এই মাহৰ অণুগল্প

অণুগল্প-১ পট
উৎপল জোনাক হাজৰিকা

‘হেল্লৌ! শুনাচোন৷ দাড়ি আৰু চুলিখিনি কাটি ল’বা৷’ মুখখন নুঘুৰালেও গম পাইছো কাষৰ চিটৰ ফিটফাট মাইনাই মোলৈ চায়েই সিজনাক নিৰ্দেশ দিছে৷ বাছত কথা নোকোৱাটো মোৰ স্বভাব৷ তেওঁ চাগৈ সহজ হ’ব পৰা নাই৷ মই মোৰ গণ্ডীৰ পৰা ওলাব পৰা নাই৷ ‘তই কি এনেকৈয়ে থাকিবি নেকি? যোৱাজনী গুচি গ’ল৷ তোৰ নিজলৈ কিবা এটা ভাব৷’ নাই মই আজিও সহজ হ’ব পৰা নাই৷

অণুগল্প- ২ সুগন্ধি
সুব্ৰতা গোস্বামী

তাই সুগন্ধি ব্যৱহাৰ কৰিলে সি বৰ এটা ভাল নাপায়। তথাপি তাই
প্ৰায়ে সুগন্ধি ব্যৱহাৰ কৰে। এবাৰ তাইৰ কিতাপ এখন হাতত
তুলি লৈ সি কৈছিল, “তুমি বাৰু সকলোতে পাৰফিউম ছটিওৱা
নেকি?” তাই সশব্দে হাঁহি মাথোঁ কৈছিল, “নাই ! নাই !”
সুগন্ধিবোৰ কেতিয়াবা একেদৰে ৰৈ যায়, ওৰেটো
জীৱন। হঠাৎ ফোনটো বাজি উঠিল তাইৰ। সিটো মূৰত সি।
কৈ উঠিল,”জানা,এইমাত্ৰ কাষেৰে কোনোবা পাৰ হৈ
গ’ল,তোমাৰ সুগন্ধিটো আহি নাকত লাগিলহি।

অণু গল্প -৩
মিতালী শইকীয়া

মানুহজনীৰ হাতখন গৰম পানীয়ে বৰ বেয়াকৈ
পুৰিছিল৷ ডাক্তৰে নিজ হাতেৰে মলম লগাই
মানুহজনীক ড্ৰেচিং কৰি থাকোতে কেনেকৈ
দুৰ্ঘটনাটো ঘটিল জানিব বিচৰাত উত্তৰ দিছিল হাতৰপৰা পিছলি
গৰম চাহৰ চচপেন পৰা বুলি৷ লগত অহা চাৰি বছৰীয়া
ছোৱালীজনীয়ে লগে লগে কৈ উঠিছিল
“আংক’ল মায়ে মিছা কথা কৈছে, পাপাই কাজিয়া কৰি মাৰ হাতত
উতলা চাহ ঢালি দিছিল”৷

অণুগল্প- ৪
জ্যোতিপ্ৰসাদ শইকীয়া

জীৱনত দেউতাকৰ গালি এটাও খাই নোপোৱা
লৰাটোক আজি দেউতাকে ভালকৈয়ে কেই
কোবমান দিছে !তথাপি সি দেউতাকৰ ওচৰত সৈ কঢ়া নাই
চাউল কিয় চুৰ কৰিছিল !
ঘৰৰ ওচৰৰে অতি দুখীয়া বিনোদহতৰ ঘৰৰ চৌকাত
তিনিদিনৰ পিচত জ্বলা জুইকুৰাৰ পোহৰ ইমানেই বেছি
আছিল যে সি দেউতাকৰ কোব বিনাদ্বিধাই গ্ৰহন কৰিছিল !
(৫)
বিক্ৰম হতৰ ঘৰৰ কুকুৰজনীয়ে চাৰিটা পোৱালী
দিলে ! তাকে লৈ বিক্ৰম ,ভায়েক বিমলৰ লগতে সিহঁতৰ
দুয়োৰে পৰিবাৰৰ বৰ অশান্তি !সময় ,অসময় নাই কুকুৰ
পোৱালীকেইটা ঘৰৰ ভিতৰলৈ সোমাই আহে !দুই
ভাই -ককায়ে এদিন আলচ কৰি সন্ধিয়া সময় বস্তা এটাতে
কুকুৰ পোৱালী কেইটা ভৰাই কৰবাত এৰি নিব
ধৰোতেই দেউতাক হৰনাথে মাত লগালে
কুকুৰ পোৱালী কেইটা ইমান সৰু হৈ থাকোতেই
এৰিব ওলাইছ !তহঁত সৰু হৈ থাকোতে যদি মই কৰবাত এৰি
আহিলোহেতেন তহঁত আজি এনে অৱস্থাত থাকিব
পাৰিলিহেতেন নে ?মইয়ো লোকৰ ঘৰত কাম কৰি
আনৰ উপকাৰৰ বাবেই তহতঁক ডাঙৰ কৰিব পাৰিলো !সেই
বয়সতে যদি মই আনৰ আশ্ৰয় নাপালেহেঁতেন,মো
ৰ কথা বাদেই তহঁতৰ কি হল হয় !
দেউতাকৰ কথাত সিহঁতৰ হাতৰ বস্তাটো কোন মূহুৰ্তত
মাটিত পৰিল গমেই নাপালে !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!