এখন কিটছেন গাৰ্ডেন আৰু আমি –ডাঃনয়নজ্যোতি হাজৰিকা

ঘৰতে সৰু শাক পাচলিৰ বাগিচা বা কিটছেন গাৰ্ডেন এখন কৰাৰ হেঁপাহ এটা সকলোৰে মনত থাকে। কোনোবাই কৰে আৰু আন কোনোবাই অলপ সময়ৰ অভাৱ অথবা অলপ এলাহৰ বাবে ইয়াক নকৰাকৈয়ে থাকে। সেয়া যিয়েই নহওক, ঘৰৰ সন্মুখত অথবা বাৰীৰ পিছফালে এখনি সৰু শাক-পাচলিৰ বাগিচা কৰি ল’ব পাৰিলে নিজৰে ভাল। ইয়াৰ কাৰণটো হ’ল – আমাৰ দেশ ভাৰতবৰ্ষখন প্ৰায় ১৩০ কোটি জনতাৰ এখন জনবহুল দেশ। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ দেশত কৃষিভূমি হ্ৰাস পাবলৈ ধৰিছে, ফলত আন আন বয়বস্তুৰ লগতে শাক পাচলিৰ দামো বাঢ়ি গৈ আছে।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি যদি প্ৰতিঘৰ ভাৰতীয়ই নিজৰ প্ৰয়োজনীয় শাক পাচলিখিনি ঘৰতে এখন সৰু কিটছেন গাৰ্ডেন বনাই উৎপাদন কৰিবলৈ লওঁ তেন্তে ই কিছু পৰিমাণে হ’লেও আমাৰ দেশক আৰ্থিক দিশত সহায় কৰিব আৰু কিছু পৰিমাণে শাক-পাচলিৰ দাম নিয়ন্ত্ৰণতো সহায়ক হ’ব।ইয়াৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সুস্বাস্থ্য বজাই ৰখাতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, কাৰণ ঘৰুৱাভাৱে নিজৰ বাবে সৰুকৈ কৰা শাক পাচলিৰ বাগিচাত কোনেও তেনেকৈ ৰাসায়নিক সাৰৰ প্ৰয়োগ নকৰে, ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰৰ প্ৰয়োগহে কৰে।

অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা শাক-পাচলিসমূহ দেখাত লহপহকৈ বাঢ়ি আহে যদিও তাত প্ৰয়োগ কৰা এই পদাৰ্থসমূহে মানৱ শৰীৰলৈ বিভিন্ন অশনিৰ বাৰ্তা কঢ়িয়াই আনে। ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা এনে শাক-পাচলিবোৰ নিয়মিত খাবলৈ ল’লে আমাৰ শৰীৰত বিভিন্ন ৰোগ যেনে- চৰ্মৰোগ, তেজৰ ৰোগ, হৃদৰোগ, পেটৰ ৰোগ, বৃক্ক ৰোগ, কেনছাৰ আদি হোৱাৰ আশংকা বাঢ়ি যায়। সেইবাবে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিঘৰে নিজৰ গৃহ চৌহদত বা বাৰীৰ পিছফালে এখনি জৈৱিক সাৰেৰে তৈয়াৰী আৰু কীটনাশকমুক্ত কিটছেন গাৰ্ডেন তৈয়াৰ কৰা এটা অভ্যাস গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

এতিয়া জানো আহক ঘৰতে গঢ়ি তোলা কিটছেন গাৰ্ডেন এখনৰ উপকাৰীতাসমূহ-

১) ইয়াৰ প্ৰথম উপকাৰীতাটো হৈছে স্বাস্থ্যসন্মত।
ঘৰত কৰা আপোনাৰ কিটছেন গাৰ্ডেনখনত কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ নহয় বাবে ইয়াত উৎপাদিত শাক পাচলিসমূহ একেবাৰে স্বাস্থ্যসন্মত। ঘৰতে উৎপাদিত এনেবোৰ শাক-পাচলি খাই থাকিলে আপুনি বৃক্ক ৰোগ, হৃদৰোগ, তেজৰ আৰু পেটৰ বিভিন্ন ৰোগৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰে।
দ্বিতীয়তে আপোনাৰ যদি দৈনন্দিন তেনেকৈ শাৰীৰিক পৰিশ্ৰম নহয়, আপুনি অলপ সময় উলিয়াই আপোনাৰ কিটছেন গাৰ্ডেনখনত অলপ শাৰীৰিক পৰিশ্ৰম কৰা যদি অভ্যাস কৰি লয়, তেন্তে ই আপোনাক শৰীৰৰ মেদ বৃদ্ধি (Obesity)ৰ নিচিনা স্বাস্থ্য সমস্যা আদিৰ পৰা আঁতৰাই ৰাখি সুস্বাস্থ্য ৰক্ষাত সহায় কৰিব।
তৃতীয়তে ৰাতিপুৱা শুই উঠি যেতিয়া আপুনি নিজৰ কিটছেন গাৰ্ডেনখনৰ শাক পাচলিবোৰ ৰ’দৰ পোহৰত উজলি থকা দেখিব, ই বহুত পৰিমাণে আপোনাক মানসিক শান্তি যোগাব আৰু আপোনাৰ মানসিক হতাশা আদি বহুত পৰিমাণে লাঘৱ কৰি পেলাব।

২) আগতে উল্লেখ কৰাৰ দৰে আকৌ এবাৰ উল্লেখ কৰিব পাৰি যে আমাৰ দেশৰ প্ৰতিঘৰ নাগৰিকে যদি নিজৰ ঘৰৰ চৌহদত একোখনকৈ জৈৱিক সাৰ প্ৰয়োগ কৰি কিটছেন গাৰ্ডেন তৈয়াৰ কৰি লয় তেন্তে ই কিছু পৰিমাণে হ’লেও আমাৰ দেশৰ অৰ্থনীতিত সহায় কৰিব আৰু শাক-পাচলিবোৰৰ দামো নিয়ন্ত্ৰণ কৰিব।

৩)ঘৰৰ চৌহদত এখন ধুনীয়া কিটছেন গাৰ্ডেন থাকিলে ই আপোনাৰ ঘৰখনৰ পৰিবেশৰ সৌন্দৰ্য্য বঢ়োৱাতো সহায় কৰিব।
সামৰণি:
প্ৰবন্ধটোৰ অন্তত কওঁ যে, সকলোৱে নিজৰ ঘৰত জৈৱিক পদ্ধতিৰে একোখনকৈ কিটছেন গাৰ্ডেন গঢ়ি তোলক আৰু নিজৰ ঘৰতে উৎপাদিত বিভিন্ন শাক পাচলি সেৱন কৰি ৰোগমুক্ত হৈ থাকক। এক কথাত কবলৈ গ’লে ইয়াকে কোৱা হয় “Prevention is Better Than Cure”.

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!