ইলেকচন পৰ্ব ২০১৪ (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

শইকীয়া পুৰাণ (ইলেকচন পৰ্ব ২০১৪)

মধ্য প্ৰহৰ ৰাত্ৰে আৰম্ভিছোঁ উপাখ্যান

নাম যাৰ চিৰাচৰিত শইকীয়া পুৰাণ |

শুনা শুনা হে মোৰ অকবৰ সভাসদ

নেতা পালিনেতাই একাকাৰ কৰিছে কৰ আৰু পদ |

আৰম্ভিছে ভাৰত দেশে লোকসভা ইলেকচন

কোটি কোটিৰ লেনদেনেৰে প্ৰাৰ্থীৰ চিলেকচন |

ৰাহুল কাইটীৰ কথন মহিলা সবলীকৰণ

মোদীয়ে আনিছে হেনো জন জাগৰণ |

পিছে বদলিছে আমাৰ কেৰপাইৰ বচন

কদাপি নকৰে গ্ৰহণ এইবাৰ কম্বল আৰু ধন |

কলিয়াবৰত উত্থান পোৱালি গগৈৰ

মাছমৰীয়া কনফিউজদ মতা নে মাইকী গৰৈ ?

কদাপি সাম্প্ৰদায়িক নহয় আমাৰ বদৰকাই

বৰপেটা ধুবুৰী চাৰিয়া সকলোতে আনিব হিন্দুক জিকায় |

গণতন্ত্ৰত বিশ্বাসী আমাৰ মেডামজীৰ হাঁহিৰাম

পিছে বিনাদোষে অখিলে জপিছে জে’লত ৰামনাম |

যোৰহাটত অষ্টমবাৰৰ বাবে বিজয়খুৰাৰ হৈ চৈ

পিছে প্ৰাগ-ঐতিহাসিক যুগৰে দলং হেনো ভোগদৈৰ |

লখিমপুৰত হেনো জমিছে খেলা

সৰ্বা-ৰাণীয়ে লৈছে প্ৰতিশ্ৰুতিৰ বোজা |

বৰপেটাত থিতাপিছে আমাৰ মৰমৰ পাৰভেজ

অসমীয়া নাজানিলেও আছে “ক্লীন ইমেজ” |

এহিমতে আগুৱাইছে ২০১৪ৰ লোকসভা

নদাই ভদাই মিলি খাওঁ আঁহা ইলেকচনৰ পিঠাপনা |

কিমান কম আৰু ইলেকচনৰ কথা

মোৰ আকৌ শ্ৰীমতী একেবাৰে হোজা |

আজিলৈ এৰিলোঁ হে অ.ক.বৰ প্ৰজা

দেৰি হ’লেই বব লাগিব শ্ৰীমতীৰ অভিমানৰ বোজা |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!