এই সংখ্যাৰ আঁৰৰ কথা….

সাহিত্য ডট্ অৰ্গ’ৰ দৰে এখন মানবিশিষ্ট অনলাইন আলোচনীৰ চেপ্তেম্বৰ,২০১৭,শাৰদীয় সংখ্যাটোৰ সম্পাদকৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰথমেই কৃতজ্ঞতা জ্ঞাপন কৰিম অকবৰ প্ৰশাসকমণ্ডলীক, যিসকলে অনভিজ্ঞ তথা সাহিত্যৰ চোতালত মাথোন চুঁচৰিবলৈ আৰম্ভ কৰা মোক এই দায়িত্ব দিয়াৰ বাবে উপযুক্ত বিবেচনা কৰি মোৰ ভৱিষ্যতৰ চলনশক্তিৰ বাবে আত্মবিশ্বাস প্ৰদান কৰিলে । ভাতৃপ্ৰতীম মৃদুল কুমাৰ শৰ্ম্মাৰ দুমাহমান আগতে ফোনযোগে অহা প্ৰস্তাৱটোৱে মনত এক আনন্দ,শিহৰণ তথা মনত ভয়ৰ সঞ্চাৰ কৰিছিল। প্ৰথম কথা,এই ভূমণ্ডলতে বিয়পি ফেচবুকৰ ‘অসমীয়া কথা বতৰা’ গ্ৰুপটোৱে ভাষা-জননীৰ সেৱা কাৰ্যত অহৰহ লাগি থকা সন্মানীয় গোট। য’ত অসমৰ প্ৰায়ভাগ কৃতি সাহিত্যিক জড়িত আছে। তাৰোপৰি গোটেই পৃথিৱীজুৰি বিয়পি থকা অসম-সন্তান সকলেও নিজৰ লেখাসমূহ প্ৰকাশ কৰে তথা পাঠক হিচাপে প্ৰায়ে ইয়াত ভূমুকি মাৰে।’অসমীয়াকথা বতৰা ‘সাহিত্য ডট অৰ্গ‘এই ভূমণ্ডলতে বিয়পি থকা উচ্চ মানদণ্ডৰ এখন ই আলোচনী। কিন্তু মোক আশ্বাস দি প্ৰশাসকমণ্ডলীয়ে কৈছিল যে আমি থাকিম। এই যে আমি আছোঁ, আপুনি টেনচন নলব, প্ৰশাসকমণ্ডলীৰ এনেকুৱা আশ্বাস ভৰা কথাই মোক ক্ৰমাৎ সাহসী কৰিলে। মই আগুৱাই যাবলৈ সাহস কৰিলোঁ।

মোৰ পূৰ্বসুৰী সম্পাদক ভনীসদৃশ পৰী পাৰবীনেও মোৰ সাহস যোগাইছিল। মই এইখিনিতে তেওঁলৈকেও মোৰ স্নেহ ভৰা কৃতজ্ঞতা জনালোঁ। ‘অকব’ৰ মঞ্চত মোৰ নাম সম্পাদক হিচাবে ঘোষণা কৰা ভগ্নীসম মিতালী বৰ্মনৰ প্ৰতি মই কৃতজ্ঞ হৈ ৰ’লোঁ। চিৰ চেনেহী মোৰ ভাষা-জননীৰ অক্লান্ত সেৱক সকলৰ অপৰিসীম সাধনা, লগন আদি মই সাহিত্য ডট অৰ্গৰ সম্পাদনাৰ টেবুলত বহি চাক্ষুষ কৰি শ্ৰদ্ধাত মই শিৰ নত কৰিছোঁ।

এই সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত মোক সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা শ্ৰী মৃদুল কুমাৰ শৰ্মা,ৰূপাংকৰ চৌধুৰী, ভাস্কৰজ্যোতি দাস, দীপজ্যোতি বৰা, মিতালী বৰ্মন, মৌচুমী বৰি, ধ্ৰুৱজ্যোতি শৰ্মা,উৎপলা কৌৰ আৰু জ্যোতিৰূপম দত্তলৈ আন্তৰিক ধন্যবাদ জনালোঁ৷ বেটুপাত শিতানৰ ছবিৰ বাবে মই জয়দীপ চক্ৰবৰ্তীলৈ কৃতজ্ঞ হৈ ৰ’লোঁ।

এই সংখ্যাটো সজাবৰ বাবে বিভিন্ন লিখনিৰ বাবে অকবৰ মজিয়াৰ উপৰিও লিখনিৰ বাবে বিশেষভাৱে কেইগৰাকীমান বিশিষ্ট সাহিত্যিকক ব্যক্তিগতভাৱে যোগাযোগ কৰা হৈছিল। কাৰণ মই সম্পদনা কৰা সংখ্যাটো শাৰদীয় সংখ্যা। সেয়ে অত্যাধিক ব্যস্ততাৰ মাজতো তেওঁলোকে মোৰ অনুৰোধ ৰাখি খুব কম সময়ৰ ভিতৰতে প্ৰদান কৰা লিখনিয়ে এই সংখ্যাটিক এক সুকীয়া ৰূপ দিব, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই। সন্মানীয় কুল শইকীয়া, ৰীতা চৌধুৰী, লীনা শৰ্মা, বন্তি শেনচোৱা, ডoঅপূৰ্ব কুমাৰ শইকীয়া,মংগলছিং ৰংফাৰ, কাচে টেৰণপী, টুনা গৌতম, ময়ুৰ বৰা, ডo অৰূপ কুমাৰ পটংগীয়া,বিজয় বেজবৰুৱা, কঞ্জলোচন পাঠক, ব্ৰহ্মানন্দ পাতিৰি, প্ৰণব কুমাৰ বৰ্মন, প্ৰশান্ত সাগৰ চাংমাই, ৰীতা ভূঞা বৰুৱা, দিলীপ কৌশিক,  উৎপল দত্ত, সুনীল শইকীয়া, বিমলকৃষ্ণ ভট্টাচাৰ্য ছাৰ, বিশাল অনুৰাগ আদিৰ নাম কৃতজ্ঞতা সহকাৰে লোৱা হ’ল। চিত্ৰ-ভাষ্কৰ্য্য শিতানৰ বাবে কলাভৱন,ৰবীন্দ্ৰ ভাৰতী,শান্তি নিকেতন অৱসৰ প্ৰাপ্ত অধ্যাপক ড০জনক ঝংকাৰ নাৰ্জাৰী দেৱৰ লগত যোগাযোগ কৰা হৈছিল। তেখেতৰ সঁহাৰিত মই ব্যক্তিগতভাৱে অভিভূত হৈছিলোঁ। তেখেতৰ বিৰল স্থাপত্য সমূহৰ ছবিয়ে সংখ্যাটোক এক সুন্দৰ মাত্ৰা দিব বুলি মই নিশ্চিত। চিত্রৰ বাবে যোগাযোগ কৰা হৈছিল অকবৰ সদস্য, কাৰবিপাহাৰত কৰ্মৰত অভিযন্তা যুগান্ত জ্যোতি চেলেঙৰ লগত। তেখেতৰ অনন্য সুন্দৰ ছবি সমূহেও নিশ্চয়কৈ সুন্দৰতা প্ৰদান কৰিব।

অলংকৰণৰ ক্ষেত্ৰত নাম ল’ব লাগিব জয়দীপ, দীপজ্যোতি তালুকদাৰ সহিতে শ্ৰী বিশ্বজিৎ গগৈ আৰু শ্ৰী গুণাভি সোণোৱালৰ। লগতে বিভিন্ন দিহা পৰামৰ্শৰ বাবে অকবৰ প্ৰশাসক মৃদুল কুমাৰ শৰ্মা, জ্যোতিৰূপম দত্ত আৰু ৰূপাংকৰ চৌধুৰীলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ইয়াৰ বাহিৰে মোক বিশেষভাবে সহযোগ কৰা অঞ্জলি গগৈ বুঢাগোহাঞি, মোৰ প্ৰতিজন শুভাকাংক্ষী, ‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্যবৃন্দ তথা ‘সাহিত্য ডট্ অৰ্গ’ৰ শ্ৰদ্ধাৰ পাঠকসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালোঁ৷

ধন্যবাদেৰে,

কুসুমাঞ্জলি
সম্পাদক, সাহিত্য ডট অৰ্গ
চেপ্তেম্বৰ’,২০১৭

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!