উঠি যোৱাৰ পাছত (ডঃ মাখন লাল দাস)

উঠি যোৱাৰ পাছত

মূল (হিন্দী) ডঃ আদৰ্শ প্ৰকাশ

অনু: ডঃ মাখন লাল দাস

 

তেওঁ এতিয়া তাত নাথাকে

আপুনি ঠিকেই বুজিছে

এই পৃথিবীত নাথাকে

 

আমি থাকোঁ

আৰু আমিনো কি থাকোঁ

মাথোন

থাকিবলৈ সহিহে

থাকোঁ৷

 

অনুপস্থিত আৰু অধিক

উপস্থিত

কম কোৱাৰ অভ্যাস

এতিয়া আৰু বেছি

শুনিবলৈ পাওঁ৷

 

 

 

 

 

 

 

 

 

ৰিক্ততাৰে

ভৰি গ’ল কেনেদৰে

যে

ভৰা-ভৰা হৈ মই

চাই থাকোঁ সেই ঠাই

য’ত প্ৰায়েই

বিশেষ ধৰণেৰে

বহিছিল তেওঁ,

যেন তাৰ পৰাই

উঠি গ’ল তেওঁ

উঠি যোৱাৰ পাছত৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!