উবেৰৰ খিৰিকীৰে দেখা গুৱাহাটী
লেখক- —মনালিছা পাঠক নেওগ
উবেৰ সকলোৰে পৰিচিত এটা নাম। মোবাইলত নেট খুলি উবেৰ কানেক্ট কৰাৰ পিছত নিমিষতে গাড়ীখন আহি দুৱাৰমুখত হাজিৰ হয়। নিজৰ ঘৰৰ গাড়ীত উঠি যোৱাৰ দৰে এক নিৰ্ভৰশীল অনুভৱ। সহজ, সুবিধাজনক আৰু ব্যস্ত চহৰখনৰ মাজত একপ্ৰকাৰৰ স্বস্তি।
২০১৬ চন। স্বামীৰ কৰ্মসূত্ৰে তেতিয়া গুৱাহাটীত আছিলোঁ। সেই বছৰটোত ৰে’ল ষ্টেচন, বাছ ষ্টেচন অথবা চহৰৰ ইফালৰ পৰা সিফাললৈ অহা-যোৱাৰ একমাত্ৰ ভৰসা আছিল উবেৰ। সেয়েহে উবেৰৰ সৈতে কেৱল যাত্ৰাৰ সম্পৰ্কই নহয়, সময়ৰ সৈতে জড়িত হৈ ৰৈ গ’ল বহুতো স্মৃতি, বহুতো মুখ আৰু অজস্ৰ সৰু-সৰু কাহিনী।
উবেৰত উঠাৰ লগে লগেই মোৰ মানুহজনে চালকজনৰ সৈতে কথা-বতৰা আৰম্ভ কৰি দিয়ে—ক’ত ঘৰ, ক’ৰ পৰা আহিছে, পৰিয়াল ক’ত থাকে ইত্যাদি। অলপ সময়ৰ ভিতৰতে অচিনাকি মানুহ এজন যেন চিনাকি হৈ পৰে। চালকসকলেও নিজৰ জীৱনৰ কাহিনী মেলি দিয়ে।
এনে বহু চালক পাইছোঁ, যিসকল উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বেংগল আদি দূৰ-দূৰণিৰ ঠাইৰ পৰা আহি গুৱাহাটীত উবেৰ চলাই নিজৰ পৰিয়াল পোহপাল দি আছে। আচৰিত কথাটো হ’ল—তেওঁলোকৰ মুখত সলসলীয়া অসমীয়া!
কেতিয়াবা ভাবোঁ, এখন চহৰক নিজৰ কৰি লোৱাৰ অৰ্থ হয়তো এইটোৱেই—তাৰ ভাষাটো হৃদয়েৰে শিকি লোৱা।
এবাৰ এখন উবেৰত উঠি দেখিলোঁ, ফ্ৰণ্ট মিৰৰৰ ওপৰত এডাল দীঘল লাঠী থোৱা আছে। কৌতূহল সামৰিব নোৱাৰি সুধিলোঁ—“লাঠীডাল কিয়?”
উত্তৰটো শুনি অলপ আচৰিতেই হৈছিলোঁ।
চালকজনে ক’লে, ৰাতি প্ৰয়োজন হয়। ৰাতিৰ গুৱাহাটীখন দিনৰ গুৱাহাটীতকৈ অলপ বেলেগ। কেতিয়াবা মদপী যাত্ৰী, কেতিয়াবা ভাড়া দিবলৈ অমান্তি হোৱা মানুহ, কেতিয়াবা আকৌ কেইজনমান মিলি চালকজনক ভয় দেখুৱাই গাড়ী লৈ যাবলৈ চেষ্টা কৰা—নানান অভিজ্ঞতা।
লাঠীডাল তেওঁলোকৰ বাবে অস্ত্ৰতকৈ বেছি যেন আত্মৰক্ষাৰ এক সৰু সাহস।
সেইদিনা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ—আমি যি গাড়ীখনত নিশ্চিন্তে বহি গন্তব্য স্থানলৈ যাওঁ, সেই গাড়ীখনৰ ষ্টিয়াৰিঙৰ সিপাৰে বহি থকা মানুহজনৰ পৃথিৱীখন হয়তো ইমান সহজ নহয়।
তেওঁ আৰু কৈছিল, প্ৰায় সকলো উবেৰ চালকৰ গাড়ীতে এনে এডাল লাঠী থাকেই।
আমি আচৰিত হৈছিলোঁ। দিনৰ পোহৰত চিনাকি চহৰখনৰ এটা আন ৰূপ যেন সেই মুহূৰ্ততে আমাৰ আগত মুকলি হৈছিল।
আকৌ এবাৰ ছয়মাইলৰ পৰা হাইৱেলৈ যাওঁতে এজন চালকৰ সৈতে কথা পাতি জানিব পাৰিছিলোঁ তেওঁলোকৰ আন এটা অভিজ্ঞতাৰ কথা।
যাত্ৰী গাড়ীত উঠাৰ সময়তে তেওঁলোকে লক্ষ্য কৰে—হাতত কি আছে। নামি যোৱাৰ সময়তো এবাৰ চকু ফুৰাই লয়। কাৰণ যাত্ৰী নামি যোৱাৰ লগে লগেই গাড়ীখন অন্য এজন যাত্ৰীৰ সন্ধানত আগবাঢ়ে। পিছলৈ ঘূৰি চোৱাৰ সময় নাথাকে।
এবাৰ হেনো এজন যাত্ৰী লেপটপৰ বেগ এটা লৈ গাড়ীত উঠিছিল। নামোঁতে বেগটো গাড়ীতে এৰি গ’ল। চালকজনেও তেতিয়া লক্ষ্য নকৰিলে। কিছুসময় পিছত আন এজন যাত্ৰী আহিল—খালী হাতে কিন্তু নামোঁতে সেই লেপটপৰ বেগটো লগত লৈ নামিবলৈ ধৰিলে।
চালকৰ চকুত কথাটো পৰিল।
তেওঁ লগে লগে গাড়ীৰ পৰা নামি যাত্ৰীজনৰ পৰা বেগটো লৈ আহিল আৰু প্ৰকৃত গৰাকীক বিচাৰি উলিয়াই লেপটপটো ঘূৰাই দিলে।
মানুহৰ মাজত এতিয়াও যে বিশ্বাসৰ অলপ পোহৰ জীয়াই আছে, এনে ঘটনাবোৰে সেই কথাই যেন মনত পেলাই দিয়ে।
মোৰ লগতো প্ৰায় একেই ঘটনা ঘটিছিল—এই বছৰৰ ফেব্ৰুৱাৰী মাহত। গুৱাহাটীৰ জি এছ ৰোডলৈ বিশেষ কামত গৈছিলোঁ। আমি আছিলোঁ ছয়মাইলত। সাধাৰণতে মই হেণ্ডবেগ লৈ যাওঁ কিন্তু সেইদিনা সোনকালে উভতি আহিম বুলি ভাবি পাৰ্চ এটাহে লৈ গৈছিলোঁ।
উভতি আহোঁতে ফোন এটা আহিল। পাৰ্চৰ পৰা ফোনটো উলিয়াই কথা পাতিলোঁ। তাৰ পিছত কথাৰ মাজতেই পাৰ্চটো উবেৰত এৰি ছয়মাইলত নামি আহিলোঁ।
সন্ধিয়া নামি আহিছিল।
আমি চাহ একাপ খাবলৈ বহিলোঁ। চাহ শেষ কৰি অলপ ৰৈছোঁহে—তেনেতে দেখোঁ, এজন ল’ৰা দৌৰি আহিছে। হাতত মোৰ পাৰ্চটো।
তেতিয়াহে গম পালোঁ—পাৰ্চটো মোৰ হাততেই নাই!
“ঠিকেই আছে নে, চাই লওক,” বুলি তেওঁ পাৰ্চটো মোৰ হাতত আগবঢ়াই দিলে।
মোৰ মানুহজনে হাঁহি ক’লে, “তুমি যেতিয়া দিব আহিছা, এতিয়া আৰু চোৱাৰ কোনো প্ৰয়োজন নাই।”
আমি তেওঁক ধন্যবাদ জনালোঁ। তেওঁ গুচি গ’ল। আমি ৰাস্তা পাৰ হৈ হোটেলৰ ফালে যাবলৈ লওঁতেই আকৌ তেওঁক দেখা পালোঁ। গাড়ীৰ পিছৰ ছিটত দুগৰাকী খ্ৰীষ্টান মিছনেৰী মাদাৰ বহি আছিল। চালকজনে ক’লে—তেওঁলোকে উঠিয়েই পাৰ্চটো দেখি সুধিছিল, “কাৰ?”
“তেতিয়াই গম পাইছিলো আপোনাৰ পাৰ্চটো থাকি গল। সেয়ে লগা লগ আপোনাক ইয়াতে পাম বুলি আহিলোঁ।”
আমি তেওঁলোকক ধন্যবাদ জনালোঁ। তেওঁলোকে হাঁহি হাত জোকাৰি আঁতৰি গ’ল।
ঘটনাটো মোৰ মনত উজ্জ্বল স্মৃতি হৈ ৰৈ গ’ল আৰু এটা ঘটনা আছে—যিটো হয়তো জীৱনজুৰি পাহৰিব নোৱাৰিম।
এবাৰ ২:৩০ বজাৰ ট্ৰেইনখন ধৰিবলৈ ছয়মাইলৰ পৰা ষ্টেচনলৈ উবেৰ লৈছিলোঁ। তেতিয়া প্ৰায় ২ বাজিছিল। সেই সময়ত ৰাস্তাত যথেষ্ট ভিৰ। আমি চালকজনক অনুৰোধ কৰিছিলোঁ—“সম্ভৱ হ’লে অলপ সোনকালে যাব পাৰিবনে?”
তেওঁ চেষ্টা কৰিলে। সাধাৰণতে যি পথত ৩০-৩৫ মিনিট, কেতিয়াবা তাতকৈও বেছি সময় লাগে, সেই পথ তেওঁ আমাক প্ৰায় ২৫ মিনিটতে ষ্টেচন পোৱাই দিলে।
তেওঁক ধন্যবাদ জনাই আমি দৌৰিলোঁ। হাতত মাত্ৰ পাঁচ মিনিট।
ট্ৰেইনখন আছিল ৬ নম্বৰ প্লেটফৰ্মত। দুয়োটা বেগ লৈ আমি চিৰিৰে নামি গৈছোঁ। তেনেতে ট্ৰেইনখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিলে। মোৰ মানুহজনে মোৰ হাতৰ বেগটো লৈ ক’লে—“দৌৰিব পাৰিবা?”
মই ক’লোঁ—“পাৰিম” আৰু দুয়ো দৌৰিলোঁ কিন্তু ট্ৰেইনৰ গতি বাঢ়ি গৈছিল।
এটা সময়ত তেওঁ ক’লে—“ৰৈ দিয়া আৰু নৰখাই।”
আমি ৰৈ গ’লোঁ। চাৰিওফালৰ মানুহে আমাৰ ফালে চাই আছে।
সেইদিনা হয়তো আমাৰ ভাগ্য অলপ বেছি ভাল আছিল।
ট্ৰেইনৰ শেষৰ ডবাত থকা এজন ৰে’ল কৰ্মচাৰীয়ে আমাক দৌৰি অহা দেখিছিল। আমি ৰৈ যোৱা দেখি তেওঁ ৱাকী-টকীৰে চালকজনৰ সৈতে যোগাযোগ কৰিলে। অকস্মাৎ কিছু দূৰ গৈ ট্ৰেইনখন ৰৈ গ’ল।
চাৰিওফালৰ পৰা কোনোবাই যেন চিঞৰি উঠিল—
“দৌৰক! দৌৰক! ট্ৰেইনখন আপোনালোকৰ বাবে ৰখাই দিছে!”
আমি আকৌ দৌৰিলোঁ।
শেষত ট্ৰেইনত উঠিলোঁ।
আমি উঠি যোৱাৰ লগে লগেই ট্ৰেইনখন পুনৰ গতি ল’লে।
সেইদিনা ট্ৰেইনখন আমাৰ দুজনৰ বাবে ৰৈ যোৱা কথাটো এতিয়াও মনত পৰিলে কৃতজ্ঞ অনুভব কৰোঁ। কেতিয়াবা জীৱনৰ ডাঙৰ ডাঙৰ স্মৃতিবোৰ কোনো পৰিকল্পনাৰ পৰা নাহে—এনেকৈয়ে অকস্মাতে আহি জীৱনৰ পাতত স্থায়ী হৈ ৰৈ যায়।
উবেৰ মোৰ বাবে সেয়ে কেৱল এখন গাড়ী নহয়। ই গুৱাহাটীৰ কিছুমান ব্যস্ত ৰাস্তা, অচিনাকি চালকৰ সৈতে হোৱা চিনাকি কথা-বতৰা, মানুহৰ জীৱন-সংগ্ৰাম, কিছুমান অজানা কাহিনী, হেৰাই যাব খোজা বস্তু উভতাই দিয়া সততা আৰু প্ৰয়োজনৰ সময়ত অচিনাকি মানুহে আগবঢ়াই দিয়া সহায়ৰ এক দীঘল স্মৃতি।
কেতিয়াবা এখন গাড়ীৰ যাত্ৰা শেষ হৈ যায় কিন্তু সেই যাত্ৰাত লগ পোৱা মানুহবোৰ আৰু তেওঁলোকে এৰি যোৱা কাহিনীবোৰ—মনৰ ভিতৰত বহু দূৰলৈকে গৈ থাকে।
সেইবোৰ স্মৃতি হৈ ৰৈ যায়…জীৱনৰ কোনোবা নীৰৱ কোণত।
