উন্নতি বনাম সুখঃ সৰু দেশ, সুখী দেশ ভূটান- জয়ন্ত আকাশ বৰ্মন

 তিব্বত যাক স্থানীয় ভাষাত বোড (Bod) বুলিও জনা যায় তাৰেই অন্তত আছে ভূটান৷ বোড+অন্ত~ভোডান্ত~ভূটান৷ অথবা উচ্চ ঠাই, ভূ+উত্তম~ভূটান৷ যেনেকৈয়েই নাহক কিয় এই নাম, ভূটান জীৱনৰ বাবে এক উত্তম ঠাই৷ অসমৰ আকাৰৰ আধা ভূটানৰ উন্নতিৰ মাপকাঠি কিন্তু G.D.P. (গ্ৰছ ড’মেষ্টিক প্ৰ’ডাক্ট) নহয়৷ ইয়াৰ উন্নতিৰ মাপকাঠি হ’ল ’সমুদায় ৰাষ্ট্ৰীয় সুখ’ (Gross National Happiness).

বিশুদ্ধ অৰ্থনৈতিক উন্নয়নতকৈ সুখৰ উত্তৰণতহে গুৰুত্ব দিছে এই আমাৰ চুবুৰীয়া ভাতৃদেশখনে৷ ভূটানৰ মুঠ কৰ্মশক্তিৰ ৫৬.৩ শতাংশই কৃষি, বননীকৰণ অথবা পৰ্যটন উদ্যোগৰ লগত জড়িত৷ সেয়ে, দেশখন সুখী, সৌন্দৰ্যশালী আৰু সেউজ হৈ থাকে৷ সমগ্ৰ পৃথিৱীক সংশয়ত ৰখা কাৰ্বন ডাই অক্সাইড প্ৰদূষণে স্পৰ্শ কৰিব নোৱাৰে ভূটানক৷ ভূটানেই পৃথিৱীৰ একমাত্ৰ কাৰ্বন নিগেটিভ দেশ৷ সেউজ অৰণ্যৰে ভৰপূৰ এই দেশখনৰ বছৰি ছয় নিযুত টন কাৰ্বন শোষণ কৰিব পৰা ক্ষমতা আছে৷ য’ত এই দেশে বছৰি মাথোঁ‌ এক দশমিক পাঁ‌চ নিযুত টন কাৰ্বনহে উৎপন্ন কৰে৷ ইয়াৰ এক কাৰণ হৈছে ভূটানৰ শাসকপক্ষৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সহজাত দায়িত্ববোধ৷

ভূটানৰ প্ৰশাসনে ২০০৮ চনত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল, দেশখনৰ ৬০ শতাংশ ঠাই অৰণ্যাঞ্চল কৰাৰ৷ সেই ’বেঞ্চমাৰ্ক’ অতিক্ৰম কৰি আজি ভূটানৰ ৭২ শতাংশ ভূমি অৰণ্যেৰে আৱৰা৷ সেউজীয়াৰ প্ৰতি এই এই দায়বদ্ধতা সকলো দেশৰ বাবেই আদৰ্শ হৈ উঠিব পাৰে৷ সেই সেউজভূমি অকল ভূটানৰেই নহয়, সমগ্ৰ বসুধাৰে প্ৰদূষণ ৰোগৰ নিদান৷ ভূটান প্ৰশাসনে গাঁ‌ৱৰ কৃষকসকললৈ বিনামূলীয়া বিদ্যুত যোগানৰ ব্যৱস্থা কৰিছে, যাতে পোহৰৰ বাবে অন্য ইন্ধন ব্যৱহাৰ কৰিব লগা নহয়, খৰিৰ বাবে গছ কাটিব লগা নহয়৷ পৰিবেশ প্ৰদূষিত নহয়৷

ভূটানৰ অৰণ্য উদ্যানবোৰ স্থানীয় ৰাইজৰ দ্বাৰাই সুৰক্ষিত কৰা হয়৷ স্থানীয় ৰাইজক সেই অৰণ্য উদ্যানবোৰতেই কামৰ ব্যৱস্থা কৰি দিয়া হয়৷ ফলত উচ্ছেদৰ প্ৰয়োজন নহয়৷ ভূটানত সংগঠিত ট্যুৰ অপাৰেটৰবোৰৰ দ্বাৰা যিবোৰ ট্যুৰ পেকেজ দিয়া হয়, তাৰ প্ৰতিটো পেকেজ ট্যুৰৰ বাবে খৰচ ২৫০ ডলাৰ প্ৰতি দিন৷ (কম ভীৰ সময়ত ২০০ ডলাৰ প্ৰতিদিন)৷ আৰু আদৰ্শনীয় কথাটো হ’ল এই ২৫০ ডলাৰৰ পৰা ৬৫ ডলাৰ খৰচ কৰা হয় একমাত্ৰ শিক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু দৰিদ্ৰতা নিবাৰণ কাৰ্যসূচীসমূহত৷

ভূটানে দেশত ইলেক্ট্ৰিট্ৰিচিটিৰে চলা ইঞ্জিনৰ যান-বাহন প্ৰচলন ব্যপক কৰি তুলিবকৈ গাড়ী নিৰ্মাণ কোম্পানী নিচানৰ লগত এক অভিলাষী চুক্তিত চহী কৰিছে৷ ২০২০ চনৰ ভিতৰতেই দেশত এশ শতাংশ “অৰ্গেনিক ফুড“ৰ ব্যৱস্থা কৰিবলৈ যোৱা ২০১১ চনতেই ভূটানে “ৰাষ্ট্ৰীয় অৰ্গেনিক আঁ‌চনি“ নামেৰে এক আচনি আৰম্ভ কৰিছে৷ তাৰ বাবে কৃষকসকলক প্ৰশিক্ষণ আৰু বিত্তীয় সাহায্য দি আছে৷ খাদ্যৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তোলাত, তথা কৃষকসকলক আৰ্থিক নিৰাপত্তা দিয়াত ইয়ে নিশ্চিতভাবে ভূটানক সহায় কৰিব৷

বিশ্বৰ ১১৮ তম ধনী দেশ ভূটানৰ প্ৰকৃতি সুৰক্ষা তথা জনসাধাৰণৰ মানসিক সুখৰ বিকাশৰ প্ৰতি এই দূৰদৃষ্টিসম্পন্ন খোজবোৰ অন্য দেশৰ বাবে এক আদৰ্শ হৈ উঠিব এদিন৷ ☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!