উমৰাংছু চহৰ – মোৰ বৰ্তমানৰ কৰ্মস্থান : মাধব শইকীয়া

হাবি-জংঘল, গছ-গছনিৰে আৱৰা চন পৰা এক বিশাল ভূখণ্ড আকৃতিৰ পাহাৰেৰে আৱৰা অঞ্চল অসমৰ ডিমা হাচাও জিলাৰ উমৰাংছু চহৰ । ভিন্ন ভাষা, ভিন্ন গোষ্ঠী, ভিন্ন জাতি, ভিন্ন ধৰ্মৰে মানৱীয়তাৰ এক ৰম্য ভূমি এই উমৰাংছু চহৰ । হয়তো উমৰাংছু চহৰ, অসমৰ আটাইতকৈ সৰু চহৰ হ’ব পাৰে আৰু ইয়াক উগ্ৰপন্থীৰ শৈশৱ বুলিও কোনোবাই ক’ব বিচাৰিব কিন্তু যিয়ে নহওঁক বৰ্তমানৰ উমৰাংছু চহৰ অসমৰ অন্য এক আদৰ্শনীয় চহৰ । উমৰাংছু চহৰ বুলিলে কেৱল ১২ কিলো ঠাই খনকেই বুজা যায় যদিও ২৯ কিলোৰ পৰা ৩ কিলো পৰ্যন্ত ডিমা হাচাও ৰ এই বিশাল ভূখণ্ডৰ বাসিন্দা সকলে তেওঁলোকক উমৰাংছু চহৰৰ বুলিয়ে ক’ব খোজে । উমৰাংছু চহৰ ভাৰতীৰ ৰাজ্য অসম আৰু মেঘালয়ৰ সীমান্ত অঞ্চলত অৱস্থিত । মেঘালয়ৰ চুবুৰীয়া বাবেই হয়তো ইয়াৰ পৰিবেশ ১২ মাহে বসন্ত কালৰ দৰে জাৰ লাগে আৰু ঠাণ্ডা বতাহ বলে । অসম তথা উত্তৰ-পূৱ ভাৰতত ব্যক্তিগত খণ্ডৰ সৰ্ব বৃহৎ ব্যৱসায়ীক প্ৰতিষ্ঠান বিনয় চিমেন্টে ২৭০,০০০ মিলিয়ন ভাৰতীয় মুদ্ৰাৰে আৰম্ভ কৰিছিল চিমেন্ট নিৰ্মাণৰ কাৰখানা অসমৰ এই সৰু উমৰাংছু চহৰতেই ইংৰাজী ১৯৮৯ চনত । তাৰ পিচৰে পৰা অন্য বহুকেইটা বহুজাতিক চিমেন্ট নিৰ্মাণ প্ৰতিষ্ঠান আহি পাতনি মেলিলে এই উমৰাংছু চহৰতেই, মূলতে এনিচেম(NECEM) চিমেন্ট লিমিটেড (১৯৮৯), আৰ.চি.এল.(১৯৯৯), কেলকম চিমেন্ট (২০০৭) আৰু এছ.চি.এল. আদি । উমৰাংছু চহৰত পূৰ্বেই আছিল ভাৰত চৰকাৰৰ পঞ্জীয়ণ কৃত বৈদ্যুতিক প্ৰতিষ্ঠান নেপকো (NEEPCO) । বৰ্তমানেও আৰু কিছু ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী খণ্ডৰো সৰু-বৰ বহু কেইটি প্ৰতিষ্ঠানৰ সহযোগত ডিমা হাচাও জিলাৰ এই উমৰাংছু চহৰ অসমৰ উদ্যোগীক ক্ষেত্ৰখনৰ এখন গৰীয়সী চহৰ হিচাপে পৰিগণিত হৈছে । উমৰাংছু চহৰ খন অসমত থকাৰ বাবেই হয়তো, অসমীয়াই জনসংখ্যাৰ হিচাপে নিজৰ সংখ্যা গৰিষ্ঠতা বাৰ্তাই ৰাখিছে কিন্তু ভাষাৰ ক্ষেত্ৰত অসমীয়াই হিন্দী ভাষাৰ পিছতহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । উদ্যোগীক ক্ষেত্ৰৰ লগতে শৈক্ষিক ক্ষেত্ৰটো উমৰাংছু চহৰ পিছ পৰি নাথাকিল । চহৰৰ মাজমজিয়াতে থকা শিলচৰ স্থিত অসম বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত জে. বি. হাগজাৰ মহাবিদ্যালয় হৈছে চহৰ খনত থকা একমাত্ৰ মহাবিদ্যালয়, যি বিশ্ববিদ্যালয় পৰ্যায়ৰ শৈক্ষিক পাঠ্যক্ৰমৰ লগতে আন্তঃগাঁথনিও আছে । আনহাতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰণালীৰ বিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, উমৰাংছু আৰু গৰমপানী উচ্চ মাধ্যমিক বিদ্যালয়, ছেক্ৰেট হাৰ্ট স্কুল আদি বহু কেইখন উল্লেখ যোগ্য শিক্ষা প্ৰতিষ্ঠানে উমৰাংছু চহৰক শৈক্ষিক দিশটো আগৰণুৱা কৰি ৰাখিবলৈ সক্ষম হৈছে । (পৰবৰ্তী ….)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!