উপনাম – নীৰুজা বৰা

বাৰীৰ সৰু পুখুৰীটোত সেইবাৰ বেছি মাছ নোলাল, তথাপি দেউতাৰ তাগিদা,
“ডাঙৰ বায়েৰক মাছ কেইটামান দি আহ যা৷“
ইফালে মোৰ পঢ়াৰ কাম শেষেই হোৱা নাই৷ পুৱাতেই গৰু কেইটা লৈ দেউতাৰ লগত হাললৈ নগ’লে নহয়৷ গতিকে পুৱা কিতাপত হাত দিয়াটো সপোনৰ অগোচৰ৷ আবেলি যিকণ সময় পাওঁ, ৰজনী শইকীয়া ছাৰে, পঢ়াই দিয়া ইংৰাজী পাঠটোৰ অসমীয়া ভাঙনিসমূহ কৰিবলৈ, মহেন্দ্ৰ ককাইদেউৰ পৰা অনা কেইটামান পৃষ্ঠাৰ বাহিৰে বাকী সকলো পৃষ্ঠা জহি-খহি যোৱা ইংৰাজী অভিধানখন মেলি লওঁ৷
“ঐ, বোপাই, সোনকালে নাযাৱ কিয়? বাট এচোৱা নাই জানো, আজি আহিব নালাগে, কালিলে পুৱাতেই স্কুল পোৱাকে ঘূৰি আহিবি“,
দেউতাৰ অবাধ্য আজিলৈকে হ’বলৈ সাহ কৰা নাই৷ কিয়নো অবাধ্য হ’ব লাগে৷ দেউতাই, যি কৰিছে বা কয় সদায় আমাৰ ভালৰ বাবেই হয়৷
মায়ে যতনাই দিয়া মাছৰ কলহটোৰ লগতে, বাৰীৰ তামোল, নেমু, কাচকল দুআশী, বেহুৱাৰ টোপোলাটো আন এটা মোনাত ভৰাই ল’লো৷ কেৰিয়াৰত ইংৰাজীৰ কিতাপখন কাপোৰেৰে মেৰিয়াই লৈ বাইদেউৰ ঘৰলৈ যাবলৈ ওলালোঁ৷ বাইদেউৰ ভিনদেউ এজন নামী অধিবক্তা৷ লগতে সেই ঠাইৰ চোকা ল’ৰা বুলি খ্যাত৷ গতিকে মই মোৰ ফটা অভিধানখন নিনিলেও হ’ব৷ তেখেতেই সকলো শিকাই দিব পাৰিব৷
প্ৰায় পাঁচ মাইল মান বাট কুৰি বাই, চাইকেল চলাই, ফুট গধূলিৰ সময়ত বাইদেউৰ ঘৰ পাওঁ পাওঁ হওঁতেই মোৰ চাইকেলৰ আগ চকাৰ বায়ু উৰিল৷ উপায় নাপাই চাইকেলখন টানি টানিয়ে আগবাঢ়িলোঁ৷ তেনেতে গাঁৱৰে চিনাকি এজনে মোক প্ৰত্যক্ষ কৰি,
“কি হ’ল ঐ, তই উকীলৰ খুৰশালিয়েক নহয় নে? কি হ’ল, চকাৰ বায়ু উৰিল হ’বলা৷ সেই পকী ঘৰটোত সোমাগৈ যা, সিহঁতৰ ঘৰত পাম্প এটা আছে, এতিয়া সেইটো ৰাজহুৱা হৈছে গৈ৷“ মানুহজন সেই গাঁৱৰে৷ বাইদেউৰ ঘৰলৈ আহি আহি চিনাকি হৈ গৈছে৷ মনতে ভাবিলো পাম্পটো কৰাই লৈ যোৱাটোয়ে উচিত হ’ব৷ কাইলৈ আকৌ পুৱাতেই যাব লাগিব যেতিয়া৷
কথাটো মনতে আওৰাই, মানুহজনে দেখুৱাই দিয়া পদূলিটোৰ ফালে আগবাঢ়িলোঁ৷ ইফালে নামঘৰৰ পৰা ডবাৰ শব্দ আহিলেই৷
“গৃহস্থ আছে নে? “
মোৰ মাত শুনি ঘৰ খনৰ আদহীয়া মহিলাগৰাকী, হাতত ধূনাৰ মলা লৈ ওলাই আহিল৷
:“কোন অ’ এইটো, এই কাল সন্ধ্যাখন“
:“মই, বেবেজীয়াৰ, ইয়াত বাইদেউ-ভিনদেউৰ ঘৰলৈ আহিছোঁ, আপোনালোকৰ ঘৰত চাইকেলৰ পাম্প আছে বুলি সোমালো৷“
:“হে প্ৰভু, মাতটো ধৰিব পাৰিছোঁ ৰ, তই বেবেজীয়াৰ মাধৱীৰ ভায়েক নহয় জানো৷ কিয় মোক ধৰিব পৰা নাই, মই চেনেহী বাইদেউ, আহ আহ চাইকেল তাতে ষ্টেণ্ড কৰি সুমুৱাই আহ৷“
তেতিয়াহে মনত পৰিল, হয়তো এইটো চেনেহী বাইদেউৰ ঘৰ, আন্ধাৰত ধৰিবই পৰা নাছিলোঁ৷ মোক কথাখিনি কৈ, চেনেহী বাইদেউ গোঁসাই থাপনাৰ ওচৰলৈ গৈ, মলাটো আগবঢ়াই প্ৰাৰ্থনা জুৰিলে৷
“মুক্তিতঃ নিস্পৃহ যিটো, সেহি ভকতক নমো.. “
তেনেতে ভিতৰৰ পৰা কোনোবাই মতা যেন লাগিল, মই কাণ দিলোঁ,
“হেৰা খুলশালি সোমাই আহা হে, বাইদেউৰাই দীঘলীয়া ঘোষা জুৰিলে, তুমি ৰৈ ৰৈ আমনিহে পাবা৷“
মাতটো শুনি চেনেহী বাইদেউৰ ভিনদেউ য়ে মাতা বুলি জানি, চাইকেলখন চোতালতে থৈ ভিতৰলৈ সোমাই গ’লো৷
ভিনদেউয়ে হাতত কিতাপ এখন লৈ আছে, মই যোৱা দেখি, চচমা যোৰৰ ওপৰেৰে মোৰ ফালে চাই, মিচিকিয়াই ক’লে, “আহা, বহি লোৱা৷“
মই ভিনদেউক নমস্কাৰ জনাই, কাষতে থকা সৰু বেতৰ চকীখনত বহিলোঁ৷

“ডাঙৰ চকীখনত বহা, কিয় তাত বহিলা“,

ভিনদেউৰ কথাত “হ’ব ভিনদেউ “ বুলি ক’লো৷ এটা অভ্যাস মোৰ, ডাঙৰৰ লগত একে শাৰীতে বহিবলৈ সংকোচ কৰোঁ৷ মোৰ বাবে জ্যেষ্ঠজনৰ ওচৰত, ই এক সন্মান৷
ভিনদেউয়ে আমাৰ ঘৰৰ খা -খবৰ ল’লে, এপাকত তেওঁলোকৰ ল’ৰাজনক পাম্পটো আনিবলৈ দিলে৷ বাহিৰৰ লাইটটো জ্বলাই মই আৰু ল’ৰাজনে চাইকেলৰ চকা দুয়োটাতে পাম্প মাৰিলোঁ৷ মাজতে ভিনদেউয়ে ল’ৰাজনক ক’লে, “বাবা, এইয়া মামা দেই, তোৰ কাণ সমনীয়াই মামাজন৷“ সি মোৰ মুখলৈ চাই, মিচিকিয়ালে৷
ভিনদেউহঁত আঢ্যৱন্ত পৰিয়ালৰ৷ পকী ঘৰ, লগতে কাৰেণ্টৰ সুবিধা আৰু আন আচবাব সমূহো মোৰ চকুত লাগিল৷ আমাৰ ঘৰত কাৰেণ্টৰ সুবিধাকণৰো অভাৱ, গতিকে সেইদিনা লাইটৰ পোহৰত থাকি কিমান আনন্দ লাগিল মোৰ মনেহে জানিলে৷

ইতিমধ্যে চেনেহী বাইদেউ গোঁসাই ঘৰৰ পৰা, ৰান্ধনী ঘৰলৈ গৈছিল৷ তেওঁলোকৰ ছোৱালী এজনীও আছে, তেওঁ মোতকৈ বয়সত যথেষ্ট সৰু৷ মই মনতে এটা ভাৱ আহিল, এই ল’ৰা -ছোৱালী দুয়োটাই বাৰু কি খাই জন্ম লৈছিল, লাইটৰ পোহৰত আৰু পকী ঘৰখনত থাকিবলৈ পাইছে৷ কথাটো ভাবি নিজৰেই হাঁহি উঠিল৷ নিজৰ অৱস্থাটো চালোঁ, সাতোটা ল’ৰা ছোৱালীৰে আমাৰ ঘৰখনত দেউতা শিক্ষক হ’লেও, কিমান বস্তু যোগাৰ দিব? তিনিজনীকৈ বাইদেউ, ভনী দুজনী আৰু ভাইটিটো, এই সকলো এটা চাকৰিৰ ওপৰতে নিৰ্ভৰশীল৷ খেতিৰ মাটি অলপ সৰহকৈ থকাৰ বাবে, কিছু সকাহ হয়৷ বাইদেউ দুজনীক বিয়া দিলে যদিও আলহী অতিথিৰ আগমন বাঢ়িল৷ তথাপি আমি একো অভাৱ পোৱা নাই, কিতাপৰ অভাৱটোও ওচৰৰ দাদা, বাইদেউহঁতৰ পৰা পূৰণ হয়৷ বিদ্যালয়তে মই ভালকৈ বুজি আহোঁ বাবে, মোৰ বেছি অসুবিধা নহয়৷ এনেদৰেই এতিয়া নৱম শ্ৰেণী পালোহি৷ কেৱল কষ্ট কৰিব লগীয়া হয়৷ হালৰ দিনত পুৱাই হাল বাবলৈ যাব লগা হয়, ঠিক সেইদৰে ধান কটা দিন কেইটা, মৰণা মৰাৰ পৰা ধান ভঁৰালত সোমোৱা লৈকে দেউতাৰ লগতে থাকিবলগীয়া হয়৷
“বোপা, এইয়া ল“, গিলাচ এটাত গাখীৰ পানী আৰু লগতে খোলা চাপৰি পিঠা দুটা আনি চেনেহী বাইদেৱে মোক যাচিলে৷ ময়ো আথে-বেথে হাতখন পেণ্টতে মচি, বাইদেউৰ হাতৰ পৰা বস্তু কেইপদ ল’লোঁ৷
ভিনদেউৰ ওচৰতে সেই সৰু বেতৰ চকী খনত বহি খৰ খেদাকৈ খোৱাত লাগিলোঁ৷ গাখীৰ পানীখিনি মুখত দিওঁতে এটা বেলেগ সোৱাদ পালোঁ৷ খাই শেষ কৰি ভাবিলোঁ, এয়াটো গাখীৰ পানী নহয়, মোক নো কি খাবলৈ দিলে৷ কিন্তু খাই খুব ভাল পালোঁ৷ বাইদেউ, ভিনদেউ আৰু ল’ৰা ছোৱালীহাল মোৰ ওচৰতে বহিল, তেওঁলোকেও সন্ধিয়াৰ আহাৰ লৈছিল৷ মই অৱশ্যে আনলৈ নাচাই খোৱাত লাগিছিলোঁ, কাৰণ ইতিমধ্যে মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ যাবলৈ পলম হৈছিল৷
সৰুৰে পৰা মোৰ এটা অনুসন্ধিৎসু মন আছিল৷ সকলো কথাতে নজনাটো সুধি বা শিকি হে শান্তি পাওঁ৷ খোৱা বস্তুৰ লগতো ইয়াৰ ব্যতিক্ৰম নাছিল৷

:“বাইদেউ, মোক দিয়া গাখীৰ পানী খিনি, ভাল লাগিল খাই, কিন্তু গাখীৰ পানী নহয় যেন লাগিল৷“,
মোৰ কথাটো শুনি তেওঁলোক চাৰিওয়ে ইজনে আনজনৰ ফালে চালে৷ ল’ৰা ছোৱালী দুয়োটাই অলপ ডাঙৰকৈ হাঁহিয়েই দিলে৷
মই অলপ অবাক হ’লো৷ ইতিমধ্যে মই যাবলৈ থিয় হৈছিলোয়েই৷ এপাকত বাইদেউয়ে লাহেকৈ ক’লে, “সেইয়া হৰলিক্স অ’, তই আগতে খোৱা নাই নেকি? “
মই লাহেকৈ ক’লো, “নাই খোৱা, বাইদেউ“
হাঁহি থকা ল’ৰা ছোৱালী হাললৈ চাই ভিনদেউয়ে চকু পকাই ধৰিলে৷ ময়ো নতুন বস্তুৰ এটাৰ সোৱাদ মুখত লৈ বাইদেউহঁতৰ পৰা বিদায় ল’লোঁ৷

এনেকৈ অভাৱ-অনাটনৰে ক্লাছ নাইনত পঢ়া মই মেট্ৰিকৰ দেওনা পাৰ কৰি, এদিন অৰ্থনীতিক মূল বিষয় হিচাপে লৈ প্ৰথম বিভাগত স্নাতক হ’লোঁ৷
দেউতাক কাকুটি-মিনতি কৰি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰা সিন্ধান্ত এটি লৈ, গুৱাহাটীলৈ যাবলৈ ওলালোঁ৷ যোৱাৰ আগতে দেউতাৰ আদেশ মৰ্মে, তিনিজনী বিয়া দিয়া বাইদেউৰ ঘৰত মাত এটা লগাই আহিবলৈ ওলালোঁ৷
গুৱাহাটীলৈ যোৱা দুদিন আগতেই ডাঙৰ বাইদেউৰ ঘৰলৈ চাইকেলৰে আহি আছিলোঁ৷ সেইদিনা বাটতে চেনেহী বাইদেউৰ ভিনদেউক লগ পালো৷ চাইকেলৰ পৰা নামি ভিনদেউৰ খা-খবৰ ল’লো৷ ভিনদেউয়ে মোৰ পঢ়াশুনাৰ বিষয়ে সুধাত, মই বিশ্ববিদ্যালয় লৈ যোৱাৰ কথা ক’লো৷ ভিনদেউ আনন্দত আত্মহাৰাহৈ মোক চেনেহী বাইদেউক দেখা কৰি যাবলৈ একপ্ৰকাৰ জোৰেই কৰিলে৷ ময়ো কথা পেলাব নোৱাৰি, ভিনদেউৰ লগতে চেনেহী বাইদেউক দেখা কৰিব লৈ ঘৰলৈ সুমুৱাই গ’লো৷ ভিনদেউয়ে মোক সন্মুখৰ কোঠাতে বহিবলৈ দি ভিতৰৰ কোঠালৈ সুমুৱাই গ’ল৷ তাৰ পাছতে চেনেহী বাইদেউ ওলাই আহি মোৰ চুলিত হাত বুলাই চকুৰ পানী টুকি ক’লে,
“বোপা, বায়েৰৰ ঘৰলৈ আহিলে, এইজনী বায়েৰক এবাৰ দেখা কৰিব নোৱাৰ? এতিয়া ইমানটো হ’লি, সৌ সিদিনা পাম্প কৰিবলৈ সুমুৱাই যোৱা নাছিলি জানো ৷“ মই বাইদেউৰ ভৰিত ধৰিলোঁ৷ বাইদেৱে মূৰত হাত বুলাইয়ে ক’লে, “আশীৰ্বাদ কৰিছোঁ, তই আগবাঢ়ি যা৷“
তেনেতে ল’ৰা -ছোৱালী হালৰ সৈতে ভিনদেউ ওলাই আহিল৷ ল’ৰা-ছোৱালীহাল বহু ডাঙৰ হ’ল৷
ভিনদেউয়ে সিহঁতৰ ফালে চাই ক’বলৈ ধৰিলে, “বাবা-মইনা, তহঁতে এইজন কোন চিনি পাইছ নে নাই, তহঁতে যে ’হৰলিক্স মামা’ বুলি কৱ, সেইজনয়েই, প্ৰথম শ্ৰেণীৰ স্নাতক৷ তহঁতক ইমান সুবিধা দিয়াৰ পাছতো, আনে খাই নোপোৱা বস্তু তহঁতক খুৱাইও মোৰ বাৰু কি লাভ হ’ল, মইনাই এইবাৰৰ সৈতে দুবাৰ মেট্ৰিক দিওঁ পাছ কৰিব নোৱাৰিলে আৰু বাবাইটো পঢ়াই এৰিলে৷“
মই মৌন হৈ কথাবোৰ শুনি গ’লো৷ কিন্তু ’হাৰলিক্স মামা’, বুলি কোৱা কথাটো বুজি নাপালোঁ৷ মই একো নুসুধোতেই ভিনদেউয়ে মোৰ ফালে চাই আকৌ ক’লে, “বুজিছা নে, তুমি সেইদিনা হাৰলিক্স চিনি নাপাওঁ বুলি কওঁতেই, ইহঁতে তোমাক এটা উপনাম লগাই কথা কোৱা হ’ল, ’হৰলিক্স মামা বুলি’৷ মই নিশ্চুপ হৈ আছিলোঁ, ইহঁতৰ কাণ্ড কাৰখানা দেখি, আজি মুখ খুলিছোঁ৷“

ভিনদেউৰ কথাবোৰ শুনি হাঁহি উঠিল৷ মোক উপনাম দিলে অথচ মই আজিহে গম পালোঁ৷ বাইদেৱে দিয়া চাহ জলপান খাই, ভিনদেউৰ লগত দুআষাৰ কথা পাতি বিদায় ল’লো৷
পঢ়াৰ মাজতে এই সকলো কথা পাহৰণিৰ গৰ্ভত সুমাল৷ এবাৰ বন্ধৰ সময়ত বিশ্ববিদ্যালয়ৰ পৰা মই ঘৰলৈ আহোঁতে, ডাঙৰ বাইদেউকো ঘৰতে পালোঁ৷ বাইদেউয়ে এদিন চেগ বুজি মোক ক’লে, “ডাঙৰ ল’ৰা, তই হ’বলা চেনেহী বাইদেউৰ ঘৰলৈ গৈছিলি? “
মই হয়ভৰ দিলোঁ৷ বাইদেউৰ পৰা জানিবলৈ পালোঁ, মই নৱম শ্ৰেণীত পঢ়ি থাকোতে, চেনেহী বাইদেউহতৰ ঘৰত ঘটা ঘটনাটো সেই গাঁৱৰ সকলোৰে মুখে মুখে, আৰু বহুতেই মোক হৰলিক্স মামা বুলিয়েই চিনি পায়৷ তেতিয়া বোলে মোৰ ডাঙৰ বাইদেউৰ খঙে গৈ চুলিৰ আগ পাইছিল৷ মোকহে কোৱা নাছিল৷ কিন্ত সিদিনা মোৰ ভাল ৰিজাল্টৰ খবৰো সেই গাঁৱৰ ৰাইজৰ মুখে মুখে৷ চেনেহী বাইদেউৰ ভিনদেউয়ে হৰলিক্স নাখাইও যে মানুহ ভাল হ’ব পাৰি সকলোকে জনালে, লগতে মই অভাৱ অনাটনৰ মাজেৰে বিশ্ববিদ্যালয়ৰ দুৱাৰদলি গচকিবলৈ যাবলৈ যোগ্যতা অৰ্জন কৰিছোঁ, সেই কথা সকলোকে মেলে-মিটিংয়ে কৈ থকা হ’ল৷ আৰু তেতিয়া মোৰ ডাঙৰ বাইদেউৰ বুকু ফুলি উঠিল৷

সেইদিনা ডাঙৰ বাইদেউয়ে মোৰ আগত হাঁহি হাঁহি কোৱা গাঁৱৰ কথাবোৰৰ মাজতে বাইদেউৰ আনন্দ দেখি, মই সুখ পালোঁ৷ মই বহু বছৰৰ পাছত সেইদিনা বাইদেউক সাৱটি ধৰিলো, মুখেৰে আপোনা-আপুনি এষাৰ কথা ওলাই আহিল,
“তই এইদৰেই সদায় হাঁহি থাক, বাইদেউ তোৰ নাম হৈ পৰক ’হাঁহিলী’৷“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!