এখন ছবিৰ আঁত ধৰি -সুনীল কুমাৰ বৰা

গণেশগুৰিৰ হোটেল এখনত ফ্ৰেমিং কৰি ওলোমাই থোৱা ফটোখন দেখি তাক সাচি ৰখাৰ তীব্ৰ ইচ্ছা এটা জাগিল৷ বচ দ্বিধাহীন ভাবেই ম’বাইল উলিয়ালো, আৰু এটা ’ক্লিক’৷ ফটোখন আছিল মহান বিজ্ঞানী আইনষ্টাইনৰ৷ ’দিগদৰ্শন’ শিৰোনামাৰে আৰম্ভ হোৱা ফটোখনত লিখা আছিল- “জাতীয়তাবাদ এক প্ৰকাৰৰ ব্যাধি৷ মানৱ জাতিৰ ইয়েই এক বসন্ত ৰোগ৷“

আমাৰ অসম মুলুকত এনে এখন বাণী সম্বলিত পষ্টাৰ দেখা পোৱাটো নিসন্দেহে ঢেঁকীয়া ফুল দেখাৰ দৰে৷ কাৰণ আমি দশকৰ পিছত দশক জুৰি জাতিৰ বাবেই আন্দোলন কৰিছোঁ – মৃত্যুবৰণ কৰিছোঁ৷ জাতি-মাটি-ভেটি বোলা আপ্তশব্দতিনিটা এক প্ৰকাৰৰ জাতীয়তাবাদৰ গায়ত্ৰী মন্ত্ৰৰ দৰেই হৈ পৰিল৷ এনে এক পটভূমিত “জাতীয়তাবাদ মানৱ জাতিৰ বসন্তৰোগ“ ধৰণৰ শ্লোগান এটা ওলোমাই ৰখাটো হয়টো বুৰ্বকামি অথবা বিপৰীত শিবিৰৰ লোক এনে ধাৰণাই পতিত হব৷

আচলতে আইনষ্টাইনে কথাটো আমাৰ পটভূমিত কোৱা নাছিল৷ হিটলাৰৰ আগ্ৰাসিত গোড়া জাৰ্মান জাতিটোৱে জ্বলোৱা জুইয়ে নিৰীহ ইহুদি সকলক চগাৰ দৰে পুৰি নিঃশেষ কৰিব খুজিছিল৷ ইহুদি জাতিটো জ্বলিছিল৷ কনচেনট্ৰেচন কেম্পৰ ছাইত জন্ম লোৱা ’এন ফ্ৰাংকৰ ডায়েৰী’খনতো ফিনিক্স পখীৰ গান৷ যি যুগে যুগে হিটলাৰী পাষাণ ৰাগ গাই যাব৷ আইনষ্টাইন নিজে এজন ইহুদি আছিল আৰু তেওঁ সেই জুইৰ জ্বালা বাৰুকৈয়ে ভুগিছিল৷ সেয়ে তেওঁ মৰ্মাৰ্থ নিহিত মন্তব্য কৰিয়েই কৈছিল, “জাতীয়তাবাদ এক প্ৰকাৰৰ ব্যাধি৷ মানৱ জাতিৰ ইয়েই এক বসন্ত ৰোগ৷“

মহান বিজ্ঞানী এজনে আবেগত আহিয়েই কথা এটা কৈ নিদিয়ে৷ আজন্ম গবেষণাযুক্ত মনটোৱে জুকিয়াই-লুটিয়াই হে কথাবোৰ ক’ব৷ যাৰ প্ৰাসংগিকতা খুচৰিলে স্থান-কাল নিৰ্বিশেষে সকলোতে উলিয়াব পৰা যাব৷ এতিয়া অসমৰ কথা এটাকে ভাবো দিয়ক৷ অসমীয়া কোনটো বুলি ক’লে আপুনি ঘপহকৈ কাক আঙুলিয়াই দিব? ওচৰতে থকা বৰা-শইকীয়া-শৰ্মা এজনক নহয় জানো? কিন্তু কাষতে বহি থকা পেগু-টেৰণ-দেউৰীটোৰ কথা স্বাভাৱিকতেই মনলৈ নাহে৷ এইটো কিয় হ’ল জানেনে৷ আমি কথাবোৰ কোনোদিন দ’কৈ নাভাবো৷ উচ্চাত্মিকা, অহং ভাব এটা আমি আমাৰ মনত যুগ যুগ পোষণ কৰি আহিছো৷ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবোৰক হেয় কৰিয়েই দমাই ৰাখিছো৷ জাতীয়তাবাদৰ শীতল যুদ্ধৰ পৰিণতিত তিনিখনকৈ স্বায়ত্ত্বশাসিত পৰিষদ আৰু ছয়খনকৈ জনজাতীয় স্বায়ত্ত্ব শাসিত পৰিষদ সৃষ্টি হ’ল৷ ইয়াৰে আত্ম-নিয়ন্ত্ৰণ বিচৰা দুখন মান পৰিষদ অদূৰ ভৱিষ্যতে ৰাজ্য হ’লেও আচৰিত হ’বলগীয়া একো নাই৷ মাটি ভাগ হোৱাৰ পিছত ককাই-ভায়ে সীমা বিবাদক লৈ কটা-কটি কৰাৰ দৰে অদূৰ ভৱিষ্যতে এই জাতিবোৰৰ মাজত ৰক্তপাত হ’লেও আচৰিত হবলগীয়া একো নাথাকিব৷ তেতিয়া মোৰ দৰে বুৰ্বকে বুজি পাব আইনষ্টাইনে কোৱা – “জাতীয়তাবাদ এক প্ৰকাৰৰ ব্যাধি৷ মানৱ জাতিৰ ইয়েই এক বসন্ত ৰোগ৷“ এই কথাষাৰৰ আচল মমাৰ্থ৷
আমি জাতি বচোৱাৰ কথা সঘনাই উচ্চাৰিত কৰো৷ কিন্তু আজি সেই সকল লোকেই স্পষ্ট কৰক কোনটো জাতি বচোৱাৰ কথা কৈছে৷ অসমীয়াৰ আভিধানিক – সাংবিধানিক সংজ্ঞা বাদ দি প্ৰায়োগিক সংজ্ঞা এটা সৃষ্টি হওক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!