উচ্চ ৰক্তচাপ! কি ব্যৱস্থা ল’ব? (-ডাঃ এন. এম. ৰফিক)

উচ্চ ৰক্তচাপ নামৰ বিকাৰবিধে ভালেখিনি সময়ত চোৰৰ দৰে আচৰণ কৰে৷ আমি আমাৰ ধন-সম্পত্তি আদিৰ নিৰাপত্তাৰ ক্ষেত্ৰত যিদৰে সদায় সজাগ হৈ থাকোঁ, সেইবোৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰোঁ, নিজৰ ‘দেহাধন’ৰ ক্ষেত্ৰত তেনে সতৰ্কতা অথবা সজাগতা কিন্তু সাধাৰণতে প্ৰায়ে অৱলম্বন নকৰোঁ৷ ফলস্বৰূপে ভালেমান সময়ত ইয়াৰ কুফল ভুগিবলগীয়া হয়৷

আমি যেনেকৈ কোনো অচিনাকি এজনৰ চাল-চলন, মতি-গতি সম্বন্ধে কেতিয়াবা সন্দিহান হৈ পৰিলেও ততাতৈয়াকৈ সেইজনৰ ওপৰত নিৰ্দিষ্ট কোনো দোষ জাপি নিদি মনে মনে নিৰীক্ষণ কৰি থাকি কেতিয়াবা হাতে-লোটে ধৰা পেলোৱাৰহে চেষ্টাত থাকোঁ, নিজৰ ‘দেহাধন’ৰ বেলিকাও চোৰৰূপী উচ্চ ৰক্তচাপ নামৰ বিকাৰবিধে শৰীৰত আক্ৰমণৰ কিবা চক্ৰান্ত কৰিছে নেকি তাৰ বাবে কিছু সজাগতা, সতৰ্কতা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰাটো নিতান্তই আৱশ্যক আৰু তেনে কৰিলেই কেতিয়াবা হঠাতে হাতে-লোটে ধৰা পৰি যাবও পাৰে৷ ঘাইকৈ যিসকলৰ বয়স ৪০ৰ দেওনা পাৰ হৈ গৈছে নাইবা হওঁ হওঁ হৈছে আৰু যিসকলৰ পৰিয়ালৰ নিকততম কোনো কোনো উচ্চ ৰক্তচাপত ভোগাৰ কথা ইতিমধ্যে ধৰা পৰিছে সেইসকলে এই ক্ষেত্ৰত অধিক সতৰ্ক হ’ব লাগে৷

চোৰৰ পৰা ৰক্ষা পাবলৈ আমি সকলো সময়তে কিবা নহয় কিবা এটা ব্যৱস্থা কৰি ৰাখোঁ৷ মজবুত জপনা আদি লগোৱাৰ উপৰি তাত তলা-চাবি মাৰি মাৰুতী গাড়ীখন নিৰাপদে ৰখাৰ ব্যৱস্থা কৰোঁ৷ কিন্তু তাৰ মাজতে চোৰে দুই-তিনিটা তলা ভাঙি গাড়ীখন চোৰ কৰি লৈ যায়৷ আমাৰ দেহৰ ক্ষেত্ৰটো এনে বিপদৰ সম্ভাৱনা নোহোৱা নহয়৷

আমি তেন্তে আমাৰ শৰীৰটো এই উচ্চ ৰক্তচাপৰূপী চোৰৰ পৰা ৰক্ষা কৰিবলৈ হ’লে কি ব্যৱস্থা কৰিছোঁহঁক? নে এনেকৈয়ে শৰীৰটো আক্ৰান্ত হ’বলৈ এৰি দি অকালতে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’বলৈ দিম? নে চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপিৰ দিহা কৰিম?

চোৰৰ গতি-গোত্ৰ লক্ষ্য কৰাৰ দৰে আমিও মাজে মাজে আমাৰ দেহত চোৰে লম্ভিছে নেকি তাৰ বাবে সতৰ্ক আৰু সজাগ থাকি নিয়মীয়াকৈ শৰীৰটো পৰীক্ষা কৰোৱাই থাকিব লাগে৷ এটা পৰীক্ষাৰ ওপৰত ভিত্তি কৰিয়েই উচ্চ ৰক্তচাপ আছে নে নাই তেনে এটা সিদ্ধান্ত কৰি ল’ব নালাগে৷ যিদৰে সন্দেহযুক্ত অচিনাকি এজনক হঠাতে চোৰ বুলি কৈ দিয়াটোও উচিত নহয়৷ তাৎক্ষণিক চিকিৎসাৰ ক্ষেত্ৰত কিন্তু এই কথা শুদ্ধ নহয়৷ তাত চিকিৎসকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত৷ সাধাৰণ অৱস্থাত এমাহমানৰ ভিতৰত দুই-তিনিবাৰ পৰীক্ষা কৰোৱাৰ পিছতো যদি ৰক্তচাপ স্বাভাৱিক অৱস্থাতকৈ ওপৰত থাকে তেতিয়াহে উচ্চ ৰক্তচাপত ভোগা বুলি ঠাৱৰ কৰিব পৰা যায় আৰু তেতিয়া ব্যক্তিবিশেষৰ ক্ষেত্ৰত কি ধৰণৰ চিকিৎসাৰ আৱশ্যক হ’ব তাৰো এটা সিদ্ধান্ত কৰিব পৰা যায়৷ চিকিৎসা মানে কেৱল একমাত্ৰ ঔষধৰ দ্বাৰাহে চিকিৎসা সম্ভৱ, সেইটো ধাৰণা কৰি ল’ব নালাগে আৰু কোনো এজন উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ উপদেশ অনুযায়ী তেখেতে ব্যৱহাৰ কৰি থকা কোনো এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যিটো সাধাৰণতে ভালেমান জনা-বুজা লোকেও অনেক সময়ত কৰি থাকে৷

উচ্চ ৰক্তচাপ থকা বুলি গম পোৱাৰ লগে লগে ব্যক্তিবিশেষৰ গাত আৰু অধিক বিপদজনক কিবা পৰিস্থিতি জড়িত আছে নেকি (Risk factor) যেনে ধৰক ব্যক্তিগৰাকী বেছি শকত নেকি (Over weight)? এই ক্ষেত্ৰত উচ্চতা আৰু ওজনৰ সামঞ্জস্যৰ উপৰি আৰু এটা কথা মন কৰা উচিত, সেইটো হৈছে BMI (Body Mass Index)৷ ইয়াত এজনৰ ওজন কেজিত লৈ তাক উচ্চতাৰ মিটাৰ বৰ্গৰে হৰণ কৰিলে উত্তৰ যদি ১৮ৰ পৰা ২৫ৰ ভিতৰত থাকে (ওজন কেজিত ÷ উচ্চতা মিটাৰ বৰ্গ = ১৮-২৫) তেন্তে এইগৰাকী সুস্থ দেহ গঠনৰ ব্যক্তি অৰ্থাৎ ওজন সম্পৰ্কে তেখেত ৰক্তচাপৰ বেলিকা বিপজ্জনক পৰিস্থিতিত নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!