছবিখনত লেলেটিয়েই অভিনয়ৰে দৰ্শকক আকৃষ্ট কৰি ৰাখে বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব। লেলেটি খুমলাৰ অভিনয় ইয়াৰ আগতে দেখিছিলো ‘হোটেল ৰৱাণ্ডা’ আৰু ‘ইনভিক্টাচ’ কথাছবি দুখনত। দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ পৰিচালক ডাৰেল ৰুডৰ পৰিচালনা নিশ্চিতভাৱে প্ৰশংসনীয়। কথাছবিৰ ইমান সুন্দৰ দৃশ্যায়ন শেষবাৰৰ বাবে ক’ত দেখিছিলো মনত পেলাবলৈ অলপ কষ্ট কৰিব লাগিব নিশ্চয়। ২০০৪ চনত বিদেশী ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ শিতানত অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰা এই কথাছবিখনে আজুৰি আনিছিল দেশ বিদেশৰ কেইবাটাও খিতাপ।
ইয়েষ্টাৰডে কথাছবিখন চোৱাৰ পাছত এতিয়ালৈকে চোৱা নাৰীকেন্দ্ৰিক কথাছবি সমুহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ কথাছবি হিচাবেই তালিকাত ৰাখিম। শেষত কথাছবিখনৰ এটি সংলাপেৰেই লেখাটিৰ শেষৰ শাৰীটো পুৰালো – “I have made up my mind. Until my child goes to school, I’ll not die…Only then can this “thing” take me away.”

কথাছবি : ইয়েষ্টাৰডে
পৰিচালক : ডাৰেল ৰুড
দেশ : দক্ষিণ আফ্ৰিকা
ভাষা : জুলু
মুক্তি : ২০০৪

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!