এইড্‌ছ আৰু ইয়াৰ আইন সংক্ৰান্তীয় বিষয়ে (জ্যোৎস্না গগৈ)

এইড্‌ছ আৰু ইয়াৰ আইন সংক্ৰান্তীয় বিষয়ে

জ্যোৎস্না গগৈ

এইচ. আই. ভি. আৰু এইড্‌ছ কি?
এইচ (H)- হিউমেন (মানৱ)
আই (I)-ইম্যিউন’ ডেফিচিয়েনচি (ৰোগ প্ৰতিৰোধ ক্ষমতাহীন)
ভি (V)-ভাইৰাছ
এইচ. আই. ভিয়ে শৰীৰক কেনেকৈ আক্ৰান্ত কৰে তথা কি প্ৰভাৱ পেলায় সেই সম্পৰ্কে সম্পূৰ্ণকৈ বুজিবলৈ মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোনো কি সেই সম্পৰ্কে আমি জনাৰ প্ৰয়োজন আছে।
-ৰোগ প্ৰতিৰোধ ব্যৱস্থাই শৰীৰটোক বিভিন্নৰোগৰ সংক্ৰমণৰ পৰা নিৰাপদে ৰাখে।
-শ্বেত ৰক্ত কণিকা (W.B.C.)সমূহ হৈছে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ-যিবোৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিব বিচৰা ক্ষতিকাৰক বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাইৰাছসমূহৰ বিৰুদ্ধে যুদ্ধ কৰাৰ লগতে সেইবোৰক ধ্বংস কৰে।
-চি. ডি.-৪ কোষবোৰ হৈছে শ্বেত ৰক্ত কণিকাৰেই এটা ৰূপ যিবোৰে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰে।
-তেজত চি. ডি.-৪ কোষৰ উপস্থিতিৰ মাত্ৰাই ব্যক্তি এজনৰ স্বাস্থ্য তথা শৰীৰৰ ৰোগ-প্ৰতিৰোধ অৱস্থাক সূচিত কৰে। এইচ. আই. ভিয়ে চি. ডি.-৪ কোষক সংক্ৰমণৰ জৰিয়তে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে।
–তেজত চি. ডি.-৪ কোষৰ পৰিমাণৰ আধাৰত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে আক্ৰান্ত ব্যক্তিজনৰ শৰীৰত হোৱা সুযোগ সন্ধানী সংক্ৰমণ (Opportunistic infection) আৰু অন্য অৱস্থা সম্পৰ্কে জানিব পাৰে। ইয়াৰ আধাৰত এইচ. আই. ভি. গাত লৈ জীয়াই থকা ব্যক্তি এজনক কি পৰ্যায়ৰ চিকিত্সা সেৱা প্ৰদান কৰিব লাগে (অ. আই. প্ৰফাইলেক্সিচ্ / এ. আৰ. টি.)সেই সম্পৰ্কে তেওঁলোকে নিৰূপণ কৰিব পাৰে।
-সুযোগ সন্ধানী সংক্ৰমণ (অ. আই.)সমূহ হল এইচ. আই. ভি. আক্ৰান্ত লোকৰ মৃত্যুৰ মূল কাৰণ।
-বেছিভাগ সুযোগ সন্ধানী সংক্ৰমণ (অ. আই.) যথোচিত সময়ত চিকিত্সা প্ৰদানেৰে ভালদৰে প্ৰতিৰোধ কৰিব পাৰি।
-তেজৰ নমুনাত চি.ডি.৪ৰ সংখ্যা যেতিয়া ২০০তকৈ কমি যায় তেতিয়া আক্ৰান্ত ব্যক্তিজনৰ ৰোগক এইড্‌ছ (একুয়াৰ্ড ইম্যিউন’ ডেফিচিয়েনচি চিন্দ্ৰম)বুলি কোৱা হয়।

এইচ. আই. ভি. আৰু এইড্‌ছ

-এইচ. আই. ভি মানে হিউমেন ইম্যিউন’ ডেফিচিয়েনচি (ৰোগ প্ৰতিৰোধ ক্ষমতাহীন) ভাইৰাছ।
-এইচ আই ভি.ৰ দ্বাৰা আক্ৰান্ত ব্যক্তি এজনক এইচ. আই. ভি. যোগাত্মক লোক হিচাপে জনা যায়।
-এইচ. আই. ভি. মানুহৰ শ্বেত ৰক্ত কণিকাৰ লগত মিহলি হৈ পৰে আৰু লাহে লাহে শ্বেত ৰক্ত কণিকাসমূহক মাৰি পেলায়।
-মানৱ শৰীৰে এইচ. আই. ভি. ধ্বংস কৰিব নোৱাৰে। এইচ. আই. ভি. আক্ৰান্ত ব্যক্তি এজনে নমৰালৈকে কঢ়িয়াই লৈ ফুৰে।
-কিছুমান ঔষধে (যেনে-এ. আৰ. টি.) আক্ৰান্ত ব্যক্তিক সুদীৰ্ঘ জীৱনদান কৰিব পাৰে যদিহে ইয়াক নিয়মীয়াভাৱে সেৱন / ব্যৱহাৰ কৰা হয়।

এইড্‌ছ (AIDS)
Acquired Immuno Deficiency Syndrome
Acquired -জন্মগত নহয়: মানৱ দেহৰ অভ্যন্তৰৰ যিকোনো জুলীয়া দ্ৰব্যত তীব্ৰমাত্ৰাত থকা এইচ. আই. ভি. দেহৰ প্ৰত্যক্ষ সংযোগৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে, ইয়াৰোপৰি অতি বিপদজনক আচৰণ অথবা এইচ. আই. ভি.ৰ প্ৰতি শৰীৰক উন্মুক্ত কৰি ৰাখিলেও ইয়াৰ দ্বাৰা ব্যক্তি এজন আক্ৰান্ত হ’ব পাৰে।
Immuno- ৰোগ প্ৰতিৰোধ ক্ষমতা
Deficiency- ৰোগ প্ৰতিৰোধ ব্যৱস্থাত টি-৪ লিম্ফছাইট্ নামৰ নিৰ্দিষ্ট এবিধ শ্বেত ৰক্ত কণিকাৰ নোহোৱা কৰা।
Syndrome- ৰোগ সংক্ৰমণৰ চিন আৰু লক্ষণ কিছুমানৰ সমষ্টি।

এইচ. আই. ভি.ৰ পৰা কিদৰে এইডছ হয়-
-ভাইৰেল আক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিৰ তেজৰ চি. ডি.৪ কোষসমূহ কমিবলৈ ধৰে।
-ভাইৰেল আক্ৰমনৰ প্ৰক্ৰিয়া নিৰৱচিন্নভাৱে চলাৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিবলৈ ধৰে আৰু সংক্ৰমণৰ প্ৰক্ৰিয়াক বাধা দিবলৈ আক্ৰান্ত শৰীৰটো অসমৰ্থ হৈ পৰে।
-আক্ৰান্ত ব্যক্তিজন ইয়াৰ ফলত অতি সহজে সুযোগসন্ধানী সংক্ৰমণৰদ্বাৰা আক্ৰান্ত হোৱাৰ অৱস্থাত উপনীত হয়।
-আক্ৰান্ত ব্যক্তিৰ দেহত সুযোগসন্ধানী সংক্ৰমণ প্ৰকট হৈ পৰাৰ মাজেদিয়েই তেওঁ এইড্‌ছত আক্ৰান্ত হোৱাৰ সম্পূৰ্ণতা লাভ কৰে।

সুযোগসন্ধানী সংক্ৰমণ (Opportunistic Infections)
এইচ. আই. ভি.য়ে শৰীৰৰ নিৰাত্তা বাহিনী স্বৰূপ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। যেতিয়াই আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাঙি যায় তেতিয়া তেওঁৰ বিভিন্ন মাৰাত্মক ৰোগ যেনে- Kaposi sarcoma নামৰ কৰ্কট ৰোগ আদিৰ সংক্ৰমণ ঘটিব পাৰে। এইবোৰকেই সুযোগসন্ধানী সংক্ৰমণ (Opportunistic Infections) বুলি কোৱা হয়। কিয়নো সেইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰে। আপোনালোকে হয়তো কোনো ব্যক্তি এইড্‌ছত মৃত্যু হোৱা বুলি শুনা পাইছে। এনে বক্তব্যক সামগ্ৰিকভাৱে শুদ্ধ বুলি ক’ব নোৱাৰি, কিয়নো এনে মৃত্যু সংঘটিত হয় মাথো সুযোগসন্ধানী সংক্ৰমণৰ বাবেহে। বহু ব্যক্তিয়ে তেতিয়াহে H.I.V./ AIDS ৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পাৰে, যেতিয়া তেওঁলোকৰ দেহৰ সুযোগসন্ধানী সংক্ৰমণ পৰীক্ষাত ধৰা পৰে।

এইচ. আই. ভি.ৰ আইনী দিশ
এইচ. আই. ভি. সন্দৰ্ভত ৰোগীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন, সুৰক্ষা প্ৰদান আৰু মানৱ অধিকাৰ ৰক্ষা কৰক-
-এইচ. আই. ভি. দ্বাৰা আক্ৰান্ত হওকেই বা নহওক, সকলো শিশু, মহিলা আৰু পুৰুষৰ নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য ৰক্ষাৰ্থে প্ৰয়োজনীয় তথ্য আৰু সেৱা লাভ কৰাৰ মানৱীয় অধিকাৰ আছে।
-এইচ. আই. ভি. এইডছৰ সন্দৰ্ভত নিজৰ শৰীৰ সম্পৰ্কে সকলো তথ্য লাভৰ আৰু প্ৰয়োজনীয় পৰামৰ্শ গ্ৰহণৰ তেওঁলোকৰ অধিকাৰ আছে।
– তেওঁলোকৰ আনকি পৰীক্ষা কৰিবলৈ নিদিয়াৰ বা এইচ. আই. ভি. পৰীক্ষাৰ ফলাফল কাকো নজনোৱাৰ অধিকাৰো আছে।
– নৱজাতক বা গাখীৰ খাই থকা শিশু সম্পৰ্কে সকলো তথ্য লাভৰ পিছত প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ তথা প্ৰয়োজনীয় সহায় সহযোগিতা গ্ৰহণ কৰাৰ অধিকাৰ মহিলা মহিলা এগৰাকীৰ থাকে।

এইচ. আই. ভি. সংক্ৰান্তীয় আইনী বিষয়বোৰ:
_ ১৯৯৩ চনৰ “ড্ৰাগছ এণ্ড কচমেটিক ৰুলচ্‌” অনুসৰি তেজ আৰু তেজত থকা কোনো বস্তু কাৰোবাক দিয়াৰ পূৰ্বে সেইবোৰৰ এইচ. আই. ভি. আৰু অন্য সংক্ৰমনকাৰীৰোগ পৰীক্ষা কৰাটো বাধ্যতামূলক।
– ভাৰতীয় সংবিধানৰ “ৰাইট টু প্ৰাইভেচি অৱ এ পাৰচন” আইনৰ ২১ দফা অনুযায়ী প্ৰতিজন লোকৰেই চিকিত্সা সেৱা লাভৰ মৌলিক অধিকাৰ আছে।
– ১৯৯৮ চনৰ ‘বায়’মেডিকেল ৱেষ্ট মেনেজমেণ্ট ৰেগুলেচনচ্’ অনুসৰি জৈৱিক আৰু চিকিত্সা সংক্ৰান্তীয় আৱৰ্জনা সৃষ্টিকাৰী যিকোনো অনুষ্ঠানে সংশ্লিষ্ট আৱৰ্জনাৰ দ্বাৰা মানুহৰ স্বাস্থ্য আৰু পৰিৱেশত কু-প্ৰভাৱ নপৰাৰ ব্যৱস্থা কৰা বাঞ্ছনীয়।
– ১৯৯৪ চনৰ “অৰগেন ডনেচন এক্ট”ৰ মতে ব্যক্তি এজনৰ কোনো অংগ অন্যৰ গাত সংস্থাপিত কৰাৰ পূৰ্বে দাতাজনক যথোচিত স্বাস্থ্য-পৰীক্ষা কৰাব লাগে।
– ১৯৯৫ চনৰ “আৰটিফিচিয়েল ইনচেমিনেনে হিউমেন” এক্ট অনুসৰি সংশ্লিষ্ট প্ৰক্ৰিয়াটো চলোৱাৰ পূৰ্বে ব্যক্তি এজনৰ এইচ. আই. ভি. পৰীক্ষা কৰাটো বাধ্যতামূলক।
– ১৯৮৬ চনৰ “কনজিউমাৰ প্ৰটেক্‌চন এক্ট” অনুসৰি চিকিত্সা সংক্ৰান্তীয় অসাধু অনুশীলনৰ পৰা গ্ৰাহকসকলক আইনী সুৰক্ষা প্ৰদান কৰা হৈছে।
– চিকিত্সকসকলে ব্যক্তি এজনৰ ৰোগ চিনাক্ত কৰি তেওঁক যথোচিত পৰামৰ্শ আৰু সেৱা প্ৰদান কৰা বাধ্যতামূলক। কোনো এজন ৰোগীকেই তেওঁৰ দেহত যোগাত্মকভাৱে এইচ. আই. ভি. থকা বাবে চিকিত্সা লাভৰ পৰা বঞ্চিত কৰা অনুচিত। অন্যথা তেনে চিকিত্সক বা চিকিত্সাকৰ্মীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে। ইয়াৰ ফলস্বৰূপে এজন চিকিত্সকে চৰকাৰী অনুজ্ঞাপত্ৰ হেৰুৱাব পাৰে।
– এইচ. আই. ভি. সংক্ৰমিত ব্যক্তিৰ আছে:
-সম্পত্তিৰ উত্তৰাধিকাৰ লাভৰ অধিকাৰ
-সন্তানৰ ওপৰত অধিকাৰ
-চাকৰিত আন মানুহৰ দৰেই থকাৰ অধিকাৰ (তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে)

এইচ. আই. ভি.ৰ পৰীক্ষণ, অনুসন্ধান সম্পৰ্কে বিভিন্ন দিশ-
– নিৰাপদ ৰক্ত পৰিবহন সম্পৰ্কে অনুসন্ধান চলোৱাত বাধা নাই।
– আন এটা অনুসন্ধানৰ অনুমতি থকা পৰীক্ষণ হৈছে “চেৰ’প্ৰিভিলেন্স ষ্টাডি”। মহামাৰীবিধ প্ৰকৃততে কমিছে নে অধিক ভয়ানক ৰূপ লৈছে- সেই সম্পৰ্কে সঠিক উপলব্ধিৰ বাবে এই অনুসন্ধানৰ জৰিয়তে সংখ্যাগত তথ্য আহৰণ কৰা হয়।
– এইচ. আই. ভি. পৰীক্ষণৰ দুটা পূৰ্বচৰ্ত হিচাপে গণ্য কৰা কাৰ্য হৈছে পৰামৰ্শ দান আৰু অনুমতি গ্ৰহণ।
– কোনো ব্যক্তিকেই চিকিত্সা প্ৰদানৰ পূৰ্বচৰ্ত হিচাপে জোৰ কৰি এইচ. আই. ভি. পৰীক্ষা কৰোৱাব নালাগে।
– ভাৰতত সকলো গৰ্ভৱতী মহিলাকেই এইচ. আই. ভি. পৰীক্ষা কৰোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৰামৰ্শ দিয়া হয়। তেওঁলোকক তেতিয়াহে এই পৰীক্ষা কৰিব পাৰি যেতিয়া স্ব-ইচ্ছাই তেখেতসকলে ইয়াৰ বাবে সন্মত হয়।
– এইচ. আই. ভি. পৰীক্ষাৰ ফলাফলবোৰ অতি গোপনীয়তাৰে ৰাখিব লাগে
– ব্যক্তি এজনৰ শৰীৰত এইচ. আই. ভি. থকা বা নথকা সম্পৰ্কে তেওঁৰ অন্যান্য ব্যক্তিগত তথ্যত (যেনে বীমা কোম্পানীৰ কাৰ্ড আদিত) উল্লেখ থকা উচিত নহয়।

(সহায় লৈ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!